বিশ্লেষণ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

নাগৰিক পঞ্জী, বি এন মল্লিক আৰু পি আই পি আঁচনি 
বুলন কুমাৰ শইকীয়া
নাগৰিক পঞ্জীৰ খচৰা প্ৰকাশ পোৱাৰ লগে লগে বিভিন্ন মহলত বিভিন্ন ক্ৰিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ নাগৰিক পঞ্জী উন্নীতকৰণ হোৱাটোকলৈও  বিভিন্ন পক্ষই কৃতিত্বৰ প্ৰাপ্য তেওঁলোকৰ বুলি দাবী কৰিছে ৷ আমাৰ সংবাদমাধ্যমসমূহেও খচৰা প্ৰকাশ হোৱাটোক ঐতিহাসিক ঘটনা বুলি চিহ্নিত কৰাৰ লগতে জাতীয় সংগঠনসমূহেও ইয়াক অসমীয়াৰ ৰক্ষা কৱচ বুলি চিহ্নিত কৰিছে ৷ এনে উত্ৰাৱল পৰিৱেশ এটাৰ সম্পৰ্কত ব্যক্তিগ’তভাৱে আমাৰ ক’বলৈ নাই ৷ যি অসম চুক্তিৰ আধাৰত ১৯৭১ক ভিত্তি বৰ্ষ হিচাপে লৈ নাগৰিক পঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়া আৰম্ভ হৈছিল বা পিছলৈ মহামান্য ন্যায়ালয়ে প্ৰক্ৰিয়াটোৰ তদাৰক কৰিছিল , আমি ভাবোঁ অসমীয়াক ৰক্ষণাবেক্ষণ দিয়াৰ ক্ষেত্ৰত ই কোনো ধৰণে সহায় নকৰে ৷ কিয় ? তাৰ উত্তৰো ইয়াত সামান্যভাৱে দিবলৈ চেষ্টা কৰিছো ৷ অৱশ্যে আমাৰ লেখাৰ উদ্দেশ্য বি.এন মল্লিক নামৰ ব্যক্তিগৰাকীৰ সম্পৰ্কত কিছু কথা আলোচনা কৰাহে ৷
    পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এন.আৰ.চি খনক অসমৰ পৰা বাঙালী খেদাৰ অস্ত্ৰ বুলি অভিহিত কৰি এইকেইদিন পৰিৱেশ উত্তপ্ত কৰি ৰাখিছে ৷ আশ্চৰ্যকৰ কথা এয়াহে যে বিজেপিয়ে  হিন্দু বাংলাদেশী আনি সংস্থাপিত কৰিম বুলি ক’লে জকজকাই উঠা মমতা বেনাৰ্জীৰ বাঙালীপ্ৰেম সেই সময়ত জাগি নুঠি এতিয়া এন.আৰ.চিৰ খচৰা প্ৰকাশ হওঁতেহে জাগি উঠিল ৷ আকউ, আমাৰ অসমীয়া নেতাগণ,  ৰজাঘৰীয়া প্ৰজাঘৰীয়া সকলো নামি পৰিছে মমতাৰ এনে স্বৰূপ প্ৰকাশ হোৱাত ৷ ব্যতিক্ৰম নহয় সংবাদ মাধ্যমো ৷ আচলতে আমাৰ শত্ৰু কোন সেই সম্পৰ্কত ঠিৰাং কৰি ল’ব নোৱাৰাৰ বাবেই আমাৰ মাজে সময়ে বাঘে-ছাগে পানী খোৱাৰ দৰে এটা অৱস্থা হৈয়ে থাকে ৷ দ্বিতীয়তে উগ্ৰ জাতীয়তাবাদী আস্ফালনত আমাৰ মন মগজু ইমান তৃপ্ত হৈ থাকে যে আমাৰ চিন্তা চৰ্চা আৰু বুদ্ধিবৃত্তিকো আমি কামত নলগাওঁ ৷ এনে পটভূমিত বি.এন মল্লিক কোন আছিল তাৰ খবৰ লোৱাটোৱেই অবান্তৰ যেন অনুভৱ হয় ৷ কিন্তু এন.আৰ.চি, অনুপ্ৰৱেশৰ সমস্যাৰ মাজতে যিহেতু  আমি পাকঘূৰণি খাই আছোঁ সেয়ে বি.এন মল্লিকৰ সম্পৰ্কত আমি কিছু কথা জনা উচিত ৷ 
    অসমত পূৱ পাকিস্তানৰ পৰা ( বাংলাদেশৰ জন্মৰ পূৰ্বৰ নাম ) হোৱা অনুপ্ৰৱেশৰ সমস্যাটো যে গুৰুতৰ ৰূপ ধাৰণ কৰিব সেই কথাটো পোন প্ৰথমে উপলদ্ধি কৰিছিল এইগৰাকী বাঙালী ভদ্ৰলোক বি.এন মল্লিকে ৷ সম্পূৰ্ণ নাম আছিল ভোলানাথ মল্লিক ৷ তেওঁক জনা যায় স্বাধীন ভাৰতৰ আৰক্ষীৰ চোৰাংচোৱা বিভাগৰ পিতৃপুৰুষ বুলি ৷ মল্লিকৰ ভূমিকাৰ বিষয়ে টিভি ৰাজেশ্বৰ নামৰ আই.বিৰ প্ৰাক্তন মূৰব্বীজনে The  Indian Police Journal নামৰ আলোচনীত The Reminiscenes of an IB officer শীৰ্ষক প্ৰৱন্ধটোত এনেদৰে উল্লেখ কৰিছে - as Director of Intelligence Bureau (DIB) I was aware of the problem ( অনুপ্ৰৱেশৰ সমস্যাটো ), which was slowly but steadily becoming more and more serious... The problem of illegal migration was flagged first by the first DIB BN Mullick ( 1950-1964). Mullick has closely studied the issue and suggested a series of important measures to be taken by the Centre and the State, which were not implemented adequately due to various resons including political compulsions. ৰাজেশ্বৰৰ এই কথাখিনি অত্যন্ত গুৰুত্বপূৰ্ণ ৷ কাৰণ ভোলানাথ মল্লিকৰ উত্তৰসুৰী হিচাপে তেওঁ DIB ৰ আসনত উপৱিষ্ট হৈছিল আৰু এই কথাও জানিছিল যে কেন্দ্ৰ আৰু ৰাজ্যচৰকাৰৰ সেই সময়ৰ কিছুমান দুৰ্বলতাৰ বাবে অসমত হৈ থকা অনুপ্ৰৱেশ ৰোধ কৰাৰ সম্পৰ্কত মল্লিকৰ পৰামৰ্শ কাৰ্যকৰী কৰা হোৱা নাছিল ৷ অৰ্থাৎ বি.এন মল্লিকক স্বাধীনতা প্ৰাপ্তিৰ ক্ষণতেই যে অসমৰ অনুপ্ৰৱেশৰ সমস্যাটোৱে আমনি কৰিছিল আৰু নিজৰ দায়িত্বপূৰ্ণ আসনৰ পৰা তেওঁ চৰকাৰক এই সম্পৰ্কত তৎকালে দৃষ্টিগোচৰ কৰিছিল সেয়া নিশ্চিত ৷ মল্লিকৰ পৰামৰ্শ মানি চলা নাছিল কেৱল চৰকাৰেহে ৷ টিভি ৰাজেশ্বৰৰ উক্ত প্ৰৱন্ধতেই উল্লেখ আছে কিদৰে পোনপ্ৰথমবাৰৰ বাবে নাগৰিক পঞ্জীখন মল্লিকে গুৰুত্ব দিব লাগে বুলি চৰকাৰী পক্ষক সঁকিয়াই দিছিল ৷ সম্ভৱতঃ সেইখিনি সময়ত মতিউৰ ৰহমান, সমুজ্বল ভট্টাচাৰ্য, অভিজিৎ শৰ্মা আদি এন.আৰ.চি সম্পৰ্কত সোচ্চাৰ এইসকলৰ এজনেও পৃথিৱীৰ মুখ দেখাই নাছিল ৷
     কেৱল অনুপ্ৰৱেশৰ সমস্যাটো চৰকাৰক দৃষ্টিগোচৰ কৰাই নহয় ইয়াৰ সমাধান কল্পেও বি.এন মল্লিকে নামি পৰিছিল ৷ মল্লিকেই পি.আই.পি নামৰ আঁচনিখন যুগুতাই উলিয়াইছিল ৷ অসম আন্দোলনৰ পৃষ্ঠভূমিৰ ওপৰত প্ৰস্তুত এক গৱেষণাপত্ৰত এইদৰে উল্লেখ আছে - The act has provided that the members of the minority community in East Pakistan who had left the country due to civil disturbance or for the fear of it should not be deported. The entire thrust in the sixties was directed at the Muslim infiltrators from the then East Pakistan. This is confirmed by the draft of the famous PIP ( Prevention of Infiltration from Pakistan ) scheme of 1964 which the then director of the Inteligence Bureau, BN Mullick prepared. 
