চিন্তন - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

xukhdukh.com

Post Top Ad

Responsive Ads Here
চৰকাৰী বিদ্যালয়ৰ ৰুঢ় বাস্তৱ
 আৰু উন্নীতকৰণৰ প্ৰত্যাহ্বান 
অভিনন্দন গোস্বামী
ব্যক্তিগত তথা সামাজিক উত্তৰণৰ বাবে শিক্ষা হৈছে মানৱ জীৱনৰ এক অপৰিহার্য অংগ৷ আমাৰ ভাৰতবর্ষই বিশ্বত এক শক্তিশালী দেশ হিচাবে চিনাকি দিবলৈ হলে ইয়াৰ প্ৰতিজন নাগৰিক সুশিক্ষিত হবই লাগিব৷ ‘ভিজন ২০২০’ত য’ত প্ৰাথমিক শিক্ষাৰ ওপৰত সর্বাধিক  প্ৰাধান্য দিয়া হৈছে, ৬-১৪ বছৰ বয়সৰ শিশুসকলক বিনামূলীয়া তথা বাধ্যতামূলক শিক্ষা দিয়াৰ ওপৰত গুৰুত্ব দিছে যাতে কোনো শিশু নিজৰ মৌলিক অধিকাৰৰ পৰা বাদ পৰিব লগীয়া নহয়৷ ১ এপ্ৰিল ২০১০ চনৰ পৰা প্ৰযোজ্য হোৱা ‘শিক্ষাৰ অধিকাৰ আইন’ ৰ জৰিয়তে ৯২ লাখ ছাত্ৰ-ছাত্ৰীক বিদ্যালয়লৈ অনাৰ বাবে চৰকাৰে লক্ষ্য নির্ধাৰণ কৰিছে৷ সকলো শিশুকে  মৌলিক শিক্ষা প্ৰদান কৰাতো এই আইনৰ মূল উদ্দেশ্য৷ অর্থনৈতিক প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি ছাত্ৰ-ছাত্ৰীক কাৰিকৰী শিক্ষাৰে শিক্ষিত কৰাৰ বাবেও চৰকাৰে বিভিন্ন কার্যপন্থা হাতত লৈছে৷ সর্বশিক্ষা আইনৰ পৰা আৰম্ভ কৰি শিক্ষাৰ অধিকাৰ আইনলৈকে প্ৰাথমিক শিক্ষা ব্যৱস্হাক উন্নত তথা গতিশীল কৰিবৰ বাবে কাগজে-কলমে হলেও চৰকাৰে বিভিন্ন আচঁনি গ্ৰহণ কৰা পৰিলক্ষিত হৈছে৷ 

এনে বিভিন্ন অভিলাষী আচঁনি গ্ৰহণ কৰা স্বতেও চৰকাৰী বিদ্যালয়ৰ প্ৰতি ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকৰ অনীহা আজিৰ তাৰিখত এক মন কৰিবলগীয়া আৰু উদ্বেগজনক বিষয়৷ ইয়াৰ বাবে বিভিন্নজনে বিভিন্ন পক্ষক দোষাৰোপ কৰিব খোজে৷ এটা কথা স্বীকাৰ কৰিবই লাগিব যে কাঠফুলাৰ দৰে যতে ততে গঢ় লৈ উঠা ব্যক্তিগত বিদ্যালয় সমূহেই চৰকাৰী বিদ্যালয়ৰ প্ৰতি এক ভাবুকিৰ কাৰক হৈ উঠিছে৷ আগৰ দিনত ব্যক্তিগত বিদ্যালয় কম আছিল বা নাছিল বাবেই ছাত্ৰ-ছাত্ৰীয়ে চৰকাৰী বিদ্যালয়তে শিক্ষা গ্ৰহণ কৰিবলৈ বাধ্য হৈছিল৷ আজিৰ তাৰিখত ছাত্ৰ-ছাত্ৰী বা অভিভাৱকৰ মাজত সৃষ্টি হোৱা অনীহাৰ বাবে কিন্তু চৰকাৰো সমানেই জগৰীয়া৷

চৰকাৰী বিদ্যালয় সমূহৰ ভগ্নপ্ৰায় আন্তঃগাথঁনি, উপযুক্ত শিক্ষকৰ অভাৱ, বিনষ্ট হোৱা শৈক্ষিক পৰিৱেশ আদিৰ সুযোগ গ্ৰহণ কৰিয়েই ব্যক্তিগত বিদ্যালয় সমূহে খোপনি পুতিবলৈ সক্ষম হ’ল৷ চৰকাৰী বিদ্যালয়ৰ এই সমূহ দুর্বলতাক ব্যক্তিগত বিদ্যালয়ে নিজৰ শক্তিলৈ ৰূপান্তৰিত কৰি ছাত্ৰ-ছাত্ৰীক আকর্ষণ কৰিবলৈ সক্ষম হৈছে৷ এই দুর্বলতা তথা ছাত্ৰ-ছাত্ৰীৰ অনীহাৰ কাৰণ সমূহ যদি আমি বিশ্লেষণ কৰো তেন্তে তলত আগবঢ়োৱা কেইটামান কাৰণক এই ক্ষেত্ৰত মূখ্য কাৰক হিচাবে চিহ্নিত কৰিব পাৰি৷


