শিশুৰ বাবে এখন সুৰক্ষিত পৃথিৱীৰ আশা
দীপাংকৰ মল্ল বৰুৱা
'Oh my sleeping child
the world's so wild
the world's so wild
But you've build your own paradise
That's one reason why I'll cover you sleeping child'
-Michael Learns To Rock
কেইদিনমান আগতে ৰাজহুৱা অনুস্থান এটাত মোক এজনে প্ৰশ্ন কৰিছিল, নতুন বছৰটোৰ পৰা মই কি আশা কৰোঁ? মই একে
উশাহতে কৈছিলোঁ যে মোৰ আশা হ’ল নতুন বছৰটোত শিশুসকল, উঠি অহা নৱ প্ৰজন্মৰ সকলোটি
কুশলে থাকক। তেওঁলোকৰ অফুৰন্ত প্ৰাণ প্ৰাচুৰ্য উপভোগ কৰিবলৈ শান্তিপূৰ্ণ পৰিৱেশ
সৃষ্টি হওক। তেওঁলোকে হিংসা, ঘৃণা, দ্বেষৰ
পৰা মুক্ত এখন সুন্দৰ পৃথিৱীত সুৰক্ষিত ভাৱে বসবাস কৰক।
আজিৰ শিশু কাইলৈৰ নাগৰিক। আজিৰ উঠি অহা শিশু সকলেই আৰু কিছু বছৰ পিছত দেশৰ আৰু
সমাজৰ নেতৃত্ব বহন কৰিব। এই শিশু সকলৰ হাততেই থাকিব মানৱ জাতিৰ ভৱিষ্যৎ। কিন্তু প্ৰশ্ন হয় আমি তেওঁলোকৰ বাবে পাৰিমনে এৰি যাবলৈ এখন সুৰক্ষিত আৰু
নিৰাপদ পৃথিৱী?
বৰ্তমানৰ পৃথিৱীখন বহুতো কাৰণত শিশুৰ বাবে ভয়ংকৰ হৈ উঠিছে। যুদ্ধৰ গৰাহত পৰি
বহুতো দেশত শিশু শৈশৱৰ আনন্দৰ পৰা বঞ্চিত হৈছে। যুদ্ধৰ বিভীষিকাৰ মাজত ডাঙৰ হোৱা
শিশুবোৰে এক অনিশ্চিত ভৱিষ্যতৰ শংকাত দিন কটাইছে। সুৰক্ষিত আশ্ৰয় বিচাৰি এখন দেশৰ
পৰা আন এখন দেশলৈ পলাই যোৱা মানুহৰ মাজত বহুতো শিশুৰ ভৱিষ্যত হেৰাই গৈছে। কণ কণ
শিশুও সন্ত্ৰাসবাদীৰ বন্দুকৰ লক্ষ্য হৈ পৰিছে। ২০১৪ চনৰ ১৬ ডিচেম্বৰত পাকিস্তানৰ
পেছোৱাৰত এখন আৰ্মি স্কুলৰ একেলগে ১৩২ গৰাকী ছাত্ৰ ছাত্ৰীক নৃশংস ভাৱে
সন্ত্ৰাসবাদীয়ে হত্যা কৰা ঘটনাটোৱে পৃথিৱীৰ সকলো প্ৰান্তৰৰে প্ৰতিজন সংবেদনশীল
পিতৃ মাতৃৰ অন্তৰ কঁপাই তুলিছিল। সেই নিৰ্মম ঘটনাটোৰ পৰা এসপ্তাহ উকলি নৌযাওঁতেই
অসমৰ কেইবাখনো গাঁৱত সন্ত্ৰাসবাদীয়ে নিৰ্বিচাৰে গুলী চালনা কৰি আন আন লোকৰ লগতে
কেইবাটিও শিশুক হত্যা কৰিছিল। এইখন অসমতে সন্ত্ৰাসবাদীয়ে পাঁচ মহীয়া শিশুৰ মুখত
বন্দুকৰ নলী ভৰাই গুলী কৰাৰ দৰে নাৰকীয় ঘটনা সংঘটিত কৰিছিল।
আজিৰ সময়ত শিশু সকলক ডাঙৰৰ পৃথিৱীৰ পৰা বিচ্ছিন্ন হৈ থকা সম্ভৱ নহয়। মানুহৰ
পৰিৱৰ্তিত জীৱন শৈলী আৰু সন্ত্ৰাস, আতংকগ্ৰস্ত
