পলকতে সুখ-দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ-দুখৰ বতৰা

পলকতে সুখ-দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱৰ দিনটো ৰাষ্ট্ৰীয় দিৱস হিচাপে পালন কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে এক পৰিকল্পনা গ্ৰহণ কৰিছে। কালি কলিয়াপানীস্থ আউনীআটী সত্ৰত উপস্থিত হোৱাৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে এই সুখবৰ প্ৰকাশ কৰিছে।

২.  যান-বাহন আইন-১৯৮৮ত নতুন দফা সংযোগেৰে পথ দুৰ্ঘটনা ৰোধৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰয়াস কৰিছে । খচৰা বিধেয়কত আইন অমান্য কৰিলে পাঁচ লাখ টকা, গুৰুতৰ অপৰাধৰ দণ্ড সাত বছৰ পৰ্যন্ত কাৰাবাস, সুৰাপায়ী চালকৰ জৰিমনা ২৫হাজাৰ টকা, ৩মাহৰ কাৰাবাস আৰু ৬মাহৰ বাবে অনুজ্ঞা-পত্ৰ বাতিলৰ ব্যৱস্থা কৰা হৈছে বুলিও খবৰ ওলাইছে।

৩. চাৰিদিনীয়া ভ্ৰমণসূচীৰে ভিয়েটনামত উপস্থিত হৈছেগৈ ভাৰতৰ ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী। দুয়োখন দেশৰ মাজত তৈল খনন, বিমান পৰিবহণ আদি কেইবাটাও বিষয়ত সহযোগিতা বৃদ্ধিৰ বাবে তেখেতে আলোচনাত অংশ লব।

৪. মাজুলী মহাবিদ্যালয়ত অনুষ্ঠিত হব "কেম্পাছ ইণ্টাৰভিউ"। মহাবিদ্যালয়খনে গ্ৰহণ কৰা প্ৰশংসনীয় উদ্যোগলৈ সঁহাৰি জনাই পোনপটীয়া নিযুক্তিৰ বাবে শিৱসাগৰৰ মহিন্দ্ৰা কোম্পানীৰ ৰামনাৰায়ণ শিউপ্ৰসাদ নামৰ ডীলাৰে কলেজখনত লিখিত পৰীক্ষা, গোটভিত্তিক আলোচনা আৰু মৌখিক সাক্ষাতকাৰ অনুষ্ঠিত কৰি "ফিল্ড চেলচ এক্সিকিউটিভ" পদ পূৰণৰ বাবে ব্যৱস্থা কৰিব বুলি জানিব পৰা গৈছে। অহা ২৮ ছেপ্তেম্বৰত কলেজ প্ৰাংগণতে এই নিযুক্তি প্ৰক্ৰিয়া অনুষ্ঠিত হব।

৫. শিৱসাগৰৰ এটি চাৰি বছৰীয়া শিশুৱে কুৱালামপুৰত অনুষ্ঠিত মালয়েচিয়ান আন্তঃৰাষ্ট্ৰীয় যোগ প্ৰতিযোগিতাত সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হোৱাৰ বাতৰি প্ৰকাশ পাইছে। দিখৌমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শৰীৰ নিৰ্দেশক শৰত মোহন নেওগৰ কনমানি পু্ত্ৰ সংস্কাৰ নেওগে এই কৃৰ্তিত্ব অৰ্জন কৰিছে। ইয়াৰ আগতেও ৰাষ্ট্ৰীয় পৰ্যায়ৰ যোগাসন প্ৰতিযোগিতাত শিশুটিয়ে হাৰিয়ানা আৰু চণ্ডিগড়তো পদক অৰ্জন কৰি সুখ্যাতি কঢ়িয়াই আনিছিল।

