বিশ্লেষণ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

অসম জাতীয় বিদ্যালয়ঃ 
অসমীয়াৰ বিৰুদ্ধে চলি থকা ষড়যন্ত্ৰৰ যোগ্য প্ৰত্যুত্তৰ
মনোৰম গগৈ
"অসমীয়া সত্ত্বাৰ জাগৰণ' আৰু মূল্যবোধৰ শিক্ষা”—মূলতঃ এই দুটা লক্ষ্য সন্মুখত ৰাখিয়েই ১৯৯৪ চনৰ ১ জানুৱাৰীত গুৱাহাটীত শুভাৰম্ভ কৰা হৈছিল অসম জাতীয় বিদ্যালয়ৰ। ২০১৮ চনৰ ১ জানুৱাৰীত এই বিদ্যালয়ে ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিছে। বিগত আঢ়ৈ দশক সময়ত এই বিদ্যালয়ে অসমক কি দিলে ঘোষিত ই কিমানদূৰ অতিক্রম কৰিলে আদি বিষয়ত নিশ্চয়কৈ এক পর্যালোচনাৰ সময় এয়া।


জন্মলগ্নৰে পৰা অসম জাতীয় বিদ্যালয়ক নিচেই ওচৰৰ পৰা দেখিছোঁ। ১৯৯৬ চনৰ জুন মাহত অর্থাৎ বিদ্যালয়খনে আঢ়ৈ বছৰ অতিক্রম কৰাৰ সময়ত ‘প্রাপ্তিক'ত এই বিদ্যালয়খন গঢ়ি উঠাৰ অৰিৰ পটভূমি আৰু ইয়াৰ আদৰ্শগত কথাখিনিক আলোকপাত কৰি মই এটা লেখা লিখিছিলো। লেখাটো আৰম্ভ কৰিছিলোঁ। বিদ্যালয়খনৰ ছাত্র-ছাত্ৰীসকলক কর্তৃপক্ষই জন্ম দিনত প্রদান কৰা শুভেচ্ছা-পত্ৰত লিখা মূল্যৱান কথাখিনিৰ উদ্ধৃতি দি, যিখিনি কথাত অসম জাতীয় বিদ্যালয়ে বহন কৰা মূল্যবোধখিনি সুন্দৰভাৱে ফুটি উঠিছিল। ৰূপালী জয়ন্তী ব্যৰ্থত সেই কথাখিনি পুনৰ উল্লেখ কৰিব খুজিছো। এই শুভেচ্ছাপত্ৰখনত আছিল আব্ৰাবম লিংকনে এগৰাকী শিক্ষকলৈ বুলি লিখা কিছুমান উপদেশঃ "ছাত্ৰক শিকাওক যে সকলো মানুহেই সাধু নহয় আৰু সকলো মানুহেই সত্যবাদী নহয়। প্রতিজন দুজন ব্যক্তিৰ বিপৰীতে একোজন বীৰ থাকে, প্ৰতিজন স্বাৰ্থপৰ ৰাজনীতিকৰ বিপৰীতে নিষ্ঠাৱান সেৱক থাকে...। ছাত্ৰক শিকাওক যে প্রতিজন শত্ৰুৰ বিপৰীতে একোজন বন্ধু থাকে। তেওঁক শিকাওক যে এনেয়ে পোৱা পাচ ডলাৰতকৈ আর্জিত এক ডলাৰৰ মূল্য বহু বেছি। পৰাজয়কো মানি ল'বলৈ তেওঁক শিকাব আৰু লগতে বিজয়ত আনন্দ কৰিবলৈও শিকাব৷ আপুনি পাৰিলে তেওঁক কিতাপৰ মহিমা শিকাওক, লগতে তেওঁক আকাশৰ চৰাই, মিঠা ৰ’দত বিচৰণ কৰা মৌ-মাখি আৰু সেউজীয়া পাহাৰৰ গাতে লাগি থকা ফুলৰ চিৰন্তন ৰহস্যৰ আঁত বিচাৰিবলৈ নীৰৱ সময় দিয়ক।”



