মিচা ক’লে কি ডাল হব? (হাস্য ব্যংগ) - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

xukhdukh.com

Post Top Ad

Responsive Ads Here

মিচা ক’লে কি ডাল হব? (হাস্য ব্যংগ)

Share This
গৰু বিষয়ক এখন অত্যাধুনিক ৰচনা

পৰিচয়ঃ
গৰু এবিধ ফাৰ্মত পোহা শান্ত-শিষ্ট জন্তু৷ এইবোৰে পাউদাৰ গাখীৰ দিয়ে৷ সেইবোৰক টেমাত আমূল, আমূলীয়া আদি নামেৰে পোৱা যায়৷ শুনামতে গাঁৱতো দুই এজন মানুহে চেৰেলা চেৰেলী গাই গৰু পোহে৷ পিছে সেইবোৰে আধা লিটাৰতকৈ বেছি জুলীয়া গাখীৰ নিদিয়ে৷ সেয়ে টেমা গাখীৰ দিয়া গৰু পোহাতহে গুৰুত্ব দিব লাগে৷

মানুহৰ সতে সম্পৰ্কঃ
মানুহৰ সতে গৰুৰ এক দুগ্ধজাত সম্পৰ্ক আছে৷ গাখীৰ খোৱা বাবেই গৰুক মানৱ জাতিৰ মাহী প্ৰজাতি বুলিও উল্লেখ কৰিব পাৰি৷ কিন্তু মেকুৰী মাহীৰ গাখীৰ বাঘে নোখোৱা তথ্যটোৱে এইটো ফৰ্মূলাত আউল লগাই দিয়া দেখা যায়৷

চৰিত্ৰঃ
চেউৰী গৰুৰ চৰিত্ৰ গাভৰু ছোৱালীৰ নিচিনাই বুলিব পাৰি৷ ধুনীয়া চেউৰীয়ে সদায় পালোৱান দমৰাই লাইন মাৰিলেই ভাল পায়৷ মালিকৰ ঘৰলৈ সন্ধিয়া উভতি আহোতে সাতটা দমৰাই ঘৰৰ পদূলি লৈকে লাইনমাৰি আহি থৈ নগলে সেই চেউৰীৰ যৌৱন ধন্য নোহোৱা বুলি ভবা যায়৷ পিছে গৰুৰ বাবে এতিয়াও মোবাইল আৱিস্কাৰ নোহোৱা কথাটোৰ বাবেই ৰাতি ৰাতি চেউৰীবোৰে কথা পাগুলিবলৈ নাপাই ঘাঁহকে পাগুলি থাকিব লগীয়া হয় বুলি জনা যায়৷

দমৰা গৰুবোৰৰ চৰিত্ৰও ডেকা ডঙুৱা সকলৰ লগত খুৱেই মিলে৷ পথাৰলৈ যাওক বা কৰবালৈ চেউৰী গৰুৰ ঘৰ দেখিলে গোহালিলৈ ডিঙি মেলি চোৱাটো তেওঁলোকৰ সতে একেই অভ্যাস৷ পদূলিৰ পৰা হাম্বা বুলি ইংগিত দিয়াটোক কবিয়ে ডেকা ল’ৰাৰ সুহুৰিৰ লগতো তুলনা কৰা বুলি জনা যায়৷

বুঢ়া গৰুৰ চৰিত্ৰৰ হেনো বয়সীয়া কবি সাহিত্যিকৰ সতে খুবেই মিল৷ কুমলীয়া ঘাঁহ ভক্ষণ কৰি লাগিলে চেৰেলিয়াওকেই; তথাপি, দলনিত তেনে ঘাঁহ দেখিলে হেপাঁহ সম্বৰণ কৰিব নোৱাৰে বুলি একেই বদনাম আছে৷ 

সাংস্কৃতিক-সামাজিক অৰিহণাঃ
গৰুৰ মানুহৰ সমাজলৈ অৰিহনা অসীম৷ গৰুৰ ছাল নহ’লে ঢোল বনাব নোৱাৰি৷ সেয়ে ঢোলৰ শব্দই সদায়েই গৰুৰ জয়গান গাই আহিছে৷ গৰু সমাজৰ মতে বিহুগীতবোৰ আচলতে গৰুৰ আত্ম-ত্যাগৰ এক কৰুণ বেলাডহে৷

ভাৰতীয় স্বাধীনতা লাভৰ আঁৰতো গৰুৰ অপৰিসীম অৰিহনা আছে৷বন্দুকটো সক্ৰিয় কৰিবলৈ মুখেৰে গৰুৰ ছালচটা টানিব নলগা হোৱা হ’লে বিখ্যাত চিপাহী বিদ্ৰোহেই নহ’ল হেতেন আৰু ভাৰতীয় স্বাধীনতা যুঁজখনতো এনেদৰে জুই নালাগিলে হেতেন বুলি জনা যায়৷ গৰুৰ অবিহনে আচলতে ভাৰতীয় স্বাঘীনতাক কল্পনাও কৰিব নোৱাৰি৷

আৰ্থ-সাংস্কৃতিক অৰিহণাঃ
গৰু বুঢ়া হ’লে আৰু হাল টানিব নোৱাৰে৷ "যি গৰুৱে নেবায় হাল, তেনে গৰু বাংলাদেশলৈ ৰপ্তানি কৰি দিয়াই ভাল" বুলি অসমীয়াত এষাৰ প্ৰৱচনেই আছে৷ 

সেয়ে অসমৰ পৰা বাংলাদেশলৈ এনে বুঢ়া গৰু ৰপ্তানিয়ে বাতৰি কাকতত বিশেষ গুৰুত্ব লাভ কৰা দেখা যায়৷ বাকী কোনো বস্তুৰ ৰপ্তানিয়ে অসমৰ পৰা এনে সমাদৰ লাভ কৰা দেখা নাযায়৷
গৰু বিহুৰ ভিচিডি

এই ৰপ্তানি উদ্যোগৰ বাবে ৰহা, জাগীৰোড আৰু খানাপৰা বিশ্ব-বিখ্যাত হৈ উঠা বুলি জনা যায়৷ এই ৰপ্তানি ব্যৱসায়ৰ যোগেদি অসমৰ বহুতো প্ৰতিভাশালী যুৱ নেতা স্বাৱলম্বী হৈ উঠাৰ প্ৰশংসনীয় উদাহৰণ আছে৷

বুঢ়া গৰু সকলে অসম এৰাৰ এই যাত্ৰাতো অসমৰ সাংস্কৃতিক ক্ষেত্ৰলৈ নিজৰ অৰিহণা দি যাবলৈ পাহৰা নাই৷ এই ৰপ্তানিৰ লভ্যাংশ অলপেই অসমৰ ভিচিডি উদ্যোগকো চলাই থকা বুলি কব পাৰি৷ এই ৰপ্তানিত সফলতা লভা এজন স্বাৱলম্বী ভিনদেউৰ বাইদেৱে ভিচিডিতো আনন্দতে নাচ বাগ কৰি থকাটো গৰু সমাজে হেনো বৰ প্ৰশংসাৰে দৃষ্টিৰে চায়৷

এতিয়া সেই বাইদেউ গৰাকীয়ে ৰপ্তানিৰ ধনেৰে বিদেশৰ পৰা আমদানি কৰা "ৰোমিঅ’ জুলিয়েট" ধৰণৰ নাটকৰো সফল প্ৰযোজনা কৰা বুলি জানিব পৰা গৈছে৷ গতিকে গৰুৰ অসমৰ আৰ্থিক আৰু সাংস্কৃতিক ক্ষেত্ৰলৈ আমদানি আৰু ৰপ্তানিৰ দুয়োদিশতে প্ৰভূত অৰিহণা যোগোৱা কথাটো আমি মানি লবই লাগিব৷

ধাৰ্মিক তথা আত্মিক অৰিহণাঃ
নন্দী নামৰ বলধে সকলো নিচাশক্ত যুৱকৰ ব্ৰেণ্ড এম্বেচাদৰ শিৱ ভগৱানৰ যুগে যুগে বাহন হৈ থকাৰ কথাটো উল্লেখ যোগ্য৷ সকলোৱে বিদেশী গাড়ীত কিনাৰ চখ কৰাৰ পাছতো নন্দীয়ে নিজকে থলুৱা বাহনৰ প্ৰতিভূ ৰূপে এক উদাহৰণ দাঙি ধৰা বুলিও যুৱ সমাজে আঙুলিয়াই দিয়ে৷

নিচাখোৱা সকলে আজিকালি "মোৰ নন্দীখন আছে নহয়, নিচা লাগিলেও চিন্তা কিহৰ বুলি" বাইকখনত থপৰিয়াই কোৱাৰ বহুত উদাহৰণ আজিকালি বাট-ঘাটে পোৱা যায়৷

আৰু সেয়ে নন্দীৰ মালিকৰ আশীষ ধন্য হবলৈ জাক জাক যুৱকে বল বমত ভাগ লোৱা বুলি জনা যায় আৰু তাৰ বাবে নন্দীৰ আদৰ্শৰে খোজ কাঢ়িয়েই গতি কৰিবলৈকো কুণ্ঠাবোধ৷ বাইক নহ’লে লৰচৰ নকৰা অসমৰ ডেকা চামক কেইবা মাইলো খালী ভৰিৰে খোজকাঢ়িবলৈ অনুপ্ৰাণিত কৰাটো বা আত্মিক পৰিবৰ্তন সাধন কৰাটো নন্দী মানে গৰু প্ৰজাতিৰেই গৌৰৱ নহয় জানো৷ সেয়ে গৰু প্ৰজাতিলৈ শ্ৰদ্ধা ভক্তি জ্ঞাপন কৰি কও... বোলো বোল বম!

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages