পলকতে সুখ-দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ-দুখৰ বতৰা

পলকতে সুখ-দুখৰ বতৰা

Share This

আজিৰ ভাল খবৰবোৰ
১. কালি নলবাৰী জিলাৰ টিহুৰ নাথকুছিত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন মেগা ফুড পাৰ্কৰ উদ্বোধন কৰা হয়। কেন্দ্ৰীয় মন্ত্ৰী হৰচিমৰত কৌৰ বাদল, কিৰেণ ৰিজিজু আৰু মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে এই উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে। নতুন উদ্যোগ নীতিৰে কেন্দ্ৰীয় চৰকাৰত অসমত উদ্যোগ স্থাপন সহজ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়। এই মেগা ফুড পাৰ্কৰ জৰিয়তে খাদ্য সংশ্লেষণৰ উদ্যোগত প্ৰায় ১লাখ যুৱক-যুৱতীয়ে সংস্থাপন লাভ কৰিব বুলি প্ৰকাশ কৰে কিৰেণ ৰিজিজুৱে।


২. অহা ডিচেম্বৰ মাহৰ ভিতৰত অসম আৰক্ষীত ৯৫৬৮টা কনিষ্টবল, উপ-পৰিদৰ্শকৰ পদ, জুলাইৰ ভিতৰ ৬৭৪৮টা সশস্ত্ৰ আৰক্ষী কনিষ্টবলৰ পদ পূৰণ কৰা হব বুলি প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব এমজিভিকে ভানুৱে। সংবাদ মেল আয়োজন কৰি অহা জুলাইনত পুনৰ ২৫৬৪কনিষ্টবল আৰু ৩৬৪টা উপ-পৰিদৰ্শক পদৰ বিজ্ঞাপন প্ৰকাশ কৰা হব বুলি প্ৰকাশ কৰি অসাধু চক্ৰৰ প্ৰলোভনত ভোল নাযাবলৈ প্ৰাৰ্থী-অভিভাৱকক আহ্বান জনাই এই নিযুক্তি প্ৰক্ৰিয়া নিকা কৰা হব বুলিও ৰাইজক প্ৰধান সচিব গৰাকীয়ে আশ্বাস প্ৰদান কৰে।


৩. অসমৰ ৰাজ্যিক কেবিনেটৰ বৃহস্পতিবাৰৰ বৈঠকে কেইবাটাও সিদ্ধান্ত ৰাজহুৱা কৰিছে। তাৰে ভিতৰত কৃষিজাত সামগ্ৰীৰ বিশেষকৈ উদ্যান শস্যৰ লগত জড়িত কৃষক সকলক বিশেষ ভাৱে উপকৃত কৰিবলৈ বিচৰা হৈছে। এম্বুলেঞ্চ আৰু মৃতদেহ কঢ়িওৱা বাহনৰ ওপৰত কৰ উঠাই দিয়া হৈছে। অনুকম্পামূলক নিযুক্তিৰ আবেদনৰ বাবে সীমা এবছৰলৈ বৃদ্ধি কৰি দিয়া হৈছে। ২০০১চনত নিযুক্তি পোৱা ৫৩৬গৰাকী স্নাতক শিক্ষকৰ দৰমহা ২৫০০টকাৰ পৰা ১৫৫০০টকালৈ বৃদ্ধি কৰাৰো সুখবৰ প্ৰকাশ পাইছে।


৪. কালি ঘোষিত হৈছে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ দশম শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল। মুঠ উত্তীৰ্ণৰ হাৰ ৯৭.৩২ শতাংশৰ বিপৰীতে উত্তৰ-পূৱত সফলতাৰ হাৰ ৮৫.৫৫শতাংশ বুলি জানিব পৰা গৈছে। গুৱাহাটীত সৰলা বিৰলা বিদ্যালয়ে সফলতাৰ শীৰ্ষত থকা বুলিও বাতৰি প্ৰকাশ পাইছে।


৫. নতুন কেন্দ্ৰীয় চৰকাৰে সাম্প্ৰতিক সময়ত অপ্ৰাসংগিক হৈ পৰা আইন সমূহ প্ৰত্যাহাৰ কৰাৰ বাবে উদ্যোগ গ্ৰহণ কৰিছে। ইতিমধ্যে ১২৫খন এনে আইন প্ৰত্যাহাৰ কৰা হৈছে। আইন মন্ত্ৰালয়ে আন ১৮৭১খন আইনো প্ৰত্যাহাৰৰ বাবে বাছনি কৰি উলিয়াইছে। ১৯৫০-২০০১ৰ ভিতৰত ১০০তকৈ অধিক অপ্ৰাসংগিক আইন প্ৰত্যাহাৰৰ পাছত এতিয়া পুনৰ এই উদ্যোগ গ্ৰহণ কৰাৰ সুখবৰ প্ৰকাশ পাইছে।


