পংকিলময় অসম লোকসেৱা আয়োগৰ অভিজ্ঞতা
ডাঃ বিৰাজ কুমাৰ শৰ্মা
যোৱা ১৩ মে, ২০১৫ তাৰিখে অসমৰ জনপ্ৰিয় বাতৰি কাকত “নিয়মীয়া বাৰ্তা”ত প্ৰকাশিত শিৰোনাম “বাছনিত অশুভ লেনদেন! এ.পি.এছ.ছি.ৰ ফলাফল ঘোষণা” আৰু উক্ত কাকতৰে ১৪ মে, ২০১৫ তাৰিখে প্ৰকাশিত “এ.পি.এছ.চি পৰীক্ষাৰ ফলাফলক লৈ তীব্ৰ প্ৰতিক্ৰিয়া, মন্তী-নেতা-আৰক্ষীৰ পুত্ৰ অঙহী-বঙহীৰে ভৰিল তালিকা” শীৰ্ষক বাতৰি দুটা পঢ়ি দুআষাৰ লিখাৰ লোভ সামৰিব নোৱাৰিলো।
সঁচাকৈয়ে, বিভিন্ন বিতৰ্কৰে পংকিলময় অসম লোকসেৱা আয়োগৰ কুকীৰ্তি হয়তো নতুনকৈ কোৱাৰ প্ৰয়োজন নাই । আনকি, সদ্য ঘোষিত ফলাফলৰ প্ৰতি চৰম অসন্তুষ্টি ব্যক্ত কৰিছে স্বয়ং অসমৰ প্ৰাক্তন শিক্ষা আৰু স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাদেৱেও | ছচিয়েল নেটৱৰ্কিং ছাইট ফেচবুকত ডঃ শৰ্মাই প্ৰশ্ন কৰিছে আয়োগৰ বাচনি প্ৰক্ৰিয়া কিমানদূৰ নিকা আৰু কিমানজন দৰিদ্ৰ সীমাৰেখাৰ তলৰ আৰু নিম্ন মধ্যবিত্ত পৰিয়ালৰ প্ৰাৰ্থী এই পৰীক্ষাত উত্তীৰ্ণ হৈ বাচনি হৈছে ? এই কথা অনস্বীকাৰ্য যে ডঃ হিমন্ত বিশ্ব শৰ্মা শিক্ষা মন্ত্ৰী হৈ থকাৰ সময়ত আয়োজন কৰা অসমত টেট পৰীক্ষাত যোগ্যতা আৰু মেধাৰ ভিত্তিত এক নিকা বাচনি প্ৰক্ৰিয়াৰে হাজাৰ শিক্ষিত যুৱক-যুৱতীক সংস্থাপন দিবলৈ সক্ষম হৈছিল আৰু অসমৰ শিক্ষা জগতলৈ যে মেধাসম্পন্ন প্ৰাৰ্থীক নিয়োগ কৰি এক বৈপ্লবিক পৰিবৰ্তন অনা হৈছিল সেই কথা সাত শতৰুৱেও স্বীকাৰ কৰিব লাগিব |
দুই এটা সৰু-সুৰা অনিয়মৰ অভিযোগ থাকিলেও সেই বাচনি প্ৰক্ৰিয়া এনে সুন্দৰ আছিল যে প্ৰাৰ্থী সকলে উপঢৌকনৰ নামত কাকো তামোল এখনো খুওৱাৰ অভিযোগ নাছিল | কিন্ত্ত তেনে এক নিকা বাচনি প্ৰক্ৰিয়া অসম লোকসেৱা আয়োগৰ ক্ষেত্ৰত কিয় দেখা নাযায় আৰু প্ৰতিবাৰেই ফলাফল ঘোষণা কৰাৰ সময়ত কিহৰ বাবে বিতৰ্কৰ আওতালৈ আহে আয়োগ, অথচ আয়োগৰ এই বাচনি প্ৰক্ৰিয়াৰ লগতেই অসমৰ ভবিষ্যত আৰু সমাজৰ প্ৰশ্ন জড়িত হৈ থাকে |
যিমানেই নিকা আৰু স্বচ্ছ বুলি জাহিৰ নকৰক কিয়, ইয়াৰ ভিতৰত যে অদ্যপী এক কদৰ্যময় পৰিবেশ বৰ্তী আছে আৰু বিভিন্ন হিচাব নিকাচ চলে তাক আমাৰ দৰে ভুক্তভোগী তথা অসম লোকসেৱা আয়োগৰ বাচনি পৰীক্ষাত বিফল হোৱাসকলে বুজিব পাৰিব । প্ৰাক্তন অধ্যক্ষ তাৰাপ্ৰসাদ দাসৰ পৰা আদি কৰি গীতা বসুমতাৰী আৰু বৰ্তমানৰ অধ্যক্ষ ৰাকেশ পাললৈকে সকলোৰে বাবে যেন এক সোনৰ কণী পৰা হাঁহত পৰিণত হৈছে অসম লোকসেৱা আয়োগ। তাৰাপ্ৰসাদ দাসৰ কাৰ্য্যকালতে অসম লোকসেৱা আয়োগ মুৰৰ পৰা গেলিছিল আৰু যাৰবাবে তাৰাপ্ৰসাদ দাসৰ ঘৰত আবকাৰী বিভাগে অভিযান চলাওতে বস্তাই বস্তাই টকা উদ্ধাৰ হোৱাৰ কথা হয়তো সকলোৰে মনত আছে | সকলোৱে ইয়াৰ ভুক্তভোগী আৰু এই অবৈধ কাৰ্য্যকালাপৰ কথা সকলোৰে জ্ঞাত কিন্ত্ত প্ৰমান কৰাটো অসম্ভব কাৰণ মেকুৰীৰ ডিঙিত তিলিঙা আঁৰিব কোনে?
