পলকতে সুখ-দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ-দুখৰ বতৰা

পলকতে সুখ-দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. কালি ঘোষিত হোৱা অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ পৰিচালিত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফলত কলাত ৭৪.০৭শতাংশ, বিজ্ঞান ৮৬.৭৬শতাংশ আৰু বাণিজ্যত ৮১.৮২ শতাংশ উত্তীৰ্ণ হোৱাৰ সুখবৰ। তিনিওটা শাখাতে মুঠ ১১গৰাকী শিক্ষাৰ্থীৰ স্থান দখলেৰে পুনৰ উজলিল ডিব্ৰুগড়ৰ চল্ট-ব্ৰুক একাডেমী। নগাঁৱৰ ৰামানুজন কলেজৰ সাত ছাত্ৰ-ছাত্ৰীয়ে স্থান লাভ কৰাৰ বিপৰীতে কটন কলেজৰ পৰা চাৰি গৰাকীয়ে স্থান লাভ কৰিবলৈ সক্ষম হয়। শীৰ্ষস্থান লাভ কৰা সকলে এই বৰ্ষত নম্বৰৰ ক্ষেত্ৰত চিবিএচইৰ সৈতে ফেৰ মাৰিবলৈকো সক্ষম হোৱাৰ সুখবৰো প্ৰকাশ পাইছে। সফলতাৰ হাৰত কলাত ধেমাজি, বিজ্ঞানত দৰং আৰু বাণিজ্যত ডিমা হাছাও জিলাই শীৰ্ষস্থান লাভ কৰিছে।

২. গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা অপূৰ্ব কুমাৰ শৰ্মাক প্ৰেছ কাউন্সিল অৱ ইণ্ডিয়াৰ সদস্য ৰূপে মনোনীত কৰা হৈছে। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে যোৱা ২২মে’ত মনোনীত কৰা পাছত কালি আনুষ্ঠানিকভাৱে দ্বায়িত্ব গ্ৰহণ কৰে। পূৰ্বতে তেখেত বাৰ কাউন্সিল অৱ ইণ্ডিয়াৰ অধ্যক্ষ হিচাবেও সেৱা আগবঢ়াইছিল।

৩. ৰাষ্ট্ৰীয় শিক্ষা নীতি আৰু ৰাজ্যিক ভাষা আইনৰ অধীনত সাহিত্য সভাকে ধৰি ৰাজহুৱা সংগঠনৰ হেঁচাত অৱশেষত নগাঁও কেন্দ্ৰীয় বিদ্যালয়ত অসমীয়া ভাষাক বিষয় হিচাবে লৈ পাঠদান আৰম্ভ হোৱাৰ সুখবৰ। সদ্যহতে তৃতীয় শ্ৰেণীৰ পৰা এই ভাষা শিক্ষাৰ পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰা হৈছে। বিশ শতাংশতকৈ অধিক স্থানীয় মাতৃভাষা কোৱা ছাত্ৰ-ছাত্ৰী থাকিলে মাতৃভাষা শিক্ষাৰ ব্যৱস্থা কৰাটো বাধ্যতামূলক হোৱা স্বত্বেও বহু চিবিএচইৰ বিদ্যালয়ে এই ব্যৱস্থা নকৰাৰ বিপৰীতে এই খবৰে ইতিবাচক বাৰ্তা কঢ়িয়াই আনিছে।

৪. উচ্চতৰ মাধ্যমিকৰ কলা শাখাত দুনী উচ্চতৰ মাধ্যমিকৰ পৰা পৰীক্ষা দি ভেৰুৱাৰ দৃষ্টিহীন ছাত্ৰ খৰ্গেশ্বৰ কলিতাই প্ৰথম বিভাগসহ অসমীয়াত ৮৭ আৰু শিক্ষা বিষয়ত ৯১ নম্বৰ লৈ সফলতা লাভ কৰাৰ সুখবৰ। প্ৰয়াত চেনীৰাম কলিতাৰ পুত্ৰ খৰ্গেশ্বৰৰ মাতৃও প্ৰতিবন্ধী হোৱাত ছাত্ৰ গৰাকীৰ পঢ়াৰ ক্ষেত্ৰত দুনী আঞ্চলিক ছাত্ৰ সন্থা আৰু শিক্ষক ৰবীন্দ্ৰ হাজৰিকাই আগভাগ লৈছিল বুলিও জানিব পৰা গৈছে।