   এইখিনিতে আৰু এগৰাকী ব্যক্তিৰ নাম ল’ব লাগিব ৷ তেওঁ হ’ল ভাৰতীয় আৰক্ষী সেৱাৰ প্ৰাক্তন বিষয়া যিগৰাকীক আনোৱাৰা টাইমূৰৰ দিনত কাৰাৰূদ্ধ কৰা হৈছিল ৷ তেওঁ হৈছে এতিয়াৰ বিজেপি নেতা হিৰণ্য ভট্টাচাৰ্য ৷ ভট্টাচাৰ্যই বি.এন মল্লিকৰ সহযোগী বিষয়া হিচাপে কাম কৰাৰ কালত PIP আঁচনিখন কাৰ্যকৰী কৰিবলৈ গৈ লাভ কৰা তিক্ত অভিজ্ঞতাৰ কথা নিজৰ গ্ৰন্থত উল্লেখ কৰিছে ৷ অধিক ক’বলৈ হ’লে PIP আঁচনিখনত বিধি পথালি দিয়াত একাংশ হিন্দু বাঙালী নেতাৰ যে সক্ৰিয় ভূমিকা আছিল সেই কথা ভট্টাচাৰ্যৰ লেখনীৰ পৰাই জানিব পৰা যায় ৷ 
     বি.এন মল্লিকৰ সাৱধানবাণী চৰকাৰে সময় মতে কাণসাৰ দিয়াহেতেঁন, PIP আঁচনিখন বলৱৎ কৰিব পৰাহেতেঁন, মল্লিকৰ সকিয়নি অনুসাৰে সেই তেতিয়াই নাগৰিকপঞ্জীখন শুদ্ধ কৰিবলৈ উদ্যোগ লোৱাহেতেঁন অসমত "অসম আন্দোলন" গঢ় লৈ নুঠিলহেতেঁন আৰু অসমৰ ইতিহাসো এতিয়াতকৈ সম্পূৰ্ণ সলনি হ’লহেতেঁন ৷ খিলঞ্জীয়াও সংশয়মুক্তহৈ থকাৰ পৰিৱেশ এটা আমি লাভ কৰিলোঁহেতেঁন ৷ কিন্তু সেইবিলাক একো নহ’ল ৷ অসমৰ অনুপ্ৰৱেশ সমস্যাৰ কথা আলোচনা হলেও ক্ৰমশঃ অনুচ্চাৰিত হ’বলৈ ধৰিলে বি.এন মল্লিকৰ নাম ৷ আমি আজি ১৯৭১ চনৰ ভিত্তি বৰ্ষত খচৰা প্ৰকাশ হওঁতেই আনন্দত আহ্লাদিত হৈ পৰিছো অসমীয়াৰ ৰক্ষা কৱচ চূড়ান্ত হ’ল বুলি ভ্ৰান্ত ধাৰণা এটালৈ ৷ 
     ভোলানাথ মল্লিকৰ PIP আঁচনি কিয় কাৰ্যকৰী নহ’ল তাৰ কাৰণ ওপৰত উল্লেখ কৰি অহা গৱেষণা পত্ৰখনত উল্লেখ আছে এনেকৈ ... but following persistent presuures by a powerful section of the minority community in the Congress Led by an Influential minister that Indian citizens were harassed, the project proved non-starter which was further agravated at the time of Bangladesh war. 
      অসমৰ জনগাঁথনিলৈ যি প্ৰত্যাহ্বান আহিছিল সেই প্ৰত্যাহ্বানক ওফৰোৱাৰ বাবে যৎপৰোনাস্তি চেষ্টা চলোৱা বি.এন মল্লিকৰ PIP আঁচনি কাৰ্যকৰী হোৱা নাছিল তদানীন্তন কংগ্ৰেছী মন্ত্ৰী এগৰাকীৰ তৎপৰতাত ৷ সেই মন্ত্ৰীগৰাকীৰ নিৰ্দেশিত সময়ক ভিত্তিবৰ্ষ হিচাপে লৈ আমি এন.আৰ.চি খনৰ খচৰা লাভ কৰিছোঁ ৷ ইতিহাসৰো কি বিড়ম্বনা ? কি সমুজ্বল, কি অখিল , কি অভিজিৎ সকলো এতিয়া বন্দনামুখৰ এন.আৰ.চি খনকলৈ ৷ সৰ্বানন্দৰ পৰা প্ৰফুল্ল, তৰুণ, ৰিপুণ সকলোকে কৃতিত্ব লাগে ৷ স্বাধীনতাকামী অসমীয়া পৰেশ বৰুৱা আৰু এখোপ ওপৰত ৷ এন.আৰ.চিৰ আঁৰত কোনোবা প্ৰদীপ হাজৰিকা বুলিহে উল্লেখ কৰি তেওঁ অধ্যয়নহীনতা স্পষ্ট কৰি দিছে ৷ তাৎপৰ্যপূৰ্ণ যে মমতাৰ মন্তব্যত এওঁলোক সকলোৱে জাঙুৰ খাই উঠিছে ৷ বি.এন মল্লিকৰ কাম আৰু চিন্তাক আমি সন্মান কৰিবলৈ জনাহেতেঁন এই বাঙালী ভদ্ৰমহিলাগৰাকীয়ে আজি দুখ লগাকৈ চুপ হৈ থাকিবলগীয়া হ’লহেতেঁন ৷ অামাৰ তথাকথিত সংবাদমাধ্যমতো এইবোৰ এতিয়া আলোচনাৰ প্ৰাসংগিক বিষয় নহয় ৷
লেখকৰ নিজা ব্লগৰ সূত্ৰঃ http://bulonsaikia.blogspot.in

No comments:

Post a Comment