Friday, September 5, 2014

বিদেশৰ চিঠি

মেণ্ডেলাৰ দেশত বিয়া খোৱাৰ অভিজ্ঞতা
অগ্নিভ দত্ত
আজি কেইবাবছৰৰ আগৰ কথা। তেতিয়া দক্ষিণ আফ্ৰিকাগৈ ভালকৈ ঠান-থিত লগাই নাই। তেনেকুৱা এদিনতে কৃষ্ণাংগ আফ্ৰিকান সহকৰ্ম্মী চাইমন বোলা এজনে তাৰ বিয়ালৈ বুলি নিমন্ত্ৰণ জনালে, নিমন্ত্ৰণ মানে মেইল এখন পঠালে । এনেয়েও মই মানুহটো হ’লো এই বিয়া বাৰু সকাম নিকাম খাই ভালপোৱা মানুহ ।খাই ভাল পোৱা মানে ? মাতিলেতো কথাই নাই নমতাকৈয়ে খাই বৈ ফুৰা মানুহ! যদিও অভ্যাসটো বৰ ভাল নহয় বুলি জানো তথাপি ফটককে বিয়া ঘৰ-চৰ দেখিলে সোমাই দি বৰ বেয়া নেলাগে । এবাৰটো কটনত হায়াৰ চেকেণ্ডেৰি পঢ়ি থাকোতে তেনেকুৱা বিয়া খাবলৈ গৈ কোনোমতেহে পিঠিত কোব নপৰাকে আহি হোষ্টেল পাইছিলোহি !

যি কি নহঁওক চাইমনে বিয়ালৈ মাতিলে যেতিয়া ফটককৈ বিয়াৰ নিমন্ত্ৰণটো গ্ৰহণেই কৰি দিলো । ভাবিলো বিয়াখনো খোৱা হ’ব লগতে এই দেশৰ বিয়া বাৰুৰ নীতিনিয়মও অলপ জনা হ’ব । বিয়া মাতোতেই এটা কথা গম পালো বিয়া মতাৰ লগে লগে নিৰ্দিষ্ট সময়ৰ ভিতৰত নিমন্ত্ৰণ গ্ৰহণ নকৰিলে বা হঠাৎ বিয়া খাব ওলালেগৈ গৃহস্থই বৰ এটা ভাল নাপাব । বিয়াৰ নিমন্ত্ৰণ গ্ৰহণ কৰি বিচাৰ খোচাৰ কৰি গম পালো লগৰে ছিমাংগা দেনভাৰহঁতো বিয়ালৈ যাব। লগতে নাটাছা আৰু পাগামাও বিয়ালৈ যাব বুলি কথা দিছে। ছিমাংগাই মোকো তাঁহাতৰ লগতে যাবলৈ কোৱাত মই ভালেই পালো ।

বিয়াঘৰ মোৰ থকা ঠাইৰ পৰা প্ৰায় ২৩০ কি:মি: দূৰ । যিহেতু বিয়া ঘৰ পাঁওতে প্ৰায় দুঘণ্টা লাগিব, সেয়ে নিদিষ্ট দিনা ৰাতি পুৱা ৮ টা বজাতে ঘৰৰ পৰা ওলালো। কাৰণ বিয়াৰ নিমন্ত্ৰণীত বিয়াৰ কাৰ্য্যসূচী পুৱা ১০ বজাৰ পৰা আৰম্ভ হ’ব বুলি দিয়া আছিল । ক'তো নোৰোৱাকৈ যোৱা বাবে বিয়া ঘৰ ১০ বজাৰ আগতেই পালোগৈ। ঘৰৰ সন্মুখত সুন্দৰকৈ সজোৱা ৰভাঘৰ । ৰভাঘৰৰ বিপৰীত ফালে ফিল্ড এখন, তাতে আমাৰ গাড়ীখন পাৰ্ক কৰিলোগৈ।


