হাস্য ব্যংগৰে সত্যৰ সন্ধান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হাস্য ব্যংগৰে সত্যৰ সন্ধান

হাস্য ব্যংগৰে সত্যৰ সন্ধান

Share This

লোকেল গুজৱ.কম
১. ইণ্টাৰনেচনেল চোৰাং কাৰবাৰী ডাউদ ককাইদেউৰ সৈতে অপকৰ্মৰ অংশীদাৰ হৈ অসমলৈ খিয়াতি কঢ়িয়াই অনা থলুৱা বেপাৰীটিলৈ সদৌ অসম সচেতন নাগৰিক সন্থাই “চোৰাং-ৰত্ন” উপাধি প্ৰদান কৰিবলৈ ওলোৱাৰ সুখবৰ। সুখ্যাতিৰ দিশত নহলেও কুখ্যাতিৰ ক্ষেত্ৰত অসমৰ নাম উজলোৱাৰ লগতে আন্তৰ্জাতিক বাণিজ্য বিস্তাৰত যোগোৱা অৰিহণাৰ বাবেই এই উপাধি আগবঢ়োৱা হৈছে বুলিও সন্থাই বিজ্ঞপ্তিত প্ৰকাশ কৰিছে।

২. অসমৰ এটি টিভি চেনেল, তিনিখনমান বাতৰি-কাকত আলোচনী, কেইবাটাও বিল্ডিং তথা কেইবাখনে অ’ডি তথা মাৰ্চিডিজৰ গৰাকী শ্ৰীযুত নিঃকিন বৰুৱা অহাবাৰ ৰাইজ সভাৰ টিকেট পদুম পাৰ্টিৰ পৰা পোৱাটো খাটাঙ হোৱা বুলিও গোপন খবৰ ওলাইছে। অহা সদৌ অসম এম.এল.এ প্ৰতিযোগিতাত বাতৰি, চেনেল আদিৰে জনমত আনি দিয়াৰ প্ৰতিশ্ৰুতিৰ বাবেই এই “ৰিটাৰ্ণ গিফট”ৰ কনফাৰ্মেচনো দিয়া বুলি জানিব পৰা গৈছে। তথাপিও কণ্ডিচন এপ্লাই বুলি সৰু এষাৰী বাক্য অমৃতময় বাদশাহৰ ঘৰৰ পৰা ওলোৱা গোপন নথিত সৰুকৈ লেখা থকাৰ কথাও ধৰা পৰিছে।

৩. মাত্ৰ বিশ লাখ টকাতে ইমান সুলভ মূল্যত লোকৰসেৱাৰ চাকৰি তথা চিৰদিন দিন ডকাইতিৰ লাইচেঞ্চ পোৱাৰ পৰীক্ষাৰ প্ৰশ্নকাকত যোগান ধৰাৰ বাবে সমালোচিত হৈছে ৰাকেশ্বৰ পাল। মাহেকতে কেইবালাখ ঘটিব পৰা লাইচেঞ্চ দিয়াৰ বাটটো ইমান কম টকাতে চিকুনাই দিয়াতো কোনো পধ্যেই দেশৰ চাকৰি-বজাৰৰ বাবে শুভ নহয় বুলিও সদৌ অসম চৰকাৰী চাকৰি বাণিজ্য পৰিষদে মত প্ৰকাশ কৰিছে। ভৱিষ্যতে ধৰা নপৰাৰ ফু্ল-প্ৰুফ ব্যৱস্থাৰে ইয়াক চৰা-দাম কৰি সাধাৰণ মানুহে মাটি-বাৰী বিকিও সেই আকাশ-কুসুমৰ কথা চিন্তা কৰিব নোৱাৰা কৰিব লাগিব বুলিও পৰিষদে দাবী উত্থাপন কৰিছে।

৪. সদৌ অসম ভিত্তিত আয়োজিত এন.আৰ.চি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ যোৱা সাধাৰণ ৰাইজে পানী খাই যোৱা বুলি বাতৰিত প্ৰকাশ পাইছে। লিগেচী ডাটাৰ বাবে দৌৰা-দোৰি, ফটো উঠাৰ বাবে লানি, ফৰ্ম পূৰোৱাৰ বাবে দিব লগা “মানি”ৰ বাবেই এই পানী পানী খোৱা অৱস্থা হোৱা বুলি জানিব পৰা গৈছে। কাগজ বিচাৰি নাপাই এতিয়া ঘৰতে বিদেশী হোৱাৰ ভয়ত, এতিয়া বহুতো অসমীয়াই মানসিক শংকাৰ বেমাৰত আক্ৰান্ত হোৱা আৰু অনাগত দিনত মহামাৰীত পৰিণত হোৱাৰো শংকা সদৌ অসম চিন্তাশীল নাগৰিক পৰিষদে প্ৰকাশ কৰিছে।

