সাম্প্ৰতিক প্ৰসংগ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

বলি দিয়া তান্ত্ৰিকৰ গণপ্ৰহাৰ 
আৰু সামাজিক পৰিবেশ
ডাঃ বিৰাজ কুমাৰ শৰ্মা
 পুনৰ সংঘটিত হৈছে নৃশংস ঘটনা । কোনোবা তান্ত্ৰিকে হেনো পূজাৰ নামত বলি দিলে পাঁচবছৰীয়া শিশুক। এক বুকু কঁপি যোৱা কাৰ্য্য। সমাজত প্ৰচলিত অন্ধবিশ্বাস, কু-সংস্কাৰ ইত্যাদিয়েই যে ইয়াৰ প্ৰধান কাৰণ তাক হয়তো দুনাই দোহৰাৰ প্ৰয়োজন নাই। আজিৰ দিনত সন্ধিয়াৰ ইলেক্ট্ৰ্নিক মাধ্যমৰ বাতৰি বা ৰাতিপুৱাৰ ছপা মাধ্যমৰ বাতৰি কাকতখনতেই হওঁক, প্ৰায়েই এটি নহয় এটি ডাইনী নিৰ্যাতনৰ খবৰ থাকেই । কিন্ত্ত সমাজৰ পৰা এনে কু-সংস্কাৰ, অন্ধবিশ্বাস, অপসংস্কৃতি আদি আজিৰ দিনত সম্পূৰ্ণকৈ আতঁৰ কৰা সম্ভবনে ? এইয়া এক লাখটকীয়া প্ৰশ্ন ।

কাৰণ শিক্ষা-দীক্ষাৰ পোহৰৰ পৰা বঞ্চিত, অনুন্নত, পিছপৰা তথা আওঁহতীয়া এনেবোৰ ঠাইত নিৰ্বাচনৰ সময়তহে নেতা-পালিনেতা তথা ৰজাঘৰীয়া লোকৰ চকু পৰে । তদুপৰি স্বাস্থ্য তথা চিকিৎসা সেৱাৰ পৰা বঞ্চিত হোৱা এনেবোৰ ঠাইৰ বাসিন্দাসকলে আজিও বেজ-কবিৰাজৰ ওপৰতেই নিৰ্ভৰশীল । যি নহওক এনেবোৰ অঞ্চলৰ লোকৰ জীৱনশৈলী উন্নত কৰিবলৈ তথা আধুনিক পৃথিবীৰ পোহৰ বিলাবলৈ হ’লে যথেষ্ঠখিনি কৰণীয় আছে । এনেক্ষেত্ৰত আমাৰ আজিৰ আধুনিক প্ৰজন্মৰ তথা শিক্ষা-দীক্ষাৰ জ্ঞানৰ পোহৰেৰে আগবঢ়া শ্ৰেনীটো তথা তথা গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যমে ইয়াৰ গুৰি-বঠা ধৰিব লাগিব এনে বিষবৃক্ষক সমাজৰ পৰা পুলি-পোখাই নিৰ্মূল কৰিবলৈ।

যি ভাৰতবৰ্ষই আজি চন্দ্ৰত মানুহ পঠোৱাৰ প্ৰয়াস কৰিছে, মংগল অভিযানৰ লেখিয়া প্ৰকল্প হাতত লৈছে, সেই ভাৰতবৰ্ষৰ এচামে আকৌ আজিও বিশ্বাস কৰে চন্দ্ৰত মৃগপহু চৰে বুলি, আজিও বিশ্বাস কৰে চন্দ্ৰগ্ৰহন সূৰ্য্যগ্ৰহণ আদিত অপদেৱতাৰ হাত থকা বুলি । এতিয়া প্ৰশ্ন হয় আমাৰ শিক্ষিত চামো বাৰু এনেবোৰ অন্ধবিশ্বাসৰ পৰা কিমানদূৰ মুক্ত?

অন্যহাতে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ তথা জনসাধাৰণৰ মাজত সচেতনতা অনাৰ বাবে ব্ৰৰ্তী সংবাদ মাধ্যমে বাৰু এইক্ষেত্ৰত কিয় শক্তিশালী স্থিতি গ্ৰহণ নকৰে ? যি সংবাদ মাধ্যমে ডাইনী হত্যাৰ বাতৰি লোকচক্ষুৰ আগত প্ৰচাৰ কৰি ইয়াক অপসংস্কৃতি, কু-সংস্কাৰ আখ্যা দি সেই বাতৰি সমাজৰ জাগ্ৰত প্ৰহৰীৰ দৰে প্ৰকাশ কৰে, কিন্ত্ত সেই সংবাদ মাধ্যমেই যেতিয়া বিজ্ঞাপনত অন্ধবিশ্বাসৰ বাতৰি প্ৰকাশ কৰে, তাতোকৈ আৰু দূৰ্ভাগ্যজনক কথা আৰু আন কি হ’ব পাৰে! আমি বহুতো নিউজ চেনেলৰ বিজ্ঞাপনত লক্ষ্য কৰিছো বহুতো অন্ধবিশ্বাসৰ বিজ্ঞাপন যাৰ মায়াজালত আমাৰ সমাজৰ গণ্য মান্য ব্যক্তিসকলে উটি-ভাহি যায় ।

সৌ-সিদিনা এটা নিউজ চেনেলে বিজ্ঞাপন দিছে যে কোনোবা ফকীৰৰ তাবিজ ল’লে হেনো নিঃসন্তান দম্পত্তিয়ে সন্তান লাভ কৰে, কোনোবা বাবাৰ তাবিজ ল’লে হেনো অপায় অমংগল দূৰ হ্য় । আজি বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ যুগত যি নিঃসন্তানৰ ৰহস্য উদ্ঘাটন হৈছে আৰু তাৰ চিকিৎসা পদ্ধতি ওলাইছে, টেষ্ট-টিউব বেবী জন্ম দিয়াতো সম্ভৱপৰ হৈছে, তেনে এক সন্ধিক্ষণত এনেবোৰ বিজ্ঞাপনে সমাজক আভুৱা নভৰিবনে ?

অন্যহাতে আজি ছেটেলাইট টিভিৰ সম্প্ৰচাৰৰ বাবে জকাইচুকীয়া গাওঁখনতো সংযোগ সম্ভৱপৰ হৈছে, তেনে এক গাৱঁৰ ৰাইজে এনেবোৰ বিজ্ঞাপনৰ পৰা বাৰু কি শিক্ষা ল’ব সেইয়া সহজেই অনুমেয় । একপ্ৰকাৰ অন্ধবিশ্বাসৰ বশবৰ্তী হ’বলৈ বাধ্য নকৰাবনে ? অন্যহাতে আজি কেইদিনমানৰ আগতে এটি নিউজ চেনেলে Breaking News আকাৰত সম্প্ৰচাৰ কৰিছে যে গুৱাহাটীৰ কোনো ঘৰত হেনো ভূতৰ উপদ্ৰব চলে । এনেবোৰ গাজাখুৰি বাতৰি প্ৰকাশৰ প্ৰয়োজন আছেনে ? আনহাতে চৰ অঞ্চলৰ অনগ্ৰসৰ ৰাইজক আভুৱা ভৰা বদৰুদ্দিন আজমলৰ জৰাপানীৰ শক্তিৰ কথা বাৰে বাৰে সম্প্ৰচাৰ কৰাটো উচিত নহয় বুলি ভাবো। আশা কৰো, গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ তথা সমাজৰ জাগ্ৰত প্ৰহৰী হিচাবে সংবাদ মাধ্যমে নিজৰ ভুমিকা পালন কৰি এনেবোৰ বাতৰি তথা বিজ্ঞাপন প্ৰকাশত কিছু সতৰ্ক হ’ব যাতে সমাজলৈ নেতিবাচক বাৰ্তা নাযায় ।

শেহতীয়াকৈ খবৰ পোৱা মতে অন্ধবিশ্বাসত বিবেক হেৰুৱাই শিশু বলি দিয়া তান্ত্ৰিকজনৰ গণপ্ৰহাৰত মৃত্যু হৈছে। এনে ঘটনাৰ পৰা ভাল-বেয়া দিশবোৰ ৰাইজেই বিচাৰ কৰিব লাগিব আৰু আধুনিক সমাজত যুক্তিৰ ভেটিত সামাজিক পৰিবেশ গঢ়াৰ দ্বায়িত্ব পালন কৰিব লাগিব।

No comments:

Post a Comment