সঁচাই গঁড়বোৰ বাছি থাকিবনে ?
ডাঃ বিৰাজ কুমাৰ শৰ্মা
ডাঃ বিৰাজ কুমাৰ শৰ্মা
পুনৰ ভয়াৱহ ভাবে বৃদ্ধি পাবলৈ ধৰিছে অসমৰ গৌৰৱ এশিঙীয়া গঁড়ৰ হত্যা। এটাৰ পিছত এটাকৈ ধাৰাবাহিকভাবে হত্যা কৰি যোৱা হৈছে অসমৰ সম্পদটি | তেজৰ কঢ়াল মুখত লৈ জীৱন্ত অৱস্থাতেই চোৰাং চিকাৰীয়ে কাটি লৈ যোৱা খৰ্গৰ বাবে যন্ত্ৰণাকাতৰ হৈ মৃত্যুৰ সৈতে যুঁজি থকা গঁড়ৰ চিত্ৰ ই হয়তো হিটলাৰৰ দৰে ব্যক্তিৰো চকুপানী উলিয়াই দিলেহেতেন । পৰিস্থিতি এনে পৰ্য্যায় পাইছে যে এই পৰিসংখ্যাৰ তাৰতম্য নঘটিলে এশিঙীয়া গঁড় এদিন পৃথিবীৰ বুকুৰ পৰা চিৰদিনৰ বাবে লুপ্ত হ’ব আৰু সেই দিন হয়তো সমাগত । কিন্ত্ত ইয়াৰ পিছতো নিৰ্বিকাৰ আমাৰ বিয়োগাম বন বিভাগ আৰু অসম চৰকাৰ।
চূড়ান্ত দায়িত্ত্বজ্ঞানহীনতাৰ পৰিচয় দি সময়ে সময়ে কৰি অহা শাসকপক্ষৰ তুলুঙা মন্তব্যবোৰে প্ৰতিয়মান কৰে চৰকাৰৰ চূড়ান্ত দায়িত্ত্ব্জ্ঞানহীনতা তথা অকৰ্মন্যতাক। অন্যহাতে গঁড় হত্যা ৰোধত সম্পূৰ্ণৰূপে ব্যৰ্থ বন বিভাগে আজিৰ দিনত এক নিধিৰাম চৰ্দাৰৰ ভূমিকাহে পালন কৰি আহিছে। বনবিভাগৰ আধুনিকিকৰণৰ অভাব তথা বনকৰ্মীসকলৰ প্ৰয়োজনীয় অস্ত্ৰ-শস্ত্ৰ আৰু লাগতিয়াল সা-সৰঞ্জামৰ অভাব তথা প্ৰশিক্ষণৰ অভাবেই যেন আজি বনাঞ্চল সমূহত গঁড় হত্যা ৰোধ একপ্ৰকাৰ প্ৰহসনত পৰিণত হৈছে ।
আজি অসমৰ বনৰক্ষীসকলৰ অস্ত্ৰ বুলিবলৈ মাত্ৰ সেই আওপুৰণি থ্ৰি-নট-থ্ৰি ৰাইফল আৰু একনলীয় বন্দুকসমূহ । আজি য’ত চোৰাং চিকাৰীয়ে অত্যাধূনিক অস্ত্ৰ-শস্ত্ৰৰে সু-সজ্জিত হৈ আহে বুলি প্ৰমান পোৱা গৈছে, তেনেক্ষেত্ৰত চোৰাং-চিকাৰীৰ লগত সেই আওপুৰণি অস্ত্ৰ-শস্ত্ৰৰে যুঁজিব যোৱাটো হাতীলৈ তৰাৰ ফৰ্মূটী মৰাৰ লেখিয়া কথা । অন্যহাতে বনৰক্ষীসকলৰ তথা নিৰপত্তাৰ আন্তঃগাঁঠনি সুৰক্ষিত নকৰাকৈ অকল চমক সৃষ্টিৰ লক্ষ্যৰে মানববিহীন আকাশীযানেৰে কাজিৰঙাক সুৰক্ষা দিবলৈ যোৱাটো এক প্ৰহসন তথা বাতুলতাৰ নিদৰ্শন মাত্ৰ ।
