তৰুণ গগৈক জিৰণি লবলৈ দিয়ক
বুলন কুমাৰ শইকীয়া
অন্ধকাৰ এটা যুগৰ সমাপ্তিত ২০০১ চনত যেতিয়া তৰুণ গগৈয়ে শাসনৰ ভাৰ লৈছিল তেতিয়া কথা প্ৰসংগত মোৰ পিতৃয়ে কৈছিল এই মানুহজন চিধাচাধা৷ এওঁৰ পৰা শান্তি আশা কৰিব পাৰি ৷ পিতৃয়ে শান্তিৰ কথাহে কৈছিল দেই ৷ উন্নয়নৰ কথা কোৱা নাছিল ৷ কিন্তু কাৰ্যতঃ দুয়োটাই তেওঁৰ প্ৰথমটো কাৰ্যকালত আমি দেখিবলৈ পালো। ২০০১ চনত শাসনলৈ তৰুণ গগৈ অহাৰ পূৰ্বে মাহৰ দৰমহাটোৰ ওপৰত নিৰ্ভৰশীল অসম চৰকাৰৰ চাকৰিয়াল আমাৰ পিতৃৰ দুৰাৱস্থাটো দেখিছিলো ৷ সেইখিনি গগৈ চৰকাৰৰ দিনত সলনি হোৱাটোৱো দেখিলোঁ ৷ এতেকে তৰুণ গগৈৰ প্ৰতি আৰম্ভণিৰ সময়ত আমাৰ কোনো বিৰূপ ভাৱ সৃষ্টি হোৱা নাছিল ৷
কিন্তু পৰৱৰ্তী দুটা কাৰ্যকালৰ বাবে তেওঁ নিৰ্বাচিত হোৱাত অহংকাৰে মূৰত ধৰিলে মানুহজনক ৷ কথাই প্ৰতি পেংলাই কৰাৰ স্বভাৱ, অবাস্তৱ - অদ্ভূত যুক্তিৰে অহংকাৰী তৰুণ গগৈয়ে আমাক সকলোকে বাৰে বাৰে জোকাৰি গ’ল ৷ বিশেষকৈ ধৰ্মীয় সংখ্যালঘূ মাত্ৰেই গগৈৰ বাচ-বিচাৰ নোহোৱা ৰক্ষণাবেক্ষণ, তোষামোদকাৰীৰ দ্বাৰা পৰিৱেষ্টিত হৈ পৰিয়াল তান্ত্ৰিক ৰাজনীতিৰ আমদানি ( এইটো কথা মই দাবী কৰিব পাৰো যে ২০০৮ চনত গগৈ ডাঙৰীয়াক সম্ভৱতঃ অসমত ময়েই প্ৰথম সুধিছিলোঁ যে তেওঁ ৰাজনীতিলৈ পৰিয়ালৰ মানুহকো আনিব বিচাৰে নেকি ? সেইসময়ত গৌৰৱ গগৈৰ নাম উচ্চাৰিত হোৱা নাছিল ৷ তেওঁ দুখন সভাত ডলী গগৈক তেতিয়া লৈ অহা দেখিয়েই সেই প্ৰশ্ন মই কৰিছিলো ৷ সেয়া এক অন্য বিষয় ৷ ) , দুৰ্নীতিৰ সৈতে সহাৱস্থান ইত্যাদি একাধিক কাৰণত মানুহজনে ৰাইজৰ মনোযোগ হেৰুৱাবলৈ ধৰিলে ৷ যিজন তৰুণ গগৈয়ে ক্ষমতালৈ আহিয়েই পঞ্চায়ত নিৰ্বাচন পাতি ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ সদ্ভাৱ দেখুৱাইছিল সেই পঞ্চায়তৰে সৰহভাগ কালক্ৰমত হৈ পৰিল ক্ষমতাৰ নামত লুন্ঠনকাৰী এজেন্ট ৷ ইবিলাকৰ পৰিণতি তৰুণ গগৈয়ে বুজি পোৱালৈকে বহু পলমহৈ গ’ল ৷ তেওঁ এতিয়া ক্ষমতাৰ বাহিৰত ৷ কিন্তু ক্ষমতাৰ বাহিৰত থাকিও পোন্ধৰবছৰীয়া ৰাজ শাসনৰ আদৱ কায়দা তেওঁ হয়তো পাহৰা নাই ৷ যাৰ বাবে যেতিয়াই তেতিয়াই সংবাদ মেল আয়োজন কৰি মানুহজনে বিদ্ৰুপ - তামাছাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ৷ ৰাজ্যৰ বানপানীৰ সময়ত তেওঁ ঘপককৈ কৈয়ে দিলে - মুখ্যমন্ত্ৰীৰ দায়িত্ব তেওঁক দিয়া হওক ৷ সমস্যা তৎকালেই সমাধান কৰিব ৷ আকৌ মনত পেলাওক - ৰাজ্যৰ বিত্তীয় অৱস্থাৰ সম্পৰ্কত তেওঁ শ্বেতপত্ৰ প্ৰকাশ কৰিম বুলি কোৱা কথাষাৰলৈ ৷
