সাম্প্ৰতিক প্ৰসংগ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

লাছা-নিংচি এক্সপ্ৰেছৱে’: তিব্বতৰ উন্নয়ণ বনাম দিল্লী-বেইজিংৰ কূটনীতি
0 বিজয় কৃষ্ণ চেতিয়া

২০১৭ বৰ্ষত ভাৰতৰ দেশীয় সুৰক্ষা ব্যৱস্থাৰ বাবে “ডোক-লাম (Doklam)” সীমা বিবাদ প্ৰসংগটো আন্ত:ৰাষ্ট্ৰীয় কূটনৈতিক দিশৰ পৰা আটাইতকৈ গুৰুত্বপূৰ্ণ আছিল বুলি আমি ব্যক্তিগতভাৱে বিশ্বাস কৰোঁ, কিয়নো এই ডোক-লামত উদ্ভৱ হোৱা সীমা বিবাদেই বিশ্বৰ দুই শক্তিশালী দেশ চীন আৰু ভাৰতৰ মাজৰ কূটনৈতিক সম্পৰ্কক এক চৰম অনিশ্চয়তাৰ পিনে ঠেলি দি এক সামৰিক যুদ্ধৰ আৰম্ভ হোৱাৰ পৰিৱেশৰ সূচনা কৰিছিল। অৱশ্যই অৱশেষত যোৱা ২৮ আগষ্ট, ২০১৭ তাৰিখে প্ৰায় ৭১টা দিনৰ অন্তত এই চৰম উত্তেজিত সীমা বিবাদৰ কূটনৈতিক স্তৰত অন্ত পৰিছিল আৰু আমাৰ বিবেচনাত এই ক্ষেত্ৰত মুখ্য ভূমিকা গ্ৰহন কৰিছিল যোৱা ৩-৫ চেপ্তেম্বৰলৈকে চীনত অনুষ্ঠিত হোৱা ব্ৰীকছ (BRICS) সন্মিলনে, য’ত ভাৰতৰ উপস্থিতি অতিকৈ গুৰুত্বপূৰ্ণ আছিল। এই সীমা বিবাদ অন্ত পৰা পিছতেই ভাৰত-চীন দুই দেশে আন্ত:ৰাষ্ট্ৰীয় স্তৰত নিজস্ব কূটনৈতিক জয়ৰ দাবী কৰিলেও আমি কিন্তু এই সীমা বিবাদৰ কূটনৈতিক স্তৰত সমাধান হোৱালৈ গুৰুত্ব দি কূটনৈতিক জয়-পৰাজয়ক আওকান কৰি ভাৰত-চীনৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ (actual line of control) বাকী অংশৰ সীমা বিবাদও এক পাৰস্পৰিক কূটনৈতিক সহযোগিতাৰে সমাধান হোৱা এক যোগাত্মক পৰিৱেশ ৰচনা হৈছে বুলিহে বিশ্বাস কৰোঁ। 



