ৰসাল হিতোপদেশ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

নৱবৰ্ষৰ ৰসাল হিতোপদেশ

১. বৰষুণ দি শীত পেলালেই 'ৰাম' নাম লবলৈ নাপাহৰিব। ৰামৰাজ্য কৰি দেশক গঢ়ি তোলাৰ বাবে আপুনিও মাজে মাজে অৰিহণা যোগাই থকাটো দেশভক্তিৰ চানেকি ৰূপেই গণ্য কৰা পাৰে। 

২. হোটেলত থাকিবলৈ গ'লে আইনাত ৰঙা ফোঁট লগাই থৈ আহিবলৈ নাপাহৰিব। টকাত নাম লিখাৰ দৰে তাত ফোঁট লগাই আপোনাৰ উপস্থিতিৰ চানেকি দাঙি ধৰাটো আপোনাৰ আৰু পত্নীৰ জন্মস্বত্ব অধিকাৰ বুলি পাহৰি নাযাব।

৩. নতুন বছৰত ৰাজহুৱা প্ৰসাৱগাৰত পানী মাৰি থৈ আহিবলৈ পণ লওক, স্বচ্ছ ভাৰতৰ বাবে টেক্স দিয়াৰ বাহিৰেও যে আমাৰ কৰিবলগীয়া বহুত আছে এই কথা সকলোকে সোঁৱৰাই দিয়ক, পুণ্য হব।

৪. ধুনীয়া ছোৱালী, বোৱাৰী আদি মাজনিশালৈকে ফেচবুকৰ চাটত সেউজীয়া হৈ থাকিলে ইনবক্সত টুকুৰিয়াই চাবলৈ নাযাব। আপুনি থকা ঠাইত মাজৰাতি হলেও, তেওঁ থকা ঠাইখন ভৰ-দুপৰীয়াও হব পাৰে। স্ক্ৰীণশ্বট খোৱাৰ পৰা সাৱধানে থাকি আত্ম-সন্মান ৰক্ষা কৰক।

৫. দেশত ৰাজ্যত থকা আনন্দবোৰৰ মাজতে এনজয় কৰি মজি থাকক। কোনো বিষয়েই বিৰোধিতা কৰি নিজৰ পিঠিত 'ৰাষ্ট্ৰদ্ৰোহী'ৰ লেবেল লগাই ললে কিন্তু লাটুমনিক বেয়া পালে নহব!

৬. এই বছৰত কোনো মানুহকে পিএইচডি কেতিয়ালৈ কমপ্লিট হব, তোমাৰ বিয়া কেতিয়া পাতিবা আৰু বিয়া পতা মানুহক ভাল খবৰ কেতিয়া দিবা বুলি কেতিয়াও নুসুধিব, কাৰণ এই প্ৰশ্নকেইটা সোধাজনৰ বাবে আজিকালি নৰকত সুকীয়াকৈ তেল গৰম কৰি থোৱা থাকে।

৭. ঘোঁছ-ঘাঁচ দি চাকৰি লবলৈ বা অফিচত কাম কাজ কৰাই লবলৈ একবাৰেই লাজ নকৰিব। পাৰিলে মোবাইলত ঘোঁচ দিয়াৰ চেল্ফিও লব, যাতে আপুনিও ঘোঁচ খোৱাক ধৰাই দিলে পাব লগা ২৫০০০ টকাৰ পুৰস্কাৰটোৰ খাতা খুলিব পাৰে।

৮. আপুনি যদি সাহিত্য কৰে, তেন্তে নিজৰ ল'ৰা ছোৱালীক ইংলিচ শিকাওক, ঘৰত হিন্দীত কথা পাতক আৰু অসমীয়া আখৰ চিনিবলৈ বাৰণ কৰক। তেহে, নিজৰ ঘৰতে নিজৰ সন্মান লাঘৱ হোৱাৰ পৰা বাচিব পাৰিব। চ'চিয়েল মেডিয়া আদিত কৰা 'বিপ্লৱী' পোষ্টবোৰৰ বাবে ঘৰত টিটকাৰী খোৱাৰ পৰা বাচিও থাকিব।

৯. পঞ্চায়ত নিৰ্বাচন আহি আছে, গতিকে চুবুৰীত এইবাৰ হাঁহ খাই ভোট দিব নে ছাগলী খাই ভোট দিব, এতিয়াই নিৰ্ধাৰণ কৰক। ৰাজহুৱা স্থানত মদ্যপানৰ কথা নাভাবিব, জেললৈ গলে ২০১৯টো ভোট দিবলৈ নাপাব, মনত ৰাখিব।

১০. ভাত খাবলৈ লওতে, ফুফু কৰিবলৈ যাওতে সকলো ষ্টেপতে আপুনি ফটো মাৰিবলৈ নাপাহৰিব। কাৰণ, আপুনি সুখত থকা খবৰবোৰ বিলাই দিয়াটো আপোনাৰ জাতীয় দায়িত্ব। নিজৰ নহলেও জুকাৰবাৰ্গক ধনী কৰাত যে আপোনাৰ অৰিহণা দৈনিক আছে, সেই কথাৰেই সান্ত্বনা লভক। 

No comments:

Post a Comment