‘ভাল দিন’ৰ কামনা কৰাটো মানুহৰ সহজাত প্ৰবৃত্তি। প্ৰতিজন মানুহৰ অন্তৰত সমাজত সুখে সন্তোষেৰে বসবাস কৰাৰ বাসনা থাকে। যোৱা লোকসভাৰ নিৰ্বাচনত নৰেন্দ্ৰ মোদীয়ে ‘ভাল দিন’ৰ প্ৰতি মানুহৰ এই অন্তৰ্নিহিত ভাৱনাক জগাই তুলিছিল। দুৰ্নীতি আৰু স্বজনতোষণত লুতুৰি পুতুৰি হোৱা কংগ্ৰেছ শাসনৰ ‘বেয়া দিন’ৰ অন্ত পেলাই ‘ভাল দিন’ অনাৰ প্ৰতিশ্ৰুতি দি নৰেন্দ্ৰ মোদী ভাৰতীয় ৰাজনীতিত এজন শক্তিশালী নেতা হিচাপে প্ৰৱেশ কৰিছিল।
‘ভাল দিন’ৰ সপোন দেখুৱাই নৰেন্দ্ৰ মোদীয়ে দেশৰ উন্নয়নৰ কথা কৈছিল, ভাৰতক পুনৰ সোণৰ চৰাই ৰূপে প্ৰতিষ্ঠা কৰাৰ কথা কৈছিল, যুৱক যুৱতীৰ বাবে কৰ্ম সংস্থাপন তৈয়াৰ কৰাৰ কথা কৈছিল। ২০০২ চনৰ গুজৰাট সাম্প্ৰদায়িক সংঘৰ্ষৰ চেকা গাত থকা মোদীয়ে খুব সাৱধানতাৰে সাম্প্ৰদায়িক কথা বতৰা এৰাই চলিছিল আৰু উন্নয়নকে তেওঁৰ দেশব্যাপী চলা প্ৰচাৰ অভিযানৰ মূল আধাৰ কৰি লৈছিল। দেশৰ জনতাই মোদীৰ কথাত আশ্বস্ত হৈছিল। মোদীৰ মাজত জনতাই প্ৰত্যক্ষ কৰিছিল এজন পৰিৱৰ্তনকামী, প্ৰগতিশালী মনোভাৱৰ শক্তিশালী নেতা। অৱধাৰিত ভাৱে বিপুল সংখ্যক আসনেৰে জয়যুক্ত হৈ নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ এখন স্থাপন কৰিবলৈ সক্ষম হৈছিল।
এই কথা সত্য যে ভাৰতীয় জনতা পাৰ্টীয়ে ঐতিহাসিক ভাৱে হিন্দুত্ববাদী বিভিন্ন সংগঠনৰ লগত নিকট সম্পৰ্ক ৰক্ষা কৰি আহিছে। যোৱা নিৰ্বাচনত প্ৰকাশ্যে হিন্দুত্ববাদৰ প্ৰসংগ উত্থাপিত নহ’লেও এই কথা অনস্বীকাৰ্য যে ভাজপাৰ এই চমকপ্ৰদ উত্থানত হিন্দুত্ববাদী সংগঠন সমূহৰ অৱদান আছে। সেইবাবে ভাজপাই এই সংগঠন সমূহক এৰাই চলিব নোৱাৰে। ভাজপা চৰকাৰ শাসনলৈ অহাৰ পিছৰে পৰা বিশ্ব হিন্দু পৰিষদ, ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ, বজৰং দল আদি হিন্দুত্ববাদী সংগঠন যথেষ্ট সক্ৰিয় হৈ পৰাটো পৰিলক্ষিত হৈছে। ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ মুৰব্বী মোহন ভাগৱতে মুকলি ভাৱেই ভাৰত এখন হিন্দু ৰাষ্ট্ৰ হোৱাৰ আৰু ভাৰতৰ নাম ‘হিন্দুস্তান’ কৰাৰ পোষকতা কৰিছে। মোহন ভাগৱতৰ যুক্তি হ’ল ভাৰত হিন্দু সকলৰ ৰাষ্ট্ৰ, হিন্দু ধৰ্মৰ উত্পত্তি আৰু বিস্তৃতি ভাৰততে হৈছে। সেয়েহে ৮০ শতাংশতকৈও অধিক হিন্দুৱে বাস কৰা দেশখন হিন্দু ৰাষ্ট্ৰ হিচাপে স্বীকৃতি পাব লাগে। বিশ্ব হিন্দু পৰিষদে প্ৰচাৰ কৰিছে যে