হাস্য ব্যংগৰে সত্যৰ সন্ধান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হাস্য ব্যংগৰে সত্যৰ সন্ধান

হাস্য ব্যংগৰে সত্যৰ সন্ধান

Share This
লোকেল গুজৱ.কম
১. "ৰাইজৰ পদূলিত দালালৰ চৰ্দাৰ" নামৰ আঁচনি শুভাৰম্ভ কৰিব বুলি ঘোষণা কৰিলে ৰসাল গগৈয়ে। এতিয়া নিৰ্বাচনী বৈতৰণীৰ কাষ চপাৰ লগে লগেই "ৰাইজ" প্ৰিয়তম শব্দ হৈ পৰাটো স্বাভাৱিক বুলিও তেখেতে প্ৰকাশ কৰিছে। দালাল সকলৰ দাবী-হুমকি-ভাগ বটোৱাৰা, কমিচন আদি শব্দৰ মাজত ইমান দিনে তেওঁক পৰুৱাই পোৱা অৱস্থা কৰা বুলিও তেখেতে স্পষ্ট কৰি দিছে! নিৰ্বাচন শব্দটোৱেহে নেতাক আচল পথ "ৰাইজৰ পদূলি"ৰ কথা মনত পেলাই দিব পাৰে বুলিও তেখেতে অনুভৱ ব্যক্ত কৰিছে।

২. নৰেনদাই গাদীত বহাৰ পাছত প্ৰথমটো পোনপটীয়া অন্তৰংগ আলাপৰ বাবে টিভিৰ চেনেলৰ গোট এটিক নিৰ্বাচন কৰি লোৱাৰ খবৰ আহিছে। মুকেশ আংকলে নতুনকৈ কিনা টিভি নেটৱৰ্কটোকে ইয়াৰ বাবেই নিৰ্বাচিত হৈছে। এতিয়া ইয়াৰ দ্বাৰা চেনেল কেইটাৰ প্ৰমোচনৰ বাবেহে এগৰাকী জনপ্ৰিয় নেতাক ব্যৱহাৰ কৰিছে বুলিও এচাম টুটকীয়া টুইট কৰিবলৈ আৰম্ভ কৰিছে। বেপাৰ ভালকৈ বুজা দুয়োপক্ষৰ পাৰস্পৰিক মিতিৰালিও এই অন্তৰংগ আলাপেই ৰাইজৰ মনত থকা শংকাক খোলোচা কৰি দিয়া বুলিও এচামে মত প্ৰকাশ কৰা দেখা গৈছে।

৩. "সদাকাইৰ জেল গমন" নামৰ নাটক এখন কলিকতা নাট্য মন্দিৰত মঞ্চস্থ হোৱা বুলি জানিব পৰা গৈছে। চিবিআই সাংস্কৃতিক কৰ্মী সংঘই এই নাটকৰ নায়ক ৰূপে অসমীয়া সংগীতশিল্পীক সুযোগ দিয়াৰ বাবেও অসমীয়া সাংস্কৃতিক দালাল সমাজে আন্তৰিক কৃতজ্ঞতা জনোৱাৰ গোপন খবৰ!

৪. জনস্বাৰ্থ জড়িত আবেদন কৰি দেশৰ ভৱিষ্যত উজ্বল কৰাটো হবি হ'লেই যে আপোনাৰ ভৱিষ্যতো নিকা বা উজ্জ্বল হব, সেয়া নিশ্চিত নহয় বুলি প্ৰকাশ কৰিছে জ্যোতিষী হিৰো ইয়ঙে। অসমীয়া পিআইএল সংস্থাৰ সভাপতিকো এতিয়া সাৰদা বিষাক্ত বিস্কুট কাণ্ডত সোধপোচ কৰাৰ পাছতে এই সূত্ৰ আৱিস্কাৰ কৰিবলৈ সক্ষম হোৱা বুলি জ্যোতিষীজনে আমাক সদৰী কৰিছে। "পিআইএল কৰিলেই ধোৱা তুলসীৰ পাত নহয়" ফঁকৰা যোজনাটোও অসমীয়া ভাষাই গ্ৰহণ কৰিব লাগে বুলিও তেখেতে পৰামৰ্শ আগবঢ়াইছে।