চৰকাৰী বিদ্যালয়ৰ দুর্বলতা আৰু ছাত্ৰ- ছাত্ৰীৰ অনীহাৰ কাৰণ সমূহঃ
১) উন্নত মানদন্ডৰ ব্যক্তিগত বিদ্যালয়ৰ আর্ৱিভাৱঃ ব্যক্তিগত বিদ্যালয়ৰ আর্ৱিভাৱে চৰকাৰী বিদ্যালয়ৰ বাবে সচাঁকৈয়ে প্ৰত্যাহ্বানৰ সৃ্ষ্টি কৰিছে নেকি? ভাল মেধাসম্পন্ন ছাত্ৰ-ছাত্ৰীক আকর্ষণ কৰি চৰকাৰী বিদ্যালয়ৰ বাবে সচাঁকৈয়ে ভাবুকি কঢ়িয়াই আনিছে নেকি? কোনো এখন ব্যক্তিগত বিদ্যালয়ৰ প্ৰদর্শন আৰু ফলাফল চুবুৰীয়া এখন চৰকাৰী বিদ্যালয়ৰ লগত তুলনা কৰিলেই আমি উপৰোক্ত প্ৰশ্নকেইটাৰ সত্যতা প্ৰতিপন্ন কৰিব পাৰো৷ তদুপৰি ব্যক্তিগত বিদ্যালয় সমূহৰ আর্ৱিভাৱৰ আগত চৰকাৰী বিদ্যালয় সমূহৰ ফলাফল আৰু আর্ৱিভাৱৰ পিছত হোৱা ফলাফলৰ মাজতো আকাশ পাতাল পার্থক্য দেখা পোৱা যায়৷  সেয়েহে বর্তমান দিনত অভিভাৱক সকলে নিজৰ ‘ষ্টেটাছ চিম্বল’ বজাই ৰাখিবৰ বাবে বা ভাল ফলাফল লাভ কৰাটো সুনিশ্চিত কৰাৰ তাড়ণাত নিজৰ সন্তানক চৰকাৰী বিদ্যালয়ত পঢ়াবলৈ অনিচ্ছা প্ৰকাশ কৰে৷

২)অর্থনৈতিক আৰু সামাজিক কাৰকঃ আজিৰ সমাজত এনেকুৱা এক মানসিকতা গঢ় লৈ উঠিছে যে চৰকাৰী বিদ্যালয়ত দৰিদ্ৰ পৰিয়ালৰ সন্তানহে শিক্ষাগ্ৰহণ কৰিবলৈ যায়৷ এই মানসিকতাই আজি চৰকাৰী বিদ্যালয়সমূহক ক্ষতি কৰাত যথেষ্ট অৰিহনা যোগাইছে৷ নিজৰ সামাজিক আৰু অর্থনৈতিক ‘ষ্টেটাছ’ বিঘিত্ন হোৱাৰ আশংকাত তথাকথিত ‘ভাল’ ঘৰৰ লৰা-ছোৱালীক তাত পঢ়াবলৈ অভিভাৱকে নপঠিয়ায়৷ ফলত সেই বিদ্যালয়সমূহত এক সুস্হ শৈক্ষিক পৰিৱেশ সৃষ্টি হব নোৱাৰে আৰু সেইমতেআমি এক ভাল ফলাফলো আশা কৰিব নোৱাৰো৷ অৱশ্যে কিছু কিছু চৰকাৰী বিদ্যালয়ত শিক্ষকসকলৰ একান্ত প্ৰচেষ্টাৰ ফলত ছাত্ৰ-ছাত্ৰীয়ে যথেষ্ট উন্নত ফলাফল কৰা আজিও আমি দেখিবলৈ পাইছো৷ কিন্তু সেই মানসিকতাৰে শিক্ষাদান কৰিব পৰা চৰকাৰী শিক্ষকৰ সংখ্যাও আজিৰ সমাজত নগণ্য বুলিব পাৰি৷

৩)মেধাবী ছাত্ৰ-ছাত্ৰীৰ অভাৱঃ মেধাবী ছাত্ৰ- ছাত্ৰী অভাৱৰ বাবেও আজিকালি চৰকাৰী বিদ্যালয় সমূহৰ মানদন্ড যথেষ্ট হ্ৰাস পোৱা পৰিলক্ষিত হৈছে৷ বিদ্যালয় এখনৰ সফলতাৰ এক অন্যতম কাৰণ হৈছে তাত অধ্যয়ন কৰা ছাত্ৰ- ছাত্ৰীৰ মেধা আৰু মানসিকতা৷ যদি তীক্ষ্ন মেধাসম্পন্ন ছাত্ৰ- ছাত্ৰীক আমি অনাগত দিনত আকর্ষন কৰিব নোৱাৰো তেন্তে চৰকাৰী বিদ্যালয়ৰ অৱস্হাৰ পৰিবর্তন হোৱাৰ আশা কৰাতো ভুল৷

৪) চাকৰিৰ নিৰাপত্তাঃ সাধাৰণতে চৰকাৰী চাকৰিক সকলোৱে নিৰাপদ চাকৰি ৰূপেই গণ্য কৰে৷ ছাত্ৰ- ছাত্ৰীৰ ফলাফল বেয়া হলেও শিক্ষকসকল তাৰ বাবে কোনোকাৰণতে জবাবদিহি হব নালাগে৷ ইয়াৰ বাবেই সৰহসংখ্যক চৰকাৰী বিদ্যালয়তে শিক্ষকসকলৰ কর্মসৃপ্হা প্ৰতিফলিত নহয়৷ কেৱল ধন উপার্জনৰ বাবেহে তেওঁলোকে চাকৰি কৰি থকা পৰিলক্ষিত হয়৷ ফলত ছাত্ৰ-ছাত্ৰীৰ ফলাফল তেওঁলোকৰ বাবে গুৰুত্বহীন হৈ পৰে৷

এইক্ষেত্ৰত যদি আমি ব্যক্তিগত বিদ্যালয়সমূহলৈ লক্ষ্য কৰো তেন্তে দেখিম যে শিক্ষকসকলৰ পাৰদর্শিতাৰ ওপৰত ছাত্ৰ-ছাত্ৰীৰ পৰা নিয়মিতভাবে ‘ফিডবেক’ গ্ৰহণ কৰা হয়৷ কোনো শিক্ষার্থীৰ ফলাফল বেয়া হলে অভিভাৱকৰ লগত আলোচনা কৰি তাৰ সমাধানসূত্ৰ উলিয়াবলৈ প্ৰচেষ্টা কৰা হয়৷ শিক্ষকসকলেও ছাত্ৰ- ছাত্ৰীৰ ফলাফল ভাল কৰিবলৈ আন্তৰিকতাৰে শিক্ষাদান কৰে, নহলে এইক্ষেত্ৰত তেওঁলোকৰ চাকৰি যোৱাৰো ভয় থাকে৷ এই আন্তৰিক প্ৰচেষ্টাৰ বাবেই ব্যক্তিগত বিদ্যালয়সমূহৰ ফলাফল উন্নত হোৱা দেখা যায়৷

৫) পর্য্যাপ্ত সা-সুবিধাৰ অভাৱঃ পর্য্যাপ্ত সা-সুবিধা নথকাৰ বাবেই চৰকাৰী বিদ্যালয় সমূহ দিনক দিনে জঁহি-খহি গৈছে৷ এই কথাষাৰ আজিৰ দিনত প্ৰায় সকলোৱেই স্বীকাৰ কৰিব৷ বহুক্ষেত্ৰত দেখা যায় যে খোৱাপানীৰ অভাৱ, বিজুলী পাংখাৰ অভাৱ আৰু অন্যান্য দুর্বল আন্তঃগাথঁনিৰ বাবেই ছাত্ৰ-ছাত্ৰীয়ে এক সুস্হ পৰিৱেশত শিক্ষা গ্ৰহন কৰিব নোৱাৰে৷ অৱশ্যে ‘শিক্ষাৰ অধিকাৰ আইন’ৰ অধীনত আবন্টন দিয়া বিশাল ধনৰাশিৰ দ্বাৰা এই অভাৱ দূৰ কৰাত চৰকাৰ কিমানদূৰ সফল হয় সেয়া সময়েহে কব৷

৬) শিক্ষকৰ উপস্হিতিঃ আজিৰ দিনত এইটো অনস্বীকার্য যে চৰকাৰী বিদ্যালয়ত শিক্ষকৰ উপস্হিতিৰ হাৰ ব্যক্তিগত বিদ্যালয়তকৈ তুলনামূলকভাবে কম৷ শিক্ষকৰ উপস্হিতিৰ ওপৰত চকু ৰাখিবলৈ চৰকাৰে বিভিন্ন পন্হা হাতত লৈছে যদিও বাস্তবক্ষেত্ৰত ই কিমান সফল হৈছে সেয়া সন্দেহৰ বিষয়৷ চৰকাৰে এইক্ষেত্ৰত কঠোৰ নীতি গ্ৰহণ নকৰাৰ বাবেই শিক্ষকসকলে নিজৰ কর্মত ফাঁকি দি ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ লগত হেতালি খেলা কার্যত অৱতীর্ণ হব পাৰিছে৷

