জুতি লগা আখল - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

তিল আৰু মূলাৰ চাটনি 

ৰুমঝুম শইকীয়া

উপকৰণসমূহ : - টেবুল চামুচেৰে ৩চামুচ গোটা তিল,
কুমলীয়া মূলা মজলীয়া আকাৰৰ ২টা, পিয়াজ মজলীয়া আকাৰৰ ২টা,
নহৰু এটা, কেঁচা জলকীয়া ৫টা,
নেমু টেঙা এটা,
ধনীয়া অলপমান
আৰু নিমখ জোখ মতে ৷


প্ৰণালী : - তিলখিনি ভালদৰে ধুই শুকুৱাই লৈ অলপ কম জুইত তিলৰ গোন্ধ ওলোৱালৈকে ভাজি লব৷ মন কৰিব বেচিকৈ ভাজ নাখায় যাতে৷ অলপ ঠাণ্ডা হলে মিস্কিত তিলখিনি পিচি লব৷ মূলা দুটাৰ বাহিৰখিনি ভালদৰে চুচি পৰিস্কাৰ কৰি লওক৷ এতিয়া মূলা দুটা ৰুকনিৰ ডাঙৰ ফুটা থকা ফালদি ৰুকি লওক৷ নহৰু কেইফুটামান দীঘল দীঘলকৈ কাটি লওক৷

পিঁয়াজো পাতল পাতলকৈ কাটি লব৷ এতিয়া কেৰাহীত তেল গৰম কৰি দুফালকৈ ফলা জলকীয়াকেইটা ভাজি লওক৷ কটা নহৰু আৰু মূলাখিনিও কেৰাহীত দি দিব৷ কম জুইত ৫মিনিটমান সময় ঢাকোন দি থব৷ এইদৰে ভাজিলে মূলাৰ মিশ্ৰণৰ পানী শুকালে তিলখিনি মিহলাই নেমু চেপি জোখমতে নিমখ দি ভালদৰে লৰাই পুনৰ ২মিনিট সময় ঢাকি ৰাখক৷

জুইৰ পৰা নমাই শেষত ধনীয়া আৰু কেঁচা পিঁয়াজ দি খাবলৈ পৰিবেশণ কৰিব পাৰে৷ মূলাৰ সলনি কঠালৰ গুটি,কাবুলি বুট নাইবা মটৰ বয়ল কৰি একেদৰে চাটনি প্ৰস্তুত কৰিব পাৰে৷

No comments:

Post a Comment