পলকতে সুখ-দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ-দুখৰ বতৰা

পলকতে সুখ-দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. অসমৰ সু-সন্তান তথা দেশৰ প্ৰতিভাৱান বক্সাৰ শিৱ থাপাই কঢ়িয়াই আনিছে নতুন সুখবৰ। ডোহাত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতাত চমকপ্ৰদ প্ৰদৰ্শনেৰে শিৱই স্বৰ্ণপদক জয় কৰিবলৈ সক্ষম হোৱাৰ সুখবৰ। ফাইনেলত ইজিপ্তিৰ এম আবডেলালক পৰাজিত কৰি ৫৬কেজি ওজনৰ শাখাত তেওঁ বিজয় সাব্যস্ত কৰে।

২. অহা জুন মাহত, নিম্ন আৰু উচ্চ মাধ্যমিক বিদ্যালয় সমূহত খালী হৈ থকা ৭২৩৬টা শিক্ষকৰ নিয়মীয়া পদ পূৰণ কৰা হব বুলি ঘোষণা কৰিছে অসমৰ শিক্ষামন্ত্ৰী শৰত বৰকটকীয়ে। উচ্চ মাধ্যমিক বিদ্যালয়ত কৰ্মৰত ছয় হাজাৰ শিক্ষকক উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মানি টেট অবিহনেই চাকৰিত নিয়মীয়া কৰা হব বুলিও প্ৰকাশ কৰিছে।

৩. অহা জুলাই মাহত অনুষ্ঠিত হব অসম বিধান সভাৰ বৰ্ষাকালীন অধিবেশন। এই অধিবেশনতে অসমৰ বিদ্যালয় সমূহৰ প্ৰাদেশিকীকৰণত ৰৈ যোৱা আঁসোৱাহ সমহহ দূৰ কৰাৰ বাবে এখন সংশোধী বিধেয়ক শিক্ষা বিভাগে উত্থাপন কৰিব। ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ সমূহক নিয়ন্ত্ৰণৰ বাবেও এখন আইনৰ প্ৰস্তাৱ ৰখা হব। ২০১৬ শৈক্ষিক বৰ্ষৰ বাবে অহা নৱেম্বৰ মাহৰ পৰাই বিনামূলীয়া পাঠ্যপুথি বিতৰণৰ যো-জা কৰা বুলিও সুখবৰ প্ৰকাশ পাইছে।

৪. অসমলৈ কেন্দ্ৰীয় চৰকাৰে জধেমধে পুঁজি কৰ্তন কৰা বুলি অনা অভিযোগ খণ্ডন কৰিছে দেশৰ কেন্দ্ৰীয় মন্ত্ৰী অৰুণ জেটলীয়ে। চতুৰ্দশ বিত্তীয় আয়োগৰ প্ৰতিবেদন অনুসৰিয়েই অসম চৰকাৰলৈ পুঁজি মোকোলাই দি থকা হৈছে বুলি কালি দিল্লীত এখন সংবাদ মেলত স্পষ্ট কৰি দিয়ে দেশৰ বিত্ত মন্ত্ৰী গৰাকীয়ে।

৫. অহা দুই জুনত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই-মাদ্ৰাছা পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হব বুলিও সুখবৰ প্ৰকাশ পাইছে।

৬. অহা ত্ৰিশ মে তাৰিখে ঘোষণা হব অসম উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল। www.ahsec.nic.in ৱেব-চাইটতো এই ফলাফল উপলদ্ধ হব।

৭. অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ ৰহা মীন মহাবিদ্যালয়ৰ চূড়ান্ত বৰ্ষৰ ১৩গৰাকীকৈ ছাত্ৰ ছাত্ৰীয়ে স্নাতকোত্তৰ শ্ৰেণীত অধ্যয়নৰ বাবে ভাৰতীয় কৃষি গৱেষণা পৰিষদে অনুষ্ঠিত কৰা সৰ্বভাৰতীয় জুনিয়ৰ ৰিচাৰ্ছ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ মহাবিদ্যালয়খনৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে।

৮. এইবাৰ বহাগে আনি দিয়া এটি সুখবৰ প্ৰকাশ পাইছে শিৱসাগৰৰ আমগুৰিৰ পৰা। আমগুৰি ড’নবস্ক বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী আৰলিনা বেগমে ৪৬খন বিহু মঞ্চৰ পৰা সৰু বিহুৱতী নাচি পুৰস্কাৰ ৰূপে লাভ কৰা মুঠ ১৫হাজাৰ টকা একালৰ একেখন বিদ্যালয়ৰ ছাত্ৰী প্ৰিন্সিপিয়া গগৈৰ দুয়োটা বৃক্ক বিকল হোৱাত কলকতাত চলি থকা চিকিতসাৰ বাবে আনুষ্ঠানিকভাৱে দান কৰিছে। শিশু শিল্পী গৰাকীৰ বদান্যতা হৈ পৰক সমাজৰ বাবে এক শুভবাৰ্তা স্বৰূপ।

৯. এক শৰণ ভাগৱতী সমাজৰ উদ্যোগত আৰু কোচবিহাৰ মধুপুৰ সত্ৰ পৰিচালনা সমিতিৰ পূৰ্ণ সহযোগত সত্ৰখনিত অহা ২-৪ জুনলৈ তিনি দিনীয়াকৈ শ্ৰী শ্ৰী মাধৱদেৱৰ ৫২৭ সংখ্যক জন্ম জয়ন্তী উলক্ষে মহাপালনাম আৰু কীৰ্তন মহোতসৱ আয়োজিত হৈছে।

১০. সাহিত্য অকাডেমীৰ উদ্যোগত কটন কলেজৰ কনফাৰেন্স হলত আয়োজিত “লেখকৰ সৈতে মুখামুখি” শীৰ্ষক অনুষ্ঠানত কালি অংশ গ্ৰহণ কৰে ডঃ লক্ষ্মীনন্দন বৰাই।

No comments:

Post a Comment