পৰ্যালোচনা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

অসমত নাট্যচৰ্চাঃ ২০১৭বৰ্ষৰ ৰেঙনি
নিজৰা ৰাজকুমাৰী

সেয়া অামাৰেই জীৱন, অামাৰেই বুৰঞ্জী অথবা সাধুকথাৰ অংশ --যাক নাটকৰ ৰূপত মঞ্চত চাই অামি অাহ্লাদিত হওঁ, নিজক হেৰুৱাই পেলাও, অান কাৰোবাক অাৱিস্কাৰ কৰো। ৰাজাধ্যক্ষ,যি ৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতি লভা সাহিত্যিক ,তেৱো বাৰু জীৱনৰ ৭৮ টা বসন্ত পাৰ কৰাৰ পাছত অাত্মজীৱনী লিখি ন-কৈ অাৱিস্কাৰ কৰিব খুজিছিল নেকি নিজক ?সম্পৰ্কবোৰক ? কৈছো "অাত্মকথা"ৰ কথা ।বিনয় শৰ্মা পৰিচালিত 'অাত্মকথা' মঞ্চস্থ হৈছিল ২০১৭ৰ অক্টোবৰ মাহত,ৰাষ্ট্ৰীয় পূৰ্বোত্তৰ ৰংগ উৎসৱ উপলক্ষে গুৱাহাটীৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত ।
অভিনয় কৰিছিল দেশৰ প্ৰখ্যাত অভিনেতা কুলভূষণ খাৰবান্দাই ।অসমৰ নাট্যপ্ৰমী নি:সন্দেহে অাপ্লুত হৈছিল। প্ৰতিটো বছৰে এনে কিছু নাটকে অসমীয়া নাট্য জগতক সমৃদ্ধ কৰি থৈ যায় ।ন-পুৰণি নাট্যকৰ্মীৰ অৱদানেৰে প্ৰতি বছৰে অসমীয়া নাটকো অাগুৱাই যায়। অন্যবছৰ বোৰৰ দৰে ২০১৭ ও সাক্ষী সফল-বিফল অনেক নাটকৰ ।বছৰৰ প্ৰথম মাহত "মুখা"ৰ উদ্যোগত বৰপেটাত মঞ্চস্থ হৈছিল "দ্য লেটাৰ "(উৎপল দাস) ,"দেওশাল" (হৰেন শইকীয়া), "পখিলা"(জ্যোতি নাৰায়ন নাথ) ,"ইতি মৰমেৰে"(জিতেন সেনাপতি ),"লটকন"(মুকুল ঈদিপাছ) ইত্যাদি । ২২ জানুৱাৰীত "হিমাচল থিয়েটাৰ একাডেমী"য়ে গুৱাহাটীত মঞ্চস্থ কৰিছিল হিন্দী নাটক "মৌলানা"। বৰ্ণমৰ উদ্যোগত ২৬জানুৱাৰীৰ পৰা বিশ্বনাথ চাৰিঅালিত মঞ্চস্থ হৈছিল 'ঈশ্বৰ অাৰু এজন চোৰ'(কুশল ডেকা), একলব্য (গুণাকৰ দেৱগোস্বামী )অাদিকে ধৰি ৪খন নাটক।১৭ ফেব্ৰুৱাৰীত গহপুৰত জ্যোতিপ্ৰসাদ ভূঞাৰ পৰিচালনাত পৰিৱেশিত হৈছিল "মকৰাজাল । ফেব্ৰুৱাৰীত পাটনাৰ প্ৰয়াস নাট্যদলে ছিগালত মঞ্চস্থ কৰিছিল "দশৰথ মাঝি"।২৮ ফেব্ৰুৱাৰীত কৈঠালকুছিৰ ধাননি পথাৰত পৰিৱেশিত হৈছিল ভাগীৰথী বাই কদমৰ "বোবাৰ সন্তান" ।



