পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ

১. অসম প্ৰকাশন পৰিষদৰ চলিত বৰ্ষৰ জীৱনজোৰা সাহিত্য সাধনা বঁটা আগবঢ়োৱা হৈছে বিশিষ্ট কবি-সমালোচক-সাহিত্যিক নীলমণি ফুকনলৈ। অহা ২৫ ডিচেম্বৰৰ পৰা ৫জানুৱাৰীলৈ গুৱাহাটীৰ চানমাৰিত অনুষ্ঠিত হব লগা গুৱাহাটী গ্ৰন্থমেলা আৰু সাহিত্য উসৱতে এই বঁটা প্ৰদান কৰা হব। কালি অসম প্ৰকাশন পৰিষদৰ সভাপতি তথা মন্ত্ৰী প্ৰদ্যুত বৰদলৈয়ে প্ৰকাশনটোৱে প্ৰকাশ কৰি উলিওৱা ৮খন গ্ৰন্থৰ লগতে ১৩খন পুনৰ মুদ্ৰিত গ্ৰন্থ উন্মোচন কৰাৰো সুখৰ খবৰ প্ৰকাশিত হৈছে।


২. ৰাজ্যৰ বিভিন্ন দল, সংগঠন তথা গুণমুগ্ধৰ উদ্যোগত কালি উদযাপিত হয় শিল্পী জয়ন্ত হাজৰিকাৰ জন্ম দিৱসটি। বিশিষ্ট সংগীতকাৰ ৰমেন চৌধুৰীলৈ আগবঢ়োৱা "জয়ন্ত হাজৰিকা বঁটা" এক অনুষ্ঠানত প্ৰদান কৰে মনীষা হাজৰিকাই।

৩. কালি মৰিগাঁও মহাবিদ্যালয়ত অনুষ্ঠিত "অসমৰ নৱজাগৰণৰ বাণী, অসমীয়া ভাষা আৰু জাতীয়তা" শীৰ্ষক, কলেজখনৰ প্ৰতিষ্ঠাপক অধ্যক্ষ গুৰুচৰণ মেধি ৰাষ্ট্ৰীয় পৰ্যায়ৰ স্মাৰক বক্তৃতা প্ৰদান কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰাক্তন মূৰব্বী অধ্যাপক ৰঞ্জিত কুমাৰ দেৱগোস্বামীয়ে। শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ কন্দৰ্প কুমাৰ ডেকাৰ সঞ্চালনাত হোৱা বাৰ্ষিক বক্তৃতানুষ্ঠানটিত এখনি স্মৃতিগ্ৰন্থও উন্মোচিত হয়।

৪. দেশৰ ৰাষ্ট্ৰপতিৰ পত্নী তথা প্ৰথম মহিলা শুভ্ৰা মুখাৰ্জীয়ে ৰচনা কৰা ""চোখেৰ আলোয়" শীৰ্ষক গ্ৰন্থখনিৰ সুস্মিতা মজুমদাৰে কৰা অসমীয়া অনুবাদ "চকুৰ পোহৰত" শীৰ্ষক গ্ৰন্থ কালি গুৱাহাটীৰ মাছখোৱাস্থ প্ৰাগজ্যোতি প্ৰেক্ষাগৃহত উন্মোচন কৰিলে অসমৰ ৰাজ্যপালে। এই গ্ৰন্থখন প্ৰয়াত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ জীৱনৰ ওপৰত ৰচিত বুলিও জানিব পৰা গৈছে।

৫. অসম আৰক্ষীৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান শংকৰ বৰুৱাৰ আত্মহননৰ ঘটনাত লৈ তদন্ত কৰিব অসম আৰক্ষীয়ে। সাংবাদিক দিব্যজ্যোতি হাজৰিকাই চিবিআইৰ তদন্তকাৰী দলৰ বিৰুদ্ধে এই ঘটনাত ভূমিকাৰ থকাৰ অভিযোগেৰে দাখিল কৰা দুটা গোচৰ অসম আৰক্ষীয়ে ৰুজু কৰিছে বুলিও বাতৰি প্ৰকাশিত হৈছে।