৫. বন বিভাগে পতা অনুষ্ঠানত বেনাৰৰ ভুল দেখি মানুহে হাঁহিব লগীয়া একো নাই দেই বুলি স্পষ্টীকৰণ দিছে সদৌ অসম বনবিভাগৰ চাইনবৰ্ড অঁকা শিল্পী সংঘই। বন বিভাগৰ চাইনবৰ্ড-বেনাৰ বন্য জন্তুৰ বাবেহে, সেয়া বানান জনা হিংসাকুৰীয়া দুঠেঙীয়াৰ বাবে কোনো পধ্যেই নহয় বুলিও সংঘই স্পষ্টীকৰণ জাৰি কৰিছে।

৬. আজি শনি-ৰবি আৰু কেতু একেটা ৰেখাত স্থান লোৱা হেতুকে অসমৰ মধ্য, নামনি আৰু পিছ পৰা অঞ্চলত বন্ধ আহ্বান কৰা হৈছে। প্ৰতিবাদ স্বৰূপে ট্ৰাক-বাচ জ্বলোৱাৰ লগতে, প্ৰতিমূৰ্তি দাহৰ কাৰ্যসূচী পালন কৰিলে এই গ্ৰহস্থানৰ ফলত হব পৰা অপায়-অমংগল দূৰ হোৱাটো খাটাঙ বুলিও সদৌ অসম বন্ধপ্ৰেমী জ্যোতিষী সংঘই আগতীয়া দিয়া প্ৰদান কৰিছে। সকলো ভক্তকে ৰাষ্টা যজ্ঞলৈ নিজৰ অৱদান আগবঢ়াই বন্ধ কাৰ্যসূচী সফল কৰাৰ বাবে জঁপিয়াই পৰিবলৈকো সংঘই আহ্বান জনাইছে।

৭. সেউজ বিপ্লৱৰ সূচনা মোদী চাৰতকৈ আগতেই গগৈ চাৰে কৰি থৈছে বুলি কালি স্পষ্টীকৰণ জাৰি কৰিছে সদৌ অসম নিচাদেউ ফেন ক্লাৱে। বীজৰ কঁঠীয়া পাৰি, চহাই, সেউজী ধৰণী ধুনীয়া কৰিবৰ বাবে সকলো গগৈ চাৰে কৰি ৰখাৰ পাছত এতিয়া “সেউজ বিপ্লৱ”ৰ শ্লোগান আওৰাই মোদী চাৰে শ্ৰেয় হাইজেক কৰিব নালাগে বুলিও ফেন ক্লাৱে স্পষ্টকৈ প্ৰকাশ কৰিছে। অৱশ্যে বীজ কিনাৰ বাবে, ট্ৰেক্টৰ কিনাৰ নামত সৃষ্টি হোৱা “নীলমণিয় মানি কেলেংকাৰী” সন্দৰ্ভতহে কোনো কথা কবলৈ ফেন ক্লাৱে অস্বীকাৰ কৰা বুলিও আমাৰ প্ৰতিবেদকে বাৰ্তা প্ৰেৰণ কৰিছে।

৮. চাকৰিত নিয়মীয়া নকৰাৰ বাবে ৰাষ্টাত কাঁহী বাতি লৈ ভিক্ষা মাগিলে সদৌ অসম বিশেষ প্ৰতিৰক্ষা পুলিচ সংঘই। লালটুপি সকলে এতিয়া দৰমহা পায়ো লাঠি লৈ কৰা ৰাস্তাত বাছ, ট্ৰাকৰ পৰা ভিক্ষা খুজিবলৈ আহিলে কিন্তু বজাৰ বেয়া হব বুলিও সংঘই শংকা প্ৰকাশ কৰিছে। বিষয়টোত সহানুভূতিৰে দখল দিয়াৰ পৰা বিৰত থাকিবলৈকে লালটুপি ভাই সকললৈ আহ্বান কৰি ফেক্স প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে।

৯. সদৌ অসম গৰাল কংগ্ৰেছে গৰালৰ পৰা ওলাই যোৱা বলধ, ছাগলী আদি আকৌ গৰাললৈ উভতি আহিলে আদৰি লব বুলি প্ৰকাশ কৰিছে। ভিতৰত ঘাঁহ কমকৈ পোৱা বাবে ওলাই যোৱা সকলে যে বাহিৰতো ঘাঁহ গোটাব পাৰিব সেয়া সন্দেহ আছে বুলি প্ৰকাশ কৰি, গৰাল প্ৰতিপালক গুঞ্জনদাই স্বভাৱসুলভ ভাৱে ইংৰাজীতে ভেঙুচালি কৰা বুলিও লোকেল-গুজৱ-নিউজত প্ৰকাশ পাইছে।

১০. অসমত থলুৱা ঠিকাদাৰক অহা পাঁচ বছৰত ঠিকা বিলাব বুলি খুচুৰা অভিযোগ নস্যাত কৰাৰ বাবে বিখ্যাত টিনটিন গাঁতকৰিয়ে প্ৰকাশ কৰিছে। ৰাস্তাত হোৱা গাঁতবোৰ পুতিবলৈ অন্তত ঠিকা এমএলএ টিকেট নোপোৱা সকলক বিশেষ অগ্ৰাধিকাৰ ভিত্তিত দিবলৈকো গাঁতকৰি চাহাবক লোকেল পদুম কৰ্মী সংঘই আহ্বান জনোৱাৰো গোপন খবৰ।

No comments:

Post a Comment