সাম্প্ৰতিক প্ৰসংগ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ডিমা হাছাওঃ সংকট বনাম সত্যতা
(১)
জ্যোতিৰূপম দত্ত 
অসমৰ ডিমা হাছাও জিলাৰ অসমীয়াসকলৰ সৈতে সাম্প্ৰতিক দুঃসময়ত সহমৰ্মিতা প্ৰকাশ কৰিছো৷

অসম তথা উত্তৰ পুৰ্বাঞ্চলত বহুদিন ধৰি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ বিভিন্ন কামকাজত লিপ্ত থকা বুলি দাবী কৰা জগদম্বা মল নামৰ এজন নেতাই ‘the wire’ নামৰ এটা ৱেবছাইটত দিয়া মন্তব্য এটাই আজিৰ এই হিংসাত্মক পৰিস্থিতিৰ ভেটি ৰচিছিল৷ উল্লেখ্য যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু উগ্ৰপন্থী সংগঠন এনএছচিএন (আইএম)ৰ সাধাৰণ সম্পাদক থুইংগালেং মুইভাই ২০১৫ চনৰ ৩ আগষ্টত নতুন দিল্লীত ‘নগা শান্তি চুক্তি’ খনৰ বিষয়ে সদৰি কৰিছিল৷ কিন্তু তেতিয়াৰে পৰা আজিলৈকে এই চুক্তিখনৰ বিষয়ে সকলোকে অন্ধকাৰত ৰখা হৈছে৷ 


চৰকাৰী পক্ষ বা এনএছচিএন কোনো পক্ষৰ পৰাই চুক্তিখনৰ প্ৰধান বিষয়সমূহৰ বিষয়ে ৰাজহুৱাকৈ একো তথ্য সদৰি কৰা হোৱা নাই৷ আনকি উত্তৰ পুৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ চৰকাৰকেইখনেও এই চুক্তিৰ দফাসমূহৰ বিষয়ে জ্ঞাত হয় নে নহয় সেয়াও সন্দেহৰ আৱৰ্তত৷ এনেস্থলত চুক্তিখনৰ কথা সদৰি হোৱাৰ লগে লগে সমগ্ৰ উত্তৰ-পুৰ্বাঞ্চলৰ বাসিন্দাসকলৰ মাজত এই চুক্তিখনক লৈ নানা জল্পনা-কল্পনা আৰম্ভ হৈছিল৷ ইয়াৰ সমান্তৰালকৈ বিভিন্ন অপশক্তিয়েও এই চুক্তিখনৰ আলম লৈ নিজৰ স্বাৰ্থসিদ্ধি কৰিবলৈ উঠিপৰি লাগিছিল৷

এনে সময়তে ডিমা হাছাও কাণ্ডৰ মুলতে থকা জগদম্বা মল নামৰ নেতাজনেও এই চেগতে নিজেই এখন বৃহত্তৰ নাগালিমৰ বাবে ‘খচৰা চুক্তি’ তৈয়াৰ কৰে৷ এই নেতাজনে নিজেই তৈয়াৰ কৰা সেই ‘খচৰা চুক্তি’খনকেই ‘The Wire’ নামৰ ৱেবছাইটটোৱে প্ৰকাশ কৰে৷ জগদম্বা মলৰ কল্পনাপ্ৰসূত খচৰাখনৰ মতে নগা উগ্ৰপন্থীসকলৰ অস্ত্ৰসমৰ্পণ, প্ৰত্যেককে পাঁচ লাখকৈ টকা, সকলো উগ্ৰপন্থীকেই সাধাৰণ ক্ষমাদান, নাগালেণ্ডৰ আন্তঃগাথনিৰ উন্নয়নৰ বাবে এক লাখ কোটিৰ অৰ্থসাহায্য আদি কথাৰ উপৰিও নগা জনসংখ্যাৰ আধিক্য থকা মণিপুৰৰ সাতখন, অৰুণাচল প্ৰদেশৰ দুখন আৰু অসমৰ ডিমা হাচাও জিলাৰ বাবে পৃথক বিকাশ পৰিষদ গঠন কৰাৰ কথা কোৱা হৈছে৷ এই উদ্ভট খচৰাখনৰ এনেবোৰ কথাক লৈয়েই ডিমা হাচাওৰ সাধাৰণ অসমীয়া লোকসকলৰ মাজত বিদ্ৰোহৰ অগনি উমি উমি জ্বলি উঠি এইকেইদিনত ভয়ংকৰ ৰূপ ল’লে৷