৬. গুৱাহাটীৰ নেডফি হাউচত অনুষ্ঠিত এক উন্মোচনী সভাত "অসম ১৯৪৫-২০০০" শীৰ্ষক বুৰঞ্জীমূলক পাঁচটা খণ্ডৰ গ্ৰন্থ সংকলন কালি উন্মোচন কৰিলে সু-সাহিত্যিক ডঃ নগেন শইকীয়াদেৱে। নন্দ তালুকদাৰ ফাউণ্ডেচনৰ উদ্যোগত আৰু সাংবাদিক মৃনাল তালুকদাৰৰ নেতৃত্বতে এই গ্ৰন্থখন অসমৰ সাম্প্ৰতিক সময়ৰ দলিলৰূপে প্ৰকাশ পাইছে।

৭. জাপানত অনুষ্ঠিত হব লগা এচিয়ান মাষ্টাৰ্ছ এথলেটিকচত ভাগ লবলৈ লবলৈ অসমৰ পৰা মৰাণৰ জয়া টায়ে ৭৫ বছৰৰ উৰ্ধৰ শাখাত শ্বটপুট, ডিছকাছ আৰু জেভলিন থ্ৰ'ত, ইন্দ্ৰেশ্ব দিহিঙীয়াই ৮৫বছৰ উৰ্ধৰ শাখাত এশ, দুশ আৰু চাৰিশ মিটাৰ দৌৰত আৰু ৬৫ বছৰৰ উৰ্ধৰ শাখাত অঞ্জলি চেতিয়াই শ্বটপুট আৰু ডিছকাছ থ্ৰ'ট ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিব। প্ৰবীণ এছিয়াড ৰূপে পৰিচিত প্ৰতিযোগিতাখনলৈ তত্বাৱধায়ক ৰূপে যোৱা অনুপ দিহিঙীয়াসহ অসমীয়াৰ দলটো আজি বাংগালুৰুলৈ ৰাষ্ট্ৰীয় দলৰ সৈতে যোগ দিবলৈ ৰাওনা হৈছে। পিছে পাছপৰ্টৰ অসুবিধাৰ বাবে ৯ গৰাকী অসমীয়া খেলুৱৈয়ে এই প্ৰতিযোগিতালৈ যাব নোৱাৰিলে বুলিও জানিব পৰা গৈছে।

৮. নগাঁৱত অসমীয়া সাহিত্য সন্মিলনীয়ে অসমৰ আন্তঃৰাজ্যিক সীমা সমস্যাৰ ওপৰত অনুষ্ঠিত কৰিলে এখনি নাগৰিক অভিবৰ্তন। নগাঁৱৰ লায়ন্স ক্লাৱত সন্মিলনীৰ বিশিষ্ট সন্মানীয় সদস্য ডঃ খৰ্গেশ্বৰ ভূঞা, কাৰ্যকৰী সভাপতি ডঃ দিলীপ বৰা আৰু অসম সত্ৰ মহাসভাৰ প্ৰধান সম্পাদক জীৱেশ্বৰ দেৱগোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত এই অভিবৰ্তনে সমূহ ৰাজনৈতিক দলকে এই বিষয়টোত স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনায়।

৯. অহা সপ্তাহত আমেৰিকা ভ্ৰমণলৈ যাব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। তেখেতে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ সভাতো অংশ গ্ৰহণ কৰিব আৰু সেই মঞ্চতো ৰাষ্ট্ৰীয়তাবাদী ভাবমূৰ্তি প্ৰদৰ্শনৰ হেতু হিন্দী ভাষাতে ভাষণ প্ৰদান কৰিব বুলিও বাতৰি প্ৰকাশ পাইছে।

১০. কালি গুৱাহাটী প্ৰেছ ক্লাৱত উন্মোচিত হ'ল দামোদৰ শৰ্মাৰ "অনুভৱৰ এটি ক্ষণ" শীৰ্ষক গ্ৰন্থখনি। ৰহস্য প্ৰকাশনে প্ৰকাশ কৰি উলিওয়া গ্ৰন্থখনি গুৱাহাটী প্ৰেছ ক্লাৱত হোৱা এক অনুষ্ঠানত উন্মোচন কৰিলে সাহিত্যিক ডঃ গোবিন্দ প্ৰসাদ শৰ্মাই!

No comments:

Post a Comment