ইতিমধ্য বিয়া ঘৰত যথেষ্ট ভিৰ হৈছেই কিন্ত্ত মানুহবোৰচোন ৰভাঘৰত সোমোৱা নাই ? দেনভাৰে কোৱাতহে গম পালো এতিয়া বিয়াৰ বিভিন্ন নিয়ম নীতি কৰাৰ পাছতহে ৰভাঘৰত সোমাব পৰা যাব । তেতিয়াহে মন কৰিলো বিয়ালৈ অহা কিছুমান মানুহে গাড়ীত নিজৰ নিজৰ কেম্পিং ছেয়াৰ লৈ আহি ৰভাৰ বাহিৰতে বহিবলৈ ধৰিছে। লাহে লাহে দেখোন মানুহ বোৰে এপদ দোপদকৈ খোৱা-বস্তু শীতল পানীয় বিয়েৰ আদি নিজৰ নিজৰ বাকচৰ পৰা উলিয়াই খোৱাত লাগিছে। লাহে লাহে অনুভৱ কৰিলো ঘৰত ইমান ৰাতিপুৱাই ব্ৰেকফাষ্ট কৰিব মন নকৰাত চাহ একাপ আৰু বিস্কুট দুখন খাই অহা পেটতোৰো অকনমান ভোক লগা যেন হৈছেগৈ। তাতে আকৌ বিয়া ঘৰ ১০ টাত পাই লগে লগে একপেট মাৰিম বুলিও ভাবি আহিছিলো, এতিয়াহে গম পালো বিয়াৰ আনুসংগিক নীতিনিয়ম নোহোৱালৈ খোৱা বোৱাতো বাদেই ৰভাঘৰতেই সোমাব নাপাম! বেলেগ দেশ, বেলেগ নিয়ম বুলি মনটো সান্তনা দিবলৈ ল'লো।

মনতো বেয়াই লাগি যাঁওতেই যেনিবা পাগামা আৰু নাটাচাই খোৱাবস্তুৰ বাকচ এটা উলিয়াই লৈ আহিল ।ইফালে ছিমাংগাইও তাৰ কুলাৰ বক্সৰ পৰা ক’ক আৰু বিয়েৰ বটল উলিয়ালে ।তেতিয়াহে ৰক্ষা। সিহতি কওতেহে গম পালো বিয়াৰ নিয়ম নীতি চলি থাকোতে বহুত দৰা কইনাৰ ঘৰত খোৱা বোৱা আগনবঢ়াই আৰু নিয়ম নীতি বিলাক ঠাই আৰু মানুহ লৈ লৈ দীঘল চুটি হয় ।

ইতিমধ্যে বিয়াৰ নীতি নিয়ম শেষ হঁওতে হঁওতে প্ৰায় ২ টাই বাজিলগৈ, তেতিয়াহে ৰভাঘৰলৈ দৰা কইনা সোমাই যোৱাৰ লগে লগে আমিবোৰো পিছে পিছে সোমাইগৈ আমাৰ কাৰণে নিৰ্দিষ্ট কৰি থোৱা আসনত বহিলোগৈ । এতিয়াহে গম পালো আচল বিয়া বাৰু হৈয়ে গ’ল মাত্ৰ আমাৰ ৰিচেপচনৰ দৰে কাৰবাৰহে বাকী আছেগৈ। ইতিমধ্যে আমি নিয়া উপহাৰবোৰ নিৰ্দিষ্ট বহী এখনত ৰেজিষ্টাৰ কৰি মানুহ এজনৰ হাতত গতাই দিলো । তাৰ পাছত ছাইমনৰ পৰিয়ালে সকলোকে সম্ভাষণ জনালে আৰু বিভিন্নজনে নিজৰ বক্তব্য ডাঙি ধৰিলে ।

একেবাৰে শেষত ছাইমন আৰু তাৰ পত্নীয়ে ভাষণ দিওঁতেহে গম পালো যে সিহঁতৰ লগে লগে ঘূৰি ফুৰা ছয় সাত বছৰীয়া ল'ৰা ছোৱালী হাল সিঁহতৰেই! মই আকৌ ইমান দেৰি আমাৰ বিয়া বিলাকত দৰা কইনাৰ লগত থকা ভাগিনিয়েক ভতিজাক আদি বুলিহে ভাবি আছিলো । বিয়াৰ আগতেই ল’ৰা ছোৱালী অকনমান আচৰিতও হ’লো তাৰ পাছত ভাবিলো লিভিং টুগেদাৰ চুগেদাৰ কৰি আছিল কিজানি ইমান দিন । এই বুলি সোধেতেহে ছিমাংগাই ক’লে যে আচলতে ছাইমনে সময়মতে ল’বলা ( ই’বলা নহয় আকৌ দেই ) দিব নোৱাৰাৰ কাৰণেহে তাঁহাতৰ বিয়াখন ইমান দিন হোৱা নাছিল!