দৈনিক জীৱনৰ প্ৰভাৱ শিশু সকলৰ ওপৰত পোনপেটীয়াকৈ পৰিছে। সন্ত্ৰাস জৰ্জৰিত অঞ্চলত
মাহৰ পিছত মাহ শিক্ষানুস্থান সমূহ বন্ধ হৈ পৰিছে। বহুতো ল’ৰা
ছোৱালীয়ে একোটা শিক্ষা বছৰ হেৰুৱাবলগীয়া হৈছে, জীৱনৰ
গুৰুত্বপূৰ্ণ পৰীক্ষাত বহাৰ পৰা বঞ্চিত হৈছে। ভৱিষ্যৎ জীৱনৰ বাবে প্ৰস্তুত হোৱা
সময়খিনিত তেওঁলোকৰ জীৱনত যি অপূৰণীয় ক্ষতিৰ সন্মূখীন হ’ব
লগীয়া হৈছে সেয়া সঁচাকৈয়ে বেদনাদায়ক।
আজিৰ সময়ত মধ্য প্ৰাচ্যৰ কেইবাখনো দেশত সন্ত্ৰাসবাদী সকলে শিশু সকলক একোজন
দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীৰূপে গঢ়ি তুলিবলৈ প্ৰশিক্ষণ দিছে। নিচেই সৰু অৱস্থাৰ পৰা
বন্দুক চলাবলৈ, মানুহক হত্যা কৰিবলৈ শিকোৱা হৈছে। আনকি পাকিস্তান, আফগানিস্তানতো
সন্ত্ৰাসবাদীয়ে বন্দুক বাৰুদ চলোৱাৰ শিক্ষা দিয়াৰ পঢ়াশালি স্থাপন কৰিছে। কোমল
মতীয়া শিশুক নিজৰ ইচ্ছামতে ব্যৱহাৰ কৰি সন্ত্ৰাসবাদীয়ে নিৰ্মাণৰ প্ৰয়াস কৰিছে
সন্ত্ৰাসবাদীৰ ভৱিষ্যৎ প্ৰজন্ম। সন্ত্ৰাসবাদৰ এনে
কঠিয়াতলিবোৰত প্ৰতিটো শিশু একোটা আবেগ অনুভূতিহীন যন্ত্ৰলৈ পৰিৱৰ্তিত হয়, যিবোৰ যন্ত্ৰ ভৱিষ্যতত হৈ পৰে একোজন নৃশংস হত্যাকাৰী।
সন্ত্ৰাস জৰ্জৰ দেশত বাস নকৰা শিশুসকলৰ শৈশৱযে সুৰক্ষিত হৈছে এনেও নহয়। বৰ্তমান
সময়ত বাহ্যিক প্ৰভাৱৰ ধামখুমীয়াত ল’ৰা
ছোৱালীৰ ছাত্ৰ জীৱন বিপৰ্যস্ত হৈ পৰিছে। ইণ্টাৰনেট, টেলিভিছন, বাতৰি কাকত আদি
প্ৰায় সকলো প্ৰকাৰৰ মাধ্যমত নিৰন্তৰ প্ৰচাৰিত হৈ আছে নেতিবাচক, উত্তেজনামূলক
বাতৰি। ইণ্টাৰনেট আৰু মোবাইল ফোনৰ সহজলভ্যতাই শিশুক বয়সতকৈ বহু আগতেই প্ৰাপ্ত
বয়স্কৰ জগত খনৰ লগত পৰিচিত কৰি দিছে। পৈনত বয়স হোৱাৰ আগতেই
যৌনতা, হিংসাই আৱৰি ধৰিছে উঠি অহা ল’ৰা ছোৱালীৰ মনোজগত। ছাত্ৰ ছাত্ৰীৰ বৌদ্ধিক
বিকাশৰ পথত হেঙাৰ হৈ পৰিছে আধুনিক প্ৰযুক্তিয়ে আনি দিয়া মনোৰঞ্জনৰ নানান আহিলা।
আনহাতে দাৰিদ্ৰই কাহিল কৰা শিশুবোৰ বলি হৈছে বঞ্চনা আৰু প্ৰতাৰণাৰ। ভাৰতৰ দৰে
দেশত, য’ত জনসংখ্যা
নিয়ন্ত্ৰণৰ বাবে কোনো কঠোৰ আইন কানুন নাই, যিখন দেশত প্ৰতি
বছৰে অষ্ট্ৰেলিয়া দেশৰ জনসংখ্যাৰ সমান শিশুৰ জন্ম হয়, যিখন
দেশত প্ৰায় ৫০% শিশু অপুষ্টিত ভোগে সেইখন দেশত অধিকাংশ শিশু শৈশৱৰ আনন্দৰ পৰা
