সাম্প্ৰতিক প্ৰসংগ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

নাগৰিকপঞ্জীৰ উন্নীতকৰণঃ মমতা বেনাৰ্জীৰ অহেতুক হস্তক্ষেপ
দীপাংকৰ মল্ল বৰুৱা
অৱশেষত বহু উত্কণ্ঠা আৰু জল্পনা কল্পনাৰ ওৰ পেলাই যোৱা ৩১ ডিছেম্বৰৰ মাজনিশা, অৰ্থাৎ নতুন বছৰৰ প্ৰথম প্ৰহৰতে প্ৰকাশ পালে বহু প্ৰতীক্ষিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ প্ৰথম পৰ্যায়ৰ খছৰা। নাগৰিকপঞ্জী খছৰা প্ৰকাশৰ পাছত ৰাজ্যখনত আইন শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি হ’ব বুলি সন্দেহ কৰা হৈছিল যদিও এতিয়ালৈ এই বিষয়ত কোনো ঠাইতে অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱা নাই। কিছুমানৰ নাম ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত সন্নিৱিষ্ট হৈছে আৰু কিছুমানৰ হোৱা নাই। কিন্তু তাকেলৈ ৰাজ্যখনৰ সাধাৰণ জনতাৰ মাজত কোনো লেখতলবলগীয়া উত্তেজনাৰ সূত্ৰপাত হোৱা নাই। নাম নথকা সকলেও আশা কৰিছেযে পৰৱৰ্তী পৰ্যায়ত প্ৰকাশ পাবলগীয়া তালিকাত তেওঁলোকৰ নামবোৰ সন্নিৱিষ্ট হ’ব।

উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ তত্বাৱধানত চলি থকা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ উন্নীতকৰণৰে ৰাজ্যখনৰ জ্বলন্ত বিদেশী সমস্যাটো ন্যায়সংগত ভাৱে সমাধান কৰাৰ বাট দেখুৱাব বুলি সকলোৱে আশা কৰিছে। কিন্তু এই বিষয়টোৱে বিভিন্ন সময়ত বিভিন্ন কাৰণত বিভ্ৰান্তিৰো সৃষ্টি কৰি আহিছে। কেইদিনমানৰ আগতে দিল্লীত অনুষ্ঠিত হোৱা এখন সভাত বিতৰ্কিত ধৰ্মীয় নেতা মৈলানা আৰ্শ্বাদ মাদানিয়ে নাগৰিকপঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়াৰ ফলত অসমত ম্যানমাৰৰ ৰহিঙীয়াৰ ওপৰত হোৱা অত্যাচাৰৰ সদৃশ পৰিৱেশৰ সৃষ্টি হ’ব বুলি মন্তব্য কৰিছিল। সেইদৰে অসমতো কিছুমান ৰাজনৈতিকে নাগৰিকপঞ্জী উন্নীতকৰণ সম্পৰ্কত বিতৰ্কিত মন্তব্য সংবাদ মাধ্যমত প্ৰকাশ কৰি আহিছে। কিন্তু শেহতীয়াকৈ পশ্চিমবংগৰ মুখ্যমন্ত্ৰীয়ে অসমৰ নাগৰিকপঞ্জীৰ উন্নীতকৰণে অসমৰ পৰা ১ কোটি ২৫ লাখ বাংলাভাষী লোকক খেদি পঠিয়াব বুলি কৰা উদ্ভত মন্তব্যই সকলোৰে চকু কপালত তুলিছে। পশ্চিমবংগৰ আমোদপুৰত হোৱা এখন সভাত তেওঁ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ কৰি জুইৰ লগত খেলা নকৰিবলৈ কেন্দ্ৰ আৰু অসমৰ ভাজপা নেতৃত্বাধীন চৰকাৰ সঁকীয়াই দিছে। তেওঁ অভিযোগ কৰিছেযে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ উন্নীতকৰণৰ যোগেদি অসমৰ পৰা বাঙালী লোকসকলক জোৰ জুলুমকৈ খেদি পঠিয়াবলৈ চৰকাৰে ষড়যন্ত্ৰ কৰিছে। মমতা বেনাৰ্জীৰ এই ভাষণ ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত হ’লেও এনে প্ৰৰোচনামূলক বক্তব্যই এতিয়ালৈ শান্তিপূৰ্ণ হৈ থকা নাগৰিকপঞ্জী উন্নয়ন প্ৰক্ৰিয়াটো বিঘ্নিত কৰিব পাৰে। কালি একেই সুৰতে কংগ্ৰেছৰ সুস্মিতা দেৱেও বঙালী চেণ্টিমেণ্ট প্ৰকাশ কৰি শেষলৈকে কিন্তু মমতাদি অসমৰ বঙালীসকলৰ সৈতে থাকিব লাগিব দেই বুলি টিভিত মন্তব্য কৰিছে।