অন্যহাতে এটাৰ পিছত এটাকৈ হোৱা গঁড় হত্যাত নিৰুপায় হৈ আজি কিছুদিনৰ আগতে পৰিকল্পনা কৰা এক অদ্ভুত প্ৰক্ৰিয়া খৰ্গ কাটি গঁড়ক সুৰক্ষা দিবলৈ যোৱাটোও হৈ পৰিছিল হাস্যকৰ । ওকনিৰ ভয়ত চুলি কাটি পেলোৱা বা হৰিণাৰ মাংসই বৈৰী বুলি হৰিণাৰ মাংস চেলাই পেলোৱা বা ছালৰ বাবে বাঘবোৰ আক্ৰমণৰ বলি হোৱা বাবে ছাল ছেলাই বাঘক সুৰক্ষা দিব বুলি কোৱাটোও যেনেদৰে হাস্যকৰ ।
পৃথিৱীবিখ্যাত অসমৰ এশিঙীয়া গঁড়ৰ বৈশিষ্ট্য তথা সৌন্দৰ্য্যৰ প্ৰতীক হৈছে তাৰ খৰ্গটো, যিটোৱে আকৃষ্ট কৰি আহিছে যুগ যুগ ধৰি বিভিন্ন বিদেশী পৰ্য্যতক বা প্ৰকৃতিপ্ৰেমীক । তেনেক্ষেত্ৰত যদি খৰ্গটোৱেই কাটি পেলোৱা হয়, তেন্তে অসমৰ গঁড়ৰ প্ৰতি মানুহৰ আকৰ্ষন থাকিবনে ? তাৰোপৰি খৰ্গ কাটি গঁড়ক যি সুৰক্ষা দিয়াৰ কথা ভবা হৈছিল, সেই আচঁনি বাৰু কিমানদূৰ ফলপ্ৰসু হ’ব ? আজি অসমত সকলোবোৰ ৰাষ্ট্ৰীয় উদ্যান, অভয়াৰন্য মিলি আনুমানিক তিনিহাজাৰ সংখ্যক গঁড় আছে । তেনেক্ষেত্ৰত গঁড়ৰ খৰ্গ কাটি সুৰক্ষা দিবলৈ যাঁওতে বহু সময়ৰ প্ৰয়োজন হ’ব আৰু বৰ্তমান যিটো হাৰত গঁড়ৰ মৃত্যু হৈছে, তেনে অবস্থাত থাকিলে এই আঁচনি সম্পূৰ্ণ হয় মানে গঁড় হয়তো অসমৰ বুকুৰ পৰা চিৰদিনৰ বাবে নিশ্চিহ্নই হ’ব ।

সেয়েহে ভাবো, অসম চৰকাৰে এনে হঠকাৰী সিদ্ধান্ত লোৱাতকৈ অসমৰ ৰাষ্ট্ৰীয় উদ্যান তথা অভয়াৰন্য সমূহৰ সূৰক্ষাব্যবস্থা শক্তিশালী কৰাত গুৰুত্ত্ব আৰোপ কৰক, বনৰক্ষীৰ সংখ্যা বৃদ্ধি কৰক আৰু অত্যাধূনিক অস্ত্ৰ-শস্ত্ৰ তথা ৰচদ-পাতিৰ যোগান ধৰক যাতে যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰা সম্ভবপৰ হয় । যদি সম্ভবপৰ হয়, ইউনিফাইদ কামাণ্ডৰ লেখিয়া এটি ব্যৱস্থাৰে বনৰক্ষী, অসম আৰক্ষী আৰু অৰ্ধ-সামৰিক বাহিনী তথা সামৰিক বাহিনীৰ সৈতে যুতিয়াভাবে চোৰাং-চিকাৰীৰ বিৰুদ্ধে অভিযান হাতত ল’লেহে যথেষ্টখিনি লাভদায়ক হ’ব ।