যিহেতু ভাৰতত বাস কৰা হিন্দু সকলক ধৰ্মান্তৰ কৰিহে আন ধৰ্মত দীক্ষিত কৰা হৈছিল, সেয়েহে ভাৰতত বাস কৰা সকলো মানুহৰে পূৰ্ব পুৰুষ হিন্দু আছিল। এনে ধাৰণাৰেই এই সংগঠনটোৱে ‘ঘৰ ৱাপচি’ নাম দি পুনৰ ধৰ্মান্তৰ কৰণ কাৰ্যসূচী হাতত লৈছে যাতে অন্য ধৰ্মৰ লোক সকলে পুনৰ হিন্দু ধৰ্মলৈ ঘুৰি আহিব পাৰে। মুঠতে ভাৰতৰ হিন্দু মূলক লৈ এক পশ্চাদগামী মানসিকতাৰে হিন্দুত্ববাদী সংগঠন সমুহ যথেষ্ট সোচ্চাৰ হৈ উঠিছে।
আমোদজনক কথা এয়ে যে, অকল সংঘ পৰিয়ালৰ নেতাই নহয়, শাসনাধিস্থ ভাজপা দলৰ নেতায়ো বিভিন্ন সময়ত পশ্চাদগামী মন্তব্য আগবঢ়াইছে। মহাভাৰত, ৰামায়নৰ কাহিনীবোৰৰ প্ৰসংগ উত্থাপিত কৰি সেইবোৰত বৰ্ণনা কৰা ঘটনা সমূহ হিন্দু সকলৰ কীৰ্তি বুলি প্ৰতিপন্ন কৰাৰো প্ৰচেষ্টা চলিছে। স্বয়ং প্ৰধানমন্ত্ৰী মোদীয়ে গণেশৰ মূৰ সংযোজন অতীতৰ প্লাষ্টিক চাৰ্জাৰী আৰু মাতৃগৰ্ভৰ বাহিৰত কৰ্ণৰ জন্ম অতীতৰ জেনেটিক ইঞ্জিনিয়াৰিঙৰ নিদৰ্শন বুলি মন্তব্য কৰিছে। মানৱ সম্পদ উন্নয়ন মন্ত্ৰী স্মৃতি ইৰাণীয়ে শিক্ষাবৰ্ষৰ মাজতে বিদ্যালয় সমূহত জাৰ্মান ভাষাৰ ঠাইত সংস্কৃত ভাষা জাপি দিয়াৰ যো জা কৰিছিল। বিদেশ মন্ত্ৰী সুষমা স্বৰাজে ‘গীতা’ ভাৰতৰ ৰাষ্ট্ৰীয় গ্ৰন্থ হ’ব লাগে বুলি মন্তব্য কৰিছে। মন্ত্ৰী সাধ্বী নিৰঞ্জন জ্যোতি, গিৰিৰাজ সিং আদিয়েও সম্প্ৰদায়িক আৰু আন ধৰ্মৰ প্ৰতি শ্লেষপূৰ্ণ মন্তব্য আগবঢ়াই আহিছে। এইখিনিতে প্ৰশ্ন উত্থাপিত হৈছে, নৰেন্দ্ৰ মোদীয়ে দেশখনক প্ৰকৃততে কোন দিশলৈ লৈ যাব বিচাৰিছে। মোদীয়ে এহাতে আমেৰিকা, ৰাছিয়া, জাপান, চীন, অষ্ট্ৰেলিয়া আদি দেশৰ লগত বাণিজ্যিক আৰু কূটনৈতিক সম্বন্ধ স্থাপন কৰি দেশৰ অৰ্থনৈতিক বিকাশৰ সৌধ নিৰ্মানৰ প্ৰয়াস কৰিছে আৰু আনহাতে পশ্চাদমুখী মানসিকতাৰে পৌৰাণিক আখ্যান সমূহৰ গুণানুকীৰ্তন কৰি যেন বহু শতিকা পিছলৈ উভতি যাব বিচাৰিছে।
বিশ্বত এখন ধৰ্ম নিৰপেক্ষ, গণতান্ত্ৰিক দেশ বুলি ভাৰতৰ সন্মান আছে। ভাৰতীয় সংবিধানে জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে সকলো নাগৰিককে সমান অধিকাৰ প্ৰদান কৰিছে। ১৯৪৭ চনত দেশ বিভাজনৰ সময়ত পাকিস্তান ইছলাম ধৰ্মী দেশ হিচাপে ফালৰি কাটি যোৱাৰ পিছত ভাৰতক এখন হিন্দু ৰাষ্ট্ৰ ৰূপে গঢ় দিয়াৰ দাবী উঠিছিল। কিন্তু ঐতিহাসিক ভাৱে ভাৰত সকলো ধৰ্মৰ মিলনভূমি হোৱাৰ বাবে ভাৰতৰ ৰাজনৈতিক নেতৃত্বই ভাৰতক এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠিত কৰাৰহে পোষকতা কৰিলে। আজিও ভাৰতত সকলো ধৰ্মৰ, সকলো জাতিৰ মানুহে সংবিধানপ্ৰদত্ত সম অধিকাৰৰ সৈতে বাস কৰি আহিছে। দেশৰ প্ৰগতিত সকলো ধৰ্মৰ লোক সমানে অংশীদাৰ হৈছে। আনহাতে ইছলামক ৰাষ্ট্ৰ ধৰ্ম হিচাপে গ্ৰহণ কৰি একে সময়তে স্বাধীনতা লাভ কৰা পাকিস্তান ভাৰততকৈ উন্নয়নৰ দিশত বহু যোজন পিছপৰি ৰৈছে আৰু দেশখন হৈ পৰিছে ধৰ্মীয় মৌলবাদৰ ঘাটি স্বৰূপ।
কৰিবলগীয়া কথা এয়ে যে ভাৰত এখন হিন্দু ৰাষ্ট্ৰ হোৱা ধাৰণাটো ভাৰতত বাস কৰা সৰহ সংখ্যক হিন্দুৱেই সমৰ্থন নকৰে। বিশ্বৰ প্ৰায়বোৰ দেশতে সংখ্যাগুৰু লোকৰ ধৰ্ম অনুসৰি ৰাষ্ট্ৰ ধৰ্ম নিৰূপিত হয়। সেয়েহে ইছলাম আৰু খ্ৰিষ্টধৰ্মী দেশ বিশ্বত অনেক আছে। এই ক্ষেত্ৰত হিন্দু সকল ব্যতিক্ৰম। বৈদিক হিন্দু ধৰ্মত সকলো লোককে সমদৃষ্টিৰে চোৱাৰ আৰু সকলোৰে লগত সমিলমিলেৰে বাস কৰাৰ পোষকতা কৰা হয়। হিন্দু ধৰ্মত আন ধৰ্মৰ সন্ত, পীৰ, ফকিৰ সকলকো সন্মান কৰা হয়। শিৰদিৰ সাঁই বাবা তেনে এক উদাহৰণ। সকলোৰে লগত সহনশীলতাৰে সহ অৱস্থান আৰু ধৰ্ম নিৰপেক্ষতা হিন্দু ধৰ্মৰ এক বৈশিষ্ট। এই বৈশিষ্টই হিন্দু ধৰ্মক এক বিশেষ মৰ্যাদা প্ৰদান কৰিছে।
দেশৰ পৰিৱৰ্তিত ৰাজনৈতিক পৰিস্থিতিত হিন্দু ধৰ্মক লৈ ৰাজনীতি আৰু ব্যৱসায় কৰা দল সংগঠন সমূহ ‘হিন্দুত্ববাদ’ৰ শ্লোগানেৰে পুনৰ মুখৰিত হৈ উঠাটোৱে নিশ্চিতভাৱে এক ভয়ংকৰ ভৱিষ্যতৰ আগজাননী দিছে। হিন্দু সাম্প্ৰদায়িকতাবাদৰ উত্থানে নিশ্চয়কৈ আন ধৰ্মৰ সাম্প্ৰদায়িক শক্তি সমূহক প্ৰতিক্ৰিয়ামূলক আচৰণ কৰিবলৈ প্ৰৰোচিত কৰিব। বিশেষকৈ সমগ্ৰ বিশ্বতে ভয়ংকৰ ৰূপে আগ্ৰাসনৰ ৰূপ লোৱা ইছলাম ধৰ্মীয় মৌলবাদী শক্তি সমূহে ভাৰতত তেওঁলোকৰ ভয়াবহ কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ এখন সাৰুৱা ক্ষেত্ৰ পাব। তেনে পৰিস্থিতিত ইতিমধ্যে আল কাইদা, হুজী, জামাতুল মুজাহিদীন আদিৰ দৰে মৌলবাদী সন্ত্ৰাসবাসী সংগঠনে গিজগিজাই থকা ভাৰতৰ বাবে বিপৰ্যয়ৰ সৃষ্টি কৰিব।
