সাম্প্ৰতিক প্ৰসংগ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হজ ৰাজসাহাৰ্য্যৰ বিলুপ্তিঃ তুষ্টিকৰণ কাৰ?
ইঞ্জিনীয়াৰ জাকিৰ হুছেইন
কেন্দ্ৰীয় চৰকাৰে মুছলমান ধৰ্মাৱলম্বীসকলৰ হজযাত্ৰাৰ বাবে দি থকা ৰাজসাহায্য এই বছৰৰ পৰা বিলোপ কৰিলে। ইয়াৰ ফলত প্রতি বছৰে হজলৈ যোৱা হাজাৰ হাজাৰ মুছলমানে এতিয়াৰ পৰা ৰেহাইযুক্ত বা সস্তীয়া বিমান টিকট নাপাব। মুছলমান হজযাত্ৰীসকলক এনে ৰাজসাহায্য দিয়া হৈছিল এয়াৰ ইণ্ডিয়াৰ বিমানৰ ভাৰা ৰেহাইৰ (ডিছকাউন্টেড় ফেয়াৰ) ৰূপত। তাৰ ভিতৰত হজৰ বাবে যাত্রা কৰিবলগীয়া নির্দিষ্ট বিমান বন্দৰসমূহলৈ যাবলৈ হজ যাত্ৰীসকলে কৰা ঘৰুৱা ভ্ৰমণৰ (ডমেষ্টিক ট্ৰেভেল) বাবে সাহায্য, চিকিৎসা, থকা-খোৱাৰ ব্যয় আদি থাকে। ৰাজ সাহায্যৰ এই ব্যৱস্থা ব্ৰিটিছৰ ঔপনিৱেশিক যুগৰ পৰা চলি আছিল। সাংবাদিকৰ আগত কেন্দ্ৰীয় মন্ত্ৰী মুখটাৰ আব্বাছ নাকভিয়ে এই সিদ্ধান্তৰ বিষয়ে সদৰি কৰি কয় যে ৰাহি ধন ব্যৱহাৰ কৰা হ’ব সংখ্যালঘুসকলৰ বিশেষকৈ কণ্যা সকলৰ শিক্ষাৰ বাবদ। ‘হজ ৰাজসাহায্য পুঁজি (ছাবছিডি ফাণ্ড) ব্যৱহাৰ কৰা হ’ব সংখ্যালঘু সম্প্রদায়ৰ কন্যা আৰু মহিলাসকলৰ শৈক্ষিক বিকাশৰ বাবে’, তেওঁ কয়। তেওঁ আৰু কয়, ‘ৰাজসাহায্য ব্যৱস্থাৰ পৰা মুছলমানসকল লাভৱান হোৱা নাই। মর্যাদাৰ সৈতে উন্নয়নত আমি বিশ্বাস কৰো।”
নাকভিয়ে সাংবাদিকক লগতে কয় যে ৰাজসাহায্য প্রত্যাহাৰ কৰা সত্ত্বেও এই বছৰ অভিলেখ সংখ্যক ১.৭৫ লাখ মুছলমান হজলৈ যাব। যোৱা বছৰ সংখ্যালঘু পৰিক্ৰমা মন্ত্র্যালয়ে বর্তমানৰ হজ নীতি পর্যালোচনা কৰিবলৈ আৰু ২০১৮-২২ চনৰ বাবে এক নতুন হজ নীতিৰ বিষয়ে পৰামর্শ দিবলৈ এখন সমিতি গঠন কৰি দিছিল। অক্টোবৰত সমিতিয়ে ইয়াৰ প্ৰতিবেদন দাখিল কৰিছিল। নাকভিয়ে কয় যে সমিতিৰ পৰামৰ্শ মতে হজ যাত্রীৰ বাবে ৰাজসাহায্য প্রত্যাহাৰ কৰিবলৈ সিদ্ধান্ত লোৱা হৈছে। ২০১২ চনত উচ্চতম ন্যায়ালয়ৰ এক সাংবিধানিক পীঠে হজযাত্রীৰ ৰাজসাহায্য ক্ৰমান্বয়ে প্রত্যাহাৰ কৰিবলৈ নির্দেশ দিছিল। তেওঁৰ মতে ৰাজসাহায্য প্রত্যাহাৰে হজযাত্ৰাৰ খৰচত প্ৰভাৱ নেপেলায় আৰু ছৌডি আৰবে যাত্ৰীসকলক জাহাজেৰে হজলৈ যাবলৈ অনুমতি দিবলৈ সন্মতি প্রদান কৰিছে। বিমান ভ্ৰমণতকৈ জাহাজেৰে কৰা ভ্ৰমণৰ খৰচ কম। উল্লেখযোগ্য যে এই বছৰৰ আগভাগত নাকভিয়ে ইংগিত দিছিল যে হজ যাত্ৰীসকলক দিয়া ৰাজসাহায্য ব্যৱস্থা প্রত্যাহাৰ কৰা হ’ব।