কিন্তু অতি শেহতীয়াকৈ চীনে তিব্বতৰ আন্ত:গাঁঠনিমূলক উন্নয়ণ বিশেষকৈ যাতায়তৰ আন্ত:গাঁঠনিত বিশেষ গুৰুত্ব দিয়াত দিল্লী-বেইজিংৰ কূটনৈতিক সম্পৰ্কই এক নতুন মূৰ লৈছে বুলি ধাৰণা কৰিব পাৰি। আৰু সাম্প্ৰতিক সময়ত এই ক্ষেত্ৰত বিশেষভাৱে চৰ্চিত হৈছে যোৱা ০১ অক্টোবৰ ২০১৭ তাৰিখ, দেওবাৰে চীনে তিব্বতৰ (চীনৰ ভাষাত “তিব্বত স্বায়ত্বশাসিত অঞ্চল”, Tibet Autonomous Region, TAR) দুই মুখ্য নগৰ লাছা (Lhasa) আৰু নিংচি (Nyingchi) সংযোগ কৰি মুকলি কৰা প্ৰায় ৪০৯ কি:মি দৈৰ্ঘ্যৰ “এক্সপ্ৰেছৱে’টো” (Expressway) ।এই “লাছা-নিংচি”এক্সপ্ৰেছৱে’ নিৰ্মান কৰোতে চীনে প্ৰায় ৩৮ বিলিয়ন য়ুউৱান (Yuan) অৰ্থাৎ ৫.৮ বিলিয়ন আমেৰিকান ডলাৰ খৰছ কৰিছে। তথ্য অনুসৰি এই এক্সপ্ৰেছৱে’ ব্যৱহাৰে লাছা আৰু নিংচি মাজৰ দূৰত্ব কেৱল মাত্ৰ ০৫ ঘণ্টা সময়তেই (৮০ কি:মি/প্ৰতি ঘণ্টা বেগত) অতিক্ৰম কৰিব পৰা যাব, যাৰ বাবে পূৰ্বতে প্ৰয়োজন হৈছিল প্ৰায় ১০ ঘণ্টাৰও অধিক সময়। 

চীনে এই এক্সপ্ৰেছৱে’ নিৰ্মানৰ দ্বাৰা তিব্বতৰ পৰ্যটন উদ্যোগলৈ বিশেষ পৰিৱৰ্তন আহিব বুলি দাবী কৰিছে।আপত: দৃষ্টিত এই দাবী শুদ্ধ হ’লেও কিন্তু চীনৰ Peoples Liberation Army য়ে তিব্বতৰ সহৰ সংখ্যক পথকে সীমামূৰীয়া অঞ্চলত নিজৰ সামৰিক শক্তিৰ উপস্থিতি বৃদ্ধি কৰাৰ অৰ্থে ব্যৱহাৰ কৰাহে তথ্য পোৱা যায়। আৰু এনে অৰ্থতে সদ্য-মুক্ত “লাছা-নিংচি এক্সপ্ৰেছৱে”এ ভাৰত আৰু চীনৰ মাজৰ সীমা কেন্দ্ৰীক বিবাদত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব বুলি আশা কৰিব পাৰে, কিয়নো দক্ষিন-পূৰ্ব তিব্বত স্বায়ত্ব শাসিত্ব (prefecture) অঞ্চল নিংচিৰ দূৰত্ব ভাৰতৰ উত্তৰ-পূৰ্ব সীমা ৰাজ্য অৰুণাচলৰ পৰা তেনেই কম। গতিকে সাম্প্ৰতিক সময়ত চীনে তিব্বতত ক্ষিপ্ৰ কৰি তোলা আন্ত:গাঁঠনিক আঁচনি সমূহৰ গভীৰ কূটনৈতিক অধ্যয়ণৰ দ্বাৰা ভাৰতেও নিজস্ব সীমা যাতায়ত ব্যৱস্থা অধিক মজবুত কৰাটো অতিকৈ জৰুৰী বুলি আমি ব্যক্তিগতভাৱে অনুভৱ কৰোঁ আৰু সেয়েহে তিব্বতত চীনৰ আন্ত:গাঁঠনিকমূলক কূটনীতিৰ বিষয়ে তলত সংক্ষেপে কিছু আলোচনা কৰা প্ৰয়াস কৰিলোঁ। 

আমি সকলোৱে জানো যে ভাৰত আৰু চীনৰ সীমা কেন্দ্ৰীক বিবাদত তিব্বতে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। প্ৰকৃততে কেৱল ভাৰতৰ লগতেই নহয় পাকিস্তান, ভূটান, নেপাল আদি দেশৰ লগতও চীনৰ সীমা বিনিময়ত তিব্বতে বিশেষ ভূমিকা পালন কৰি আহিছে। ১৯৫১ চনত মাওৰ নেতৃত্বত চীনৰ পিপলচ লিবাৰিছন আৰ্মিয়ে তিব্বত দখল কৰা আগলৈকে হিমালয়ৰ পাদদেশৰ দেশসমূহৰ লগত অৰ্থাৎ ভাৰত,পাকিস্তান,ভূটান আৰু নেপালৰ লগত চীনৰ পোনপটীয়া সীমা সংযোগ সম্ভৱ নাছিল। আৰু এই কথা চীনৰ বাওঁ শাসক গোষ্ঠীয়ে ভালদৰে উপলব্ধি কৰিব পাৰিছিল যে ভৱিষ্যতে হিমালয়ৰ পাদদেশত নিজৰ উপস্থিতি শক্তিশালী কৰিবলৈ হ’লে তিব্বতক প্ৰথমে নিজৰ দখলত লব লাগিব আৰু তিব্বতত নিজৰ সামৰিক আৰু অৰ্থনৈতিক উপস্থিতি শক্তিশালী কৰিব লাগিব। সাম্প্ৰতিক সময়ত এনে চিন্তাৰেই চীনে তিব্বতত নিজৰ শক্তিশালী উপস্থিতি সুযোগলৈ ওচৰ চুবুৰীয়া প্ৰতিখন দেশৰ বিশেষকৈ ভাৰতৰ লগত সীমা-বিবাদ (border dispute diplomacy ) চাপ বৃদ্ধি দ্বাৰা নিজৰ কূটনৈতিক শক্তিক অধিক শক্তিশালী কৰা অৰ্থেই তিব্বতৰ ক্ষিপ্ৰ আন্ত:গাঁঠিনক উন্নয়ণত অধিক গুৰুত্ব দিছে বুলি ধাৰণা কৰিব পাৰি । এই আন্ত:গাঁঠনিক উন্নয়ণত চীনে মূলত যোগাযোগৰ/যাতায়তৰ আন্ত:গাঁঠনিতহে বিশেষ গুৰুত্ব দিয়া দেখা যায় আৰু এই যোগাযোগৰ আন্ত:গাঁঠনিক উন্নয়ণৰ দ্বাৰা চীনে তিনিটা দিশত নিজৰ কূটনৈতিক চিন্তাক শক্তিশালী কৰিব প্ৰয়াস কৰিছে বুলি অনুমান কৰিব পাৰি, 

১. তিব্বতৰ সীমামূৰীয়া অঞ্চলক চীনৰ মূল ভূমিখণ্ডৰ লগত পোনপটীয়া সংযোগ গঢ়ি তোলা
২. প্ৰকৃত নিয়ন্ত্ৰণ ৰেখালৈ (actual line of control) সামৰিক যোগাযোগ ব্যৱস্থা উন্নয়ণ কৰা 
৩. বিবাদমান অঞ্চলত নিজৰ সামৰিক শক্তি বৃদ্ধি কৰা। 