বাতৰিত প্ৰকাশ কৰাৰ লেখিয়াকৈ অনিয়ম হৈছে যদিও তাক প্ৰমাণিত কৰিবলৈ হয়তো সামান্য ক্লু নাথাকে আমাৰ দেশৰ আইনী-মেৰপাচ আৰু ন্যায়পালিকাৰ ওপৰত আস্থা হেৰুওৱাৰ বাবেও এনেবোৰ কথা প্ৰমাণ কৰিবলৈ কোনেও উৎসাহ নেদেখুৱাৰ হেতুকে এনেবোৰ ঘ্টনা দিনক-দিনে বৃদ্ধি পাবলৈ লৈছে আৰু অনিয়ম সংঘটিত কৰাসকলৰ আইনী ব্যবস্থা হাতৰ মুঠিত ৰখাৰ বাবে কোনেও অতিৰিক্ত জঞ্জাল চপাই নলয় | কাৰণ তেওঁলোকৰ মৌখিক সাক্ষাতকাৰ তথা বাচনিপ্ৰক্ৰিয়া এটি মাত্ৰ নিয়মমাফিক কাৰ্য্য যেনহে অনুমান হয় আৰু প্ৰাৰ্থী বাচনি প্ৰক্ৰিয়া যে এক ভেকোঁভাওনাৰ ৰূপান্তৰ মাত্ৰ, সেই কথা মৌখিক সাক্ষাতকাৰৰ মুখামুখী হৈ উমান পাইছো ।
আমি নিজে আজিৰ দিনত নিজেই এজন নিবনুৱা পশু-চিকিৎসক আৰু ২০১০ চনত পশুচিকিৎসা বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰাৰ লগতে ২০১২ চনত শল্য চিকিৎসা বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰো আৰু ২০১৩ বৰ্ষত ভাৰতীয় কৃষি গৱেষণা পৰিষদে অনুষ্ঠিত কৰা প্ৰবক্তা পদৰ বাবে যোগ্যতা অৰ্জনৰ বাবে অনুষ্ঠিত কৰা ৰাষ্ট্ৰীয় যোগ্যতা নিৰ্নয়কাৰী পৰীক্ষাত উত্তীৰ্ণ হৈ যোগ্যতা অৰ্জন কৰো আৰু বৰ্তমান অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ গুৱাহাটীৰ খানাপাৰাস্থিত পশু-চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ত উক্ত বিষয়ত পি.এইচ.ডি কৰি আছো।
আমি নিজেই যেতিয়া এবাৰ পশু-চিকিৎসক পদৰ বাবে মৌখিক সাক্ষাতকাৰৰ মুখামুখী হৈছিলো, সাক্ষাতকাৰৰ সময়ত এজন আয়োগৰ তথাকথিত সদস্যই আৰু অসম চৰকাৰৰ পশুপালন আৰু পশুচিকিৎসা বিভাগৰ বিষয়াই মোৰ যোগ্যতা বিচৰাতকৈ অধিক হৈছে, বেলেগত ভাল চাকৰি পাম আদি কৈ বিষয়বস্ত্তৰ লগত সামঞ্জস্য নাথাকা দুই এটি কথা সুধি বিদায় দিলে । আমি আছৰিত হও এইবাবেই যেতিয়া পশুচিকিৎসা বিজ্ঞানত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা বহুতো প্ৰাৰ্থী আয়োগৰ দৃষ্টিত যোগ্য বিবেচিত নহয় যদিও পশু-চিকিৎসা বিজ্ঞানৰ পাচবছৰীয়া পাঠ্যক্ৰম খৰচী মাৰি পঢ়ি ন-দহ বছৰ লগোৱা দুই এজন প্ৰাৰ্থীয়ে যেতিয়া আয়োগৰ বাছনি প্ৰক্ৰিয়াত শীৰ্ষস্থান দখল কৰি চমক দিবলৈ সক্ষম হয় !