অসমৰ জাতীয় জীৱনৰ এক জটিল সন্ধিক্ষণত ‘অসম জাতীয় বিদ্যালয়’ৰ ধাৰণাটোৱে জীপ পাই উঠিছিল। ১৯৭৯ চনৰ পৰা অবৈধ বাংলাদেশী প্ৰব্ৰজনৰ বিৰুদ্ধে চলি থকা আন্দোলনটোৰ পৰিসমাপ্তি ঘটিছিল "অসম চুক্তি'ৰ মাজেৰে। চুক্তি স্বাক্ষৰকাৰী আন্দোলনকাৰী নেতাসকলক পৰৱৰ্তী সময়ত অসমৰ ৰাইজে আথে-বেথে নি৷ দিছপুৰৰ ৰাজপাটত বহুৱাইছিল। কিন্তু মাত্র পাঁচ বছৰ শাসনভাৰ চলোৱাৰ পাছতে এই নেতাসকলৰ প্রতি অসমৰ জনগণৰ মোহভংগ ঘটিছিল। ইতিমধ্যে অসমৰ পূৰ্ণ ৰাজনৈতিক স্বাধীনতা বিচাৰি সংযুক্ত মুক্তি বাহিনী, অসম বা চমুকৈ আলফাই ও সশস্ত্ৰ সংগ্ৰামৰ পাতনি মেলি সকলোৰে দৃষ্টি আকৰ্ষণ আন্দোলনকাৰী নেতাসকলৰ ব্যর্থতা কিম্বা প্ৰতাৰণাত ক্ষুব্ধ হৈ এই আন্দোলনত মনে-প্ৰাণে অংশগ্রহণ কৰা অসমপ্রেমীৰ এটা চাম আলফাৰ সশস্ত্ৰ সংগ্ৰামৰ প্ৰতি আকৰ্ষিত হ'লেও তাৰ মাজেৰে এটা চামে সশস্ত্ৰ সংগ্ৰাম বা চৰম পন্থাক সমর্থনা কৰিব পৰা নাছিল।এফালে অহিংস আন্দোলনৰ বিফল পৰিসমাপ্তিয়ে আনি দিয়া হতাশাৰ অৱসাদ, আনহাতে সশস্ত্ৰ সংগ্ৰামৰ প্ৰতি অনাস্থা— তাৰ মাজতে অসম আৰু অসমীয়াৰ স্বাথত নিজৰ কৰ্তব্য তথা দায়িত্ব স্থিৰ কৰি লোৱা কিছুসংখ্যক অসমপ্রাণ নাগৰিক লগ লাগিছিল অসম জাতীয় বিদ্যালয়ৰ মঞ্চত। ইয়াৰ মাজৰে কিছুসংখ্যকে প্রত্যক্ষভাৱে বিদ্যালয়খনৰ পৰিচালনাৰ সৈতে জড়িত হৈছিল আৰু আন কিছুসংখ্যাকে পৰোক্ষভাৱে নিজৰ নিজৰ অৱস্থানৰ পৰাই বিদ্যালয়খনক সহায়-সহযোগ আগবঢ়াইছিল।

সংকটৰ গৰাহত থকা অসম আৰু অসমীয়াক বচাবলৈ হ’লে কেৱল শ্ল’গান বা ৰাজপথৰ আন্দোলনে কাম নিদিয়ে। কাম নিদিয়ে অস্ত্ৰ আৰু অৰ্থ সর্বস্ব সশস্ত্ৰ তৎপৰতাই। জাতীয় চেতনাৰে সমৃদ্ধ এক সুপৰিকল্পিত আৰু প্রণালীৱদ্ধ নিৰৱচ্ছিন্ন বৌদ্ধিক তৎপৰতাৰ লগতে কর্ম-সংস্কৃতিৰ যথোপযুক্ত কর্ষণেহে জাতিটোক প্রকৃত উত্তৰণৰ বাট দেখুৱাব পাৰে। অসম জাতীয় বিদ্যালয় জন্মৰ অৰিত এই বাস্তৱ সত্য-উপলব্ধিয়ে ক্রিয়া কৰিছিল।  