উল্লেখযোগ্য যে ‘নগা শান্তি চুক্তি’ৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ ইচ্ছাকৃত নীৰৱতাই ডিমা হাচাওৰ লগতে অসমৰ সমগ্ৰ ৰাইজক সন্দিহান কৰি তুলিছিল৷ আনকি অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কোৱা ‘এক ইঞ্চি মাটি’ এৰি নিদিয়াৰ কথাও বহুতেই বিশ্বাস কৰিবলৈ টান পাইছিল৷ কাৰণ ইতিমধ্যেই অসমৰ বহু হেজাৰ বিঘা মাটি নগাসকলে বেদখল কৰাৰ স্পষ্ট প্ৰমাণ পোৱাৰ পাছতো চৰকাৰীভাৱে অঞ্চলভেদে বিশেষ একো ব্যৱস্থা নোলোৱা কথাবোৰকেই আঙুলিয়াব পাৰি৷

গতিকেই এই প্ৰস্তাৱিত ‘বৃহত্তৰ নাগালিম’ত অন্তৰ্ভুক্ত হবলগীয়া অঞ্চলসমূহক লৈ হোৱা সন্দেহ তথা চেপা উত্তেজনাৰ বহিঃপ্ৰকাশেই বৰ্তমানৰ ডিমা হাছাও জিলাৰ মাইবঙত হোৱা হিংসাত্মক কাৰ্য্যকলাপসমূহ সংঘটিত হোৱাৰ মুল কাৰণ৷ জিলা প্ৰশাসনেও সময়ত উপযুক্ত ব্যৱস্থা লোৱাত ব্যৰ্থ হোৱাৰ বাবেই দুজনকৈ অসমীয়া যুৱকে দুৰ্ভাগ্যপুৰ্ণভাৱে মৃত্যুক সাবটি লবলগীয়া হ’ল৷ এই ক্ষেত্ৰত অসমৰ গৃহবিভাগে সুচিন্তিত তথা ক্ষীপ্ৰভাৱে সময়োপচিত ব্যৱস্থা গ্ৰহণ কৰিলে দুজনকৈ অসমীয়া ডেকা নিহত তথা বহুকেইজন ঘুণীয়া হোৱাৰ পৰা ৰক্ষা পৰিলেহেঁতেন৷

ইয়াৰ উপৰিও কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ অসম তথা উত্তৰ-পুৰ্বাঞ্চলৰ বাবেই অতিকৈ গুৰুত্বপুৰ্ণ ‘নগা শান্তি চুক্তি’খনৰ সকলোবোৰ কথাও মুকলিকৈ প্ৰকাশ কৰিব লাগে৷ ২০১৫ চনৰ ৩ আগষ্টৰ পৰা আজিলৈকে এই চুক্তিখনৰ কথাবোৰ ৰাজহুৱা নকৰাটোৱে কেন্দ্ৰীয় চৰকাৰৰ এই অঞ্চলৰ প্ৰতি থকা দায়িত্বহীনতাকেই সূচাইছে৷ একাংশ অসাধু লোকৰ বাবে এই অঞ্চলটো অশান্ত হৈ থাকিলে, সামগ্ৰিকভাৱে ভয়ৰ পৰিবেশ বিৰাজ কৰি থাকিলে নিজৰ ন্যস্ত স্বাৰ্থসমূহ পূৰণ কৰিবলৈ সুবিধা হয়৷

