পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ

১. অসম সহ উত্তৰ-পূৱত পথ নিৰ্মাণ দ্ৰুত কৰি তোলাৰ লক্ষ্যৰে গুৱাহাটীত মুখ্য কাৰ্যালয় স্থাপনেৰে এটি নিগম গঠন কৰিব বুলি প্ৰকাশ কৰিলে কেন্দ্ৰীয় পৰিবহন মন্ত্ৰী নিতীন গাডাকাৰীয়ে। লগতে পশ্চিমবংগৰ হালদিয়াৰ পৰা ব্ৰহ্মপুত্ৰৰে জল পৰিবহন ব্যৱস্থা ২০১৫ চনতে শুভাৰম্ভ কৰিব বুলিও ঘোষণা কৰিছে। উত্তৰ-পূৱত ১০,১৪১ কিলোমিটাৰ পথ নিৰ্মাণৰ লক্ষ্য ধাৰ্য কৰি লোৱাৰ কথাও জানিব পৰা গৈছে।

২. কালি গুৱাহাটী প্ৰেছ ক্লাৱত কালি অনুষ্ঠিত হয় "লক্ষ্মীনাথ বেজবৰুৱাৰ সাংবাদিকতা" শীৰ্ষক এটি বক্তৃতানুষ্ঠানৰ। পৰেশ বৈশ্য ফাউণ্ডেচেনৰ উদ্যোগত আয়োজিত শিক্ষা সাংবাদিকতাৰ দিন নামৰ অনুষ্ঠানটিত এই বক্তৃতা প্ৰদান কৰে পদ্মশ্ৰীৰে সন্মানিত সাহিত্যিক সূৰ্য হাজৰিকাই।

৩. অসমীয়া ভাষাৰ লিপিক ইউনিকোডত এক পৃথক ভাষা ৰূপে স্বীকৃতি দিয়াৰ বাবে সেই নতুনকৈ প্ৰচেষ্টা চলাব অসম চৰকাৰে। এই সম্পূৰ্ণ প্ৰক্ৰিয়াটোৰ অধ্যয়ন কৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ বাবে বহলভিত্তিত এখন কমিটী গঠন কৰা হ'ব বুলি অসমৰ মুখ্যমন্ত্ৰীয়ে কালি ঘোষণা কৰিছে।

৪. কামৰূপ জিলাৰ বাইহাটা চাৰিআলি সাহিত্য সভাৰ উদ্যোগত এই বৰ্ষতো ১৮ অক্টোবৰত বিদ্যাৱতী দেৱী সোঁৱৰণী সাধু কোৱা প্ৰতিযোগিতা আৰু ১৯ অক্টোবৰত সদৌ অসম ভিত্তিক মহৰুম মফিজুদ্দিন আহমেদ সোঁৱৰণী প্ৰতিভা সন্ধানী প্ৰতিযোগিতাৰ অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে। ইয়াৰ পিছৰ পৰ্যায়ত মুকলি কবিতা প্ৰতিযোগিতা, চুটিগল্প প্ৰতিযোগিতা আদিও সাহিত্য সভাখনে আয়োজন কৰিব বুলি সুখবৰ প্ৰকাশ পাইছে।

৫. চাপৰত শেহতীয়াকৈ ৫ছেপ্তেম্বৰত আয়োজিত হ'ল বিশ্ব জনসংখ্যা দিৱসৰ অনুষ্ঠান। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, ধুবুৰীৰ উদ্যোগত এই দিৱসৰ সৈতে সংগতি ৰাখি আয়োজন কৰা বিশাল সজাগতা সভাত অঞ্চলটোৰ ডেৰশ আশা কৰ্মী, স্বাস্থ্য কৰ্মী, অংগনবাড়ী কৰ্মী আদিৰ লগতে ৰাইজে অংশ গ্ৰহণ কৰে। জনসংখ্যাৰ বিস্ফোৰণ ৰোধৰ বাবে পৰিয়াল পৰিকল্পনাৰ বিভিন্ন পদ্ধতিৰ কথা বাখ্যা কৰাৰ লগতে গৌৰীপুৰৰ বাপুজী ক্লাৱৰ এটা দলে এই বিষয়ত দেশী ভাষাত এখনি বাটৰ নাটো প্ৰদৰ্শন কৰে।

৬. গুৱাহাটীস্থ আঞ্চলিক পাৰপত্ৰৰ কাৰ্যালয়ত সৰ্বজনবিদিত দুৰ্নীতি-অনিয়ম ধন সংগ্ৰহৰ বিৰুদ্ধে চিবিআইৰ ওচৰত এজন নাগৰিকে কৰা অভিযোগৰ ভিত্তিত কালি এক তালাচীত হাতে-লোটে ধৰা পৰাৰ ফলত এগৰাকী মহিলা কৰ্মচাৰী গ্ৰেপ্তাৰ হোৱাৰ সুখবৰো প্ৰকাশ পাইছে।

৭. পেঞ্চন সম্পৰ্কীয় গোচৰ সমূহৰ দ্ৰুত নিষ্পত্তিকৰণৰ বাবে মুখ্যমন্ত্ৰীয়ে বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশ জাৰি কৰিছে। ৰাজ্যৰ প্ৰতিখন জিলাতে পেঞ্চন আদালত অনুষ্ঠিত কৰিবৰ বাবে আৰু প্ৰথম পৰ্যায়ত ১৮খন জিলাত এনে আদালত যোগে ৩৬৬৮টা গোচৰ নিস্পত্তিৰ ব্যৱস্থা লব বুলিও প্ৰকাশ পাইছে। নেচনেল পেঞ্চন স্কিম লাইট আঁচনিৰ জৰিয়তে অসংগঠিত ক্ষেত্ৰ (দিন মজুৰি, ৰিক্সাৱলা, কৃষি শ্ৰমিক আদি)ৰ লোক সকলে নুন্যতম এহেজাৰ টকা জমা কৰিলে, চৰকাৰেও সম পৰিমাণৰ ধন জমা কৰি এনে লোক সকলৰ বাবেও পেঞ্চনৰ বাবে কৰা ব্যৱস্থাৰ সুবিধা গ্ৰহণৰ বাবে ৰাইজক সজাগ কৰাৰ বাবেও আহ্বান জনায়।

৮. নৰ্থ লখিমপুৰ প্ৰেছ ক্লাৱৰ ৰূপালী জয়ন্তীৰ কাৰ্যসূচীৰ অংশ হিচাবে কালি "প্ৰত্যক্ষ সংযোগ" নামাকৰণেৰে এটি ব্যতিক্ৰমী কাৰ্যসূচীৰ শুভাৰম্ভ কৰাৰ সুখবৰ পোৱা গৈছে। এনে পদক্ষেপেৰে গাঁওবাসীৰ বিভিন্ন সমস্যাক প্ৰতিফলিত কৰিব পৰাকৈ সংবাদ মাধ্যমক ৰাইজক কাষ চপাই নিয়াৰ বাবে প্ৰচেষ্টা হাতত লোৱা হৈছে।

৯. দহ দিনীয়া ভ্ৰমণসূচীৰে এইবাৰ জাৰ্মানীলৈ যাব মুখ্যমন্ত্ৰী তৰুণ গগৈ। তেখেতে জাৰ্মানীত বিনিয়োগ, উদ্যোগ আৰু বাণিজ্য আদি বিষয়সমূহৰ ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰিব বুলি বাতৰি প্ৰকাশ পাইছে।

১০. অহা ২৪ ছেপ্তেম্বৰত মংগল গ্ৰহৰ কক্ষপথত প্ৰৱেশ কৰিব মংগলযানে। ইতিমধ্যে ২০১ নিযুত কিল'মিটাৰ এই মহাকাশযানখনে অতিক্ৰম কৰা বুলি প্ৰকাশ কৰিছে এই বিৰল সাফল্যৰ দাবীদাৰ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই প্ৰকাশ কৰিছে।

No comments:

Post a Comment