আইনসংগত ভাৱে চলি থকা নাগৰিকপঞ্জী উন্নয়নৰ লগত বাঙালী আবেগ মিহলি কৰি মমতা বেনাৰ্জীয়ে তেওঁৰ দলৰ সাংসদসকলক সংসদত অসমৰ ৰাষ্টীয় নাগৰিকপঞ্জী উন্নয়নৰ বিৰোধিতা কৰিবলৈ নিৰ্দেশ দিছে। অসমৰ বিদেশী সমস্যাটোৰ গুৰুত্ব কেতিয়াও উপলব্ধি নকৰা পশ্চিমবংগৰ মুখ্যমন্ত্ৰীৰ এই আষ্ফালনে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ উন্নীতকৰণ প্ৰক্ৰিয়াটোক নেতিবাচকভাৱে প্ৰভাৱিত কৰিব পাৰে। প্ৰথম পৰ্যায়ৰ খছৰাক শান্তিপূৰ্ণভাৱে গ্ৰহণ কৰা অসমৰ সাধাৰণ জনতাৰ মাজত বিভাজন আনি বাঙালী জাতীয় আবেগ জাগ্ৰত কৰি মমতা বেনাৰ্জীয়ে হয়তো পশ্চিমবংগত তেওঁৰ ৰাজনৈতিক স্থিতি টনকিয়াল কৰিব খুজিছে। কিন্তু তেওঁৰ এনে কাৰ্যই ৰাজ্যখনৰ সাধাৰণ জনতাৰ মাহত অহেতুক ত্ৰাসৰ সৃষ্টি কৰি অশান্তিৰ সূত্ৰপাত কৰিব পাৰে আৰু নাগৰিকপঞ্জী উন্নয়ন প্ৰক্ৰিয়াটো বাধাগ্ৰস্থ হ’ব পাৰে।

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ প্ৰথম পৰ্যায়ৰ খছৰা প্ৰকাশতে অসম চৰকাৰে স্বস্তিৰ নিশ্বাস পেলোৱাটো উচিত নহয়। বাকী থকা কামখিনিও সোনকালে শেষ কৰি এখন পূৰ্ণাংগ নাগৰিকপঞ্জী সোনকালে প্ৰস্তুত কৰি উলিওৱাৰ ওপৰত চৰকাৰে সৰ্বাধিক গুৰুত্ব দিব লাগে। নাগৰিকপঞ্জীৰ কাম অধিক বিলম্ব হ’লে প্ৰক্ৰিয়াটো বাধাগ্ৰস্থ কৰা অনেক শক্তিৰ আবিৰ্ভাৱ হ’ব। এনেবোৰ শক্তিৰ অহেতুক হস্তক্ষেপে সমগ্ৰ প্ৰক্ৰিয়াটো লাইনচ্যুত কৰিব পাৰে। অসমৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ উন্নয়নক কেতিয়াও কোনো ব্যক্তি বা দলৰ ৰাজনৈতিক হাথিয়াৰ হ’বলৈ এৰি দিব নোৱাৰি।
লেখকৰ নিজা ব্লগৰ সূত্ৰঃ http://likhoni.blogspot.in/

No comments:

Post a Comment