তেনেস্থলত আন বিভাগৰ বিষয়া সকলৰ বাচনি প্ৰক্ৰিয়াত যে একেই পদ্ধতি নচলে সেই কথা জানো এনেবোৰ চাক্ষুস অভিজ্ঞতাৰ পৰা বিশ্বাস কৰিব পাৰিম? তাতকৈও আছৰিত হও এইবাবে যেতিয়া মৌখিক সাক্ষাতকাৰৰ সময়ত মূল্যাংকন কলমৰ পৰিবৰ্তে কিহৰ বাবে কাঠ পেঞ্চিলৰ ব্যৱহাৰ কৰা হয় ? উক্ত বাতৰিৰ পৰা আমাৰ মনত আজি এই কথা স্পষ্ট হ’ল যে অসম লোকসেৱা আয়োগৰ দৃষ্টিত এজন প্ৰাৰ্থীৰ যোগ্যতা হয়তো তেওঁৰ শিক্ষাগত অৰ্হতা, ব্যক্তিত্ত্ব আদিতকৈ তেওঁৰ ধনবলৰ ওপৰতহে প্ৰাধান্য দিয়া হয়।

এনেবোৰ কাৰকৰ বাবেই আজি অসমত সৰ্বত্ৰে ভয়াবহ ভাবে বৃদ্ধি পাইছে দূৰ্নীতি, স্বজনপ্ৰীতি ইত্যাদি| কাৰণ যিসকল বিষয়াই অসম লোকসেৱা আয়োগৰ এনে পংকিলপূৰ্ণ বাচনি প্ৰক্ৰিয়াৰে চাকৰি লাভ কৰে, সেই সকল বিষয়াৰ দূৰ্নীতি-অনিয়মৰ বিৰুদ্ধে ব্যবস্থা লবলৈ নৈতিকতা থাকিবনে ? এনেবোৰ কথাৰ বাবেই আজিৰ শিক্ষিত যুৱক-যুৱতী সকলৰ মুখত প্ৰায়েই এটা কথা শুনা পাও যে আৰ্থিক অবস্থা স্বচ্চল নোহোৱাৰ বাবেই তেওঁলোকে অসম লোকসেৱা আয়োগৰ পৰীক্ষাত বহাৰ সাহস গোটাব পৰা নাই |
কিন্ত্ত তেনেস্থলত এচামে কিন্ত্ত অসম লোকসেৱা আয়োগৰ পৰীক্ষা আৰম্ভ হোৱাৰ বহু আগতেই পৰীক্ষা দি কি চাকৰি পাব সেই কথা নিৰ্ভুলভাবে ভৱিষ্যতবাণী কৰিব পাৰে আৰু বাচনি হোৱাৰ পিছত বুকু ফিন্দাই মেধাৰ ভিত্তিত যোগ্য হোৱা বুলি বুকু ফিন্দাই ঘুৰি ফুৰে। কিন্তু এই কথা সত্য যে চোৰে কেতিয়াও নিজৰ পৰিকল্পনা আনৰ আগত আগতিয়াকৈ ফাদিল কৰি নিজৰ বিপদ চপাই নলয় | যি সময়ত ভাৰতীয় প্ৰশাসনিক সেৱাৰ পৰীক্ষা তথা বাচনি প্ৰক্ৰিয়া এক তীব্ৰ প্ৰতিযোগীতা – এক তীব্ৰ দৌৰ, তেনেস্থলত অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ ক্ষেত্ৰত এনেবোৰ নিৰ্ভুল তথা সঠিক ভৱিষ্যতবাণী আমাৰ দৰে সাধাৰণ লোকৰ বাবে এক নুবুজা সাথঁৰ |