২৫-২৬ মাৰ্চত গুৱাহাটীৰ চেনীকুঠীস্থিত "সূৰ্য"ত নয়ন প্ৰসাদৰ পৰিচালনাত মঞ্চস্থ হৈছিল অন্তৰঙ্গ শৈলীৰ নাটক "মুখামুখি"। এপ্ৰিল মাহত একেজন পৰিচালকৰেই "স্মৃতি তাৰ সুগন্ধি পখিলা "নামৰ নাটকখন মঞ্চস্থ হৈছিল বোকাখাত অাৰু ডেৰগাঁৱত । ২ এপ্ৰিলত ৰবীন্দ্ৰ ভৱনত তেজপুৰৰ জে বি প্ৰডাকশ্যনে পৰিৱেশন কৰিছিল মোহন ৰাকেশৰ বিখ্যাত নাটক 'লেহৰো কে ৰাজহংস'ৰ অসমীয়া অভিযোজনা "উৰ্মিমালাৰ মৰাল"। এপ্ৰিলৰ ১১ অাৰু ১২ তাৰিখে ডিব্ৰুগড়ত দুলাল ৰয় অাৰু জ্যোতি নাৰায়ণ নাথৰ পৰিচালনাত মঞ্চস্থ হৈছিল ক্ৰমে "অন্ধযুগ" অাৰু "মেকবেথ-প্ৰস্তুতি"। মে' মাহত মৃণাল কুমাৰ বৰাৰ পৰিচালনাত অপূৰ্ব শৰ্মাৰ গল্পৰ নাট্যৰূপ পৰিৱেশিত হৈছিল-"বাঘে টাপুৰ ৰাতি"।মে' মাহতেই কিচমত বানুৰ পৰিচালনাত গুৱাহাটী অন্ধ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে পৰিৱেশন কৰিছিল চিনড্ৰেলা।


১১জুনত যোৰহাটৰ 'যোৰহাট থিয়েটাৰ'ত সীমান্ত ফুকনৰ পৰিচালনাত মঞ্চস্থ হৈছিল "কমলা কুঁৱৰীৰ সাধু"। জুনত হেমন্ত ৰাজকোঁৱৰৰ ৰচনা-পৰিচালনাৰে ৰবীন্দ্ৰ ভৱনত দৰ্শকে উপভোগৰ সুযোগ পাইছিল নাটক "বেহু" । বাহাৰুল ইছলামৰ "অাকাশ" কেৱল মোৰ অন্যতম প্ৰিয় নাটকেই নহয় ,অসমীয়া নাটকলৈ এক অভিনৱ সংযোজনো ।২০ জুলাইৰ সন্ধ্যা দেৰগাৱৰ দৰ্শকৰ বাবে অাকাশ মঞ্চস্থ কৰা হৈছিল।জুলাইতে দেৰগাঁৱত সপোনজ্যোতি ঠাকুৰৰ পৰিচালনাত মঞ্চস্থ হৈছিল "হাতীৰ কথা"।

অাগষ্টৰ প্ৰথম তাৰিখত ৰবীন্দ্ৰ ভৱনত নটসূৰ্যৰ নাট সমাৰোহ উপলক্ষে অনুপ জ্যোতি চৌধুৰীৰ পৰিচালনাৰে মঞ্চস্থ হৈছিল মনালিছা শইকীয়াৰ গল্প অাধাৰিত "পুনৰ জনম লৈ তেজীমলাই" ।৬ অাগষ্টৰ সন্ধ্যা ৰংহাং চৌধুৰীৰ ৰচনা-পৰিচালনাৰে মঞ্চস্থ হৈছিল বছৰটোৰ এখন অভিনৱ নাটক "কমফ'ৰ্ট উইমেন"।

