স্বাগতম ২০১৮,
নতুন বছৰৰ ন
পুৱাত “অসমীয়া
সুখ-দুখ”ৰ প্ৰতিজন পঢ়ুৱৈ
ও লেখক সমাজলৈ আমাৰ আন্তৰিক সেউজ শুভকামনা জ্ঞাপন কৰিলোঁ।
আমি বিশ্বাস কৰোঁ
যে গত সময়ৰ বৈজ্ঞানিক বিশ্লেষণ অবিহনে নতুনৰ ৰচনাত্মক আৰম্ভণি সম্ভৱ নহয়।সেয়েহে
আমি নতুন বছৰৰ আৰম্ভণিতেই গত বছৰৰ কিছু উল্লেখনীয় দিশৰ ওপৰত সংক্ষেপে আলোকপাত কৰিব
বিচাৰিছোঁ।
শেহতীয়াকৈ আমি সকলোৱে এটা কথা উপলব্ধি কৰিব পাৰিছোঁ যে সাম্প্ৰতিক সময়
দেশীয় ও প্ৰান্তীয় চিন্তাৰে ৰাজনৈতিক,
অৰ্থনৈতিক, সামাজিক
প্ৰতিটো দৃষ্টিকোনৰ পৰাই বৰ জটিল আৰু এই জটিল সময়ত বিবেক আৰু আবেগৰ সমান্তৰাল সঞ্চালন আমাৰ দৃষ্টিত খুব এটা সহজ বিষয় নহয়। আমি বিশ্বাস কৰোঁ ইয়াৰ বাবে এক গভীৰ অধ্যয়নমুখী মনৰ অতিকৈ প্ৰয়োজন কিন্তু এই অধ্যয়নমুখী মনৰ একোটা ঋনাত্মক প্ৰভাৱও বৰ্তমান
সময়ত বহুক্ষেত্ৰত স্পষ্ট ৰূপত দেখা পোৱা যায় বা গৈছে,
যিটো আমাৰ দৃষ্টিত সমাজ ৰূপান্তৰ স্বাৰ্থত গ্ৰহনযোগ্য নহয়। আৰু আমি কব বিচৰা
এই ঋনাত্মক দিশটো হ’ল অধ্যয়ন
সমৃদ্ধ মনৰ “বৌদ্ধিক
সন্ত্ৰাসবাদ”।
গত ২০১৭ বৰ্ষটোলৈ উভতি চালে আমি দেখিম যে ২০১৭ বৰ্ষত অসমৰ বৌদ্ধিক সমাজৰ কিছু সন্মানীয় ব্যক্তিৰ বৌদ্ধিক আচৰণত চৰম উগ্ৰতা প্ৰকাশ পাইছিল আৰু শেহতীয়াকৈ এই বৌদ্ধিক আক্ৰমণত ঐতিহাসিক চিন্তাকও সাঙুৰি লোৱা হৈছে যিটো সমাজ উত্তৰণমুখী চিন্তাৰ পৰিপন্থী বুলি আমি ব্যক্তিগতভাৱে গন্য কৰোঁ।আৰু সাম্প্ৰতিক সময়ৰ উগ্ৰ ধৰ্মীয় দৃষ্টিকোনেৰে ইতিহাস অধ্যয়নৰ যি উগ্ৰ পৰিৱেশ সমগ্ৰ দেশতেই ৰচনা কৰা হৈছে ই যে গণতন্ত্ৰ প্ৰমূল্যবোধৰ সম্পূৰ্ণ পৰিপন্থী এই কথা মানি লোৱাত ছাগে অখণ্ডতাৰ দৰ্শনত বিশ্বাসীসকলৰো মানি লোৱাত অসুবিধা নহব। । এইখিনিতে বহুজনে আমাৰ এই চিন্তাক অন্য এক চিন্তাৰে দিকভ্ৰান্ত্ৰ কৰাৰ প্ৰয়াস কৰিব পাৰে , তেনেক্ষেত্ৰত আমি উল্লেখ কৰি থোৱা ভাল হব বুলি জ্ঞান কৰোঁ যে ঐতিহাসিক দৃষ্টিকোনেৰে ধৰ্মীয় চিন্তাৰ অধ্যয়ন আৰু ধৰ্মীয় চিন্তাৰে ইতিহাসৰ অধ্যয়ন দুটা সম্পূৰ্ণ বিপৰীত চিন্তা।