সাধাৰণ লোকসকলক কুটিল ৰাজনীতিৰ চিকাৰ কৰি হিংসাত্মক কাৰ্য্যকলাপৰ বাবে উচতাই নিজৰ ক্ষুদ্ৰ ৰাজনৈতিক স্বাৰ্থসিদ্ধি কৰা উদাহৰণ বহু দেখিলো৷ বৰ্তমান সময়ত ৰাষ্ট্ৰীয় সম্পত্তি ধ্বংস কৰি তথা নানা উৰাবাতৰি বিয়পাই জিলাখনত অচলাৱস্থা সৃষ্টি কৰিবলৈ চেষ্টা কৰা শক্তিসমূহক বিচাৰি উলিওৱাতো গৃহবিভাগৰ মুৰব্বী বিষয়াসকল তথা গৃহমন্ত্ৰীৰো দায়িত্বত থকা অসমৰ মুখ্যমন্ত্ৰীৰ মুখ্য দায়িত্ব৷ এই মুহুৰ্ততো ৰাজনৈতিক উদ্দেশ্যৰে সাধাৰণ লোকসকলক হিংসাৰ বাবে উচতাই নিজে নিৰাপদ দূৰত্বত অৱস্থান কৰা শিয়ালসদৃশ নেতাসকলক চিনাক্ত কৰি আইনমতে ব্যৱস্থা গ্ৰহণ কৰাতোৱেই সকলোৰে কাম্য৷
☆★☆
প্ৰাসংগিক লিংককেইটামান:
1. নগা চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ভাষ্য 
https://www.narendramodi.in/text-of-pm-s-remarks-after-witn…
2. ‘The Wire’ নামৰ ৱেবছাইটটোত প্ৰকাশিত বিতৰ্কিত লেখাটো –
https://thewire.in/…/revealed-rss-draft-plan-nagaland-acco…/
(২)
আমি লজ্জিত ডিমাছা ভাইসকল
জমশ্বেৰ আলি
গণৰাজ্য দিৱসৰ পতাকা উত্তোলনৰ পাছতেই মাইবঙৰ গুলিচালনাত আহত, নিহতৰ খবৰ লবলৈ গলো। প্ৰায় চাৰি ঘন্টা সময় ট্রমাত থকা লোকসকলৰ সৈতে কটাই শোকাহত, ক্ষুব্ধ আৰু মৰ্মাহত! যি দেখিলো, যি বুজিলো সেয়া এক কথাত স্বৈৰাচাৰৰ চৰম পৰ্যায় চলিছে ৰাজ্যত।

যিজন জিলা উপায়ুক্তই 22 জানুৱাৰীৰ প্ৰতিবাদী সমদল হাফলঙৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ পিছতো এবাৰ নামি আহি স্মাৰক পত্ৰ এখন লবলৈ সৎসাহস গোটাব নোৱাৰিলে সেইজন উপায়ুক্তই পূৱা 5 বজাৰ পৰা শান্তিপূৰ্ণভাবে চলি থকা মাইবঙৰ ৰেল অৱৰোধ স্থলীত দিনৰ আঢ়ৈ বজাত উপস্থিত হৈ অৱৰোধ কাৰ্যসূচীক বেআইনী ঘোষণা নকৰাকৈ, লাঠিচালনা, কন্দুৱা গেছ, ৱাটাৰ কেনন, ব্লেংক ফায়াৰিং আদি প্রাথমিক পদক্ষেপ সমূহ গ্ৰহণ নকৰাকৈ পোনপটীয়াকৈ গুলিচালনাৰ নিৰ্দেশ দিয়াৰ অধিকাৰ ক'ৰ পৰা পালে?

গুলীবিদ্ধ সকলৰ বেছিভাগৰে গুলি মূৰ, পিঠি, বুকু আৰু পেটত লগাৰ পৰা স্পষ্ট আৰক্ষীয়ে উন্মত্ত জনতাক ছত্রভংগ দিয়াবলৈ নহয়, সুনিৰ্দিষ্ট লক্ষ্য হিচাপে লৈ আক্ৰমণ চলাইছিল। আহত আৰু নিহতৰ মাজত কেবাজনো নাবালক থকাৰ মাজতো বুজা যায় আৰক্ষীৰ নির্মমতাৰ অভিমুখ!

