পলকতে সুখ-দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ-দুখৰ বতৰা

পলকতে সুখ-দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. অসম চৰকাৰৰ বৰ্ষপুতি অনুষ্ঠানত কেন্দ্ৰীয় চৰকাৰে পুঁজি কৰ্তন কৰা স্বত্বেও কোনো এখন আঁচনিকেই বন্ধ কৰা নহব বুলি ঘোষণা কৰিলে অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। বেংক একাউণ্ট খুলি দেশৰ অৰ্থনৈতিক সেৱাৰ সৈতে সংলগ্ন হোৱা লোক সকলক পাঁচশ টকাকৈ দিয়াৰ লগতে অসংগঠিত নিৰ্মাণ শ্ৰমিকৰ বাবে ৪০০কোট টকাৰ আঁচনি গ্ৰহণ কৰা হব বুলিও তেখেতে ঘোষণা কৰাৰ সুখবৰ।

২. দেশৰ ২৩খন ৰাজ্যৰ ১৫৫খন জিলাত ৰিলায়েঞ্চ মালিকাধীন সংবাদ সংস্থা আই.বি.এনে চলোৱা সমীক্ষাত মোদী চৰকাৰৰ কাম-কাজত ৭২ শতাংশ ভাৰতীয় সুখী বুলি তথ্য প্ৰকাশ পাইছে। স্বচ্ছ ভাৰত অভিযান আৰু জন-ধন যোজনাক লৈ অধিকাংশ ভাৰতীয়ই সন্তোষ প্ৰকাশ কৰাৰ তথ্যও সংবাদ সংস্থাটোৱে প্ৰকাশ কৰিছে।

৩. দেশৰ প্ৰায় ১০লাখ চৰকাৰী বেংকৰ কৰ্মচাৰীৰ দৰমহা ১৫ শতাংশ বৃদ্ধিত কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনাইছে। বিগত সময়ত বহুতো আন্দোলন, ধৰ্মঘট কৰাৰ পাছত প্ৰতি পাঁচ বছৰত হব লগীয়া পে-ৰিভিজন দীৰ্ঘদিনৰ মূৰতহে নুন্যতম হাৰত বেংক সমূহে লাভ কৰিবলৈ সক্ষম হয়।

৪. অসম সাহিত্য সভাই অসমৰ বিভিন্ন প্ৰান্তৰ তথা দেশৰ বিভিন্ন প্ৰান্তত থকা অসমীয়া নৱ-প্ৰজন্মৰ ৩৫বৰ্ষৰ অনুৰ্ধৰ সকলক লৈ গ্ৰহণ কৰিছে যুৱ সংসদ। সাহিত্য সভাৰ এই পদক্ষেপে উঠি অহা লেখক-লেখিকা সকলকো সভাৰ মজিয়াত পদাপৰ্ণ কৰিবলৈ ইয়াৰে আগ্ৰহী কৰি তুলিবলৈ বিচৰা বুলিও বাতৰি প্ৰকাশ পাইছে।

৫. অহা জুনৰ মাহৰ পৰাই নিৰ্মীয়মাণ গেছ ক্ৰেকাৰ প্ৰকল্পটোত উতপাদন আৰম্ভ হ’ব। কেন্দ্ৰীয় ৰসায়ন আৰু সাৰ দপ্তৰৰ সূত্ৰৰ উদ্ধৃতি দি ডিব্ৰুগড়ৰ লেপেটকটাত কাৰ্যক্ষম হব লগা ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ আৰু পলিমাৰ লিমিটেডে পলি-ইথাইলিন আৰু পলিপ্ৰ’পাইলিনৰ উতপাদনৰ শুভাৰম্ভ কৰিব বুলিও প্ৰকাশ পাইছে।