মই আকৌ এই ল’বলাটোনো কি বস্তু সোধাত নাটাছাই টপৰাই মাত লগালে- "সেইযে তঁহতৰ দেশৰ ডাউৰি (যৌতুক) বুলি কয় তেনেকুৱাই বস্তু" । মই বোলো ডাউৰি চাউৰি মই ভাৰতৰ যিখন ঠাইৰ পৰা আহিছো তাত নাই দেই বুলি তাঁহাতক ক’লো। নিজৰ দেশখনৰ বেয়া শুনিলে এনেয়েও ভাল নালাগে দিয়কচোন!

যদিও অসমতে ২০১২ চনত যৌতুক জনিত কাৰণত ৪০০ ৰো ওপৰৰ হত্যা সংঘটিত হৈছে । যি কি নহওক ছাউথ আফ্ৰিকাতও যৌতুক জাতীয় বস্তু আছে বুলি শুনি অলপ আচৰিতেই হ’লো। কিন্তু ইহঁতে কোৱাতহে গম পালো আমাৰ যৌতুক আৰু ইহঁতৰ ল’বলা সম্পূৰ্ণ বেলেগ বস্তু । ল’বলা দিব লাগে লৰাই ছোৱালী মানে ছোৱালী ঘৰক । পৰম্পৰাগতভাৱে এই ল’বলা দিয়া হয় গোধনৰ (গৰু) হিচাবত । তাহানি দিনত আফ্ৰিকান সমাজখনত গোধনৰ হিচাবতে সমাজৰ প্ৰতিপত্তিশীলতা নিৰুপিত হৈছিল । ল’বলা দিব পৰাটোৰ ওপৰতে লৰাৰ মান মৰ্য্যদা নিৰুপিত হয়। লৰাই ল’বলা যোগাৰ কৰি প্ৰমাণ কৰেযে সি ছোৱালীজনীক বিয়া কৰাই ছোৱালীজনীক কষ্ট নিদিয়াকৈ এসাজ খোৱাবলৈ সক্ষম!

এই ল’বলা কিমান লোৱা হ’ব সেইটো ছোৱালী ঘৰে নিৰ্ধাৰণ কৰে, অৱশ্যে ল’বলা দিয়া আৰু লোৱাটো দৰা কইনা দুয়ো ঘৰ মানুহ একেলগে বহি আলোচনা বিলোচনাৰ মাজেৰে নিৰ্ধাৰণ কৰে । কেতিয়াবা বোলে এই আলোচনা কেইবা দিনলৈ চলে । আজি কালি বেছি ভাগ ক্ষেত্ৰতে ল’বলাত গোধনৰ সলনি তাৰ মূল্যটোহে দিয়া হয়। ল’বলা নিৰ্ধাৰণ হোৱাৰ পাছত দৰাই কইনা ঘৰত গৰু ,গাহৰি বা ছাগলী মাৰি ডাঙৰ ভোজ ভাতৰ যোগাৰ ধৰে । কোৱা বাহুল্য যে ল’বলাৰ নিৰ্ধাৰিত গোধন বা তাৰ মূল্য একেবাৰতে যে দিব লাগিব তাৰও কোনো মানে নাই, ইনষ্টলমেণ্টত দিলেও হয়! কিন্ত্ত ইনষ্টলমেণ্ট শেষ হোৱাৰ পাছতহে সামাজিক ভাৱে পতি পত্নী বুলি স্বীকৃতি দিয়ে!

আগৰ দিনত বোলে ল’বলা দিব নোৱাৰা জোঁৱায়েকে শহুৰেকৰ ঘৰত বছৰ বছৰ দিন গেবাৰী খাটি ল’বলা আদায় দিব লগা হৈছিল। মুঠতে এয়া আন এক পৰম্পৰা। যি কি নহওক ছাইমনেও এতিয়া সম্পূৰ্ণ ল’বলা দি উঠি এতিয়া লিজাক নিজৰ পত্নী কৰি ল’ব ওলাইছে। সকলোৰে ভাষণ শেষ হোৱাৰ পাছত সকলোৱে ছেম্পেইন খুলি দৰা কইনাৰ সুখী যুগ্ম জীৱন কামনা কৰিলে। তাৰ পাছত সকলোৰে কাৰণে যোগাৰ কৰা সুস্বাদ্যু ভোজ ভাতেৰে বিয়াৰ সেইটো পৰ্ব্বৰ সামৰণি পৰিলে ।

No comments:

Post a Comment