ডিমা হাচাও জিলাৰ বাসিন্দা তেনেই নগণ্য। ডিমাছা তথা জিলাখনত বসবাস কৰা অন্যান্য জনজাতীয় জনগোট সমূহ ক্ষুদ্ৰাতিক্ষুদ্ৰ সংখ্যালঘু! শিক্ষা দীক্ষাত তেনেই পিছপৰা। ভোগলিকভাৱে বিক্ষিপ্ত এলেকাত থকা বাবে তেওঁলোকৰ ভাষাগত সমস্যা চৰম। নিজৰ সমস্যাৰ কথা, যন্ত্ৰণাৰ কথা আন সকলৰ দৰে তুলি ধৰিব নোৱাৰে।

জিলাখনৰ মাখনভোগী শ্ৰেণীটো বিভিন্ন কাৰণত চৰকাৰৰ সৈতে সুসম্পর্ক ছিন্ন কৰাৰ বিৰোধী। এই ভয়াবহ প্ৰেক্ষাপটত বিভ্ৰান্ত, আক্ৰান্ত, ভীতসন্ত্রস্ত ডিমাচাসকলৰ, ডিমা হাচাও জিলাৰ বাসিন্দাসকল। কেবাজনো ডিমাছা ছাত্ৰ বন্ধুয়ে তুলিলে কেবাটাও গুৰুত্বপুৰ্ণ প্ৰশ্ন। এজনে ক'লে- নগাৰ আগ্ৰাসন প্ৰতিহত কৰিবলৈ গৈ অসম আৰক্ষী - অসম চৰকাৰৰ নির্মমতাৰ বলি হৈছো আমি। আমি নগাৰ অধীন হব নিবিচাৰো, অসমৰ লগত থাকিব বিচাৰি প্ৰতিবাদ কৰিবলৈ গৈছো। অথচ অসম চৰকাৰে, অসমৰ আৰক্ষীয়ে আমাক গুলীয়াই মাৰে! তেনেহলে আমি সুকীয়া ৰাজ্যৰ বাবে পণ লব লাগিব নেকি?

ডিমাছা সকলৰ ভাষিক সমস্যাৰ বাবে বহুতেই তেওঁলোকক আক্ৰমণকাৰী সজোৱা কার্যৰ প্ৰতিক্ৰিয়াত বিথিং থাওছেন নামৰ ছাত্ৰ এজনে ক'লে- ৰেল অৱৰোধৰ ফলত যাত্রীসকলৰ যাতে কোনো ধৰণৰ সমস্যা নহয় তাৰ বাবে আমি তেওঁলোকক বিদ্যালয় চৌহদ এখনত ৰাখি, পানী যোগানৰ পৰা ন্যূনতম সা-সুবিধাৰ ব্যৱস্থা কৰিছিলো। তাৰ পিছতো আমাক ৰেল যাত্রীক আক্ৰমণকাৰী বুলি কোৱা হৈছে। এয়া চৰম মিথ্যাচাৰ।

প্রত্যক্ষদর্শী ডেপালুৰ মতে পূৱা 8 বজাত আৰম্ভ হোৱা ৰেল অৱৰোধ দিনৰ 2.30 বজালৈ শান্তিপূৰ্ণ আছিল। 5 বজাত বেলি ডুব যোৱাৰ সময়। এনে স্থলত 4 বজাত সাজ লাগি অহাৰ আগতে অৱৰোধ শেষ হলহেঁতেন। তেনেস্থলত উপায়ুক্তৰ এই সক্ৰিয়তাৰ প্রয়োজন আছিল জানো? মই নিৰ্বাক।

মই নিৰ্বাক বাৰে বাৰে উঠি অহা এটা প্ৰশ্নত। প্ৰায় প্ৰত্যেকৰে মুখৰ এটাই প্ৰশ্ন - ডিমাচাসকল, ডিমা হাচাও জিলাৰ বাসিন্দা সকল আজি যি সংকটৰ সন্মুখীন হৈছে সেয়া আচলতে অসমৰ অস্তিত্বৰ সংকট। আমি অসমৰ অস্তিত্ব সুৰক্ষিত কৰিবলৈ প্ৰতিবাদ কৰিবলৈ গৈ অসমৰ চৰকাৰ, আৰক্ষীৰ আক্ৰমণৰ বলি হৈছো। অথচ আমাৰ কাষত থিয় দিবলৈ নাই অসমৰ কোনো দল সংগঠন। নাই অসমৰ জাগ্ৰত বিবেক!

No comments:

Post a Comment