আৰম্ভণিৰে পৰাই অসম জাতীয় বিদ্যালয়ে প্ৰাথমিক পৰ্যায়ৰ শিক্ষাৰ ক্ষেত্ৰত  বিশ্বজুৰি প্রতিষ্ঠিত বিজ্ঞানসন্মত এক সত্যক তুলি ধৰিবলৈ যত্ন কৰি আহিছে। ‘শিক্ষাৰ ক্ষেত্ৰত সমগ্র বিশ্বজুৰি বিজ্ঞানসন্মতভাৱে প্রতিষ্ঠিত এটা সত্য এয়ে যে শিক্ষাদান আৰু শিক্ষা আহৰণৰ বাবে শ্রেষ্ঠ মাধ্যম

হ’ল নিজৰ মাতৃভাষা। প্রতিভা আৰু ব্যক্তিত্বৰ বিকাশত, বিশেষকৈ স্কুলীয়া ভৰত, মাতৃভাষাৰ মাধ্যমত শিক্ষা আহৰণে গভীৰ প্ৰভাৱ পেলোৱাৰ কথাটো বিভিন্ন সমীক্ষাই প্রতিপন্ন কৰিছে। এই দিশৰ প্ৰতি লক্ষ্য ৰাখিয়েই সমাজত বৈজ্ঞানিক, কাৰিকৰী, আৰ্থ সামাজিক, ভাষা সাহিত্য সংস্কৃতি  সকলো দিশতে এচাম নতুন প্রতিভাৰ সৃষ্টি আৰু গঢ়
দিয়াৰ মানসেৰেই আমি এই বিদ্যালয়খন আৰম্ভ কৰিছো। আমি প্রমাণ কৰিব খুজিছো যে অসমীয়া ভাষাৰ মাধ্যমেৰেও সমাজ আৰু অভিভাবকে বিচৰা শৃংখলাবদ্ধ পৰিৱেশত ছাত্ৰ-ছাত্রীক উপযুক্ত শিক্ষা প্রদান কৰিব পাৰি। ব্যৱসায়মুখিতা আৰু আসোঁৱাহৰ বিপৰীতে সময়ৰ নতুন নতুন প্রয়োজনৰ লগত খাপ খুৱাব পৰাকৈ ছাত্র-ছাত্রীক গঢ় দিয়াটো এটা প্রত্যাহবান। অসম জাতীয় বিদ্যালয়ে ইয়াক গ্রহণ কৰিছে।" বিদ্যালয়খন প্রতিষ্ঠাৰ অৰিৰ প্ৰধান উদ্দেশ্য। সম্পর্কে বিদ্যালয়খন মুকলি কৰাৰ প্ৰাকমুহূর্তত উদ্যোক্তাসকলৰ তৰফৰ পৰা এনেদৰে ঘোষণা কৰা হৈছিল। লগতে কোৱা হৈছিল যে বিদ্যালয়খনৰ  মূল ভিত্তি হ’ল এটা মুকলি আৰু বৈজ্ঞানিক দৃষ্টিভংগী। মাতৃভাষাৰ মাধ্যমত শিক্ষা আহৰণৰ বিষয়টো বিজ্ঞানসন্মত বুলি মানি লৈও বর্তমানৰ প্ৰতিযোগিতামূলক পৃথিবীত ইংৰাজী ভাষাৰ গুৰুত্ব তেওঁলোকে কেতিয়াও অস্বীকাৰ নকৰে। সেয়েহে বিদ্যালয়খনত ছাত্র-ছাত্ৰীসকলে