৭) শিক্ষন পদ্ধতিঃ ব্যক্তিগত আৰু চৰকাৰী বিদ্যালয়ৰ শিক্ষন পদ্ধতিৰ মাজতো আকাশ- পাতাল প্ৰভেদ দেখা পোৱা যায়৷ ব্যক্তিগত বিদ্যালয়সমূহত যথেষ্ট উদ্ভাৱনী আৰু আধুনিক শিক্ষা পদ্ধতিৰে ছাত্ৰ-ছাত্ৰীক শিক্ষাদান কৰে৷ ইয়াৰ বাবে তেওঁলোকে পর্য্যাপ্ত আন্তঃগাথঁনিও গঢ়ি  তুলিছে৷ ‘ডিজিটেল লার্নিং’, ‘র্ভাছুৱেল ক্লাছৰূম’ আদিৰ ব্যৱস্হা গঢ়ি তুলি ছাত্ৰ-ছাত্ৰীক প্ৰতিটো বিষয় ৰসাল আৰু আকর্ষণীয় ভাবে বুজাবলৈ চেষ্টা কৰে৷ জ্ঞান আহৰণত এনে আধুনিক শিক্ষা পদ্ধতিয়ে ছাত্ৰ-ছাত্ৰীক যথেষ্ট সহায় কৰে৷ সময়ৰ লগত খাপ খুৱাব পৰাকৈ এনে কোনো উদ্ভাৱনী শিক্ষা পদ্ধতি আমাৰ চৰকাৰী বিদ্যালয়সমূহত দেখিবলৈ পোৱা নাযায়৷

৮) কর্মসংস্কৃতিঃ- বিদ্যালয় এখনৰ সফলতাত এক অন্যতম ভূমিকা গ্ৰহণ কৰে তাৰ কর্মসংস্কৃতিয়ে৷ আজিৰ চৰকাৰী বিদ্যালয়সমূহত সুস্হ কর্মসংস্কৃতি প্ৰায় বিলুপ্ত হোৱাৰ দৰেই হৈছেগৈ৷ বছৰটোৰ অধিকাংশ দিনতেই কিবা নহয় কিবা কাৰনত পাঠদান প্ৰক্ৰিয়া বন্ধ ৰাখিব লগীয়া হয়৷ শিক্ষক-কর্মচাৰীৰ ধর্মঘট আৰু আন্দোলন, সঘনাই হোৱা বন্ধ, বিভিন্ন চৰকাৰী অনুষ্ঠানৰ বাবে বিদ্যালয়গৃহৰ ব্যৱহাৰ আদি বিভিন্ন কাৰণৰ বাবে ছাত্ৰ-ছাত্ৰীৰ শিক্ষাগ্ৰহনত ব্যাঘ্যাত জন্মে৷ সেইবাবেই হয়তো চৰকাৰী বিদ্যালয়সমূহত এক সু্স্হিৰ শৈক্ষিক পৰিৱেশ সৃষ্টি হোৱাতো সম্ভৱপৰ হৈ উঠা নাই৷

৯) শিক্ষক নিযুক্তি প্ৰক্ৰিয়াত আসোঁৱাহঃ-শিক্ষক এজনেই হৈছে বিদ্যালয় এখনৰ স্তম্ভস্বৰূপ৷ ছাত্ৰ-ছাত্ৰীক প্ৰকৃত শিক্ষাৰে শিক্ষিত কৰি মানুহ কৰাৰ গধুৰ দ্বায়িত্ব এই শিক্ষকৰ ওপৰতে ন্যস্ত থাকে৷ এইক্ষেত্ৰত যদি শিক্ষক নিযুক্তি প্ৰক্ৰিয়া নিকাভাবে নহয় তেতিয়াই এই গধুৰ দ্বায়িত্ব পালন কৰাত বিদ্যালয় এখন ব্যর্থ হয়৷ এইক্ষেত্ৰত চৰকাৰ বর্তমান কিছু পৰিমানে সচেতন হলেও ৯০ৰ দশকত শিক্ষক নিযুক্তিত হোৱা ব্যাপক কেলেংকাৰী আৰু দুর্নীতিৰ বাবেই এচাম ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত অন্ধকাৰছন্ন হল৷ কিছুমান অর্হতাহীন আৰু অযোগ্য শিক্ষকক নিযুক্তি দি চৰকাৰে গোটেই শিক্ষা ব্যৱস্হাটোকে পংগু কৰি পেলালে আৰু তাৰ ফল আজিও সেই বিদ্যালয়সমূহে ভোগ কৰিব লগীয়া হৈছে৷

১০) শিক্ষাগ্ৰহণৰ মাধ্যমঃ- মাধ্যম কোনো কাৰণতে অন্তৰায় হব নোৱাৰে৷ এই সাধাৰণ কথাষাৰ হ্ৰদয়ংগম কৰাত আমাৰ সমাজৰ বহু সচেতন লোকেই সফল হোৱা নাই৷ তেওঁলোকে ভাবে যে অসমীয়া মাধ্যমত শিক্ষাগ্ৰহণ কৰিলে তেওঁলোকৰ লৰা-ছোৱালীয়ে বর্তমান যুগত আগবাঢ়িব নোৱাৰিব৷ অভিভাৱকৰ এনে অদ্ভুত আৰু অযুক্তিকৰ চিন্তাধাৰাৰ বাবেই আজি চৰকাৰী বিদ্যালয়ত নামভর্তিৰ হাৰ দিনক দিনে কমি আহিছে৷ কিন্ত মাতৃভাষা মাধ্যমত পঢ়িয়েই যে বহু লোকেই সমাজত উজলিবলৈ সক্ষম হৈছে তাক এবাৰ অভিভাৱকসকলে বিচাৰ কৰি চাবৰ হল৷