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে সেইবাৰ প্ৰায় উপলু্ঙাৰ সুৰতে ক’লে যে শ্বেতপত্ৰ প্ৰকাশ কৰিবলৈ তৰুণ গগৈ ক্ষমতাত যে নাই সেই কথা পাহৰি গৈছে ৷ এনে বহু উদাহৰণ বিগত সময়ছোৱাত সৃষ্টি হৈছে যাক একেষাৰে ক’ব পাৰি তৰুণ গগৈয়ে ইচ্ছাকৃতভাবেই নিজৰ বিদ্ৰুপ সংগ্ৰহৰ অভিযানত নামি পৰিছে ৷ ৰাকেশ পালক সংস্থাপিত আৰু শক্তিশালী কৰাৰ ক্ষেত্ৰত গগৈৰ যি ভূমিকা আছিল সেয়া বিশ্লেষণ কৰি গগৈৰ সমস্ত অৱদান আজিৰ তাৰিখত সাধাৰণীকৃত কৰা হৈছে৷ মুখ্যমন্ত্ৰী সোনোৱালে অলপতে ৰাজ্যৰ বাহিৰৰ পৰা চাৰ্টাড বিমানত উভতি অহাকলৈয়ো তেওঁ সংবাদমেল পাতি সমালোচনা কৰি তেওঁৰ কাৰ্যকালৰ হেলিকপ্টাৰ উৰণৰ চেলু উলিয়াইছে ৷ এইবোৰ আচলতে বৰ্ষীয়ান নেতাজনৰ বাবেই অত্যন্ত লাজৰ বিষয় হৈছে ৷ এই পৰিস্থিতিটোৰ পৰা ৰক্ষা পোৱাৰ দুটাই উপায় ৷ এক, তেওঁৰ বহুবল্কী স্বভাৱটো ত্যাগ কৰিব লাগিব যিটো তেওঁ কৰাৰ কোনো সুযোগ নাই ৷ দুই, তেওঁক জিৰণি ল’বলৈ দিয়া উচিত ৷ সম্ভৱ এই কামটো গগৈৰ পুত্ৰ পৰিবাৰ- বোৱাৰী সকলোৱে মিলি আৰু প্ৰয়োজনত তেওঁৰ দলৰ বাকীবোৰ নেতাৰ সহায়তো কৰিব পৰা যাব ৷ তৰুণ গগৈৰ পৰা বহুবল্কী স্বভাৱটো পৃথক কৰি চালে তেওঁৰ সমকক্ষ ৰাজনৈতিক বোদ্ধা-যোদ্ধা এজন সাম্প্ৰতিক ৰাজনীতিত আছে যেন নালাগে ৷ মুখ্যমন্ত্ৰীৰ আসনত থকাৱস্থাত গগৈয়ে মুকলিকৈ ইণ্ডিয়া টুডেত সাক্ষাৎকাৰ দিছিল - মোৰ দিনত উন্নয়নো হৈছে ৷ দুৰ্নীতিও হৈছে ৷ সৰ্বানন্দ সোনোৱালৰ সম্ভৱ তেনে সাহস নহ’ব ৷ কাৰণ বিজেপিৰ এজন সাংসদে খোদ নিজৰ চৰকাৰৰ মন্ত্ৰীৰ কমিছনৰ কথা উলিয়াওঁতে তাৰ কোনো বিচাৰেই নহ’ল বৰঞ্চ অভিযোগকৰ্তা সাংসদজনক মিছা বুলি প্ৰতিপন্ন কৰিবলৈহে নামি পৰিল ৷ তৰুণ গগৈৰ নেতৃত্বৰ বাবেই অসমত বিশ্ব মানৰ ক্ৰীড়াংগন হৈ উঠিল ৷ ৰাষ্ট্ৰীয় ক্ৰীড়া অনুষ্ঠিত হ’ল। আজি কিন্তু অসমে দেশৰ ক্ৰীড়া ৰাজধানী হিচাপে পৰিচয় পাবৰ বেলিকা সেইজন তৰুণ গগৈক লেখমানো স্বীকৃতি দিব বিচৰা নাই ৷ এনে এটা পৰিৱেশত যদি প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে সমালোচনাৰ নামত কেৱল সমালোচনাকেই কৰি থাকে ( তাকো প্ৰেছ মীটত ) আমি অনুভৱ কৰোঁ তেওঁক যথাযথ স্বীকৃতিৰ পৰা বিপক্ষই আঁতৰাই থ’বলৈ আৰু সুযোগ পাব ৷ মই কংগ্ৰেছী সংস্কৃতিৰ প্ৰতি কোনোকালেই অনুৰক্ত নহয় আৰু নাছিলো ৷ কিন্তু তৰুণ গগৈৰ ক্ষেত্ৰত আজিকালি মোৰ প্ৰায়ে এটা কথা মনলৈ আহে ৷ বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ দলৰ হৈ তেওঁ কৈছিল - আমাক ( কংগ্ৰেছক ) গ্ৰহণ কৰিলে মানুহ নমৰে ৷ পেটহে চলিব পাৰে ৷ কিন্তু তেওঁলোকক ( বিজেপিক) গ্ৰহণ কৰিলে মানুহ বচাৰ আশা নাই ৷
তৰুণ গগৈ শুদ্ধ নে অশুদ্ধ নিৰ্বাচনৰ পূৰ্বে কোৱা তেওঁৰ সেই কথাষাৰ মনত পেলালে প্ৰত্যেকেই বুজি পাব ইয়াত কিয় তেওঁক ৰাজনৈতিক বোদ্ধা-যোদ্ধা বুলি মুকলিকৈ কোৱা হৈছে ৷ সেয়ে কৈছো জ্ঞাতসাৰে এই মানুহজনে লাঞ্ছনা পোৱাটোৱেই শেষ কথা নহয় ৷ তৰুণ গগৈৰ বহু সীমাৱদ্ধতাৰ পাচতো সময়ে নিৰ্ণয় কৰিব মানুহজনৰ ভূমিকাৰ প্ৰকৃত স্বৰূপ ৷ অনুগ্ৰহ কৰি এতিয়া তেওঁক জিৰণি লবলৈ দিয়ক ৷
No comments:
Post a Comment