পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰ
১. শিক্ষক দিৱস উপলক্ষে অইল ইণ্ডিয়া লিমিটেডে ঘোষণা কৰিছে "অইল শিক্ষা ৰত্ন পুৰস্কাৰ-২০১৪"ৰ বাবে নিৰ্বাচিত শিক্ষক সকলৰ নাম। নগদ এক লাখ টকা, স্মাৰক আৰু মানপত্ৰৰে এই বৰ্ষত অইলে এই বঁটা আগবঢ়াইছে মাকুমৰ পাৰ্থ সাৰথি দত্ত, শিলচৰৰ গনেশ সিনগা, পাটাছাৰকুছিৰ শিবেন্দ্ৰ কুমাৰ শৰ্মা, লখিমপুৰৰ মায়া সন্দিকৈ, দৰং কলেজৰ ডঃ পলাশমণি শইকীয়া আৰু ডিব্ৰুগড়ৰ ডঃ অতুকুদ্দিন আহমেদলৈ।

২. গুৱাহাটীস্থ হায়াট হাস্পতালত শিক্ষক দিৱস উপলক্ষে "গুৰু দক্ষিণা" শীৰ্ষক এক আঁচনি ঘোষণা কৰিছে। ৰাজ্যৰ চৰকাৰী/বেচৰকাৰী খণ্ডৰ সকলো শিক্ষকলৈ বহিঃবিভাগৰ চিকিৎসা মাছুল বিনামূলীয়া, পৰীক্ষা-নিৰীক্ষাত ৪০শতাংশ ৰেহাই আদিৰে বিশেষ সেৱা আগবঢ়োৱাৰ কথাও হাস্পতালখনে ঘোষণা কৰাৰ সুখবৰ।

৩. ৰাজ্য চৰকাৰৰ সমবায় বিভাগৰ অন্তৰ্গত ৰঙিয়াৰ মধুকুছি গাঁও পঞ্চায়ত সমবায় সমিতিয়ে চৰকাৰী সাহাৰ্য অবিহনেই ২০১৩-১৪ বৰ্ষত ৫০লাখ টকা লাভ অৰ্জন কৰাৰ সুখবৰ প্ৰকাশিত হৈছে। মুখ্যমন্ত্ৰীৰ প্ৰশংসা লাভ কৰা সমবায় সমিতিখনে ২.৫০লাখ টকাৰ এক পুৰস্কাৰো লাভ কৰিছে। ৪১৮৬ গৰাকীক অংশীদাৰীত্ব প্ৰদান কৰা সমবায় সমিতিখনে অচিৰেই নিজাকৈ ক্ৰেডিট বেংকো স্থাপন কৰিব বুলি জানিব পৰা গৈছে।

৪. অসমৰ ব্যক্তিগত খণ্ডৰ দ্বিতীয়খন বিশ্ববিদ্যালয় ডাউন টাউন বিশ্ববিদ্যালয়ৰ সমাবৰ্তনত অংশ ললে অসমৰ ৰাজ্যপাল জে.বি. পাটনায়ক আৰু আই আই টি গুৱাহাটীৰ প্ৰাক্তন সঞ্চালক ডঃ গৌতম বৰুৱাই। ২০১০ চনত স্থাপিত বিশ্ববিদ্যালয়খনত বৰ্তমান ৪৭টা কৰ্ছত প্ৰায় ৩৫০০ ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰি আছে।

৫. কামৰূপ একাডেমী উঃ মাঃ বিদ্যালয়ে একাডেমীৰ প্ৰাক্তন ছাত্ৰ সন্মিলনৰ উদ্যোগত কবি বিৰিঞ্চি কুমাৰ ভট্টাচাৰ্য সোঁৱৰণী আবৃত্তি প্ৰতিযোগিতাৰ আয়োজন কৰিছে। স্ব-নিবাৰ্চিত কবিতা আৰু বিৰিঞ্চি ভট্টৰ কবিতা আবৃত্তিৰ দুটাকৈ ভাগত প্ৰতিযোগিতাখনি অহা ১৩ছেপ্তেম্বৰত অনুষ্ঠিত হব।

৬. নলবাৰী জিলা প্ৰশাসনে জিলাখনৰ শিক্ষাৰ্থী সকলৰ বাবে বৃত্তিমুখী শিক্ষাৰ এক পৰামৰ্শদান কাৰ্যসূচী যোৱা ২৯আগষ্টত নলবাৰী নাট্য মন্দিৰত অনুষ্ঠিত কৰে। প্ৰশাসনিক পৰীক্ষা, মেডিকেল-ইঞ্জিনীয়াৰিঙৰ প্ৰৱেশ পৰীক্ষা, টে'ট পৰীক্ষাত সফলতা লাভৰ বিভিন্ন দিশ সমল ব্যক্তি সকলে দাঙি ধৰে। উক্ত কাৰ্যসূচীত জিলাখনৰ ৪০খন উচ্চতৰ মাধ্যমিক আৰু মহাবিদ্যালয়ৰ ৪০০গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে। জিলা প্ৰশাসনৰ এনে ইতিবাচক কাৰ্যক শৈক্ষিক মহলে যথেষ্ট প্ৰশংসা কৰিছে।

৭.  পাঠশালাৰ এটি শৈক্ষিক প্ৰতিষ্ঠান "আনন্দৰাম বৰুৱা একাডেমী"য়ে অসমৰ বিভিন্ন ঠাইৰ ১৫গৰাকী কৃতী শিক্ষকৰ বৰ্ণাঢ্য জীৱনক লৈ এখন জীৱনী সংকলন "শিক্ষক" আজি উন্মোচন কৰাৰ দিহা কৰিছে। ডঃ ৰণজিৎ ডেকা আৰু কিশোৰ কুমাৰ কলিতাই এই গ্ৰন্থখনি লিখি উলিয়াইছে। লগতে "আনন্দম" নামৰ বছেৰেকীয়া গৱেষণা পত্ৰিকাও আজিৰ অনুষ্ঠানতে উন্মোচিত হব।

৮. কালি নতুন দিল্লীত ভাৰতীয় বাণিজ্য ক্ষেত্ৰৰ অগ্ৰণী অনুষ্ঠান "ফিকি(FICCI)"য়ে আয়োজন কৰা ২০১৪বৰ্ষৰ বিশ্ব দক্ষ সন্মিলনত মুখ্য অতিথি ৰূপে অংশ লৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে উদ্যোগপতিক অসমৰ উদ্যোগ স্থাপন কৰিবলৈ আহ্বান জনোৱাৰ সুখবৰো পোৱা গৈছে।

৯. অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিয়ে ভ্ৰাম্যমাণ থিয়েটাৰৰ বলিষ্ঠ অভিনেতা তথা বেলশৰ নিবাসী জীৱেশ্বৰ ডেকাক কালি ২০১৪ বৰ্ষৰ ভৱেন বৰুৱা বঁটা প্ৰদান কৰে।

১০. অসমৰ ১০গৰাকী শিক্ষক ৰাষ্ট্ৰীয় কৃতী শিক্ষকৰ বঁটাৰ বাবে নিৰ্বাচিত হোৱাৰ সুখবৰ। আনহাতে মুঠ ২৭গৰাকী কৃতী শিক্ষকক ৰাজ্যিক বঁটাৰে আজি শিক্ষা বিভাগে গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত সন্মানিত কৰিছে।

No comments:

Post a Comment