অৱশ্যে চৰকাৰৰ সিদ্ধান্তৰ পাছতে প্রতিক্রিয়া প্রকাশ কৰি অল ইণ্ডিয়া মুছলিম পাৰ্ছনেল ল’ ব’ৰ্ডৰ প্ৰধান সম্পাদক মৌলানাৱালি ৰহমানিয়ে কয় যে হজৰ ৰাজসাহায্য বিলোপ কৰিবলৈ চৰকাৰে লোৱা সিদ্ধান্তৰ কোনো অর্থ নাই, কাৰণ তেনে কোনো ৰাজসাহায্য নাছিল। তাৰ নামত মুছলমানসকলক অতদিনে প্ৰৱঞ্চনা কৰা হৈছিল। তেওঁ কয় যে হজলৈ যোৱাসকলক কোনো ধৰণৰ ৰাজসাহায্য দিয়া হোৱা নাছিল। বৰং লোকচানত চলি থকা এয়াৰ ইণ্ডিয়াকহে দিয়া হৈছিল। স্মৰ্তব্য যে কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ এয়াৰ ইণ্ডিয়াত বিদেশী বিনিয়োগৰ পথ প্ৰশস্ত কৰিছিল। সেয়ে ৰাজসাহায্য দিয়াৰ ক্ষেত্ৰত অৱশ্যাম্ভী হৈ পৰিছিল। তেনে পৰিস্থিতিৰে মোকাবিলা কৰিবলৈও চৰকাৰে এই সিদ্ধান্ত লব পাৰে। কিন্তু সমাজৰ সকলো পক্ষ বিশেষকৈ প্ৰগতিশীল মুছলীম সমাজে এই সিদ্ধান্তক আঁদৰনি জনাইছে। শিক্ষিত তথা প্ৰগতিশীল মুছলীম সমাজে এই ব্যৱস্থাৰ সদায় বিৰোধিতা কৰি আহিছিল। সেইমৰ্মে উচ্চতম ন্যায়ালয়ে ২০১২ চনৰ এক ৰায়যোগে ৰাজসাহায্য ব্যৱস্থা ২০২২ পৰ্যন্ত লাহে লাহে কমাই আনি বিলোপ কৰিবলৈ নিৰ্দেশ দিছিল। এই সিদ্ধান্ত ঐতিহাসিক আৰু সুদুৰপ্ৰসাৰি। এনে ৰাজসাহায্য ইছলামৰ পৰিপন্থি কাৰণ কোৰৱানত স্পষ্টভাৱে লিখা আছে যে যি ব্যক্তি আৰ্থিকভাৱে সচ্চল তেওঁৰ বাবেহে হজ ফৰয বা বাধ্যতামুলক। বাস্তৱক্ষেত্ৰত যিসকল মুছলমান ব্যক্তি আৰ্থিকভাৱে টনকিয়াল তেওঁলোকহে হজযাত্ৰাৰ বাবে প্ৰস্তুত হয়। তেনে ব্যক্তিক ৰাজসাহায্যৰ প্ৰয়োজনীয়তা আছে জানো? স্মৰ্তব্য যে এক সমীক্ষাৰ মতে ৰাজসাহায্য পোৱা হজযাত্ৰীৰ ৯৪ শতাংশই আৰ্থিকভাৱে টনকিয়াল আৰু তেওঁলোকৰ বাবে ৰাজসাহায্যৰ প্ৰয়োজনীয়তা নাই। এই ব্যৱস্থা ৰাজসাহায্যৰ নামত আছিল একপ্ৰকাৰ প্ৰহসন। কোনো সাধাৰন শ্ৰেনীৰ মুছলমান ইয়াৰদ্বাৰা উপকৃত হোৱা নাছিল। আনকি কোনো হজযাত্ৰীকো এই ব্যৱস্থাই কোনো ধৰণৰ সকাহ দিয়া নাছিল। এই ব্যৱস্থা এনে এক পাকলগা চৰকাৰী ব্যৱস্থা যে কোনো হজযাত্ৰীয়ে গমকে নাপালে তেওঁলোকে কিবা সাহায্য পাইছে নে নাই। পাইছে যদি কিমান পাইছে? কিন্তু