গত ২০১৭ বৰ্ষটোলৈ উভতি চালে আমি দেখিম যে ২০১৭ বৰ্ষত অসমৰ বৌদ্ধিক সমাজৰ কিছু সন্মানীয় ব্যক্তিৰ বৌদ্ধিক আচৰণত চৰম উগ্ৰতা প্ৰকাশ পাইছিল আৰু শেহতীয়াকৈ এই বৌদ্ধিক আক্ৰমণত ঐতিহাসিক চিন্তাকও সাঙুৰি লোৱা হৈছে যিটো সমাজ উত্তৰণমুখী চিন্তাৰ পৰিপন্থী বুলি আমি ব্যক্তিগতভাৱে গন্য কৰোঁ।আৰু সাম্প্ৰতিক সময়ৰ উগ্ৰ ধৰ্মীয় দৃষ্টিকোনেৰে ইতিহাস অধ্যয়নৰ যি উগ্ৰ পৰিৱেশ সমগ্ৰ দেশতেই ৰচনা কৰা হৈছে ই যে গণতন্ত্ৰ প্ৰমূল্যবোধৰ সম্পূৰ্ণ পৰিপন্থী এই কথা মানি লোৱাত ছাগে অখণ্ডতাৰ দৰ্শনত বিশ্বাসীসকলৰো মানি লোৱাত অসুবিধা নহব। । এইখিনিতে বহুজনে আমাৰ এই চিন্তাক অন্য এক চিন্তাৰে দিকভ্ৰান্ত্ৰ কৰাৰ প্ৰয়াস কৰিব পাৰে , তেনেক্ষেত্ৰত আমি উল্লেখ কৰি থোৱা ভাল হব বুলি জ্ঞান কৰোঁ যে ঐতিহাসিক দৃষ্টিকোনেৰে ধৰ্মীয় চিন্তাৰ অধ্যয়ন আৰু ধৰ্মীয় চিন্তাৰে ইতিহাসৰ অধ্যয়ন দুটা সম্পূৰ্ণ বিপৰীত চিন্তা।
ওপৰোক্ত চিন্তাক
আৰু অধিক স্পষ্টৰূপত অনুধাৱন কৰিবলৈ আমি সাম্প্ৰতিক সময়ৰ পুঁজিবাদৰ বিষয়ে কিছু
আলোচনা কৰাটো যুগুত হব।বৰ্তমান সময়ত বহু সামাজিক চিন্তাবিদে পুঁজিক কেৱল অৰ্থগত চিন্তাৰে উপস্থাপন কৰে। কিন্তু নব্য পুঁজিবাদৰ ধাৰাটোক সূক্ষ্মভাৱে অধ্যয়ন কৰিলে বৰ্তমান সময়ত এটা কথা স্পষ্ট হয় যে পুঁজিয়ে এতিয়া সাংস্কৃতিক আৰু শৈক্ষিক দিশকও প্ৰতিনিধিত্ব কৰিবলৈ আৰম্ভ কৰিছে অৰ্থাৎ সমাজ উত্তৰণ মূল দুই চালিকা শক্তিকও পুঁজিগত চিন্তাৰে সাঙুৰি লৈ সমাজত শ্ৰেণীগত পাৰ্থক্যক নমাত্ৰা (rescaling ) প্ৰদান কৰা প্ৰয়াস কৰা হৈছে। এইখিনিতে বহুতে হয়তু প্ৰশ্ন কৰিব সাংস্কৃতিক আৰু শৈক্ষিক পুঁজিবাদৰ লক্ষণ কি? এইক্ষেত্ৰত আমি এটা বিষয় স্পষ্টকৈ দাঙি ধৰিব পাৰোঁ সেইটো হ'ল সাম্প্ৰতিক সময়ত দমনমূলক আগ্ৰাসনমূখী চিন্তাৰে বৃহৎ ৰাজনৈতিক শক্তিৰে একক বা মৌলিক সাংস্কৃতিক বা শৈক্ষিক চিন্তাক সৰ্বগ্ৰহনীয় কৰি তোলাৰ অসুস্থিৰ পৰিৱেশ।
শেহতীয়াকৈ বিশ্বজনীন সাংস্কৃতিক পৰিৱেশলৈ মন কৰিলে এটা কথা সুন্দৰকৈ স্পষ্ট হয় যে বৰ্তমান সময়ত সমগ্ৰ বিশ্বৰ বিশেষকৈ দক্ষিন-পূৰ্ব এছিয়াৰ ক্ষুদ্ৰ জনগোষ্টী সমূহৰ নিজস্ব সাংস্কৃতিক চিন্তাক বৃহৎ গোষ্টীসমূহৰ নিজস্ব চিন্তাৰে দমন কৰিব বিচৰা হৈছে। এইক্ষেত্ৰত ক্ষুদ্ৰ সংস্কৃতি সমূহক প্ৰথমে দেশীয় অৰ্থনীতিৰ অংগ কৰি আন্ত:ৰাষ্ট্ৰীয় বজাৰলৈ (বৈজ্ঞানিক ৰূপান্তৰৰ অবিহনে) উলিয়াই অনা হৈছে আৰু সময়ত সংস্কৃতিসমূহক নিজস্ব স্বকীয়তাৰে জীয়াই ৰখা উপাদান সমূহক যেনে দৰ্শন, অধ্যয়নক নসাৎ কৰি কেৱল বজৰুৱা ( বজাৰ কেন্দ্ৰীক) চিন্তাৰে বিশ্বজনীন পৰিচয় দিব প্ৰয়াস কৰা হৈছে। এইখিনিতে অসমীয়া বিহুৰ নতুন পৰিচয়ক উদাহৰণ হিচাপে লব পাৰি। বিহুৰ যি দৰ্শন তাক সম্পূৰ্ণৰূপে অৱজ্ঞা কৰি এটা চামে বিহুক সংগীত মহোৎসৱ বুলি কবলৈও কুণ্ঠাবোধ কৰা নাই ( সংগীত উৎসৱৰ এক অংগহে দৰ্শন নহয়) আৰু এই দৰ্শনবিহীন অধ্যয়ন বিহীন যুক্তিহীন চিন্তাৰ পৰিণতিতেই বিহুৰ কৃষিগত ও কৃষ্টিগত পৰিচয়কলৈ বৰ্তমান সময়ত এক গভীৰ সংশয়ৰ উৎপত্তি হৈছে, যিটো জাতিটো বাবেই চিন্তনীয়।
ঠিক তেনেকৈ শিক্ষা ক্ষেত্ৰও দমনমূলক চিন্তাৰ পয়োভৰ স্পষ্টকৈ দেখা গৈছে। বৃহৎ পুঁজিপতি শক্তিসমূহে নিজৰ উগ্ৰ মৌলিক চিন্তাক অতি কৌশলগত ভাৱে শৈক্ষিক ব্যৱস্থাৰ পৰিৱৰ্তনৰ নামত প্ৰসাৰ কৰিব আৰম্ভ কৰিছে। এইক্ষেত্ৰত জাতীয় চিন্তা সমূহক নিজস্ব গৌৰৱেৰে জীয়াই ৰখা শৈক্ষিক উপাদান , বুৰঞ্জী আৰু ভূগোলক চক্ৰান্তমূলকভাৱে বৰ্তমানৰ শৈক্ষিক ব্যৱস্থাৰ পৰা আতৰাই দিয়া চেষ্টা কৰি থকা হৈছে। আমি হয়তু এটা কথা সহজেই মানি লম যে যিকোনো জাতিৰ উঠি অহা প্ৰজন্ম যদি জাতিটোৰ বুৰঞ্জী ও ভৌগলিক অৱস্থানৰ লগত সুপৰিচিত নহয় সেই জাতিয়েই অতি কমদিনতেই নিজৰ আত্ম পৰিচয় হেৰুৱাই পেলোৱাটো খাটাং। আৰু এটা আত্ম পৰিচয় নোহোৱা জাতিক ছেদেলি কৰি পুঁজিগত চিন্তাৰে নতুন পৰিচয় দিয়াটো পুঁজিবাদী ৰাজনৈতিক গোষ্টীসমূহ বাবে তেনেই সহজ। এনে লক্ষ্যৰেই বৰ্তমান সময়ত উন্নয়ণকামী ৰাষ্ট্ৰসমূহত বৃহৎ পুঁজিবাদী গোষ্টী সমূহে শৈক্ষিক ব্যৱস্থা আমূল পৰিৱৰ্তনৰ নামত সমাজ উত্তৰণৰ বাবে প্ৰয়োজনীয় বৈজ্ঞানিক শিক্ষাৰ বিপৰীতে উগ্ৰ ধৰ্মীয় চিন্তা প্ৰচাৰ কৰি আছে, যিটো সুস্থিৰ সমাজ ব্যৱস্থাৰ চৰম পৰিপন্থী।
ওপৰৰ আলোচনা পৰা
এটা কথা স্পষ্টকৈ উপলব্ধি কৰিব পাৰি যে ২০১৭ বৰ্ষটোৱে আমাক এক সুস্থিৰ সামাজিক
পৰিৱেশ দি যোৱা নাই সহজ অৰ্থত ২০১৮ বৰ্ষত আমাৰ সামাজিক সমস্যা সমূহৰ সময়োপযোগী বৈজ্ঞানিক বিশ্লেষণ নহ’লে সামাজিক
