টুটকীয়া টুইটাৰৰ পৰা... - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

টুটকীয়া টুইটাৰৰ পৰা...

টুটকীয়া টুইটাৰৰ পৰা...

Share This
ৰাষ্ট্ৰীয় গুজৱ.কম
১. আজি "বৰ্ডাৰ" চিনেমা চোৱাৰ আৰু চাইনীজ খোৱাৰ দিন! ছাইনাৰ প্ৰেচিডেণ্টৰ ভ্ৰমণক লৈ দেশ ব্যস্ত থকাৰ উপলক্ষতে দেশবাসীয়েও এইকাম কৰিব লাগে বুলি প্ৰকাশ কৰিছে সচেতন শৰ্মাই। এফালে "য়ে দোস্তী" সমবেত সংগীত চলি থকাৰ মাজতে "বৰ্ডাৰত গদ্দাৰ" নামৰ শ্বুটিঙো চলি থকাৰ কথা টিভিয়ে দেখুৱাই থকাতো এই বন্ধুত্বক লৈ সাধাৰণ মানুহে সন্দেহ প্ৰকাশ কৰাৰ খবৰো আমালৈ আহি আছে।
২. ফিফা ফুটবলৰ ৰেংকিংত ভাৰতৰ স্থান পিছলি ১৫৭ তম স্থান পোৱাত অসন্তোষ প্ৰকাশ কৰিছে সদৌ ভাৰত ৰাজনৈতিক টেঙাবল খেলুৱৈ সন্থাই।  ৰাজনৈতিক টেঙাবল খেলাৰ ৰেংকিংত কিন্তু দেশক বিশ্বৰ এক নম্বৰ স্থানত উপনীত কৰিবই বুলি সন্থাই দৃঢ়তা প্ৰকাশ কৰিছে।

৩. দিল্লীৰ জনপথত হাতোৰা কম-বেছ পাৰ্টিৰ স্মাৰক নিৰ্মাণ কৰাৰ বাবে মাটি দিবলৈ দাবী জনাইছে দেশৰ বিশিষ্ট টুটকয়ী সুহেইল শেঠ ছাৰে। তেখেতৰ মতে যি পাৰ্টিৰ ভৱিষ্যত অন্ধকাৰ, সেই পাৰ্টিৰ স্মাৰক বনোৱাৰ বাবে যা-জোগাৰ কৰাই উত্তম কথা! তেখেতে প্ৰস্তুতি কমিটিৰ উপ-সভাপতি ৰূপে বাহুল গান্ধী আৰু প্ৰচাৰক ৰূপে সঞ্জয় মুখপাত্ৰক ৰখাৰ বাবেও প্ৰস্তাৱ আগবঢ়াইছে বুলি জানিব পৰা গৈছে।

৪. নগেন মোদী দেৱে দেশৰ নিৰ্মাণত এক নিৰ্ণায়ক ভূমিকা লবই লাগিব আৰু প্ৰধান সেৱক হোৱাৰ বাবে সেই দ্বায়িত্ব নললেও বিশ্বকৰ্মা পূজাৰ দিনা জন্ম লোৱাৰ বাবেই এই দ্বায়িত্ব লবই লাগিব বুলিও নিখিল ভাৰত জ্যোতিষী সন্থাই মত প্ৰকাশ কৰিছে। দহ বছৰৰ পাছত নগেনদাৰ জন্মদিনহে বিশ্বকৰ্মাৰ পূজাৰ ঠাইত পালিত হোৱাকৈ কাম কৰিবৰ বাবেও সন্থাই দাবী জনাইছে।