মন কৰিবলগীয়া কথা এয়ে যে লোকসভা নিৰ্বাচনৰ সময়ত নৰেন্দ্ৰ মোদী ভাৰতৰ ৰাজনীতিত এজন অৱতাৰী পুৰুষৰ ৰূপত অৱতীৰ্ণ হৈছিল। মোদীৰ মাজত দেশৰ মানুহে এজন দেশভক্ত, দুৰ্নীতিক প্ৰশ্ৰয় নিদিয়া, কৰ্মোদ্যমী, স্বপ্নদ্ৰষ্টা নেতাৰ সন্ধান পাইছিল। প্ৰধানমন্ত্ৰী হিচাপে মোদীয়ে ইতিমধ্যে কেইবাটাও ব্যতিক্ৰমী পদক্ষেপেৰে মন্ত্ৰী, সাংসদ আৰু আমোলা সকলক অধিক কৰ্মক্ষম কৰি তোলাৰ প্ৰয়াস কৰিছে। শিক্ষা, স্বাস্থ্য আৰু পাৰদৰ্শিতা উন্নয়নৰ ওপৰতো মোদীয়ে যথেষ্ট গুৰুত্ব দিছে। জন ধন যোজনা, জন বীমা আদি কেইবাখনো জনমুখী আঁচনিৰে সৰ্ব সাধাৰন জনতাৰ কল্যাণ সাধন কৰিবলৈ প্ৰয়াস কৰিছে। এতিয়াও চৰকাৰ খনৰ বিৰুদ্ধে কোনো বিয়াগোম দুৰ্নীতিৰ অভিযোগ উঠা নাই। মোদীয়ে শাসনভাৰ লোৱাৰ পৰা দেশৰ ছেয়াৰ বজাৰৰ সূচ্যাংক উৰ্ধমূখী হোৱালৈ চাই দেশৰ অৰ্থনীতিৰ প্ৰতি বিনিয়োগকাৰী সকল আশাবাদী বুলি অনুমান কৰা হৈছে।
কিন্তু নৰেন্দ্ৰ মোদীৰ প্ৰতিশ্ৰুতি আৰু কৰ্মক্ষেত্ৰত ৰূপায়নৰ মাজত এতিয়াও বহুতো ব্যৱধান ৰৈ গৈছে। কেইবাটাও নিৰ্বাচনী প্ৰতিশ্ৰুতিৰ পৰা মোদী চৰকাৰে পাভলুটি মৰা বুলি সমালোচনা হৈছে। দেশে বিদেশে নৰেন্দ্ৰ মোদীয়ে তেওঁৰ সপোনৰ ‘মেক ইন ইণ্ডিয়া’ৰ জয়গান গাই ফুৰিছে যদিও এতিয়ালৈ কোনো লেখত লবলগীয়া সাফল্য চকুত পৰা নাই। দেশৰ শিক্ষা, স্বাস্থ্য, কৃষি, উদ্যোগ আদিতো মোদী চৰকাৰৰ আমোলত বিশেষ চকুত লগা পৰিৱৰ্তন হোৱা নাই। বিদেশী বিনিয়োগ বাঢ়িছে যদিও দেশৰ ঘৰুৱা উত্পাদনৰ বিশেষ বৃদ্ধি হোৱা নাই। কৰ্ম সংস্থাপন সৃষ্টিতো চৰকাৰে বিশেষ সফলতা লাভ কৰা নাই। কৰ্প’ৰেট গোষ্ঠীৰ স্বাৰ্থৰ প্ৰতি মোদীৰ অধিক অনুকম্পা থকা বুলি বিৰোধী দল সমূহে অভিযোগ আনিছে।
এতিয়া এবছৰ শাসন কাল সম্পূৰ্ণ কৰাৰ সময়ত মোদী চৰকাৰে দেশৰ উন্নয়নক সৰ্ব প্ৰথম প্ৰাধান্য দি মোদীয়ে দেশবাসীক দিয়া প্ৰতিশ্ৰুতি সমূহ কৰ্মত ৰূপায়ন কৰাতহে অহোপুৰুষাৰ্থ কৰা উচিত। দেশৰ মানুহে নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশত আমূল পৰিৱৰ্তন আহিব বুলি আশা কৰিয়েই দীৰ্ঘদিন ধৰি শাসন কৰি অহা কংগ্ৰেছ দলক উত্খাত কৰি ভাজপাক জয়যুক্ত কৰিছিল। মোদী চৰকাৰে উপলব্ধি কৰা উচিত যে সাম্প্ৰদায়িক অপশক্তি সমূহক উত্খাত নকৰিলে, নিৰ্বাচনী প্ৰতিশ্ৰুতি সমূহ পাহৰি গ’লে ‘ভাল দিন’ আহিব বুলি আশা পালি থকা জনতাৰ বিশ্বাস সোনকালেই ভংগ হ’ব। সাধাৰণ জনতাই এতিয়াও মোদী চৰকাৰৰ ‘ভাল দিন’ৰ অপেক্ষাতহে আছে, ‘বেয়া দিন’ৰ নহয়।

লেখকৰ ঠিকনাঃ দুলীয়াজান, ফোন: ৯৪৩৫০৩৯৮২০
লেখাটি আজি "দৈনিক জনমভূমি" কাকতো সম্পাদকীয় পৃষ্ঠাত প্ৰকাশ পাইছে।

No comments:
Post a Comment