ছেপ্তেম্বৰত "সূৰ্য"ত চাইছিলো জনপ্ৰিয় অভিনেতা মনোহৰ তেলী পৰিচালিত-অভিনীত এখন সুন্দৰ হিন্দী নাটক "সংক্ৰমণ"।১৬ ছেপ্তেম্বৰত সৌৰভ চলিহাৰ গল্প অাধাৰিত নাটক "মৰূদ্যান" সপোনজ্যোতি ঠাকুৰৰ পৰিচালনাত দেৰগাঁৱত মঞ্চস্থ হৈছিল।

ওপৰত উল্লেখ কৰি অহা কুলভূষণ খাৰবান্দা অভিনীত বিখ্যাত "অাত্মকথা"ৰ লগতে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ উদ্যোগত অক্টোবৰত গুৱাহাটীত মঞ্চস্থ হৈছিল "মায়ামেঘ"(ত্ৰিপুৰাৰী শৰ্মা),"টুক্কে পে টুক্কা (বংশী কৌল) অাদি। ৯ অক্টোবৰত ৰবীন্দ্ৰ ভৱনত বাহাৰুল ইছলামৰ পৰিচালনাত দৰ্শকে উপভোগ কৰিছিল অৰুন শৰ্মাৰ "শ্ৰী নিবাৰণ ভট্টাচাৰ্য"।অক্টোবৰতে "সূৰ্য"ত চাইছিলো ছাদাত হাছান মান্টোৰ তিনিটা গল্পৰ নাট্যৰূপ,সাত্যকী ডিকম ভূঞাৰ পৰিচালনাত "হু ইজ মান্টো "। ১৪ নবেম্বৰত কলাক্ষেত্ৰত চাইছিলো জিৰচং থিয়েটাৰৰ "বাঘ" ।নবেম্বৰত লালিলাঙৰ উদ্যোগত মৰিগাঁৱত ৰফিকুল হোছেইনৰ ৰচনা-পৰিচালনাৰে মঞ্চস্থ হৈছিল "দৈৱকী" ।দেশে -বিদেশে চৰ্চা লাভ কৰা শুক্ৰাচাৰ্য ৰাভাৰ "অাণ্ডাৰ দ্য শাল ট্ৰী" নাট্যোৎসৱ অনুষ্ঠিত হৈছিল ডিচেম্বৰত,গোৱালপাৰাত ।দেশ-বিদেশৰ নাট্যদলে অংশগ্ৰহন কৰা নাট্য উৎসৱটিত ১৪ ডিচেম্বৰৰ অাৰম্ভনি নাটক হিচপে মঞ্চস্থ হৈছিল ৰাভাৰ এখন বিশেষ নাট ৰথেৰ ৰচী। ছিগাল ষ্টুডিঅ'ত অাব্দুল মজিদ নাট্যমেলা উপলক্ষে ২২ ডিচেম্বৰত মঞ্চস্থ হৈছিল পাকিজা বেগমৰ "পদ্মাপ্ৰিয়া"।পথাৰৰ ৰাষ্ট্ৰীয় নাট সমাৰোহ উপলক্ষে দুলিয়াজানত ২০-২৩ ডিচেম্বৰলৈ মঞ্চস্থ হৈছিল ভকতৰ জাত পাত মাত (গুণমনি বৰুৱা ),যন্ত্ৰবাদ(ডলী কোঁৱৰ),মকৰাজাল (জ্যোতিপ্ৰসাদ ভূঞা) অাদিকে ধৰি ৬খন নাটক।

যোৱা বছৰটোত মঞ্চস্থ হোৱা এয়া মাত্ৰ কেইখনমান নাটকৰ উল্লেখহে ।সুখৰ কথা যে বছৰটোত হোৱা নাটকৰ সংখ্যা মই এই সৰু লেখাটোত উল্লেখ কৰাতকৈ বহুগুণে বেছি।অাশাকৰো ২০১৮ ই অসমীয়া নাটকৰ জগতখনলৈ বহু বেছি সফলতা অাৰু ব্যতিক্ৰম কঢ়িয়াই অানিব ।

No comments:

Post a Comment