তাকে লৈ যোৱা বহুদশক যুৰি চুড়ান্ত ৰাজনীতি চলিল। কংগ্ৰেছ দলে মুছলমানক তুষ্ট কৰিবৰ বাবেই এক বৃহৎ পৰিমানৰ ৰাজসাহায্য দিয়াৰ অভিযোগ উঠিছিল নিৰন্তৰ। কংগ্ৰেছেও তেওঁলোকৰ ৰাজত্বকালত জহাই থাকিল যে তেওঁলোকে মুছলমানৰ সা-সুবিধাৰ বাবেই এই ব্যৱস্থা চলাই আছে। কিন্তু এই ব্যৱস্থা আছিল প্ৰৱঞ্চনাৰ দলিল। মুছলীম তুষ্টিকৰনৰ দ্বাৰা মুছলমানৰ যে কোনো লাভ হোৱা নাছিল সেই কথা এই ব্যৱস্থাৰ আটি গুৰি মাৰিলেই জল জল পট পটকৈ ওলাই পৰে।

হজ ৰাজসাহায্য উঠাই দিয়াৰ বাবে বিভিন্ন মুছলমান ব্যক্তি তথা সংগঠনৰ দাবীক ন্যায্য দাবী হিচাবে বিবেচনা কৰি আৰু হজ ৰাজসাহায্যক লৈ হোৱা অহেতুক সাম্প্ৰদায়িক ৰাজনীতিৰ পৰিপ্ৰেক্ষিতত মহামান্য উচ্চতম ন্যায়ালয়ে ২০২২ চনৰ ভিতৰত এই ব্যৱস্থা প্ৰত্যাহাৰ কৰাৰ নিৰ্দেশ দিছিল। এই সিদ্ধান্তক আমি ব্যক্তিগত ভাৱে আঁদৰণি জনাও আৰু ইতিমধ্যে আমি বহুতো লেখাৰ জৰিয়তে ইয়াৰ বিৰোধিতা কৰি আহিছো। হজযাত্ৰীক কোনো ৰাজসাহায্য অথবা কোনো ধৰণৰ আৰ্থিক সাহায্যৰ প্ৰয়োজনীয়তা নাই। কাৰণ আৰ্থিকভাৱে সচ্চল সকলেহে হজযাত্ৰা কৰাৰ বাবে আগবাঢ়ি অহা উচিত। হজযাত্ৰাত কোনো ধাৰ্মিক বাধ্যবাধকতা নাই আৰু ইচলাম ধৰ্মৰ মতে নিজে নিজক হজযাত্ৰাৰ বাবে আৰ্থিকভাৱে সামৰ্থবান কৰি তুলিব পাৰিলেহে হজ যাত্ৰা কৰা উচিত। স্মৰ্তব্য যে কেন্দ্ৰীয় চৰকাৰে দিয়া হজ চাবচিডি প্ৰত্যক্ষভাৱে হজ যাত্ৰীয়ে নাপায় বৰং ভাৰত চৰকাৰী খণ্ডৰ এয়াৰলাইনচ এয়াৰ ইণ্ডিয়াকহে দিয়া হয়। হজ কমিটিৰ তত্বাবধানৰ যোগেদি হজ কৰিবলৈ যোৱা হজযাত্ৰীৰ পৰা উৰাজাহাজৰ খৰচ লোৱাৰ পাছতো এয়াৰ ইন্ডিয়াৰ যিখিনি ঘাটি হয়, সেয়া চৰকাৰে এয়াৰ ইন্ডিয়াক দিয়ে| চৰকাৰে এয়াৰ ইণ্ডিয়াক চাবচিডি দিয়াৰ পাছতো হজ কমিটিৰ যোগেদি হজ কৰিবলৈ যোৱা মানুহে এয়াৰ টিকটৰ বাবদ, ব্যক্তিগত খণ্ডৰ এয়াৰ লাইনৰ যোগেদি যোৱা যাত্ৰীতকৈ বহু বেছি টকা দিব লাগে| যাৰ ফলত বহু দিনৰে পৰা বিভিন্ন মুছলমান ব্যক্তি-সংগঠনে এই চাবচিডি উঠাই দি হজ কমিটিৰ যোগেদি যোৱা হজ যাত্ৰীক ব্যক্তিগত খণ্ডৰ এয়াৰ লাইনৰ যোগেদি যাব দিয়াৰ অনুমতি দিব লাগে বুলি দাবী জনাই আহিছিল| শেহতীয়াকৈ এই কথা স্পষ্ট কৰি কেন্দ্ৰীয় নাগৰিক উদ্যয়ন মন্ত্ৰীয়ে সংসদত জনাই যে হজ যাত্ৰীয়ে হজযাত্ৰাৰ যাৱতীয় খৰচ নিজে বহন কৰে। ইয়াত স্বজন তোষনৰ কোনো কথা নাই যদিও বিগত চৰকাৰসমূহে ইয়াক মুছলমানৰ বাবে বিশেষ ৰেহাই হিচাবে জহাই আহিছে। কংগ্ৰেছে মুছলমানক প্ৰৱঞ্চনা কৰি আহিছিল সেই কথা ন দি কব পাৰি।

