পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. কাইলৈ মুক্তি লভিব লগীয়া ছবি "মেৰী কম"ক কৰমুক্ত ঘোষণা কৰিলে অসম চৰকাৰেও। দেশৰ গৌৰৱ এম চি মেৰী কমৰ জীৱন যুদ্ধক তুলি ধৰা ছবিখনক ইতিমধ্যে মহাৰাষ্ট্ৰ আৰু উত্তৰ প্ৰদেশ চৰকাৰেও কৰমুক্ত ঘোষণা কৰাৰ সুখবৰ।

২. গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ তথা বিজেপি দলৰ ৰাষ্ট্ৰীয় উপ-সভানেত্ৰী বিজয়া চক্ৰৱৰ্তীক ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষা ৰূপে নিযুক্তি দিয়াৰ সুখবৰ প্ৰকাশিত হৈছে। মমতা শৰ্মাৰ স্থলাভিষিক্ত হব লগা চক্ৰৱৰ্তীয়ে কেবিনেট মৰ্যদাও লাভ কৰিব।

৩. কেৰেলা ৰাজ্যৰ ৰাজ্যপাল ৰূপে কালি কেন্দ্ৰীয় চৰকাৰে নিযুক্তি প্ৰদান কৰিলে দেশৰ উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্য়ায়াধীশ পি সথাশিৱমক। বিভিন্ন ৰাজনৈতিক-অৰাজনৈতিক সংগঠনে শীৰ্ষ ন্যায়মূৰ্তিৰ পদবী শুৱনি কৰা লোকক এনে ৰাজনৈতিক নিযুক্ত প্ৰদানৰ বিষয়টোত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

৪. কাইলৈ শিক্ষক দিৱসৰ দিনা গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত ৰাজ্য চৰকাৰে কেন্দ্ৰীয়ভাৱে চৰকাৰী অনুষ্ঠানৰ আয়োজন কৰিছে। মাধ্যমিক বিদ্যালয়ৰ ১০গৰাকী আৰু প্ৰাথমিক বিদ্যালয়ৰ ১৭গৰাকীলৈ শিক্ষকৰ ৰাজ্যিক কৃতী শিক্ষকৰ ৰাজ্যিক বঁটা এই অনুষ্ঠানতে প্ৰদান কৰা হব বুলিও সুখবৰ পোৱা গৈছে।

৫. সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ ৮৮ সংখ্যক জন্ম দিৱস অহা ৭ছেপ্তেম্বৰৰ দিনা সোণাপুৰত সমন্বয় দিৱস দিৱস ৰূপে উদযাপনৰ আয়োজন চলিছে। উক্ত দিনা সাহিত্যিক অৰুণ শৰ্মাকে ধৰি উত্তৰ-পূৱৰ ৮৮গৰাকী ব্যক্তিৰ দ্বাৰা পতাকা উত্তোলনেৰে এই কাৰ্যসূচী আৰম্ভ কৰা হব। ৰাজ্যপাল, অসম সাহিত্য সভাৰ সভাপতি আদি সুধীজনে অংশ লব লগা এই কাৰ্যসূচীত সন্ধিয়ালৈ সাংস্কৃতিক কাৰ্যসূচীও আয়োজন কৰা হৈছে বুলি আয়োজকে প্ৰকাশ কৰিছে।

৬. কমলপুৰৰ বিজেপি দলৰ বিধায়ক যাদৱ ডেকাই সংবাদ মাধ্যমক দিলে সুখবৰ। ৰঙিয়াৰ দগাঁৱত প্ৰতিষ্ঠা হোৱা অসম তীখা প্ৰকল্পটো পুনৰ মুকলি কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰীয়ে এক পত্ৰযোগে  যোগাত্মক সঁহাৰি জনোৱা বুলি বিধায়কজনে সদৰী কৰিছে।

৭. ধিং মহাবিদ্যালয়ত অনুষ্ঠিত হয় "যুদ্ধোত্তৰ অসমীয়া উপন্য়াসত নাৰীবাদ" শীৰ্ষক এক ৰাজ্যিক পৰ্যায়ৰ আলোচনা চক্ৰ। উন্মোচন কৰিলে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন কলাগুৰু, ৰবীন্দ্ৰ নাথ ঠাকুৰৰ আসনৰ অধ্যাপক ডঃ উমেশ ডেকাই।

৮. ত্ৰিপুৰা চৰকাৰৰ জাননী পায়েই ৯২টা চীট ফাণ্ড কোম্পানীয়ে ৰাজ্যখনৰ পৰা পলায়ন কৰাৰ কথা প্ৰকাশ কৰিলে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীয়ে। চীট ফাণ্ড কোম্পানীবোৰৰ আশী একৰ ভূমি থকাৰ কথা প্ৰকাশ কৰি এই সম্পত্তি বিক্ৰী কৰি ৰাইজক অচিৰেই ধন ঘূৰাই দিয়া হব বিধান সভাক অৱগত কৰিলে মুখ্যমন্ত্ৰী মাণিক চৰকাৰে।

৯. তেজপুৰ ফটোগ্ৰাফী ক্লাৱে অহা জানুৱাৰী মাহত "পিক্স'মীট-২০১৫" শীৰ্ষক আলোকচিত্ৰ প্ৰদৰ্শনীৰ আয়োজন কৰিছে। শৰৎ আৰু শীতকালীন দশ্যাৱলীক বিষয়বস্তু হিচাবে লৈ এই প্ৰদৰ্শনীৰ আয়োজন  চলিছে।

১০. বৰপেটাৰ জনপ্ৰিয় যুৱ লেখক শ্বহিদুল ইছলামলৈ আগবঢ়োৱা হৈছে ২০১৩-১৪ বৰ্ষৰ শ্ৰেষ্ঠ যুৱ আদৰ্শৰ বঁটা। সৰ্বভাৰতীয় স্বেচ্ছাসেৱী সংগঠন নীডছৰ তৰফৰ পৰা আগবঢ়োৱা এই বঁটা মালিগাঁৱৰ হিতেশ্বৰ শইকীয়া প্ৰেক্ষাগৃহত ১ছেপ্তেম্বৰত হোৱা এক অনুষ্ঠানত প্ৰদান কৰা হয়।

No comments:

Post a Comment