মিছা ক'লে কি ডাল হব? (হাস্য ব্যংগ) - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সামাজিক দূৰবীণ
দীপাংকৰ মল্ল বৰুৱা
 (১)
মদ আৰু জুৱা
---------------
"হেৰা, তোমালোকে ইয়াত এইবোৰ কি আৰম্ভ কৰিছা। স্কুলৰ গেটৰ বাহিৰত মদ আৰু জুৱাৰ আড্ডা পাতিছা। কিমান বেয়া কাম কৰিছা জানানে"?
"মাষ্টৰ বাবু। ইমান হাল্লা কৰিছে কিয়? আমিতো স্কুলত ডিষ্টাৰ্ব কৰা নাই। আপুনিও আমাক ডিষ্টাৰ্ব নকৰিব"।
"বন্ধ কৰা এইবোৰ। তোমালোকে স্কুলৰ শিক্ষাৰ পৰিৱেশ নষ্ট কৰিছা। এতিয়াই এইবোৰ আঁতৰ কৰা। নহ'লে কথা ভাল নহ'ব"।
"কি কথা ভাল নহ'ব মাষ্টৰ বাবু? দম দি কথা নক'ব দেই। আৰু বেছিদিন নাই। আপুনিও ইয়াতে আমাৰ লগত বহিব লাগিব"।
"কি কথা কৈছাহে? মোকো ইয়াত বহাৰ কথা কেনেকৈ ক'ব পাৰিলা। উ: কি যে অপমান। ক'তে মৰোঁ মই"।
"কিয় শুনা নাই? জুলাইৰ পৰা আপুনিও বোলে দৰমহা নাপায়। অহা পোন্ধৰ বিছ বছৰ দৰমহা পোৱাৰো কোনো আশা নাই"।
"কি কোৱাহে"।
"হয়, আপোনালোকৰ শিক্ষা মন্ত্ৰীয়েই চোন কৈছে। গতিকে আপুনি মদ নাখাই জুৱা নেখেলি আৰু কৰিব কি"?
(২)

বিহুৰ চান্দা
------------

"দাদা, বিহুৰ কাৰণে চান্দা বিচাৰি আহিছোঁ"।
"হেৰা, বিহুলৈ আৰু এঘাৰ মাহ আছে। এতিয়াৰ পৰাই চান্দা তুলিছানে"?
"নহয় দাদা, আমাৰ বিহুলৈ এঘাৰ দিনহে আছে"।
"কি কোৱাহে? মই জনাত বিহু ব'হাগতহে হয়,। তোমালোকে এতিয়া জেঠ আহাৰত কি বিহু পাতা হে"?
"দাদা, আমাৰ বিহু জেঠ আহাৰতে হয়, নহ'লে আমি ভাল আৰ্টিষ্ট ক'ত পাম"?
"হেৰা, মোক এটা কথা কোৱাচোন। বিহু কেইবিধ আৰু কি কি মাহত হয়"।
"দাদা, আপুনি নাজানে নেকি, বিহু তিনিবিধ। চ'তত বহাগী আদৰণি, ব'হাগত ৰঙালী বিহু আৰু জেঠত ব'হাগী বিদায়"।
"হেৰা, বিহুৰ বিষয়ে এই জ্ঞান লৈ তোমালোকে কি বিহু পাতিবাহে"?
"চাওক দাদা, বেছি কথা কৈ থাকিবলৈ আমাৰ টাইম নাই। এইখন দুহেজাৰ টকাৰ ৰচিদ দিছোঁ। পইছা দিয়ক"?
"দুহেজাৰ টকা? কিয় দিমহে দুহেজাৰ টকা? এনে অবতৰীয়া বিহুত মই চান্দাই নিদিওঁ"।
"কথা বেয়া হৈ যাব দাদা। দৰকাৰ হ'লে আমি দহবাৰ বিহু পাতিম আৰু আপোনালোকে ব্যৱসায়, চাকৰি কৰা মানুহে দহবাৰ চান্দা দিবই লাগিব"।
"দাদাগিৰি নেকি হে? এনেকুৱা বিহু পাতি তোমালোকে অসমীয়া সংস্কৃতি ধ্বংস কৰিলা"।
"ভালদৰে কৈছোঁ, পেটত লাঠ নামাৰিব দাদা। নহ'লে পিষ্টল দেখুৱাই ডকাইতি কৰিব লাগিব। এই বিহুটো আছে বুলিয়েই চলি আছোঁ। আমাৰটো আৰু উপায় নাই দাদা"।

No comments:

Post a Comment