উল্লেখযোগ্য যে অসমকে ধৰি বহু কেইখন ৰাজ্যত সকলো ধৰ্মাৱলম্বী লোকৰ বাবে মূখ্যমন্ত্ৰী তীৰ্থযাত্ৰা আচঁনি আছে আৰু ইয়াৰ জৰিয়তে ৰেহাই মূল্যত ৰেলৰ টিকট তথা থকা খোৱাৰ ব্যৱস্থা কৰা হয়| আনকি দেশৰ বাহিৰত অৱ্স্থিত (তিব্বত, চীন)ত অৱস্থিত মানস সৰোবৰ যাত্ৰাৰ বাবেও তীৰ্থযাত্ৰী সকলক কেন্দ্ৰীয় চৰকাৰে আৰ্থিক সাহায্য প্ৰদান কৰে| নেপালত অৱস্থিত মুক্তিনাথ মন্দিৰত যাবলৈও হিন্দু আৰু বৌদ্ধ তীৰ্থযাত্ৰী সকলক আৰ্থিক সাহায্য প্ৰদান কৰা হয়| ভাৰতীয় খৃষ্টান সকলে ইজৰাইল-প্যালেষ্টাইনত অৱস্থিত জেৰুজালেম আৰু বেথেলহেমৰ দৰ্শন কৰিবলৈও কেন্দ্ৰীয় চৰকাৰৰ আৰ্থিক সাহায্য প্ৰদান কৰাৰ আঁচনি আছে| সেই সাহায্য বৰ্তমানে দুগুন কৰিছে। শিখ সকলক পাকিস্থানত অৱস্থিত গুৰু নানকৰ জন্মস্থান দৰ্শন কৰিবলৈও চৰকাৰে আৰ্থিক ভাবে সহায় কৰে গুৰু দৰ্শন যাত্ৰা আচঁনি যোগেদি। সেয়ে এই ধাৰণা সম্পূৰ্ণৰূপে ভুল যে কেৱল মুছলমানৰ ধৰ্মীয় যাত্ৰাৰ বাবেহে ৰাজসাহায্য প্ৰদান কৰে। অসম চৰকাৰে অম্বুবাচী মেলাৰ বাবে বছৰি কেৱল প্ৰচাৰ আৰু বিজ্ঞাপনৰ নামতে লাখ লাখ টকা খৰচ, বাকী চৰকাৰীভাৱে দৰ্শনাৰ্থীসকলৰ সুবিধাৰ্থে কৰা যা-যোগাৰৰ কথা বাদেই দিলো। প্ৰতিবছৰে কেন্দ্ৰীয় চৰকাৰে কুম্ভ মেলাৰবাবদ বৃহৎ পৰিমানৰ অৰ্থ ব্যয় কৰে, কেৱল যোৱা বছৰতে চৰকাৰে পাঁচ হেজাৰ টকা মহাকুম্ভমেলাৰ বাবদ খৰচ কৰিছিল। মানস সৰোবৰ যাত্ৰাৰ বাবে উত্তৰ প্ৰদেশৰ অখিলেশ যাদৱ চৰকাৰে ৰাজসাহায্য ২০১৫ চনত দুগুন কৰি প্ৰতিগৰাকী যাত্ৰীৰ বাবে পচিশ হাজাৰ কৰাৰ বিপৰীতে যোগী চৰকাৰে ২০১৭ চনত এই ধনৰাশি এক লাখলৈ বৃদ্ধি কৰে। কৰ্ণাটক চৰকাৰেও চাৰধাম-বদ্ৰিনাথ, কেডাৰনাথ, গঙ্গোত্ৰী আৰু যমুনাত্ৰী তীৰ্থযাত্ৰাৰ বাবে বিশ হেজাৰকৈ আৰ্থিক সাহায্য প্ৰদান কৰে। এনেবোৰ ব্যৱস্থাৰ অৱলোকন কৰিলে দেখা যায় যে হজযাত্ৰীৰ বাবে দিয়া ৰাজসাহায্য তেনেই নগন্য। যোৱাবছৰ এই ৰাজসাহায্যৰ পৰিমান আছিল ৪০৫ কোটি, যি ধনৰাশি ২০১৩ চনত আছিল ৬৮০ কোটি। উল্লেখযোগ্য যে এই ৰাজসাহাজ্য পোনপটীয়াকৈ হজযাত্ৰীয়ে নাপায়ছিল। এখন ধৰ্মনিৰপেক্ষ দেশৰ চৰকাৰে তীৰ্থযাত্ৰাৰ বাবে নিশ্চয়কৈ ৰাজসাহায্য দিয়াৰ প্ৰয়োজনীয়তা নাই। এনে ব্যৱস্থাৰ বিলুপ্তিকৰণ হ’ব লাগে প্ৰতিটো ধৰ্মাৱলম্বীৰ ক্ষেত্ৰতে। কেৱল এটা ধৰ্মাৱলম্বী লোকৰ বাবে মোকৰল ব্যৱস্থাৰ বিলুপ্তিকৰণে এই সমস্যাৰ সমাধান নুবুজায়। লগতে সাংসদ-বিধায়ক পুজিৰ ধন মন্দিৰ-মছজিদ-গুৰুদ্বাৰা আদি নিৰ্মানৰ বাবে দিয়াও বন্ধ হ’ব লাগে। তেতিয়াহে চৰকাৰ এইক্ষেত্ৰত সম্পূৰ্ণৰূপে পক্ষপাতিত্ব ৰহিত বুলি ধাৰণা কৰা হ’ব। মনত ৰখা উচিত যে জনসাধাৰনে এখন চৰকাৰ নিৰ্বাচন কৰে সুশাসনৰ বাবে। সেয়ে চৰকাৰসমূহে নিজকে জনসাধাৰনতকৈ উচ্চ বুলি ভাৱিব নালাগে।

অন্ততঃ এতিয়াৰ পৰা মুছলিম তুস্তিকৰণৰ কথা নাহিব। পিছে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনে হিন্দুসকলৰ তুষ্টিকৰণ কৰা নাইনে? এয়া তেওঁলোকৰ গোপন এজেণ্ডাৰ অংশবিশেষ বুলিও বিৰোধীয়ে অভিযোগ কৰিছে। কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰীজনে সদৰি কৰামতে ৰাজসাহায্যৰ দ্বাৰা মুছলমানৰ কোনো লাভ হোৱা নাই। তেন্তে তেওঁৰ দলে অতবছৰে কংগ্ৰেছৰ বিৰুদ্ধে মুছলীম তুষ্টিকৰণৰ অভিযোগ কৰি ৰাজনীতিত লিপ্ত হৈছিল কিয়? নে হিন্দুসকলক আবেগিক কৰি অনাহকত মুছলীম বিৰোধৰ ৰাজনীতি কৰিছিল? দৰাচলতে সমগ্ৰ দেশতে এনে এক ধাৰণা মানুহৰ মাজত সোমাই দিয়া হৈছে যে কংগ্ৰেছে মুছলমানৰ স্বাৰ্থত কাম কৰে আৰু বিজেপিয়ে হিন্দুসকলৰ স্বাৰ্থত কাৰ্য সম্পাদন কৰি আছে। এই ধাৰণাত সাৰ-পানী যোগাইছে খোদ কেন্দ্ৰীয় চৰকাৰখনে। প্ৰশ্ন উদয় হোৱা স্বাভাৱিক যে কংগ্ৰেছে কেৱল মুছলমানৰ ভোটেৰেই ইমান দশকে ৰাজত্ব কৰিলে নেকি? অথবা বিজেপিয়ে জয়লাভ কৰা বিভিন্ন ৰাজ্যত মুছলমানে বিজেপিক ভোট দিয়া নাই নেকি? শেহতীয়া গুজৰাট নিৰ্বাচনত বিজেপিয়ে মুছলমানৰ ২৭ শতাংশ ভোট লাভ কৰিছে। তৎস্বত্বেও সমগ্ৰ দেশৰ ৰাজ্যসমূহৰ মুঠ ১৩৮৬ গৰাকী বিজেপি বিধায়কৰ মাজত মাত্ৰ চাৰিজনহে মুছলমান। ভাৰতীয় ৰাজনৈতিক ক্ষেত্ৰখনৰ পৰা মুছলমান নেতা-মন্ত্ৰী লাহে লাহে বিলুপ্ত হোৱাৰ পথ প্ৰশস্ত হৈছে। ফলত বহুত্ববাদৰ ধাৰণাৰ ঠাইত সংখ্যাগুৰুত্ববাদ অধিস্থিত হৈছে।

No comments:

Post a Comment