পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
সুখৰ খবৰঃ
১. ভেৰগাঁও মহকুমাত লটাছ ফাইন আৰ্টছৰ প্ৰশংসনীয় উদ্যেগঃ স্বাৱলম্বনৰ পথৰ সন্ধানত ১৫০গৰাকী প্ৰশিক্ষাৰ্থীয়ে কৰিলে পুতলা বনোৱা কৰ্মশালাত অংশগ্ৰহণ৷
নটসূৰ্যলৈ নৱ-প্ৰজন্মৰ শ্ৰদ্ধাঞ্জলি
২. ধিংত সাঁচিপতীয়া পাণ্ডুলিপি প্ৰস্তুতকৰণ আৰু শংকৰী চিত্ৰশৈলীৰ ৰাজ্যক কৰ্মশালা সম্পন্নঃ পাঁচ দিনীয়াকৈ এই কৰ্মশালাৰ আয়োজন কৰে সামাজিক সংস্থা ছ’ছাইটি ফৰ শ্ৰীমন্ত শংকৰদেৱে৷

৩. মৰিগাঁও জিলাৰ পশ্চিমাঞ্চলৰ মনহা কোঁৱৰ গাঁৱত স্থাপিত হোৱা শংকৰী সংগীত মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস পালনঃ লোক-সংগীত তথা নৃত্যৰ অপূৰ্ব সাংস্কৃতিক কাৰ্যসূচীৰে উজলি উঠিল সাংস্কৃতিক ক্ষেত্ৰৰ উত্তৰণৰ এই সু-প্ৰচেষ্টা ৷

৪. দুই আগষ্টত বৰঝাৰৰ ভিআইপি চকৰ উৰণীয়া সেতুৰ হব উদ্বোধনঃ "অসম ৰত্ন মামণি ৰয়চম গোস্বামী"ৰ নামেৰে নামাকৰণৰ দাবী তুলিলে স্থানীয় সচেতন গণ-সংগঠনে৷

৫. এইবাৰ তিহাৰ জেলৰ উদ্যোগত টি.জে এফ এমঃ কাৰাবন্দীৰ প্ৰতিভা বিকাশৰ বাবে দিব সুযোগ, পৰিবেশিত হব তিহাৰ জেলৰ কয়দীৰ গীত-মাত৷ আগতেও জেল কৰ্তৃপক্ষই মানসিক বিকাশৰ বাবে কৰিছিল ফেশ্বন শ্ব’ৰ আয়োজন৷

৬. নলবাৰীৰ ককয়াত জন্মগ্ৰহণ কৰি অসমৰ শিক্ষা আৰু সাহিত্যৰ জগতলৈ অৰিহণাৰে অসম সাহিত্য সভাৰ সভাপতিৰ পদ অলংকৃত কৰা বিশিষ্ট অসমীয়া গিৰিধৰ শৰ্মাৰ জন্ম-শতবাৰ্ষকীৰ সফল সামৰণি৷

৭. আবিৰ পাত্ৰ গুৱাহাটীৰ নতুন মেয়ৰ নিৰ্বাচিতঃ বহুত আশাৰে বাট চাই ৰৈছে গুৱাহাটীবাসীয়ে৷

৮. তেজপুৰত নটসূৰ্য ফণী শৰ্মাৰ শ্মৃতি দিৱসত ৰাইজে জ্ঞাপন কৰিলে গভীৰ শ্ৰদ্ধাঞ্জলিঃ তেখেতৰ জীৱন আৰু কৃৰ্তি সম্পৰ্কত আলোচনাৰ কৰিলে পোষকতা৷

৯. অমঞ্জুৰিকৃত পদত নিযুক্তিপ্ৰাপ্ত ১৪০ প্ৰৱক্তাক মঞ্জুৰিকৰণৰ সিদ্ধান্তঃ শিক্ষামন্ত্ৰীয়ে কৰিলে ঘোষণা ৷

১০. খাদ্য সুৰক্ষা আইনক লৈ দলীয় কৰ্মাৰ মাজত পাতিলে কৰ্মশালাঃ মুখ্যমন্ত্ৰীয়ে ক’লে দুখীয়াক সহায় কৰাটোৱেই কংগ্ৰেছৰ ৰাজনীতি৷

১১. দিল্লীত হাগ্ৰামা বাহিনীৰ দাবী নস্যাতঃ কেন্দ্ৰই ক’লে- আৰু পৃথক ৰাজ্যৰ দাবী মানি লোৱা নহব৷অসমতো মুখ্যমন্ত্ৰীয়ে কৰিলে স্থিতি স্পষ্টঃ অসমত সৃষ্টি নহয় কোনো পৃথক ৰাজ্য৷

১২. ঐতিহ্যমণ্ডিত বান থিয়েটাৰৰ ছোঁঘৰ, প্ৰেক্ষাগৃহ, শব্দ ব্যৱস্থাপনা আদি তন্ন তন্নকৈ পৰ্যবেক্ষণ কৰিলেগৈ মুখ্যমন্ত্ৰী পুত্ৰ গৌৰৱ গগৈয়েঃ পুনৰ নিৰ্মাণৰ বাবে বান থিয়েটাৰ কৰ্তৃপক্ষই মুখ্যমন্ত্ৰীক দিয়া স্মাৰক পত্ৰক লৈ আলোচনাৰ আশ্বাস দিয়াৰ লগতে এক সংৰক্ষিত ফটো সমূহৰ বাবে এটা ফটো গেলেৰী আৰু উন্নতমানৰ পুথিভঁৰাল স্থাপনৰ পোষকতা কৰিও ৰাইজক উৎসাহ যোগায়৷

১৩. ডুমডুমা প্ৰেছ ক্লাৱত এই মাহৰ অতিথি বিশিষ্ট বিজ্ঞানী ডঃ গৌৰাঙ্গধৰ বৰুৱাঃ তেখেতে ক’লে-"ছাত্ৰাৱস্থাৰ পৰাই নিজা ধৰণে চিন্তা-চৰ্চা কৰিবলৈ নিশিকিলে বিজ্ঞান-প্ৰযুক্তিৰ উন্নতি সাধন নহয়"৷

চিন্তনীয় খবৰঃ
১. দেশত পুনৰ পেট্ৰলজাত সামগ্ৰীৰ মূল্যবৃ্দ্ধিঃ পেট্ৰ’লৰ বাঢ়িল ৭০ পইচা, ডিজেলৰ ৫০পইচা প্ৰতি লিটাৰত৷

২. তেলেংগানা গঠনক লৈ উত্তেজনা অব্যাহতঃ অন্ধ্ৰ প্ৰদেশৰ জনজীৱন স্তব্ধ৷ "কোনেও নুলিয়াব বিজয় ৰেলী, নিদিব প্ৰতিক্ৰিয়াশীল ভাষণ"-ছোনিয়া গান্ধীয়ে জনালে আহ্বান ৷

৩. সুকীয়া ৰাজ্যৰ দাবীত এইবাৰ জ্বলি উঠিল কাৰ্বি-পাহাৰঃ সাংসদ বিধায়কৰ ঘৰ আক্ৰমণ, কাৰ্যবাহী সদস্যৰ চৰকাৰী আৱাসত অগ্নিসংযোগৰ চিন্তনীয় খবৰ৷

৪. অহা পাঁচ মাহত পৃথক ৰাজ্য নহ’লে পুনৰ অস্ত্ৰ ধৰাৰ সঁকিয়নী দিলে প্ৰাক্তন ইউপিডিএছে৷

৫. বৰপেটাত ১২লাখ লিটাৰ সুলভ মূল্যৰ কেৰাচিন বিতৰণত ব্যাপক কেলেংকাৰীঃ স্থান পালে শিৰোনামত৷

৬. নলবাৰী অসামৰিক চিকিৎসালয়ত ব্লাড বেংকৰ কৰ্মচাৰীক আক্ৰমণ কৰা গোচৰত আক্ৰমণকাৰী ৰোগীৰ আত্মীয় এজনক জেললৈ প্ৰেৰণৰ খবৰ৷

দুখৰ খবৰঃ
এজন বিশিষ্ট অসমীয়া তথা চাহ খেতিৰে অসমীয়াক বাট দেখুওৱা উদ্যোগী হেমেন্দ্ৰ প্ৰসাদ বৰুৱা আৰু নাইঃ বেংককত তেখেতৰ হয় দেহাৱসান৷ অসমীয়া সুখ দুখৰ তৰফৰ পৰাও পৰিয়াল বৰ্গলৈ জ্ঞাপন কৰিছো আন্তৰিক সমবেদনা ৷

No comments:

Post a Comment