বঞ্চিত হোৱাটো আচৰিত কথা নহয়। আমাৰ দেশত দুখীয়া দৰিদ্ৰ পৰিয়ালত ওপজা শিশুক শিক্ষা
দিয়াতকৈ জীৱিকা উপাৰ্জনৰ বাবে সক্ষম কৰি তোলাতহে অধিক গুৰুত্ব দিয়াটো পৰিলক্ষিত
হয়। সেয়েহে সৰুৰে পৰা এই শিশুবোৰ অৱতীৰ্ণ হয় জীৱন যুদ্ধত। দিনটোত দুপইচা উপাৰ্জন
কৰি ৰাতিৰ ভাত সাজ যোগাৰ কৰাৰ মাজতে সীমাবদ্ধ হৈ থাকে এই শিশু সকলৰ শৈশৱ। এই শিশু সকল চিকাৰ হয় বিভিন্ন দালাল আৰু মধ্যভোগীৰ চক্ৰান্ত, প্ৰতাৰণা আৰু বঞ্চনাৰ। এনে শিশু সকলে পেটৰ ভোক গুচাবলৈ কোমল
বয়সতে প্ৰৱেশ কৰে অপৰাধীৰ জগতত। কম বয়সীয়া
অপৰাধীৰ দ্বাৰা বলাত্কাৰ, হত্যাৰ দৰে গুৰুতৰ অপৰাধ সংঘটিত হয়।
অনাগত দিনবোৰত শিশু সকলৰ হাতত এটা নিৰাপদ আৰু আনন্দদায়ক শৈশৱ উপহাৰ দিব
পৰাটোৱেই এতিয়া এক ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে। শিশু সকলক এটা উপযুক্ত শৈশৱ উপহাৰ
দিয়াত শিক্ষাৰ বিশেষ গুৰুত্ব আছে। ভাৰতৰ কৈলাস সত্যাৰ্থীয়ে শৈশৱৰ আনন্দৰ পৰা
বঞ্চিত এনে শিশুক বিচাৰি আনি তেওঁলোকক উপযুক্ত শিক্ষা দিয়াৰ বাবে ‘বচপন বচাও’ আন্দোলনৰ আৰম্ভ কৰিছিল।
ইতিমধ্যে তেওঁ প্ৰায় ৮০ হাজাৰ কল কাৰখানাত কৰ্মৰত এনে শিশুক শৈশৱ ঘুৰাই দিবলৈ
সক্ষম হৈছে। তেওঁৰ এই প্ৰচেষ্টাৰ প্ৰতি সন্মান জনাই তেওঁলৈ আগবঢ়োৱা হৈছে ২০১৪ চনৰ
শান্তিৰ নোবেল বটা। কিন্তু ভাৰতৰ দৰে বিশাল দেশ এখনত শিশুক শৈশৱ ঘূৰাই দিয়াৰ কামত
ব্ৰতী কৈলাস সত্যাৰ্থীৰ দৰে আৰু অধিক মানুহৰ প্ৰয়োজন।
এনেয়ো নহয় যে, কেৱল যে আৰ্থিক ভাৱে দুৰ্বল পৰিয়ালৰ শিশু সকল পেটৰ তাড়ণাত শৈশৱৰ
আনন্দৰ পৰা বঞ্চিত হৈছে। আঢ্যৱন্ত পৰিয়ালৰ ল’ৰা
ছোৱালীয়েও বিদ্যালয়ৰ পাঠ্যক্ৰমৰ হেঁচা আৰু মাক দেউতাকৰ অতিমাত্ৰা আশাৰ বোজাত
মুকলিমুৰীয়াকৈ শৈশৱৰ আনন্দ উপভোগ কৰাৰ পৰা বঞ্চিত হৈছে। প্ৰতিযোগিতাৰ বজাৰত
আজিকালি ল’ৰা ছোৱালী অকল পঢ়া শুনাতে নহয়, নাচ গান, খেলা ধুলা সকলোতে পাৰ্গত হোৱাটো মাক
দেউতাকে বিচাৰে। বিদ্যালয় ছুটী হোৱাৰ পিছত বিভিন্ন প্ৰশিক্ষকৰ তত্বাৱধানত চলে
বিভিন্ন বিষয়ৰ প্ৰশিক্ষণ। প্ৰতিটো দিশতে প্ৰথম হোৱাটো বা আনতকৈ আগুৱাই যোৱাটোৱেই
তেওঁলোকৰ লক্ষ্য হৈ পৰে। মুকলি মুৰীয়াকৈ সমনীয়াৰ লগত হাঁহি ধেমালি কৰিবলৈও তেওঁলোকৰ
সময়ৰ অভাৱ হয়। শৈশৱত পখিলা খেদাৰ, আকাশৰ তৰা চোৱাৰ, জোনাকী পৰুৱাৰ পিচে পিচে খেদাৰ আনন্দ এতিয়া
সপোন যেন হৈ পৰিছে। কেৱল নিজৰ দুনীয়াখনত ব্যস্ত হৈ থকা ল’ৰা
ছোৱালীবোৰ সামাজিক ভাৱেও বিচ্ছিন্ন হৈ পৰিছে। সেয়েহে তেওঁলোকৰ মাজত সামাজিক
শৃংখলাবোধ, পৰষ্পৰৰ প্ৰতি সহনশীলতা, ভাষা
সংস্কৃতিৰ প্ৰতি শ্ৰদ্ধা আদিৰ অভাৱ দেখা গৈছে। সমাজৰ সকলো শ্ৰেণীৰ ল’ৰা ছোৱালীৰ লগত সমভাৱে মিলা মিচাৰ পৰিৱেশ নাইকীয়া হোৱাৰ বাবে ডাঙৰ হোৱাৰ
পিছতো তেওঁলোকে নিসংগতাত ভূগিছে, ডিপ্ৰেছন বা বিষাদগ্ৰস্থতাৰ
চিকাৰ হৈছে, কোনোৱে হয়তো নিজকে চম্ভালিব নোৱাৰি ডিঙিত চিপজৰী লৈছে।
শিশু সকল যি ঠাইত সম্পূৰ্ণ নিৰাপদ বুলি গণ্য কৰা হয়, তেনে ঠাইতো শিশুৰ ওপৰত
হোৱা অত্যাচাৰ, আতিশয্যই বহুতো শিশুৰ শৈশৱ
বিষময় কৰি তুলিছে। বিদ্যালয় চৌহদতে
সংঘটিত হৈছে শিক্ষকৰ দ্বাৰা নিৰ্যাতন, গুৰুস্থানীয় ব্যক্তিৰ দ্বাৰা বলাত্কাৰৰ দৰে
নাৰকীয় ঘটনা। ল’ৰা ছোৱালীৰ বাবে দ্বিতীয় গৃহৰূপে স্বীকৃত বিদ্যালয়তে হোৱা এনে পৈশাচিক
কাণ্ডই শিশুৰ নিৰাপত্তাৰ বিষয়টো জটিল কৰি তুলিছে।
গোলকীয় উত্তাপ বৃদ্ধি, ব্যাপক হাৰত বনাঞ্চল হ্ৰাস, প্ৰাকৃতিক পৰিৱেশৰ ধ্বংস,
খোৱাপানীৰ অভাৱ আদিয়েযে পৃথিৱীখনক ক্ৰমাৎ বসবাসৰ অনুপযোগী কৰি তুলিছে সেয়া সহজেই
অনুমান কৰিব পাৰি। জনসংখ্যাৰ বিষ্ফোৰণ আৰু প্ৰকৃতিৰ ধ্বংসযজ্ঞই এদিন আমাৰ ভৱিষ্যত
প্ৰজন্মৰ বাবে জীৱন ধাৰণেই হয়তো কষ্টসাধ্য কৰি তুলিব।
নতুন বছৰটোক যদি আমি ভৱিষ্যতৰ বাবে সাজু হোৱাৰ এক অপূৰ্ব সুযোগ বুলি গ্ৰহণ
কৰোঁ, আমাৰ উঠি অহা ল’ৰা
ছোৱালীবোৰৰ বাবে এখন নিৰাপদ আৰু শান্তিপূৰ্ণ পৃথিৱী নিৰ্মাণেই আমাৰ নতুন বছৰটোত
কৰিবলগীয়া কামত অগ্ৰাধিকাৰ পাব লাগে। ভৱিষ্যতৰ প্ৰজন্মৰ বাবে এখন বসবাসযোগ্য
পৃথিৱী এৰি থৈ যোৱাটো আমাৰ সকলোৰে কৰ্তব্য। আমি বসবাস কৰা পৃথিৱীখনৰ প্ৰতিটো শিশুৰ
মুখত হাঁহি বিৰিঙাব পৰাটোৱেই হওক আমাৰ জীৱনৰ সাৰ্থকতা। সেয়েহে নতুন বছৰটোৰ বাবে মই
ইয়াকেই আশা আৰু প্ৰাৰ্থনা কৰিছোঁ, প্ৰতিটো শিশুৱেই যেন কুশলে থাকক, শান্তিপূৰ্ণ
আৰু নিৰাপদ পৰিৱেশত ডাঙৰ দীঘল হৈ ভৱিষ্যতে একোজন ভাল নাগৰিক হওক।
No comments:
Post a Comment