হাস্য ব্যংগৰে সত্যৰ সন্ধান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হাস্য ব্যংগৰে সত্যৰ সন্ধান

হাস্য ব্যংগৰে সত্যৰ সন্ধান

Share This
টুটকীয়া টুইটাৰত ৰাষ্ট্ৰীয় গুজৱ
১. "দ্য হাইৱে ভেছ" নামৰ চুটি ছবিখনে আন্তৰ্জাতিক চলচ্চিত্ৰ মহোতসৱ, হাৰিয়ানাত  প্ৰশংসিত হৈছে বুলি জানিব পৰা গৈছে। হাৰিয়ানাৰ দ্ৰুতগামী হাইৱেত মহৰ জাকৰ মাজে মাজে বিলাসী গাড়ী চলোৱাৰ মজা লোৱা এজাক ডেকা-গাভৰুৰ আনন্দময় যাত্ৰাক এই  চুটি ছবিখনে তুলি ধৰিছে বুলি জানিব পৰা গৈছে। মহিলা আৰু বয়োজ্যেষ্ঠা মহ সকলে চৰকাৰৰ বৃদ্ধ পেঞ্চনৰ হাজাৰ টকীয়া  "গোলাপী নোট" চোবাইহে ভাল পায় বুলি ছবিখনৰ পৰিচালকে প্ৰকাশ কৰিছে।

২. কাইলৈ নৰেন কাইৰ জন্মদিন উপলক্ষে দেশৰ আটাইতকৈ বেছি স্থানত কেক কাটিং কাৰ্যসূচীৰে অভিলেখ হোৱাৰ সম্ভাৱনা আছে বুলি জ্যোতিষী হিৰো ইয়ঙে প্ৰকাশ কৰিছে। এইবাৰ এই জাপানী কেক কটা হবনে চাইনীজ কেক, তাকে লৈও ককাইদেউৰ টুইটলৈ সকলোৱে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছে বুলিও জানিব পৰা গৈছে। ভক্তগণৰ মাজত জন্মদিনত চাইনা নিৰ্মিত মুখা বিতৰণ কাৰ্যসূচীও পালিত হব বুলিও ফেনক্লাৱৰ ফালৰ পৰা সম্ভাৱনা প্ৰকাশ পাইছে।

৩. আজি প্ৰকাশ পোৱা উপনিৰ্বাচনত হাতোৰা কংৰ্গ্ৰেছে অনাকাংখিত সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। এই আনন্দৰ মুহূৰ্তত অন্তত কিবা এষাৰ কবলৈ মুখ মেলিবলৈকো গুণমুগ্ধ সকলে মনেমনে সিঙ চাৰলৈ আহ্বান জনাইছে।

৪. ছোৱালীৰ সৈতে বেয়া ব্যৱহাৰ কৰাৰ বাবে একুৰি ট্ৰেইনী ন্যায়াধীশক নিলম্বন কৰিছে এলাহাবাদ হাইকৰ্টে। বাতৰিটো পোৱাৰ পাছতে এতিয়া যি মূলা বাঢ়িছে দুপাততে চিন বুলি টুটকীয়াই টুইট কৰিবলৈ আৰম্ভ কৰিছে।  এনেকুৱা চৰিত্ৰৰ ন্যায়াধীশ হোৱাতকৈ নোহোৱাই ভাল বুলিও বহুতে মতামত প্ৰকাশ কৰাৰ লগতে ৰসসনা টুইটৰ জোৱাৰ উঠিছে।

৫. উত্তাল প্ৰদেশত যোগী আদিত্যদাৰ "লাভ জিহাদ" চিনেমাখন বৈদ্য ফ্লপ হোৱাৰ খবৰ পোৱা গৈছে। লাভ জিহাদ চিনেমাৰ উপনিৰ্বাচনত ভোটৰ তামাম আমদানিৰ সপোন দেখা যোগী চাহাবে এতিয়া মুখ লুকুৱাবলৈ হিমালয়লৈ যাবগৈ নেকি বুলিও এজাক গুণমুগ্ধই সন্দেহ প্ৰকাশ কৰিছে।
৬. আজিৰ উপনিৰ্বাচনত বিফলতাৰ পাছত খোদ পদুম পাৰ্টিলৈকে যে ভাল দিন অহা নাই সেই কথা প্ৰমাণিত হোৱা বুলি দাবী কৰিছে বিৰোধী দলে। নিজৰে ভাল দিন নহালৈ চাই, আনৰ কি ভাল দিন আনিব বুলিও টুটকীয়াই টুইট কৰা প্ৰত্যক্ষ কৰিবলৈ পোৱা গৈছে। নৰেন কাইৰ ধুমুহা জাকৰ প্ৰকোপ একেবাৰে শাম কটা বুলিও এচাম লোকে মত প্ৰকাশ কৰিছে।

৭. ভাৰত বিৰোধী স্থিতিৰে কাশ্মীৰ কঁপাই থকা গিলানী বৰদেউতা বানপানীত ফচি থকাৰ পৰা ভাৰতীয় আৰ্মীয়ে কোলাত তুলি লৈ লৈ অহাৰ ফটোৱে টুইটাৰত কঁপনি তুলিছে। বৰদেউতাক কোলাত তুলি সিপাৰত থৈ আহিলেহে ভাল হব বুলিও এচাম লোকে মত প্ৰকাশ কৰিছে। এইপাৰে বুঢ়া বয়সত ৰাজনীতিৰ বোকা খেলি থকাতকৈ সিপাৰে বহি বিৰিয়ানি খাই আনন্দ লৈ অৱসৰ কৰাৰ বাবেও বহুতো লোকেই তেখেতলৈ টুইটাৰ যোগে পৰামৰ্শ আগবঢ়াইছে।

৮. আজি দিগবিদিক সিঙ পশ্চিমীয়া পাহাৰৰ সুন্দৰতা প্ৰকাশ কৰি ফটো টুইট কৰিছে। তেখেতৰ ৰোমাণ্টিকতালৈ চাই পাহাৰৰ নিৰ্জনতাত কোনো মহিলা সাংবাদিকৰ সান্নিধ্য লাভ কৰি থকা বুলিও জ্যোতিষ হিৰো ইয়ঙে সচেতন সমাজৰ আগলৈ আঙুলিয়াই দিয়াৰ খবৰ আহিছে।

৯. অগৰুদ্দিন হোজাইমাল চাহাবৰ পুত্ৰৰ সফলতাত সদৌ অসম ৰাজনৈতিক পুত্ৰ কল্যাণ সংস্থাই আনন্দ প্ৰকাশ কৰিছে। গোৱালা ছাৰৰ ল'ৰা, অগৰুদ্দিন চাহাবৰ ল'ৰা সকলোকে সুস্থ গণতান্ত্ৰিক পৰম্পৰাৰ দীক্ষাৰে দীক্ষিত কৰি পৰিয়ালতন্ত্ৰক আগুৱাই নিবলৈ আশীষবাণী এক সম্বৰ্ধনা সভাত খোদ ৰসাল গগৈ ছাৰে প্ৰদান কৰিব বুলিও গুজৱ ওলাইছে।

১০. মমতা দিদিয়ে বোকা কৰি পেলোৱা পশ্চিমবংগত প্ৰথমবাৰ পদুম ফুলিল বুলি খবৰ আহিছে। পদুমময় হোৱাৰ পৰা বাচিবলৈ দিদিক বোকা খচা বন্ধ কৰিবলৈকো নিখিল ভাৰত বংগ বচাও নাগৰিক সন্থাই টুইটাৰ যোগে আহ্বান জনাইছে। নিকা প্ৰশাসন চলাই ক'তো বোকাৰ অস্তিত্ব নথকা কৰিলেহে এই জাতৰ ফুলে ছানি ধৰাৰ পৰা ৰাজ্যখন বাচিব পাৰিব বুলি সন্থাই সাৱধানবাণী প্ৰকট কৰাৰ খবৰ আমালৈ আহি আছে।

No comments:

Post a Comment