সাম্প্ৰতিক সময়ত “লাছা-নিংচি এক্সপ্ৰেছৱে” বিশেষ গুৰুত্ব পালেও কিন্তু ওপৰোক্ত তিনি কূটনৈতিক চিন্তাক সফলভাৱে ৰূপায়ণ কৰিবলৈ ইতিমধ্যেই চীনে তিব্বতত যোগাযোগ ব্যৱস্থাৰ তিনিওটা মাধ্যমৰ (ৰেলৱে, স্থল পথ আৰু আকাশ মাৰ্গ) বাবে প্ৰয়োজন আন্ত:গাঁঠনিৰ বাবে বহু উচ্চমানৰ প্ৰকল্পক সম্পূৰ্ণ কৰা তথ্য পোৱা যায়, ইয়াৰে কিছু তলত সংক্ষেপে উল্লেখ কৰা প্ৰয়াস কৰিলোঁ,
ক। ৰেলৱে ব্যৱস্থা 
১। লাছা (Lhasa)-গুলমুদ(Golmud) ৰেলৱে লাইন: প্ৰায় ১১৪২ কি.মি দৈৰ্ঘ্যৰ এই ৰেলৱে লাইনে চীন-তিব্বতৰ সীমামূৰীয়া চহৰ গুলমুদক লাছাৰ লগত সংলগ্ন কৰিছে। এই ৰেলৱে লাইন জুলাই, ২০০৬ চনৰ কাৰ্যক্ৰম হৈ আছে। তথ্যমতে এই ৰেলৱে লাইনৰ দ্বাৰা লাছা-গুলমুদৰ দূৰত্বক অতিক্ৰম কৰিবলৈ প্ৰয়োজনীয় সময়ক ৭২ ঘণ্টা পৰা ১৬ ঘণ্টালৈ হ্ৰাস কৰা হয়। ইয়াৰ ওপৰিও এই ৰেলৱে লাইন সামৰিক দিশৰ পৰাও অতি গুৰুত্বপূৰ্ণ কিয়নো এই ৰেলৱে ব্যৱস্থাৰ দ্বাৰা মাহেকত প্ৰায় ১২ টা চীনা সামৰিক বিভাগক অনা নিয়া কৰিব পাৰি।
২। লাছা-জিগাযে (Xigaze) ৰেলৱে লাইন: এই ৰেলৱে লাইন আগষ্ট ২০১৪ চনত মুকলি কৰা হয়। এই ৰেলৱে লাইনে চীনে ভাৰতৰ ছিকিম সীমামূৰীয়া য়াডং (Yadong) আৰু নেপাললৈ ৰেলৱে লাইন বিস্তাৰৰ কৰা সম্ভাৱনাক সহজ কৰি তুলিলে। 
৩। লাছা- নিংচি ৰেলৱে লাইন: সাম্প্ৰতিক সময়ত বিশেষ গুৰুত্ব লাভ কৰা লাছা- নিংচি এক্সপ্ৰেছৱে সমান্তৰালকৈ কিন্তু চীনে লাছা- নিংচি ৰেলৱে লাইনৰ কামো ২০১৪ চনৰ ডিচেম্বৰ মাহৰ পৰা আৰম্ভ কৰিছে আৰু আশা কৰা মতে ৪৩৫ কি মি এই ৰেলৱে লাইন ২০২১ চনত সম্পূৰ্ণ হৈ উঠিব। 

খ। স্থল ঘাই পথ: 
ৰেলৱে ব্যৱস্থা উন্নত কৰা লগে লগে চীনে তিব্বতত বহুত কেইটা স্থল ঘাই পথৰ নিৰ্মানৰ কামো সম্পূৰ্ন কৰে , তাৰে কিছু প্ৰকল্পৰ নাম তলত উল্লেখ কৰিলোঁ,
১। পূৰ্বীয় ঘাই পথ বা ছিচুৱান(Sichuan)-তিব্বত হাইৱে
২। কেন্দ্ৰীয় ঘাইপথ বা কুইনঘাই(Qinghai) –তিব্বত হাইৱে
৩। পশ্চিমীয়া ঘাইপথ বা লাছা-কাচৰ(Kashgar)/ আকাই চীন (Aksai Chin)/ জিনযিয়াং( XingJing) হাইৱে
৪। য়ুনান (Yunnan)-তিব্বত হাইৱে

