পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
১. ভাৰতৰ ফুড প্ৰচেছিং খণ্ডক আন্তঃগাঁথনিৰে আগুৱাই নিবলৈ কেন্দ্ৰীয় চৰকাৰে চলিত পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়ছোৱাতে স্থাপন কৰিব ১২খনকৈ মেগা ফুড পাৰ্কঃ প্ৰত্যক্ষ বা পৰোক্ষ ভাৱে ই চল্লিশ হাজাৰ চাকৰিৰ সৃষ্টি কৰিব বুলিও কৰিছে আশা প্ৰকাশ ৷
২. নতুন নতুন দেশত জনপ্ৰিয় হৈছে ৰেড ৰাইচ, অসমৰ বাওধানে আদৰ পাইছে বিদেশতঃ ৰপ্তানিৰ বাবে বজাৰ সৃষ্টিৰ সুখবৰে হাঁহি বিৰিঙাব পাৰিব বানাক্ৰান্ত অসমীয়াক ৷

৩. সচেতন নাগৰিক মঞ্চৰ প্ৰচেষ্টাৰ ফলঃ গুৱাহাটীত মহানগৰ আৰক্ষীৰ হাতত কৰায়ত্ত হ’ল কণী ছিণ্ডিকেটৰ পাঁচজন নায়ক৷

৪. উত্তৰ পূৱৰ বাণিজ্যিক তথা অৰ্থনৈতিক ক্ষেত্ৰক উজলাই তুলিবলৈ গুৱাহাটীৰ আগষ্ট মাহৰ পৰাই প্ৰকাশ পাব "বিজেনেচ পজিটিভ" নামৰ মাহেকীয়া ইংৰাজী আলোচনীঃ প্ৰকাশক স্বস্তিকা গ্ৰুপ৷

৫. কমাৰগাঁৱৰ সোণোৱাল গাঁৱৰ নিবাসী ৰাষ্ট্ৰপতিৰ সাহসিকতাৰ বঁটা প্ৰাপ্ত তথা আৰ্থিক ভাৱে দুৰ্বল ছাত্ৰী কল্পনা সোনোৱালক উচ্চতৰ মাধ্যমিকৰ সকলো কিতাপ প্ৰদান কৰিলে কমাৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাই৷

৬. লখৰাত আৰম্ভ হ’ল স্বাধীনতা কাপ ফুটবলঃ লখৰাৰ উদয়ন কৃষ্টি সংঘৰ উদ্যোগত আৰম্ভ হোৱা টুৰ্নামেণ্টখনৰ উদ্বোধন কৰে যুটীয়া ক্ৰীড়া সঞ্চালক প্ৰদীপ হাজৰিকাই৷

৭. নগাঁও জিলা সাহিত্য সন্মিলনীয়ে উদযাপন কৰিলে ডঃ ভবেন্দ্ৰ নাথ শইকীয়াৰ দশম মৃত্যুবিৰ্ষিকীঃ এজন মহান অসমীয়াৰ স্মৃতিত যাচিলে শ্ৰদ্ধাঞ্জলি৷

৮. বেডমিণ্টনলৈ গ্লেমাৰ আনিবলৈ ভাৰতীয় বেডমিণ্টন সংস্থাই আয়োজন কৰা ইণ্ডিয়ান বেডমিণ্টন লীগৰ আজি হব শুভাৰম্ভ নতুন দিল্লীতঃ চূড়ান্ত খেল হব ৩১ আগষ্টত৷

৯. "আশা কিৰণ" আঁচনি আৰম্ভ কৰিলে স্বাস্থ্য বিভাগেঃ কৰ্মৰত অৱস্থাত মৃত্যু হোৱা ৯১গৰাকী আশা কৰ্মীৰ পৰিয়াললৈ ১লাখ টকাকৈ সাহাৰ্য, কৰ্মৰত আশা কৰ্মীলৈ দিলে মোবাইল ফোন৷

১০. অৰ্জুন বঁটাৰ বাবে মনোনয়ন পালে বিৰাট কোহলি, পি ভি সিন্ধুৱেঃ শ্বুটাৰ ৰঞ্জন সোধীলৈ ক্ৰীড়া ক্ষেত্ৰৰ সৰ্বোচ সন্মান ৰাজীৱ গান্ধী খেল ৰত্নৰ মনোনয়ন৷