১১) দৰিদ্ৰতাঃ আজিৰ দিনত আর্থিকভাবে দুর্বল দৰিদ্ৰ পৰিয়ালৰ সন্তানহে চৰকাৰী বিদ্যালয়লৈ যোৱা বেছিভাগ দেখা যায়৷ সেইসকলৰ অভিভাৱকো শিক্ষাৰ ক্ষেত্ৰত অলপো সচেতন নহয়৷ বিদ্যালয়লৈ যোৱাতকৈ কাম কৰি দুবেলা দুমুঠি উপার্জন কৰাতহে তেওঁলোকে বেছি গুৰুত্ব দিয়ে৷ ইয়াৰ বাবে তেনে ল'ৰা ছোৱালীৰ বিদ্যালয়ত উপস্হিতিৰ হাৰো বহু কম হয়৷ ঘৰতো এক সুস্হ শৈক্ষিক পৰিৱেশ তেওঁলোকে লাভ নকৰে আৰু সেইবাবেই সেইসকল ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষাৰ ফলাফলো আশাব্যান্জ্ঞক নহয়৷ 

যদিওবা চৰকাৰী বিদ্যালয়ৰ দুর্বলতাৰ সঠিক কাৰণসমূহ পুংখানুপুংখভাবে বিশ্লষন কৰাতো যথেষ্ট কঠিন তথাপি উপৰোক্ত কাৰণসমূহে আমাক এইক্ষেত্ৰত এক থুলমূল আভাস দিয়াত সহায় কৰে৷ ইয়াৰ বাহিৰেও আৰু ভালেমান কাৰণ আছে যাৰ বাবে চৰকাৰী বিদ্যালয়ৰ প্ৰতি ছাত্ৰ-ছাত্ৰীৰ অনীহা বৃদ্ধি পাইছে৷ তাৰোপৰি ব্যক্তিগত বিদ্যালয়সমূহৰ প্ৰত্যক্ষ আৰু পৰোক্ষ প্ৰভাৱ চৰকাৰী বিদ্যালয়ৰ ওপৰত কিধৰণে পৰিছে তাকো ভালদৰে অধ্যয়ন কৰাতো আজিৰ দিনত প্ৰয়োজন৷ মুঠতে সময় থাকোতেই চৰকাৰী বিদ্যালয়সমূহৰ দুর্বলতা সমূহ দূৰ কৰিবলৈ ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ নকৰিলে অনাগত দিনত আমাৰ সমাজৰ পৰা প্ৰতিভাৱান মানৱ সম্পদসমূহ নষ্ট হবলৈ বেছি পৰ নালাগিব৷

চৰকাৰী শিক্ষা ব্যৱস্হাৰ এনে আসোৱাঁহসমূহ দূৰ কৰি এক গতিশীলতা প্ৰদান কৰিব যাওঁতে আমি আমাৰ সমগ্ৰ শিক্ষা ব্যৱস্হাটোক আজি কিহে ঘুণে ধৰিছে তাৰ প্ৰতি চকু দিয়াটো দৰকাৰ৷ ভাৰতবর্ষত শিক্ষা বেছিভাগ বিদ্যালয়তে পাঠ্যক্ৰমৰ মাজতে সীমাবদ্ধ থাকে৷ ক্লাছৰুমৰ বাহিৰতো যে শিক্ষা গ্ৰহণৰ যথেষ্ট সমল থাকে তাৰ প্ৰতি প্ৰায়লোকেই সচেতন নহয়৷ ইয়াৰ ফলত ছাত্ৰ-ছাত্ৰীৰ সর্বাংগীন উন্নয়ন হোৱাৰ দিশত যথেষ্ট বাধাৰ সৃষ্টি হয়৷ কিছুসংখ্যক ব্যক্তিগত বিদ্যালয়ে উদ্ভাৱনী শিক্ষা পদ্ধতি অৱলম্বন কৰি এই বাধা দূৰ কৰাত ভালেমান সক্ষম হৈছে৷ আজিকালি প্ৰায়বোৰ অভিভাৱকেই বিচাৰে নিজৰ সন্তান পঢ়া-শুনাৰ বাহিৰেও সকলো দিশতে আগবাঢ়ি যোৱাটো৷ কিন্তু সেই পৰিৱেশ অনাত আজি চৰকাৰী বিদ্যালয়সমূহ সফল হোৱা নাই৷ সেইবাবেই বেছিভাগ শিক্ষ্যার্থী ব্যক্তিগত বিদ্যালয়ৰ প্ৰতি আকর্ষিত হোৱাটো আজিৰ দিনত স্বাভাৱিক কথা কাৰণ হৈ পৰিছে, কাৰণ সেইবিদ্যালয় সমূহে ছাত্ৰ- ছাত্ৰীৰ সর্বাংগীন উন্নয়ন কৰাত বহুদূৰ সফল হৈছে৷ 