গ। বিমান যোগাযোগ ব্যৱস্থা: 
তিব্বতত চীনে ইতিমধ্যেই সামৰিক ব্যৱহাৰক মূল লক্ষ্য কৰি প্ৰায় সাতোটা বিমান কেন্দ্ৰ নিৰ্মান সম্পূৰ্ণ কৰিছে, সেই সমূহৰ নাম তলত উল্লেখ কৰা হ’ল 
১।লাছা-গোনংগাৰ (Gonggar) বিমান কেন্দ্ৰ
২। নাগেৰি(Ngari)-গোনছা (Gunsa) বিমান কেন্দ্ৰ
৩। নিংচি-মেইনলিং(Mainling) বিমান কেন্দ্ৰ
৪। কুৱামদ’(Qamdo)-বামদা (Bamda) বিমান কেন্দ্ৰ
৫।নাগছু(Nagchu)-ডাগৰিং(Dagring) বিমান কেন্দ্ৰ
৬।ডাওচেং(Daocheng)-য়াডিং(Yading) বিমান কেন্দ্ৰ
৭। ছিগেটচে(Shigatse)-পিচ (Peace) বিমান কেন্দ্ৰ

উপৰোক্ত আলোচনা পৰা এটা কথা স্পষ্ট হয় যে চীনে হিমালয়ৰ পাদদেশৰ দেশসমূহত নিজৰ আধিপত্য বিস্তাৰৰ বাবে প্ৰয়োজনীয় আন্ত:গাঁঠনিৰে তিব্বতক সজাই তুলিবলৈ সক্ষম হৈছে। আৰু চীনৰ এই প্ৰস্তুতিক প্ৰত্যাহ্বান জনাবলৈ ভাৰত কেনেদৰে সাজু হয় , এইয়ে বৰ্তমান সময়ত এক চিন্তাৰ বিষয়।

আমাৰ বিবেচনাত চীনৰ এই তীব্বতীয় কূটনীতিক প্ৰত্যাহ্বান জনাবলৈ ভাৰতে ইয়াৰ উত্তৰ-পূৰ্ব ৰাজ্য সমূহৰ ক্ষিপ্ৰ উন্নয়ণত অধিক মনোযোগ দিব লাগিব, বিশেষকৈ আন্ত:ৰাজ্যৰ যোগাযোগ ব্যৱস্থাত আমূল পৰিৱৰ্তন আনিবই লাগিব । লগতে উত্তৰ-পূৰ্ব ৰাজ্য সমূহৰ গাতে লাগি থকা সৰু সৰু দেশসমূহৰ লগত সীমামূৰীয়া বেপাৰ ব্যৱস্থাৰ (Border Trade) দ্বাৰা অৰ্থনৈতিক সম্পৰ্কও মজবুত কৰিব লাগিব। আমি বিশ্বাস কৰোঁ যে ভাৰতৰ উত্তৰ-পূৰ্ব ৰাজ্য সমূহৰ উন্নয়ণৰ বাবে ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে গ্ৰহন কৰা “ পূৰ্বকলৈ কাম কৰা (Act East Policy)” নীতিয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহন কৰিব পাৰে, উদাহৰণস্বৰূপে “ষ্টিলৱেল পথ (Stil Well”ৰ মুকলি দ্বাৰা ম্যানমাৰ হৈ দক্ষিন-পূৰ্ব এছিয়াৰ বিভিন্ন দেশৰ লগতে উত্তৰ-পূৰ্ব ভাৰতৰ পোনপটীয়া মুক্ত বানিজ্য ব্যৱস্থা গঢ়ি তোলা ইত্যাদি। আৰু আমি বিশ্বাস কৰোঁ এনে চিন্তাৰ দ্বাৰা চীনে ম্যানমাৰক ব্যৱহাৰ কৰি ভাৰত মহাসাগৰত নিজৰ যি আধিপত্য বিস্তাৰ কৰিব বিচাৰিছে তাকো কূটনৈতিকভাৱে বাধা দিব পৰা যাব।

সেয়েহে সদৌ শেষত আমি আশা কৰিম বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰে চীনৰ সামৰিক আৰু অৰ্থনৈতিক কূটনীতিক প্ৰত্যাহ্বান জনাব পৰাকৈ উত্তৰ-পূৰ্ব ভাৰতৰ ক্ষিপ্ৰ আন্ত:গাঁঠনি উন্নয়ণত অধিক গুৰুত্ব দিব।**************************

No comments:

Post a Comment