৬. কেন্দ্ৰীয় চৰকাৰে ৰে'লৱেৰ কনষ্ট্ৰাকচন, অপাৰেচন আৰু মেইনটেইনেন্স বিভাগক এশ শতাংশই বিদেশী বিনিয়োগৰ বাবে মুকলি কৰিবলৈ যোৱা ২২ আগষ্টত জাৰি কৰা জাননীত আপত্তি দৰ্শাইছে অল ইণ্ডিয়া ৰে'লৱে মেনছ ফেডাৰছনে। বিদেশীৰ হাতত ৰে'লৱেক গতাই দিয়াৰ ষড়যন্ত্ৰ তথা থলুৱা লোক সকলৰ স্বাৰ্থত আঘাত হনাৰ যি কোনো পদক্ষেপৰ বিৰুদ্ধে সংগঠনটোৱে ব্যাপক আন্দোলনৰ কাৰ্যসূচী লব বুলি সঁকীয়াই দিছে।

৭. ধীৰেনপাৰাৰ নাট্যগোষ্ঠী উইংছ থিয়েটাৰে আজি সন্ধিয়া গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত মঞ্চস্থ কৰিব বিশ্ব-বিশ্ৰুত মনিষী হেলেন আডামছ কেলাৰৰ জীৱনভিত্তিক নাট "হেলেন"। আত্মজীৱনী "দ্য ষ্ট'ৰী অব্ মাই লাইফ"ৰ নাট্যৰূপ দি পৰিচালনা কৰিছে তৰুণ অভিনেত্ৰী কিচম বানুৱে। নাটকখনৰ সংগীত ৰাজীৱ মেধি আৰু আলোকসজ্জ্বা শিৰোমণি ভূঞাৰ বুলিও জানিব পৰা গৈছে।

৮. এইবাৰ অসম চৰকাৰৰ পৰ্যটন উন্নয়ন নিগমে সংযোজন কৰিলে দুখনকৈ বিলাসী কাৰাভান। কালি দুখনকৈ বাতানুকূল, বিলাসী হোটেলৰ সকলো সুবিধা থকা কাৰাভানৰ সেৱাৰ শুভ উদ্বোধন কৰিলে অসমৰ মুখ্যমন্ত্ৰীয়ে। অসম বিকাশ যোজনা, নিয়োগ সৃষ্টি আঁচনিৰো চেক বিতৰণ কৰা হয় গুৱাহাটীৰ ৰুদ্ৰসিংহ ক্ৰীড়া প্ৰকল্প প্ৰাংগণত হোৱা এই অনুষ্ঠানতে ।

৯. উত্তৰ-পূৱলৈ থকা ৰে'লৱে ট্ৰেকৰ ব্যাপক মেৰামতিৰ কামৰ পৰিণতিত মালবাহী ৰে'লৰ চলাচল বিঘ্নিত হোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰে ম্যানমাৰৰ পৰা বাংলাদেশৰ আশুগঞ্জ পোতাশ্ৰয়েৰে চাউল আমদানি কৰি উত্তৰ-পূৱ ৰাজ্য সমূহৰ চাহিদা পূৰণ কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰাৰ বাতৰি পোৱা গৈছে।

১০. গুৱাহাটী চিকিসা মহাবিদ্যালয়ক অচিৰেই ছুপাৰ স্পেচিয়িলিটি পৰ্যায়লৈ উন্নীতকৰণ কৰা হব বুলি ঘোষণা কৰিলে স্বাস্থ্যমন্ত্ৰী ডাঃ নজৰুল ইছলামে। তেখেতে কালি মহাবিদ্যালয়খনৰ ৫৪ সংখ্যক প্ৰতিষ্ঠা দিৱসত অংশ লোৱাৰ সময়তে এই ঘোষণা কৰাৰ বাতৰিও প্ৰকাশিত হৈছে।

No comments:

Post a Comment