কিন্তু সেইবুলিয়েই আমি ব্যক্তিগত বিদ্যালয়ৰ ওপৰতে আমাৰ উঠি অহা প্ৰজন্মৰ ভৱিষ্যত সপিঁ দিব লাগিব নেকি? বর্তমান দিনত মানুহৰ আর্থিক অৱস্হা কিছু স্বচ্ছল হোৱাৰ বাবে উচ্চ পৰিমানৰ মাচুল ব্যয় কৰি হলেও অভিভাৱকে লৰা-ছোৱালীক ব্যক্তিগত বিদ্যালয়ত পঢ়ুৱাবলৈ কুন্ঠাবোধ নকৰে৷ কিন্তু সমাজৰ  সেইসকল দৰিদ্ৰ শ্ৰেণীৰ সন্তানৰ কথা কোনে ভাবিব যাৰ বাবে আজিও চৰকাৰী বিদ্যালয় এখনেই শিক্ষাগ্ৰহণৰ শেষ সম্বল৷ চহৰৰ মাজত অৱস্হিত চৰকাৰী বিদ্যালয় এখনে চৰকাৰ তথা বিভিন্ন পক্ষৰ পৰা  অলপ সুদৃষ্টি লাভ কৰে কিন্তু গাৱঁৰ বিদ্যালয় সমূহ আজিও সকলো দিশতে অৱহেলিত৷ তেনে এক পৰিৱেশত আমি কিদৰে সু-নাগৰিক, উচ্চ মানৰ মানৱ সম্পদ সৃষ্টি কৰিম বুলি আশা কৰিব পাৰো৷ নিজৰ নিজৰ সন্তানক চহৰৰ দামী স্কুলত পঢ়ুৱালো বুলিয়েই চৰকাৰী বিদ্যালয়ৰ এনে দুৰৱস্হা দেখি আমি হাত সাৱটি বহি থাকিব পাৰো নেকি? তেনে হলে আমি সমাজৰ এক সচেতন নাগৰিক হিচাবে নিজকে পৰিচয় দিব নোৱাৰিম৷ 

এখন গাৱঁত অৱস্হিত বিদ্যালয় এখনৰ পৰিৱেশ বা শৈক্ষিক বাতাবৰণৰ পৰাই সেই গাৱঁৰ মানুহৰ বৌদ্ধিক দিশটোৰ এক প্ৰতিফলন ঘটে৷ নামত চৰকাৰী বিদ্যালয় হব পাৰে কিন্তু তাক চোৱা-চিতা আৰু পৰিচালনা কৰাৰ দ্বায়িত্ব আমাৰ সকলোৰে৷ আমাৰ গাৱঁৰ বিদ্যালয় এখনক জহি-খহি যাবলৈ দি আমি কিদৰে সমাজৰ আগত সভ্য নাগৰিক বুলি পৰিচয় দিব পাৰিম৷সমাজৰ প্ৰতিজন মানুহে দ্বায়িত্বশীলভাৱে নিজ নিজ গাৱঁৰ বিদ্যালয়খনক গঢ় দিব লাগিব৷ চৰকাৰী বিদ্যালয়সমূহক পুনৰোজ্জীৱিত কৰি তুলিবলৈ হলে এক দীর্ঘম্যাদী আৰু বৈজ্ঞানিক পৰিকল্পনাৰ প্ৰয়োজন৷ এই ক্ষেত্ৰত আন্তঃগাথঁনিৰ পৰা আৰম্ভ কৰি ছাত্ৰ-ছাত্ৰীৰ স্বাস্হ্যলৈকে সকলো দিশতে চকু দিব লাগিব৷ সেই পৰিকল্পনা সফল হবলৈ হলে তলত উল্লেখ কৰি দিশকেইটাৰ ওপৰত বিশেষভাবে গুৰুত্ব দিয়া প্ৰয়োজন৷ 

১) সবাতোকৈ গুৰুত্বপূর্ণ বিষয়টো হৈছে শিক্ষক এজনৰ মানসিকতা৷ শিক্ষক এজনৰ ওপৰতে ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত আৰু বিকাশ নির্ভৰ কৰে৷ শিক্ষক এজনে দ্বায়িত্বশীলভাবে ছাত্ৰ-ছাত্ৰীক শিক্ষাদান কৰাৰ বাবে প্ৰতিজ্ঞাবদ্ধ হব লাগিব৷ প্ৰতিটো বিষয় ৰসাল তথা আকর্ষণীয়ভাবে বুজাই ছাত্ৰ-ছাত্ৰীৰ মনত পঢ়া তথা শিকাৰ প্ৰতি এক আগ্ৰহ জাগ্ৰত কৰাতো শিক্ষক এজনৰ সফলতা৷ এই মহান দ্বায়িত্ব শিক্ষক এজনে নিষ্ঠাৰে পালন কৰিলেহে আমাৰ শিক্ষা ব্যৱস্হাৰ উন্নতি সাধন হব৷