ইংৰাজী ভাষা আয়ত্ত কৰাৰ ওপৰত যথোচিত গুৰুত্ব দিয়া হ’ব। অসম জাতীয় বিদ্যালয়ৰ কর্তৃপক্ষই আৰম্ভণিতে অভিভাৱকসকলক এই প্রতিশ্রুতি ও দিছিল যে বিদ্যালয়খনৰ ছাত্র ছাত্ৰী সকলে অসমীয়া ভাষা কোৱা, পঢ়া আৰু লিখাৰ লগতে শুদ্ধকৈ আৰু উন্নত মানৰ ইংৰাজী সমান দক্ষতাৰে ক’ব, পঢ়িব আৰু লিখিৰ পৰা হ’ব। শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত বিশেষ সতর্কতা, প্রতিজন শিক্ষককে উপযুক্ত প্রশিক্ষণ, সৰুৰে পৰা শিক্ষার্থীসকলৰ চৰিত্ৰ গঠনৰ লগতে প্রতিভাৰ বিকাশৰ বাবে উপযুক্ত পৰিৱেশ, নিজ জন্মভূমিৰ সকলো দিশ সামৰি নিজৰ ভাষা-সাহিত্য সংস্কৃতিৰ সকলোবোৰৰে জ্ঞান আহৰণৰ বাবে সুবিধাজনক পৰিৱেশ- এইবোৰ বৈশিষ্ট্যৰে অসম জাতীয় বিদ্যালয়ে আৰম্ভণিৰে পৰা নিজৰ সুকীয়া পৰিচয় গঢ়ি তুলিবলৈ সক্ষম হৈছিল। বিদ্যালয়খনৰ আৰু এটা কথাই প্রতিষ্ঠা-কালৰে পৰা সুধী সমাজক আকর্ষণ কৰি আহিছে। সেয়া হ’ল, চৰকাৰীভাৱে অনুমোদিত পাঠ্যপুথিৰ উপৰি বিদ্যালয় কর্তৃপক্ষই শিক্ষার্থীসকলৰ বাবে কিছুসংখ্যক কিতাপ প্রস্তুত কৰি উলিয়াইছিল। তাৰে ভিতৰত আছিল অসম বুৰঞ্জীৰ বাবে সুকীয়া পুথি, অসমীয়া আৰু ইংৰাজীৰ সুকীয়া ব্যাকৰণ আদি উল্লেখযোগ্য। সোমবাৰৰ পৰা শুকুৰবাৰলৈ নিয়মীয়া পাঠদান হোৱাৰ উপৰি শনিবাৰে ছাত্রছাত্রীৰ অভিৰুচি অনুসৰি সংগীত, নৃত্যকলা, পাঠদান হয়। মহাপুৰুষৰ তিথি, ভোগালী চ’ৰা, ৰঙালী চৰা, সাহিত্য দিৱস, বিজ্ঞান দিৱসকে বিভিন্ন অনুষ্ঠান বিদ্যালয়ত নিয়মীয়াভাৱে অনুষ্ঠিত কৰা হৈ আহিছে। অসমৰ শিক্ষাজগতত চলি থকা দুৰ্নীতি অনিয়ম, জঠৰতা তথা অন্যান্য বিশৃংখলতাৰ মাজত জাতীয় বিদ্যালয়ৰ প্ৰতিষ্ঠা আছিল সচেতন অসমীয়াৰ বাবে এক সকাহ। চৌপাশে অবিজ্ঞানসন্মতভাৱে কাঠফুলাৰ দৰে গজি উঠা ইংৰাজী মাধ্যমৰ স্কুলবিলাকৰ মাজত অসম জাতীয় বিদ্যালয়ে এক সুকীয়া পৰিচয়ৰে গঢ় লৈ উঠাৰ লগে লগে জাতিপ্রেমী