৬. উত্তৰ-পূৰ্বাঞ্চলৰ ঔদ্যোগিক আৰু ব্যৱসায়িক ক্ষেত্ৰখনৰ বিকাশৰ লক্ষ্যৰে অহা ২৬ আৰু ২৭মে’ত গুৱাহাটীত অনুষ্ঠিত হব “উত্তৰ-পূৱ সন্মিলন-২০১৫”। কেন্দ্ৰীয় চৰকাৰৰ ড’নাৰ মন্ত্ৰালয় আৰু খাদ্য সংসাধন মন্ত্ৰণালয়ৰ উদ্যোগম এছ’চেম আৰু চেণ্টাৰ ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্টৰ সহযোগত খানাপাৰাৰ খেলপথাৰত হব লগা সন্মিলনত কাৰিকৰী সত্ৰ, বিনিয়োগ আৰু ব্যৱসায়িক বৈঠক, উদ্যোগীৰ বাবে আলোচনা সত্ৰ, কৃষক কৰ্মশালা আৰু প্ৰদৰ্শনীও অনুষ্ঠিত হব বুলি জানিব পৰা গৈছে।

৭. আকাশবাণী গুৱাহাটী কেন্দ্ৰই আজি ৰাতি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী বিষয়ক এক ফোন-ইন অনুষ্ঠানৰ সম্প্ৰচাৰ কৰিব। বিষয়টোত ৰাইজক উত্তৰ প্ৰদান কৰিব ৰাজ্যৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ বিষয়ৰ সমন্বয়ক প্ৰতীক হাজেলাই। ফোন নম্বৰ ৯৪৩৫৪-০৫২২২ আৰু ৯৪৩৫৪-০৫২২৩ ত যোগাযোগ কৰি ৰাইজে বিষয়টোত নিজৰ শংকা দূৰ কৰিব পাৰিব।

৮. বাংলাদেশ চৰকাৰৰ ২২জনীয়া দলে ঢাকাৰ পৰা চিলেট, মেঘালয় হৈ বাচ যাত্ৰা কৰি ঢাকা-গুৱাহাটী বাচ চলাচলৰ বাবে আন্তঃগাঁথনিৰ বুজ লোৱাৰ বাতৰি। কেন্দ্ৰীয় চৰকাৰৰ সেউজ সংকেত সহ এমাহৰ ভিতৰতে ঢাকা-গুৱাহাটী বাছসেৱা নিয়মীয়াকৈ আৰম্ভ কৰা হব বুলিও বাতৰি প্ৰকাশ পাইছে।

৯. অসমৰ প্ৰথমটো চেটেলাইট চেনেল এন.ই. টিভিয়ে ফকাচ এন.ই.ৰ ৰূপত সম্প্ৰচাৰ বন্ধ কৰাৰ খবৰৰ বিপৰীতে আজিৰে পৰা আৰম্ভ হব “আচাম টকছ” নামৰ এটি নতুন টিভি চেনেল। মুখ্য সম্পাদক ৰূপে অতনু ভূঞাই নেতৃত্ব দিব লগা চেনেলটোৰ উদ্বোধনী অনুষ্ঠানত গুৱাহাটী মেডিকেল কলেজৰ প্ৰেক্ষাগৃহত সংগীতৰ লহৰ তুলিবহি শিল্পী নচিকেতাই।

১০. ডিব্ৰুগড় চহৰৰ তৰুণৰাম ফুকন পথস্থিত পশ্চিম চৌকিডিঙীত অৱস্থিত, অসমীয়া সাহিত্যত “নিজৰা কবি” হিচাবে সুপৰিচিত কবি শৈলধৰ ৰাজখোৱাৰ এটি আবক্ষ মূৰ্তি কালি উন্মোচন কৰে বিশিষ্ট সাহিত্যিক ডঃ নগেন শইকীয়াই। জোনাকী যুগৰ এগৰাকী গুৰুত্বপূৰ্ণ কবিগৰাকীৰ জীৱন-বীক্ষাৰ বিষয়েও শইকীয়াদেৱে উদ্বোধনী সভাত আলোকপাত কৰে।

No comments:

Post a Comment