২) ছাত্ৰ-ছাত্ৰীৰ স্বাস্হ্য তথা পু্ষ্টিৰ ওপৰত বিশেষভাবে নজৰ দিয়াটো প্ৰয়োজন কাৰন স্বাস্হ্য ভালে থাকিলেহে তেওঁলোকে অধ্যয়নত ভালদৰে মনোনিৱেশ কৰিব পাৰিব৷ তাৰ বাবে বিদ্যালয়সমূহত প্ৰতি পষেক বা মাহেকৰ মূৰে মূৰে বিনামূলীয়া স্বাস্হ্য পৰীক্ষা শিবিৰৰ আয়োজন কৰাতো উচিত৷ ছাত্ৰ-ছাত্ৰীৰ সুস্বাস্হ্যৰ বাবে এই পদক্ষেপ অতি জৰুৰী৷

৩) শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ অনুপাত যিমান পাৰি কম ৰখাটো প্ৰয়োজন৷ ৪-৫ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে এজন শিক্ষক থাকিলে প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীৰ বিকাশৰ প্ৰতি নজৰ দিবলৈ শিক্ষক এজন সফল হব আৰু তেনে হলে ছাত্ৰ-ছাত্ৰী যথেষ্ট উপকৃত হব৷

৪) সময়ৰ সৈতে খাপ খুৱাবলৈ বিদ্যালয়সমূহত ডিজিটেল শিক্ষা পদ্ধতি বা অডি’অ ভিজুৱেলৰ সহায়ত পাঠদানৰ ব্যৱস্হা কৰিলে শিক্ষাই এক নতুন মাত্ৰা লাভ কৰিব৷ অৱশ্যে সেই হিচাপে প্ৰথমতে আৱশ্যেকীয় আন্তঃগাথঁনি গঢ়ি তোলাতো প্ৰয়োজন৷

৫) প্ৰতিখন চৰকাৰী বিদ্যালয়ৰ শিক্ষকসকলক উপযুক্ত প্ৰশিক্ষনৰ ব্যৱস্হা কৰিবলৈ চৰকাৰে এক প্ৰশিক্ষন কেন্দ্ৰ স্হাপন কৰাতো উচিত৷ সময়ে সময়ে শিক্ষকসকলক উপযুক্ত প্ৰশিক্ষন প্ৰদান কৰি কার্যক্ষম কৰি তুলিলহে ছাত্ৰ-ছাত্ৰীক আধুনিক শিক্ষা পদ্ধতিৰে শিক্ষাদান কৰি বিদ্যালয়ৰ মানদন্ড উন্নত কৰিবলৈ তেওঁলোক সক্ষম হব৷

৬) ছাত্ৰ-ছাত্ৰীৰ ব্যক্তিত্বৰ বিকাশ সাধন কৰিবলৈ প্ৰতিখন বিদ্যালয়তে এক ‘Personality Development Centre’ বা ব্যক্তিত্ব বিকাশ কেন্দ্ৰ গঢ়ি তোলাতো প্ৰয়োজন৷ ব্যক্তিত্বৰ সর্বাংগীন বিকাশ নহলে আজিৰ পৃথিৱীত আগুৱাই যোৱাটো কষ্টকৰ৷ এনেকুৱা কেন্দ্ৰ স্হাপন হলে ছাত্ৰ-ছাত্ৰীয়ে মাতৃভাষা মাধ্যমৰ বিদ্যালয়ত পঢ়িও ইংৰাজী তথা অন্যান্য বিদেশী ভাষাৰ উপযুক্ত প্ৰশিক্ষন লাভ কৰিবলৈ সক্ষম হব৷ ইয়াৰ দ্বাৰা তেওঁলোকে সমাজৰ অন্য ছাত্ৰ-ছাত্ৰীৰ আগত হীনমন্যতাত ভুগিব লগীয়া নহয়৷

৭) শিক্ষকৰ উপস্হিতিৰ ওপৰত কাঢ়া চকু ৰাখিবলৈ বিদ্যালয়সমূহত আধুনিক পদ্ধতিৰ ‘ Biometric AttendenceSystem’ ব্যৱহাৰ কৰা উচিত৷ নিজৰ ফিংগাৰপ্ৰিন্ট স্কেন কৰি শিক্ষকসকলে বিদ্যালয়ত লগ ইন কৰিব পাৰিব আৰু নির্ধাৰিত সময়তকৈ পিছত লগ ইন বা আগত লগ আউট কৰিলে দিনটোৰ উপস্হিতি গণ্য কৰা নহব৷ প্ৰতিখন বিদ্যালয়ৰ শিক্ষকৰ উপস্হিতিৰ সমগ্ৰ তথ্য ডিজিটেল ৰূপত সংগ্ৰহ কৰিব পৰা যাব৷ এনে কৰিলে বিদ্যালয়ৰ কর্মসংস্কৃতি কিছু পৰিমানে ঘূৰি আহিব বুলি আশা কৰিব পাৰি৷ 