অসমীয়াই ইয়াক আগ্ৰহেৰে আকোঁৱালি লৈছিল। এই বিদ্যালয়ৰ আৰ্হিত অসমৰ বিভিন্ন প্ৰান্তত নতুন বিদ্যালয় প্রতিষ্ঠা কৰিবলৈ বহু আগ্রহী লোক আগুৱাই আহিল। ৰাজ্যৰ চুকে-কোণে এতিয়ালৈকে প্রায় এহেজাৰ জাতীয় বিদ্যালয় গঢ় লৈ উঠিছে। এই বিদ্যালয়সমূহক অসম জাতীয় বিদ্যালয়ৰ তৰফৰ পৰা যথাসাধ্য সহায় সহযোগিতা আগবঢ়োৱা হৈছে। বিক্ষিপ্তভাৱে আৰম্ভ হোৱা এই প্রচেষ্টাক সুপৰিকল্পিত এটা বৌদ্ধিক আন্দোলনৰ ৰূপত আগবঢ়াই নিয়াৰ উদ্দেশ্যে পৰৱর্তী সময়ত "অসম জাতীয় বিদ্যালয় শিক্ষা সংসদ’ গঠন কৰা হয়। জাতীয় বিদ্যালয়ৰ ধাৰণাটোৱে ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিয়াৰ প্ৰাকমুহূৰ্তত যোৱা প্রায় আঢ়ৈ দশকজোৰা অভিজ্ঞতাৰ ভিত্তিত এতিয়া এটা কথা দৃঢ়ভাৱে ক'ব পৰা হৈছে যে এই নীৰৱ বৌদ্ধিক আন্দোলনটোৱে অসমৰ তৰুণ প্রজন্মৰ এটা চামৰক "অসমীয়া হােৱাৰ গৌৰৱ’ অনুভৱ কৰাৰ সুযোগ দিলে। লগতে, ব্ৰিটিছৰ দিনৰে পৰা অসম আৰু অসমীয়াৰ বিৰুদ্ধে এটা অপশক্তিয়ে গোপনে প্রণালীৱদ্ধভাৱে চলাই থকা ষড়যন্ত্ৰৰো ই সার্থকভাবে যোগ্য প্রতুভৰ দিবলৈ সক্ষম হৈছে।

অৱশ্যে, স্বীকাৰ কৰিব লাগিব যে অসমীয়া জাতি গঠনৰ সুদীর্ঘ কালছোৱাৰ তুলনাত পাঁচশটা বছৰ তেনেই কম সময়। তাতকৈ বহু বেছি সময় অসমীয়াই অতিক্রম কৰিবলগীয়া হৈছে সংকটৰ বিৰুদ্ধে যুদ্ধ দি। জাতিক বচাবলৈ ৰাজ্যখনত "অসমীয়া হোৱাৰ গৌৰৱ’ জগাই তুলিব লাগিব আৰু তাৰ বাবে দীৰ্ঘকালীন সংগ্ৰামৰ প্ৰয়োজন হব। অসম জাতীয় বিদ্যালয়ে ইয়াৰ বাবে প্রয়োজনীয় বীজটো সফলতাৰে ৰোপণ কৰা বুলি আমি ক’ব পৰা হৈছে। এতিয়া তাক প্রতিপালন কৰি এক বটবৃক্ষৰ ৰূপ দিবলৈ জাতিক ভাল পোৱা প্ৰতিজন অসমীয়া আগুৱাই আহিব লাগিব । অসম জাতীয় বিদ্যালয় দীর্ঘজীৱী হওক। জাতীয় চেতনাৰ ধ্বজাবাহী হওক। ৰূপালী জয়ন্তী বৰ্ষত এয়াই আমাৰ আন্তৰিক কামনা।
লেখকৰ ফোন-৯৮৬৪০-৭৬৩০০

1 comment: