জয়জয়তে আপোনালোকলৈ নৱবৰ্ষৰ শুভেচ্ছা জনাইছো। আপোনালোকৰ আশীৰ্বাদতে আজি আমি দুবেলা দুমুঠি আৰু ৰাতিলৈ দীঘলীয়া এটিৰ সৈতে খৰিকা দুটি ভক্ষণ কৰি যেনেতেনে জীয়াই আছো। এতিয়া আপোনালোকেও সুখত থাকিবলৈ আমি যতে ততে পিকনিক, মহোতসৱ আদিৰ আয়োজন কৰিছো। চান্দা বৰঙণি প্ৰতিখন পেণ্ডেলৰ বাবেই দি সমাৰোহ, অধিবেশন, উতসৱ আদি পাতিবলৈ নিজৰ চন্দুক খুলি দিয়াৰ বাবে সদৌ অসম বেপাৰী সংঘৰ সকলো সদস্যলৈ আন্তৰিক কৃতজ্ঞতা জনাইছো। লগতে আমাৰ জাতীয় জীৱনৰ এৰাবনোৱাৰা বস্তু এইবোৰ আয়োজন পাতিবলৈ ধন গোটাওতে লাগিলে বন্দুকো দেখুৱাবলৈ কুণ্ঠাবোধ নকৰা জাতীয় খলনায়ক সকলৈকো আন্তৰিক অভিনন্দন জনাইছো।
আশাকৰো এই পিকনিকৰ বতৰত আপোনালোকৰ মনোৰঞ্জনৰ বাবে হাজাৰ হাজাৰ মুৰ্গী, হাজাৰ বিজাৰ হাঁহ আৰু গাহৰি-ছাগলীয়ে নিজৰ চৰমতম ত্যাগ স্বীকাৰ কৰিছে। সেই প্ৰাণীকুলকো পাৰিলে আমি মনোৰঞ্জন শ্বহীদ আখ্যা দিবহে লাগে! ৰাইজ, আপোনালোকৰ মনত ৰঙ চটিয়াবলৈ আমাৰ লোকেল চুলাইকো আমি আমাৰ ৰাজ্যৰ গৌৰৱময় চিহ্ন ৰাইনোৰ নামেৰে পেকেট বনাই মৰ্যদা প্ৰদান কৰিছো। আমাৰ নিজৰ সম্পদক আমি নিজেই নিচিনো বুলি ইমানদিনৰ পৰা কৈ থকা কথাটোত এতিয়া আমি দেখুৱাই দিছো যে কেনেকৈ আমি লোকেল চুলাইৰ দৰে কাৰ্যকৰী সম্পদক ৰত্ন বুলি চিনি উলিয়াইছো।
ৰাইজ, আপোনালোকে দেখিছেই কেনেকৈ শাক পাত পাছলিৰ মূল্য এতিয়া আকাশলংঘী কৰা হৈছে। এয়া কৰা হৈছে কৃষকৰ কল্যাণৰ বাবে। দাম নাবাঢ়িলে আমাৰ খেতিয়কে উচিত মূ্ল্য কেনেকৈ পাব। বেপাৰীয়ে উচিত লাভ নাপালে, ডনেচন কেনেকৈ দিব। আপোনালোকে যি সকল সাংবাদিকে খেতিয়কে উচিত মূল্য নোপোৱাৰ বাবে বিলাহী আদি পেলাই দিয়াৰ খবৰ দিয়ে, তেওঁলোকক কব, কেনেকৈ টমেট চচ বনাই খেতিয়কক উচিত মূল্য দিয়াব লাগে। তেনেকুৱা নেতিবাচক বাতৰিক পাত্তা নিদিব। লাগিলে আমি টমেটিনো নামৰ বিলাহী খচা উতসৱ বা অধিবেশন এখনেই সদৌ অসম ভিত্তিক পাতিম, চবেই কিনি বিলাহী খচিম, কিন্তু বিলাহীৰ দাম আমি কমিবলৈ নিদিম। আমাৰ খেতিয়কৰ স্বাৰ্থ ৰক্ষাই আমাৰ মূল পণ!