৮) বিদ্যালয়ত পর্য্যাপ্ত আন্তঃগাথঁনি আৰু সা-সুবিধা উপলব্ধ কৰোৱাতো চৰকাৰৰ প্ৰধান দ্বায়িত্ব৷ এক সুস্হ পৰিবেশত যাতে ছাত্ৰ-ছাত্ৰীয়ে শিক্ষাগ্ৰহন কৰিবলৈ সুবিধা পায় তাৰ প্ৰতি দৃষ্টি দিয়াটো প্ৰয়োজন৷ ভগ্নপ্ৰায় আন্তঃগাথঁনিৰ বাবেই চৰকাৰী বিদ্যালয়ৰ অৱস্হা তথৈবচ হৈ পৰিছে৷ ব্যক্তিগত বিদ্যালয়ৰ লগত ফেৰ মাৰিবলৈ হলে এক উন্নত মানদন্ডৰ আন্তঃগাথঁনি গঢ়ি তুলিবই লাগিব৷ খেলা-ধূলাৰ বাবে প্ৰয়োজনীয় খেলপথাৰ, খোৱাপানীৰ ব্যৱস্হা, মনোৰন্জৰ বাবে ব্যৱস্হা, ব্যক্তিত্ব বিকাশ কেন্দ্ৰ, বিজুলী পাংখাৰ ব্যৱস্হা আদি গঢ়ি তুলিলেহে এক আদর্শ বিদ্যালয় বুলি গণ্য কৰিব পাৰিম৷ 

৯) সময়ে সময়ে দেশ বিদেশৰ বিভিন্ন প্ৰতিস্হিত শিক্ষক আৰু অধ্যাপকৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীৰ পাঠদানৰ ব্যৱস্হা কৰা উচিত৷ তেনে কৰিলে তেওঁলোকে বিভিন্ন ব্যক্তিৰ লগত মত বিনিময় কৰি নিজৰ জ্ঞানৰ পৰিসৰ বৃদ্ধিৰ কৰিবলৈ সক্ষম হব৷তাৰোপৰি আধ্যাত্মিক আৰু শাৰীৰিক বিকাশৰ বাবে এক যোগ কেন্দ্ৰ বা ব্যায়াম কেন্দ্ৰ স্হাপন কৰাতো দৰকাৰ৷ কাৰণ শাৰীৰিক আৰু মানসিক বিকাশ হলেহে ছাত্ৰ-ছাত্ৰীৰ ব্যক্তিত্ব পূর্ণাংগ ৰূপত বিকশিত হব৷ এই দিশটোৰ প্ৰতি চৰকাৰে বিশেষভাবে দৃ্ষ্টি দিয়াটো প্ৰয়োজন৷

১০) বিদ্যালয়ত বন্ধৰ দৰে অপসংস্কৃতি ৰোধ কৰাতো আজিৰ সময়ৰ আহ্বান৷ বছৰটোৰ অধিকাংশ দিনেই যাতে সুচাৰুভাবে পাঠদান হয় তাৰ বাবে বিশেষভাবে এক শৈক্ষিক দিনপন্জী প্ৰস্তুত কৰিব লাগে৷ সেই দিনপন্জীত পাঠ্যক্ৰম বর্হিভূত বিভিন্ন বিষয়ৰ বাবেও পর্য্যাপ্ত সময় ৰখাতো উচিত যাতে ছাত্ৰ-ছাত্ৰীৰ সর্বাংগীণ বিকাশৰ বাবে ই সহায়ক হয়৷

চৰকাৰী বিদ্যালয়ক উজ্জীৱিত কৰাৰ সমস্ত পৰিকল্পনা সফলভাবে ৰূপায়ণ কৰিবলৈ কৰিবলৈ হলে স্হানীয় লোকৰ সহায় সহযোগীতা নিতান্তই প্ৰয়োজন৷ আমি সকলোৱে এক জাগ্ৰত প্ৰহৰীৰ দৰে নিজৰ বিদ্যালয়খনৰ প্ৰতি চকু দিব লাগিব তথা ইয়াক সর্বাংগসুন্দৰ কৰি ৰখাৰ বাবে সকলো প্ৰচেষ্টা হাতত লব লাগিব৷ ব্যক্তিগত বিদ্যালয়তকৈ সকলো দিশতে উন্নত কৰি তুলিলেহে চৰকাৰী বিদ্যালয়ৰ মানদন্ড বৃদ্ধি পাব আৰু অধিক ছাত্ৰ-ছাত্ৰীক আকর্ষণ কৰিবলৈ সক্ষম হব৷ সময় থাকোতেই যদি এইক্ষেত্ৰত প্ৰয়োজনীয় কার্যব্যৱস্হা তথা উপযুক্ত পৰিকল্পনা হাতত লোৱা যায় তেন্তে নিঃসন্দেহে চৰকাৰী বিদ্যালয়সমূহৰ অবস্হা তথা ভৱিষ্যত উজ্জ্বল হোৱাৰ আমি আশা কৰিব পাৰো৷
লেখক ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, অৰুনাচল প্ৰদেশৰ ছাত্ৰ, ফোন:- 08402852801

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages