লোকেল গুজৱ.কম - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

লোকেল গুজৱ.কম

লোকেল গুজৱ.কম

Share This
(হাস্য ব্যংগৰে সত্যৰ সন্ধান)

১. গ্ৰামোন্নয়নৰ এজন কনিষ্ঠ অভিযন্তাই নিজৰ দৰমহাৰ পৰিমাণ দেখি গ’ল মুৰ্চ্ছা৷ বিধিৰ বিপাঙত পৰি বিগত দহ বছৰত প্ৰথমবাৰ দৰমহাৰ টকা চুবলৈ গৈ এনে অৱস্থা হোৱা বুলি জনালে চিকিৎসকক৷

২. আজকল চাহাবে দিলে হুংকাৰ, ২০১৪ৰ পাছত অসমৰ পৰা নাশ কৰিব সকলো পদুম ফুল৷ নাথাকিব পদুম, নাথিকব গোন্ধ! অসম জুৰি মাত্ৰ সুগন্ধি থাকিব অগৰুৰ!

৩. ৩৫০ জনৰ চাকৰি কৰ্তন কৰিলে টিভি১৯ নামৰ বাতৰি চেনেলে৷ সৎ সাংবাদিক সকলক বিদায় দি হালধীয়া সাংবাদিক সকলৰ সৈতেহে কোম্পানীৰ উপাৰ্জন বৃদ্ধি কৰিব পৰা যাব বুলি দৃঢ়মত প্ৰকাশ কৰিলে ৰাজপ্ৰদীপ মুখদেখাইয়ে৷

৪. ৰঙা ৰঙলৈ ভয় লাগে মামাতা বাইদেউৰ৷ ট্ৰেফিক চিগনেলৰ পৰা ৰঙা ৰঙৰ লাইট আঁতৰাই পেলাবলৈ দিলে নিৰ্দেশ৷ এতিয়া মাত্ৰ থাকিব সেউজীয়া আৰু হালধীয়া লাইট৷ হিটলাৰ বঁটাৰ বাবে মনোনয়ন পাবৰ বাবেই এই নিৰ্দেশ জাৰি কৰা বুলি ৰাইটাৰ্ছ বিল্ডিংৰ পৰা জনালে খবৰ৷

৫. ভাদ মাহত প্ৰৱেশ উপলক্ষে খাদ্য মন্ত্ৰী নহৰুলে মাহ-চাউলৰ দাম বৃ্দ্ধিৰ বাবে দিলে সেউজ সংকেত৷ দাম নাবাঢ়িলে মাহ-প্ৰসাদৰ কিমান মূল্য ৰাইজে কেনেকৈ বুজিব বুলি কৰিলে মন্তব্য৷

৬. ৰাজনীতিক উপাৰ্জনৰ পথ বুলি নাভাবে বুলি মন্তব্য কৰিলে ৰঞ্জিত শেখৰ মুছাহাৰীয়ে৷ তেখেতলৈ সমৰ্থন দি পী-জোছ, ৰক-বিদউদ্দিনয়ে জাৰি কৰিলে বিজ্ঞপ্তি, "আমিও ৰাজনীতিক উপাৰ্জনৰ পথ বুলি নাভাৱো, সেয়েইতো সমান্তৰালকৈ চলাই থাকো ছিণ্ডিকেট"!

৭. বড়োলেণ্ডত সকলো জনগোষ্ঠীৰে হেনো থাকিব সম অধিকাৰ৷ সেয়ে এটা জাতিৰ নামেৰে কিয় লেণ্ডৰ নামাকৰণ কৰিব লাগে বুলি প্ৰশ্ন কৰা বাবে অবড়ো প্ৰতিনিধি এজনক উত্তম মাধ্যম সোধোৱাৰ খবৰ!

৮. শিৱসাগৰত নাৰীদেহ ব্যৱসায়ী কাৰাগাৰলৈ৷ গ্ৰাহক সন্থাই তুলিলে বিকল্প ব্যৱস্থা কৰি দিয়াৰ দাবী৷

৯. বিছাৰ আক্ৰমণত খেতিগ্ৰস্ত মৰাপাট খেতিয়কলৈ খেতি বাতি বিভাগে নিদিয়ে ক্ষতিপূৰণ৷ কমিচনৰ অংক নথকা কাম কৰিবলৈ তেওঁলোক অপাৰগ বুলি খোলাখুলিকৈ জনালে মৰিগাঁৱৰ খেতিয়ক সকলক৷

১০. নাৰেংগীত সুৰামত্ত যুৱ কংগ্ৰেছীৰ দৌৰাত্ম্য, আৰক্ষীক দুৰ্ব্যৱহাৰ, ভাঙিলে অট্টালিকাৰ গ্লাছ৷ বাতৰি কাকতত খবৰ পোৱাৰ লগে লগেই সভাপতিয়ে যাচিলে সাংগঠনিক পদোন্নতি৷

১১. ৰাজ্যৰ বহু প্ৰতিষ্ঠানতেই নুৰালে স্বাধীনতা দিৱসত জাতীয় পতাকা৷ বন্ধ দিনটো কৰ্মহীন ভাৱে উদাযাপন কৰাটোও এক স্বাধীনতা বুলি দাবী কৰিলে সেই প্ৰতিষ্ঠান সমূহৰ কৰ্মচাৰী সকলে৷

১২. পৰিবহন বিভাগত বদলি আৰু পষ্টিংৰ নামত চলিছে নতুন ব্যৱসায়৷ গাহৰিত পিয়াঁজ দি বনাবলৈ ধনৰ অভাৱৰ জোৰা মাৰিবলৈকে এই ব্যৱস্থা লোৱা বুলি জনালে ক্ৰন্দন ব্ৰহ্মই৷

১৩. মানৱ অধিকাৰ নেতা গ্ৰেপ্তাৰ হ’ল সন্ত্ৰাসবাদীৰ বাবে ধন সংগ্ৰহৰ অভিযোগত৷ ধন সংগ্ৰহো এক মানৱ অধিকাৰেই বুলি দাবী কৰি সহযোগী সকলে উলিয়ালে সমদল৷

১৪. ৰাজ্যিক তদন্তকাৰী বিষয়াৰ ফাইল ঘূৰি নাহিল সচিবালয়ৰ পৰা, ছমাহেও নাপালে নিযুক্তি৷ তদন্ত কৰাৰ পাছত সেইবোৰ গাপহে দিব লগা হয়, কেইজননো জেললৈ পঠাব পাৰি বুলি প্ৰশ্ন কৰি ৰসাল গগৈয়ে কয়, অনৰ্থক নিযুক্তি ৰোধ কৰাটোও ধনৰ অপচয় ৰোধ কৰাই নহয় জানো? মিচা ক’লে কি ডাল হবহে!

No comments:

Post a Comment