লোকেল গুজৱ.কম - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

লোকেল গুজৱ.কম

লোকেল গুজৱ.কম

Share This
(হাস্য ব্যংগৰে সত্যৰ সন্ধান)

১. দেশৰ টকাৰ মূল্য তললৈ সৰি পৰাৰ বাবে বিদেশী শক্তিক জগৰীয়া কৰিলে চিধা-আৰাম্বৰম চাহাবে৷ তেখেতে কয় ইয়াৰ বাবে নিউটনৰ মধ্যকৰ্ষণৰ সূত্ৰই দায়ী, আপেল সৰাদি সৰিবই টকাও!

এইটো সপোনো ৰাজীৱ চাৰেই কোনোবা এটা বেয়া ৰাতি দেখি যোৱা বুলি তেখেতে সন্দেহ প্ৰকাশ কৰে!


২. পৃথক ৰাজ্যৰ বিবেচনা নকৰে যদি দিল্লী ফুৰিবলৈ নাযায় অসমৰ প্ৰতিবাদী! অসমতে জুই চাই ফুৱাই থাকিয়েই ভাল লাগে বুলি কৰিলে প্ৰকাশ৷

৩. মাজুলীত চিকিৎসক অবিহনে চিকিৎসালয় চলাই অভিলেখ গঢ়িলে স্বাস্থ্য বিভাগে৷ বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা এই নিদৰ্শনৰ বাবে আন্তঃৰাষ্ট্ৰীয় বঁটাৰ বাবে পালে মনোনয়ন৷

৪. দিল্লীৰ পৰা আহিল গগৈপন্থী, দিল্লী পালেগৈ বিশ্ব শৰ্মা৷ বিসম্বাদেই উত্তৰ পূৱৰ বিমান সেৱাৰ ক্ষেত্ৰলৈ যথেষ্ট আৰ্থিক উন্নতি সাধিছে বুলি এয়াৰপৰ্ট অথৰিটীয়ে প্ৰকাশ কৰিলে তথ্য৷

৫. মনোৰমা ইয়েৰ বুকত নাই অসমৰ কোনো মুক্তিযোদ্ধাৰ নাম৷ কলিকতাৰ আগত ভাৰত নাই বুলি কৰা ধাৰণাৰ বাবেই এইদৰে ছপা কৰা বুলি প্ৰকাশ কৰিলে মনোৰমাৰ প্ৰকাশকে!

৬. তিনি কুৰি চোৰ ডকাইতক মহানগৰ আৰক্ষীয়ে ল’লে জিম্মাত৷ দিছপুৰৰ লগত উঠা বহা কৰা ডাঙৰ ডকাইত সকলেও এইবাৰ খুচুৰা ব্যৱসায়তো মনোনিবেশ কৰিব বুলি কৰিলে তথ্য প্ৰকাশ৷

৭. শিক্ষক দিৱসত ভিক্ষা মাগিব ভেন্সাৰ স্কুল শিক্ষক সংস্থাই৷ শিক্ষা বিভাগক লাজ, কাণ্ড-জ্ঞান দিয়াৰ বাবে লগতে কৰিব অখণ্ড পালনামো৷ তাৰ বিপৰীতে লিখা-পঢ়া মন্ত্ৰী দিল্লীত পইচা খুচুৰা কৰিবলৈ যোৱাৰ খবৰ!

৮. এইবাৰ এচএমএচ যোগে আৰম্ভ হ’ল ধনদাবীৰ খেল৷ অনলাইন ট্ৰেন্সফাৰ নকৰিলে জান লোৱাৰ দিয়ে ভাবুকি৷ এইবাৰ হাই-টেক সন্ত্ৰাসবাদীৰ কৱলৰ পৰা বচাবলৈ অসমত এচএমএচ সেৱা বন্ধ কৰাৰ বাবে দাবী তুলিলে বিতুষ্ট নাগৰিক সমিতিয়ে৷

৯. সস্তাতে দি থকা হৈছে খাদ্য নিৰাপত্তা আঁচনিৰ ফৰ্ম৷ দহ পাঁচ টকাতে ইয়াক উপলদ্ধ কৰাৰ বাবে কম-বেছি পাৰ্টিৰ সেৱক সকললৈ দুখীয়া ৰাইজ সন্থাৰ কৃতজ্ঞতা৷ তাৰ বিপৰীতে বিপিএলৰ ফৰ্মৰ দাম ধেমাজিত হাজাৰ টকা ধাৰ্য কৰাক লৈ এই মূল্যবৃদ্ধি ৰোধৰ বাবে দিলে স্মাৰক পত্ৰ৷

১০. সমষ্টিলৈ নাহে, মাত্ৰ টিভিতহে আহে৷ নৱজিত সিঙ সিদ্ধুলৈ সমষ্টিবাসীয়ে কৰিলে "হেৰুৱা বুলি পোষ্টাৰিং", সিদ্ধুৰ খবৰ দিলে ২লাখ টকাৰ পুৰস্কাৰ৷ তাকে শুনি মুম্বাইত কালাৰ্চ চেনেলৰ সমুখত নাগৰিক চোৰাংচোৱাৰ ভয়ংকৰ ভিৰ হোৱাৰ খবৰ!

No comments:

Post a Comment