৫. নৰেন ককাইদেৱে আজি দিয়া সাক্ষাতকাৰটো আচলতে আমেৰিকাত ফু ফু কৰিবলৈ যোৱাৰ বাবে ভিছাৰ বাবে দিয়া সাক্ষাতকাৰহে বুলি গুজৱ ওলাইছে। আমেৰিকান ভিছা বিষয়া সকলে একেলগে বহি সাক্ষাতকাৰটো তন্নতন্নকৈ পৰীক্ষা কৰাৰ বতৰা পোৱাৰ পাছতে এই কথা নিশ্চিত কৰিছে টুইটাৰ কৰ্মৰত এগৰাকী টুটকীয়াই।

৬. লালটুপি বাহিনীয়ে এইবাৰ চিবিআইৰ বিৰুদ্ধে গোচৰ চলাবলৈ লোৱাৰ বাতৰিয়ে পালে সংবাদ শিৰোনামা। এয়া "দানৱৰ ওপৰত সৰু কলীয়া ভূত"ৰ হাস্য-ব্যংগ আক্ৰমণৰ অনুপম উদাহৰণ বুলিহে এগৰাকী অসমীয়া টুটকীয়াই মত প্ৰকাশ কৰিছে।

৭. অসমৰ পাঁচটা আচৰিত বস্তুৰ নাম লিখিবলৈ দিয়া চৰকাৰী নিযুক্তিৰ পৰীক্ষাত সৰ্বাধিক প্ৰাৰ্থীয়ে নহৰুল খাইলাম, বিদ্যুত নাই বৰদলৈ, গৌতম ধনসিঞ্চন ৰয়, খৰ্গকটা হুছেইন আৰু ৰসে চৌ চৌ গগৈৰ নাম লিখা বুলিও গোপন খবৰ প্ৰকাশ পাইছে।

৮. অসম হাতী পাৰ্টিক সংগ্ৰাহলয়ত ৰখাৰ বাবে সকলো পদক্ষেপ আগতীয়াকৈ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে অসম জাতীয়তাবাদী শিবিৰ ফেন ক্লাৱে। আৰু অলপ দিনৰ পাছত সংৰক্ষণ কৰিবলৈ মন মেলিলেও পাৰ্টিটোৰ অস্তিত্ব বিচাৰি পাবলৈ দিগদাৰ হব বুলি ক্লাৱে আঙুলিয়াই দি মিউজিয়াম বিভাগলৈ পত্ৰ প্ৰেৰণ কৰাৰ গোপন খবৰ।

৯. "সাৰদা কিং সেনগুপ্ত"ৰ উকীলে ধনোৰঞ্জনা সিঙ"ৰ পৰাও সেনগুপ্তৰ বিৰুদ্ধেই কেচ খেলিবৰ বাবে এক কোটিতকৈ অধিক টকা ফীজ লোৱাত এতিয়া উকীল সমাজৰ মাজত উত্তেজনা বৃদ্ধি পাইছে। এই ঘটনাক দুই মাছভৰ্তি নাৱত দুই ভৰিৰ অনুপম উদাহৰণ বুলিও সমাজ-সচেতন উকীল সন্থাই মত প্ৰকাশ কৰিছে।

১০. বিহু মেলাত গীত পৰিবেশনৰ বাবে বিশিষ্ট শিল্পী ডেইলী এনজয় গগৈয়ে পে'ৰলত ছুটি পাবনে নাপাব তাকে লৈ এতিয়া সাংবিধানিক সংকট সৃষ্টি হোৱা বুলি জানিব পৰা গৈছে। অসমৰ সংস্কৃতিৰ ৰক্ষক তথা সুদক্ষ দালাল গৰাকীৰ অনুপস্থিতিত নহ'লে বহু বতৰ সেৰ-সেৰীয়া হৈ পৰিব বুলিও তেখেতৰ উকীলে জনস্বাৰ্থ জড়িত শপতনামা কলিকতাত দাখিল কৰা বুলিও গোপন খবৰ আমালৈ আহিয়েই আছে।

No comments:

Post a Comment