অস্থিৰতা মাত্ৰা যে অধিক হব সি খাটাং।
এতিয়া প্ৰশ্ন হ'ল ওপৰোক্ত অসুস্থিৰতা বাবে জগৰীয়া কোন? এই ক্ষেত্ৰত আমি পোনপটীয়াকৈ জগৰীয়া কৰিব বিচাৰোঁ "ৰাজনৈতিক পুঁজিবাদ
Political Capitalism)"ক। কিয়নো বৰ্তমান সময়ত আমি অনুভৱ কৰিব পাৰিছোঁ যে আমাৰ চলিত সামাজিক ব্যৱস্থা সাম্প্ৰতিক সময়ত পুঁজিসবস্ব ৰাজনৈতিক চিন্তা দ্বাৰা পৰিচালিত হব ধৰিছে যিটো আমাৰ দৃষ্টিত সমাজ উত্তৰণৰ স্বাৰ্থত অতিকৈ ভয়ংকৰ। আমি বিশ্বাস কৰোঁ এই ভযংকৰতা কিছু দিশ ইতিমধ্যে স্পষ্ট হৈছে।
আমি বিশ্বাস কৰোঁ যে ৰাজনৈতিক পুঁজিবাদৰ বাবে প্ৰয়োজনীয় দুই বিশেষ উপাদান হ'ল
১.
ধৰ্মীয় উন্মাদনা
২.
সাম্প্ৰদায়িক বা জাতিগত বৰ্ণবাদ
ওপৰোক্ত দুই উপাদানৰ দ্বাৰা সমাজত শ্ৰেনীগত পাৰ্থক্য সৃষ্টি কৰাটো তেনেই সহজ আৰু বৰ্তমান সময়ত আমাৰ সমাজ ব্যৱস্থাত এনে চিন্তাৰ পয়োভৰ স্পষ্ট হৈছে। গতিকে সমাজ উত্তৰণৰ স্বাৰ্থত এনেবোৰ চিন্তাক প্ৰতিহত কৰাটো জৰুৰী হৈ পৰিছে নহ'লে এক সুস্থিৰ-সহিষ্ণু সমাজ নিৰ্মান কৰাটো আগন্তুক সময়ত অতিকৈ কষ্টকৰ হৈ পৰিব।
এইখিনিতে “সমাজিক চিন্তা”ৰ ওপৰত চমুকৈ
আলোকপাত কৰাটো যুগুত হব যেন জ্ঞান কৰিলোঁ। সহজকৈ সমাজ সৰল অৰ্থাৎ
"স" উৎপত্তিকে সমাজৰ মূল চিন্তা বুলি গ্ৰহন কৰিব পাৰি। কিন্তু এই 'স'
কি?
এই
'স'
হ'ল সাম্য , সহিষ্ণু , সচেতন , সজাগ , সহযোগ , সক্ষমতাৰ সামগ্ৰিক সুস্থিৰ সবল সেউজ চিন্তা। অৰ্থাৎ সচেতন আৰু সজাগ ব্যক্তিগোটে সহযোগী আৰু সহিষ্ণু চিন্তাৰে সাম্য আৰু সক্ষমতাৰ বাবে গঢ়ি তোলা সুস্থিৰ সবল সেউজ চিন্তাকে আমি সহজকৈ "সামাজিক" চিন্তা বুলি কব পাৰোঁ বা গ্ৰহন কৰিব পাৰোঁ। কিন্তু সাম্প্ৰতিক সময়ত এই সমূহ 'স' ৰ আগত কৌশলে বহি পৰা অতি চতুৰ 'অ' বোৰেই ( অ-সহিষ্ণু , অ-সহযোগ, অ-সচেতন , অ-সাম্য) আমাক অতিকৈ অসুস্থিৰ কৰি তুলিছে আমি ব্যক্তিগতভাৱে জ্ঞান কৰোঁ।
সেয়েহে আমি ইংৰাজী নতুন বছৰৰ প্ৰাৰম্ভণিতে কি, কিয়
, কেনেকৈ আদি সৰল বৈজ্ঞানিক সমলেৰে নিজকে সমাজ ৰূপান্তৰৰ বাবে সাজু কৰি তুলিবলৈ প্ৰয়াস কৰাটো অতিকৈ সময়োপযোগী উপলব্ধিমূলক সিদ্ধান্ত হব বুলি ব্যক্তিগতভাৱে জ্ঞান কৰোঁ।
No comments:
Post a Comment