৫. চৌধুৰী চৰণ সিঙৰ স্মৃতিসৌধক লৈ মাৰপিটৰ ঘটনাই টিভিৰ পৰ্দাত খলকনি তুলি থকাৰ মাজতে এটি টিভি চেনেলে চৰণ সিঙ দেৱ সন্দৰ্ভত দেশৰ নৱ-প্ৰজন্মৰ মাজত কিমান সচেতনতা আছে তাকে লৈ এক সমীক্ষা চলোৱা বুলি জানিব পৰা গৈছে। পিছে তেখেতক ৯৯ শতাংশ যুৱক-যুৱতীয়েই য়ৌ য়ৌ হনি সিঙৰ ঘৰৰ মানুহ বুলিহে মত প্ৰকাশ কৰাক লৈ এতিয়া সাংবাদিকৰ চকুলোৰ বান ববলৈ ধৰা বুলিও খবৰ ওলাইছে।

৬. বেংগলত সাৰদা সাৰদা খেলখনত অংশ লোৱাৰ বাবে এজন চিপিএম আৰু এজন তৃণমূল নেতালৈ চিবিআইৰ ফালৰ পৰা চমন জাৰি কৰাৰ খবৰে পাইছে সংবাদ শিৰোনামা। এতিয়া দুয়োটা দলেই বিষয়টোত সমানে নিৰৱতা আৰু দূৰত্ব বজাই ৰাখিব বুলিও সদৌ বেংগল জ্যোতিষ সন্থাই ভৱিষ্যতবাণী কৰিছে।

৭. সীমাত জেওৰা-জপনা নিদিয়ালৈ চীনা-ভাৰত সীমান্তইদি চীনা ৰঙা কুকুৰা মাজে মাজে দৌৰি সোমাবই বুলি স্পষ্ট কৰি দিলে চীনা প্ৰধানে। জেওৰা দিবলৈ শক্তি নোহোৱা মানুহে মহা-শক্তিক ভক্তি কৰিবলৈকে শিকিব লাগে বুলিও তেখেতে ইংগিত দিয়া বুলি অনুবাদকে প্ৰকাশ কৰিছে।

৮. চিবিআইয়ে এতিয়াৰ পৰা তদন্ত কৰাৰ আগতে মানসিক ভাৱে অভিযুক্ত ভাগি পৰিব নেকি, সেই কথা নিশ্চিত হৈহে তালাচী চলাব পাৰিব বুলি নতুন নিৰ্দেশনা জাৰি কৰাৰ সম্ভাৱনা থকা বুলি জানিব পৰা গৈছে। দুৰ্বল মানুহৰ ঘৰত শক্তিশালী চিবিআই সোমোৱাত বাধা দিব লাগে বুলি সদাকাই ফেন ক্লাৱে দাবী তোলা বুলিও জানিব পৰা গৈছে

৯. "চান্দনী চ'কত চাইনা মাল" ছবিৰ বাবে ভকত ৰত্ন বঁটা আগবঢ়োৱাৰ সুখবৰ। ইন্দো-চীনি সু-সম্পৰ্কৰ ইতিহাস তুলি ধৰা ছবিখনে দুয়ো দেশৰ জনগণকে হৃদয়েৰে কাষ চপাই অনা বুলি বিবেচনা কৰিয়েই এই বঁটাৰ চান্দনী চ'ক চোৰাং মাল ব্যৱসায়ী সন্থাই আগবঢ়াবলৈ লোৱাৰো সুখবৰ প্ৰকাশিত হৈছে।

১০. সংস্কৃতত গীত পৰিবেশন কৰি আজি ৰাষ্ট্ৰীয় সংবাদ শিৰোনামা পালে চীনা শিল্পীয়ে। বেপাৰ কৰিবলৈ দুৱাৰ খুলিবলৈ সুদিন আহিল বুলি পুৱাই বতৰা দিবলৈ এতিয়া চীনা ৰঙা মতা কুকুৰা সকলকো সংস্কৃতত ডাক দিবলৈ ১৫০০খন স্কুল খুলিবলৈ লোৱা বুলিও এতিয়া গুজৱ ওলাইছে।

No comments:

Post a Comment