৫. কৰ্কট ৰোগৰ চিকিতসাৰ বিশেষজ্ঞ প্ৰতিষ্ঠান এইচ.চি.জিয়ে গুৱাহাটীত কেইবাজনো বিশেষজ্ঞক লৈ ধঁপাত সেৱনৰ ফলত হব পৰা কৰ্কট ৰোগৰ বিষয়ে এক সজাগতা অনুষ্ঠানৰ আয়োজন কৰে। ডাঃ ৰবি পাৱাৰে অসমত ধঁপাত সেৱনৰ ফলতে মুখৰ কৰ্কট ৰোগৰ সংখ্যা বৃদ্ধি হোৱালৈ আঙুলিয়াই সকলোকে সজাগ হৈ ধঁপাতমুক্ত জীৱন নিৰ্বাহ কৰিবলৈ আহ্বান জনায়।

৬. আজি ৰেডিঅ’ যোগে প্ৰচাৰিত “মন কী বাত” অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শৈক্ষিক পৰীক্ষাৰ ফলাফলত ভাল ফল দেখুৱাবলৈ সক্ষম নোহোৱা সকলক বিকল্প কেৰিয়াৰৰ সন্ধান কৰিবলৈ আহ্বান জনায়। লগতে তেখেত অৱসৰপ্ৰাপ্ত সেনা সকলৰ বাবে “এক ৰেংক, এক পেঞ্চন”ৰ দীৰ্ঘদিনীয়া দাবী অতি সোনাকালেই বাস্তৱায়িত কৰা হব বুলিও আশ্বাস প্ৰকাশ কৰে।

৭. এই বৰ্ষৰ পৰা আয়কৰ ৰিটাৰ্ণৰ ফৰ্ম সমূহ সৰলীকৃত কৰিবলৈ উদ্যোগ গ্ৰহণ কৰা হৈছে। লগতে ৰিটাৰ্ণ ফাইল কৰাৰ শেষ দিন ৩১আগষ্টলৈ বৃদ্ধি কৰাৰ সুখবৰো প্ৰকাশ পাইছে। বিদেশ ভ্ৰমণৰ সবিশেষ আয়কৰ ৰিটাৰ্ণৰ সৈতে প্ৰকাশ কৰাৰ প্ৰয়োজন নাই বুলিও বিভাগে স্পষ্ট কৰি দিছে।

৮. চীনৰ বেইজিঙত ধুম্ৰপান নিষিদ্ধ কৰাৰ বাবে কঠোৰ আইন প্ৰণয়ন কৰিবলৈ লোৱাৰ সুখবৰো প্ৰকাশ পাইছে। বিশ্ব স্বাস্থ্য সংস্থাই পৃথিৱীজুৰি ধঁপাত সেৱন কমোৱাৰ বাবে চলোৱা প্ৰচেষ্টাৰ শলাগ লৈছে ভাৰতীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

৯. গুৱাহাটী আৰু শ্বিলঙতে এই বৰ্ষৰ শেহৰ ফালে ছাফ গেমছ অনুষ্ঠিত কৰা হব বুলি সুখবৰ প্ৰকাশ পাইছে। অহা ১৩জুনত ছিংগাপুৰত হব লগা ছাফ গেমছ পৰিষদৰ বৈঠকতে এই বিষয়ে সিদ্ধান্ত চূড়ান্ত হব বুলিও জানিব পৰা গৈছে।

১০. ৰাঁচীত অনুষ্ঠিত পঞ্চম ছিনিয়ৰ ৰাষ্ট্ৰীয় লনবল প্ৰতিযোগিতাত অসমে দুটা স্বৰ্ণ, পাঁচটা ৰূপৰ আৰু ছটা ব্ৰঞ্জৰ পদকেৰে সামগ্ৰিকভাৱে দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হোৱাৰ সুখবৰ। মৃদুল বৰা আৰু ৰূপটু গগৈয়ে পুৰুষৰ ডৱলছত আৰু ২৫বছৰ অনুৰ্ধ শাখাত আনন্দ কুমাৰ নাৰ্জাৰীয়ে স্বৰ্ণ পদক লাভ কৰে।

No comments:

Post a Comment