৬. উত্তৰ-পূৱত কেইবা দশক ধৰি আৰোপিত হৈ থকা ক’লা আইন সামৰিক বাহিনী বিশেষ ক্ষমতা আইনৰ ক্ষেত্ৰত ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে ত্ৰিপুৰা চৰকাৰে। মানিক সৰকাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰে ৰাজ্যখনৰ পৰা এই ক’লা আইন প্ৰত্যাহাৰ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰি এই প্ৰস্তাৱ ৰাজ্যপাল যোগে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰাৰ সুখবৰো প্ৰকাশ পাইছে।


৭. সৌৰজগতৰ অন্তিমটো গ্ৰহ প্লুট’ৰ ৰহস্য ভেদ কৰিবলৈ নাছাই প্ৰেৰণ কৰা নিউ হৰাইজন নামৰ মহাকাশজানখনে নতুন আলোকচিত্ৰ প্ৰেৰণ কৰিছে। প্লুটোৰ বিষয়ে এই মহাকাশযানখনৰ জড়িয়তে ন ন তথ্য লাভ কৰিবলৈ সক্ষম হোৱা বুলি বিজ্ঞান সমাজক অৱগত কৰিছে মহাকাশ গৱেষণা সংস্থাটোৱে।


৮. অসমত ব্যক্তিগত খণ্ডৰ বিদ্যালয় সমূহেও আইন অনুসৰি শিক্ষকক উন্নত দৰমহা দিবই লাগিব বুলি প্ৰকাশ কৰিলে অসমৰ শিক্ষামন্ত্ৰী শৰত বৰকটকীয়ে। ৪১খন মহাবিদ্যালয়ক চৰকাৰী অনুদান বিতৰণ কৰি এই বিষয়টোতো শিক্ষা বিভাগে আইন প্ৰণয়ন কৰাৰ বাবে কাম কৰি থকাৰ সুখবৰো তেখেতে প্ৰকাশ কৰে।


৯. ভাৰতীয় জুড’ ফেডাৰেশ্বন আৰু সদৌ অসম জুড’ সন্থাৰ যুটীয়া উদ্যোগত অহা ৬জনুৰ পৰা গুৱাহাটীৰ তৰুণৰাম ফুকন ইনড’ৰ ষ্টেডিয়ামত প্ৰথমবাৰলৈ এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ ব্লেক বেল্ট শিবিৰ অনুষ্ঠিত হব। এই শিবিৰত দেশৰ প্ৰায় ২০০গৰাকী খেলুৱৈয়ে ভাগ লব।


১০. অসম গৌৰৱ ফুটবলৰ নিৰ্মাতা শিৱসাগৰৰ সম্ভান্ত ক্ৰীড়া সামগ্ৰীৰ প্ৰতিষ্ঠান ইণ্ডাষ্ট্ৰিয়েল আৰ্টে সোণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰা উপলক্ষত ২০১৭চনলৈকে বিশেষ আঁচনি যোগে স্থানীয় খেলুৱৈ সকললৈ ৰেহাই মূল্যত সামগ্ৰী যোগান ধৰিব বুলি ঘোষণা কৰিছে। চাওলুঙ চুকাফা ইনড’ৰ ষ্টেডিয়ামত অনুৰ্ধ দহ বছৰ শাখাৰ অসম চেম্পিয়ন অনিমেষ গগৈ আৰু অনুৰ্ধ তেৰ বছৰ ছোৱালী শাখাৰ ছেমি-ফাইনেলিষ্ট ৰিজু ৰাজকুমাৰীক দুই শতাধিক খেলুৱৈ-অভিভাৱকৰ উপস্থিতি প্ৰেৰণা যোগাবলৈ ক্ৰীড়া সামগ্ৰী উপহাৰ দিয়ে স্বত্বাধিকাৰ তথা উজনিয়াল সত্ৰৰ সত্ৰাধিকাৰ লক্ষীকান্ত মহন্তই।

No comments:

Post a Comment