নিউ ইয়েৰ গল, পাৰ্টিৰ নিচা ফাটিবলৈ নাপাওতেই আকৌ মাঘৰ বিহু, মানে ভোগালীৰ আনন্দ আহিলেই। পিঠা পনা, সাজ ৰহী আদিৰ মাজত এইবাৰ আকৌ বিহু নাচিবলৈ সাজু হবলৈ হলেই। চি়ডি তথা বিহুৰ নতুন বছৰৰ গীতমাতৰ ভিডিঅই মুকলি হৈ তাল ফাল লগালেই। ৰৈ থাকিবলৈ সকাম নাই ৰাইজ! চেনেলে চেনেলে নখোৱাতে বিহু নচাৰ পাছত এতিয়া বহু কুঁৱৰী নেহেৰুৱালিত এইবাৰ মাঘৰ বিহুতে আয়োজন কৰা হৈছে। কোনোবাই কোনোবাই তাকো সমালোচনা কৰিছে। কিন্তু বেয়া পাবলৈ কিটো আছে। ক্ৰিকেট এখন খেলাৰ আগতে নেট প্ৰেকটিচ কৰেনে নাই, কৰে। কৰে খোদ ভাৰতৰত্ন পোৱা টেণ্ডুলকাৰে কৰে। তেন্তে আমাৰ বিহু সম্ৰাজ্ঞী হম বুলি সপোন দেখা নাচনী পখিলা কেইজনীক যেনিবা মাঘতে বিহুতলী পাতি নেট প্ৰেক্টিচ অকন কৰালেই তাতে আপত্তি কৰিবলৈ কিটো হল! আমাৰ কিছুমান মানুহৰ এটাই কাম ফেচবুকত সমালোচনা কৰা, বিতৰ্ক কৰা। কাম কৰা মানুহে কাম কৰিবই, অধিবেশৱন, উতসৱ, সাংস্কৃতিক সন্ধিয়া আদি পাতিবই। এয়া কেৱল জাতীয় স্বাৰ্থত কৰা কামহে। বাৰ মাহে তেৰখন সভা, সাংস্কৃতিক সন্ধিয়া পাতি নাথাকিলে আমাৰ শিল্পী সমাজ কেনেকৈ চলিব! কেৱল তিনি চাৰিমাহৰ বিহুমেলা বা বহাগী বিদায়ৰ যোগেদিয়ে সংস্কৃতি ৰক্ষা কৰিব নোৱাৰি। এয়া এক ধাৰাবাহিক যাত্ৰাহে, এবাৰো সংস্কৃতিৰ বৰনৈ শুকাবলৈ দিব নোৱাৰি!
তেওঁলোকে বাৰু সাঁচতীয়া ধনেৰেই চলিব, কিন্তু বগা-চোলা কলাপেণ্ট পিন্ধা আমাৰ নিৱনুৱা যুৱক সমাজৰ কথাও জানো চিন্তা কৰিব নালাগিব। তেওঁলোকেওটো বছৰজোৰা জোৰাকৈ বলেৰ দৌৰাই সামাজিক কামকাজ কৰি থাকিব নালাগিব, তাৰ বাবে মূলধন নালাগিব। আজিকালি সংগঠন এটা সৰুকৈ খুলিলেও পাঁচজন সদস্যকে প্ৰতিটো সন্ধিয়া মন ভৰাই ৰাখিবলৈ কমেও দুহেজাৰ টকা লাগেই! তেনে ক্ষণত এনে সমালোচনালৈ কোনে কেয়াৰ কৰিব! সেয়ে ৰাইজ আপোনালোকে মাঘবিহুৰ পাছতে সৰস্বতী পূজা, তাৰ পাছত ভেলেণ্টাইন ডে, তাৰ পাছত চাৰিমহীয়া ৰঙালী বিহু, তাৰ পাছত বিশ্বকৰ্মা, শাৰদীয় পূজা আদিৰ মাজতে আকৌ আলি আই লিগাং, কৰম পূজা, মেদাম মে ফি, ঈদ আদিৰ বাবেও সাজু হৈ থাকক। এশৰো ওপৰৰ সংগঠনৰ আঞ্চলিক কমিটি, শাখা কমিটি, ব্লক, জিলা কমিটি, ৰাজ্যিক অধিবেশন, দ্বি-বাৰ্ষিক, মধ্যকালীন আদি অধিবেশনৰ বাবেও সাজু হৈ থাকক। তাৰ মাজে মাজে চেনেলে পতা আৱতৰীয়া বিহু, লাইভ মিটিং আদিতো সময় দিব লাগিব। মুঠতে অনাগত বৰ্ষতো কৰ্মময় হওক, সংস্কৃতিময় হওক, খাওক বওক, নাচক নচুৱাওক, এনজয় কৰক। এই যে বন্ধ আন্দোলন এইচবক লৈ কোনো মাথা নঘমাব। মাজে মধ্যে জিৰণি লবলৈকো দুই এটা বন্ধ আদি লাগেই দিয়কচোন, নে কি কয়। এনজয় ৰাইজ এনজয়! আহক আমি জাতীয় জীৱনক সজীৱ কৰি ৰখাৰ স্বাৰ্থতে এইদৰে বছৰজোৰা এনজয় কৰাৰ পণ লও আৰু আমাৰ ৰাজ্যক হেপ্পি নেচ ইনডেক্সৰ শীৰ্ষত ৰাখো!
জয় আই ৰাইজ, জয় আই, বোলো ৰাইনো চিয়েৰ্ছ!
No comments:
Post a Comment