দেশত পৰিবৰ্তন আনিবৰ বাবে অকল দল বা চৰকাৰ সলনি হ’লেই নহব | সলনি হ’ব লাগিব প্ৰশাসন যন্ত্ৰৰো, য’ত থাকিব লাগিব এচাম সৎ, সুদক্ষ, দূৰ্নীতিমুক্ত প্ৰশাসনীয় বিষয়াৰে গঠিত এটি প্ৰশাসন যন্ত্ৰ | ইয়াৰ বাবে নিৰ্বাচন নিকা হ’ব নালাগে, নিকা হ’ব লাগে বাচনি প্ৰক্ৰিয়া | আমি অসমৰ ক্ষেত্ৰতেই দেখিছো, ৰাজ্যৰ বিভিন্ন বিভাগৰ প্ৰশাসনিক বিষয়া সকলক বাচনি কৰা হয় অসম লোকসেৱা আয়োগৰ দ্বাৰা যাৰ বিতৰ্কিত কাৰ্য্যকলাপ আৰু সময়ে সময়ে অভিযোগ অহা ক্ৰুতিপূৰ্ণ বাছনি প্ৰক্ৰিয়া, উৎকোচ লোৱা আদি ঘটনাৰ সম্পৰ্কে হয়তো নতুনকৈ দোহৰাৰ প্ৰয়োজন নাই।
এনেদৰে যদি এক নিকা বাচনি প্ৰক্ৰিয়াৰে যোগ্য প্ৰাৰ্থী এজনৰ পৰিবৰ্তে আয়োগৰ সদস্যক সন্ত্তষ্ট কৰি পিছ দুৱাৰেৰে এজন প্ৰাৰ্থী বাচনি হৈ ৰাজ্যৰ সেৱা আগবঢ়াবলৈ আহে, তেনে এজন বিষয়াৰ পৰা আমি ভবিষ্যতে কিবা আশাব্যঞ্জক সাফল্য আশা কৰিব পাৰিমনে, দুৰ্নীতিৰে বাচনি হোৱা এজন বিষয়াৰ পৰা আমি দক্ষতা আৰু সততা আশা কৰিব পাৰিমনে ? এনেদৰে আওঁপকীয়াকৈ প্ৰশাসন যন্ত্ৰটো আজি দিনে দিনে দুৰ্নীতিত নিমজ্জিত হৈ গৈ আছে| কিন্ত্ত যি মুষ্ঠিমেয় সৎ বিষয়া-আমোলা আছে যিয়ে নিজৰ মেধাশক্তি আৰু দক্ষতাৰ বলেৰে ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া হোৱাৰ সুযোগ পাইছে, তেওঁলোকৰ সততা, সাহসিকতা আৰু দক্ষতাৰ বাবেই আজিও আমাৰ প্ৰশাসন যন্ত্ৰটো সম্পূৰ্ণ ধ্বংস নহৈ মৰি মৰিও জীয়াই আছে। ইয়াৰ অন্যথাই দেশ আৰু সমাজ কোনোবা কালেই ধ্বংস হৈ বিক্ৰী হৈ গ’লহেতেন |
সেয়েহে ভাবো আজিৰ তাৰিখত অসমৰ পৰা দুৰ্নীতি অনিয়ম নোহোৱা কৰিবলৈ হ’লে ৰাজপথত প্ৰতিবাদ কৰাতকৈ অসম লোকসেৱা আয়োগৰ বাচনি প্ৰক্ৰিয়াহে নিকা কৰা প্ৰয়োজন | তেতিয়াহে ইয়াৰ এক সুদূৰপ্ৰসাৰী প্ৰভাব পৰিব সৰ্বত্ৰ। ইয়াৰ পৰিবৰ্তে এনেদৰেই যদি চলি থাকে তেন্তে এনেদৰে নিৰ্বাচিত সেইসকল বিষয়াৰ পৰা আমি এই ৰাজ্যখনৰ উন্নয়ন কিবা আশা কৰিব পাৰিমনে ? সেইসকল বিষয়াই বাৰু চাকৰি পোৱাৰ পিছত জনসাধাৰণৰ সেৱাত ব্ৰৰ্তী হ’ব নে চাকৰি কিনি লওঁতে ঘোচ দিয়া ধনৰাশি অন্য উপায়েৰে পৰিপূৰ্ণ কৰাৰ চেষ্টাত ব্ৰৰ্তী হ’ব ? আনহাতে উপঢৌকন দিব নোৱাৰি যিসকল মেধাসম্পন্ন প্ৰাৰ্থী বঞ্চিত হোৱা বুলি কোৱা হৈছে, তেনেস্থলত এইবোৰ কথাই আমাৰ ভবিষ্যত প্ৰজন্মলৈ কি বাৰ্তা প্ৰেৰণ কৰিব ? এই উত্তৰ সচেতন পাঠক সমাজ তথা অসমৰ ৰাইজৰ হাতত এৰি দিলো।

No comments:
Post a Comment