১১. মমতা বেনাৰ্জীৰ কঠোৰ স্থিতিত দাৰ্জিলিং বন্ধ প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হ’ল গোৰ্খা জনমুক্তি মৰ্চাইঃ পশ্চিংবংগৰ পুনৰ বিভাজন সম্ভৱ নহয় বুলি সকিয়াই দিয়া  মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ২১৪গৰাকী নেতাক আটক কৰি ৰাখিছে বংগ প্ৰশাসনে৷

১২. বিএছএনএলৱে ২০১৫চনৰ ভিতৰত প্ৰস্তুত কৰি উলিয়াব কেৱল সেনা বাহিনীয়ে ব্যৱহাৰ কৰিব পৰা বিশেষ নেটৱৰ্কঃ প্ৰতিৰক্ষা নেটৱৰ্ক প্ৰকল্পৰ বাবে কেবিনেট কমিটিয়ে ইতিমধ্যে অনুমোদন দিছে ১৩হাজাৰ কোটি টকা৷

১৩. টাটাই ব্ৰিটেইনত জাগুৱাৰ লেণ্ড ৰ’ভাৰৰ কাৰখানা সম্প্ৰসাৰণৰ বাবে হাতত লৈছে পৰিকল্পনাঃ সৃষ্টি হব ১০০০জনৰ চাকৰি৷

১৪. স্বায়ত্ত শাসিত অঞ্চলৰ উন্নয়নক লৈ উদ্বিগ্ন কেন্দ্ৰ, প্ৰয়োজন হ’লে পৰিষদ সমূহলৈ দিব অধিক ক্ষমতাঃ পৃথক ৰাজ্যৰ দাবীক লৈ আলোচনাৰ বাবে কেন্দ্ৰ সাজু বুলি ঘোষণা কৰি মুখ্যমন্ত্ৰীয়ে দিলে আন্দোলন প্ৰত্যাহাৰৰ আহ্বান৷

১৫. তেজপুৰত মধ্যাহ্ন ভোজন আঁচনিক লৈ ব্যাপক তৎপৰতা, ২০০ বিদ্যালয় প্ৰধানক লৈ শিক্ষা বিভাগে অনুষ্ঠিত কৰিলে কৰ্মশালাঃ স্কুল-মাতৃৰ দ্বাৰা ভোজন পৰীক্ষণৰ পাছতহে  ছাত্ৰ-ছাত্ৰীক খাদ্য দিবলৈ জাৰী কৰিলে নিৰ্দেশনা৷

১৬. নাজিৰাত অ’এনজিচিৰ পাইপ চুৰ কৰিবলৈ যোৱা সাতজন চোৰ কৰায়ত্তঃ নিৰাপত্তাকৰ্মী জড়িত থকাৰো সন্দেহ প্ৰকাশ৷

১৭. বিভিন্ন পাচলিৰ খেতিৰে কম মাটিতে স্বাৱলম্বনৰ অৰ্জন কৰি দেখুৱালে ভেৰগাঁৱৰ বাবুলালেঃ কৃষি বিভাগৰ আশীষ পালে আৰু অধিক উৎপাদন কৰিব পৰাৰ প্ৰকাশ কৰিলে আশা৷

১৮. ইৰছাট জাহান হত্যাকাণ্ড গোচৰত উচ্চতম ন্যায়ালয়ে ৰেহাই নিদিলে আইপিএছ বিষয়াকঃ অৱশেষত অভিযুক্ত বিষয়া পাণ্ডেই কৰিলে আত্ম-সমৰ্পন৷

১৯. ইন্দিৰা আৱাস যোজনাত কেলেংকাৰীৰ অভিযোগত অৱশেষত নিলম্বিত হ’ল ডিব্ৰুগড়ৰ দুজন কনিষ্ঠ অভিযন্তা ৷

২০. অহা ১১ অক্টোবৰত অমিতাভ বচ্চনৰ ৭১তম জন্মদিনত মুক্তি পাব "শ্বোলে"ৰ ত্ৰি-মাত্ৰিক সংস্কৰণে ৷

1 comment:

  1. Visit: www.northeastpost.in and join the movement to promote North East India to the World

    ReplyDelete