তাৰোপৰি অভয়াৰণ্য সমূহৰ চাৰিওদিশৰ বেদখল উচ্ছেদ কৰি ইয়াৰ পাৰ্শ্ববৰ্তী অঞ্চলৰ ৰাইজক আস্থাত লৈ তেওঁলোকক চোৰাং চিকাৰীৰ বিৰুদ্ধে সজাগ কৰি তোলা প্ৰয়োজন । যিহেতু গঁড় বুলি ক’লে মূলত কাজিৰঙাৰ কথাই মনলৈ আহে, তেনেস্থলত কাজিৰঙাৰ ক্ষেত্ৰত কাৰ্বি পাহাৰৰ দিশে আৰু ব্ৰহ্মপুত্ৰৰ দিশে সুৰক্ষা ব্যবস্থা অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত গুৰুত্ত্ব দিয়া উচিত । কাৰণ দেখা গৈছে যে কাজিৰঙাৰ ক্ষেত্ৰত চোৰাং চিকাৰীয়ে চোৰাং চিকাৰ সংঘটিত কৰি পলাই যাবলৈ এই পথ দুটাই ঘাইকৈ ব্যবহাৰ কৰে বুলি অভিযোগ আহিছে। তেনেক্ষেত্ৰত এই দিশটোৰ প্ৰতি ধ্যান দিয়াটো অত্যন্ত প্ৰয়োজনীয় বিষয় | আনহাতে এইক্ষেত্ৰত চলি থকা গোপন চোৰাং ব্যবসায় সম্পূৰ্নৰূপে উচ্ছেদ নকৰা পৰ্যন্ত এইক্ষেত্ৰত বিশেষ আশানুৰূপ সাফল্য লাভ কৰাটো সম্ভব হৈ নুঠিব কিয়নো এইক্ষেত্ৰত এক বৃহৎ আন্তঃৰাষ্ট্ৰীয় নেটৱৰ্ক গঢ় লৈ উঠিছে | তাৰোপৰি সময়ে সময়ে চোৰাং চিকাৰীৰ হাতৰ পৰা উদ্ধাৰ কৰা খৰ্গ সমূহৰ যে কোনো মূল্য নাই সেই কথা প্ৰমান কৰিবলৈ জনচক্ষুৰ সন্মুখত ৰাজ্যৰ কোষাগাৰত মজুত থকা এই খৰ্গসমূহ উপযুক্ত প্ৰমানসহ জ্বলাই পেলোৱাৰ ব্যৱস্থা কৰা প্ৰয়োজন। তেতিয়া হয়তো অসমৰ গঁড় বাছি থকাৰ লগতে ই অংগক্ষতও নহ’ব আৰু ইয়াৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ ওপৰতো কোনো বিৰূপ প্ৰভাৱ নপৰিব।
অন্যথাই খৰ্গ কাটি গঁড়ক সুৰক্ষা দিয়াৰ চেষ্টা কৰাটো হিতে বিপৰীতহে হোৱাৰ লেখিয়া হ’ব । মনত ৰাখিব লাগিব যে আমাৰ জাতীয় প্ৰতীক গঁড় আৰু ইয়াৰ একামাত্ৰ খৰ্গটোৱেই হৈছে ইয়াৰ বৈশিষ্ট তথা গৌৰৱ। যদি আমি আমাৰ জাতীয় সম্পদটোৱেই সুৰক্ষা দিব নোৱাৰি ইয়াৰ পৰিবৰ্তে তাৰ অংগক্ষত কৰিবলৈহে ককাঁলত টঙালি বান্ধিছো, তেন্তে ইয়াতকৈ লজ্জাজনক কথা আৰু আন একো হ’ব নোৱাৰে | আনহাতে আমাৰ জাতীয় সম্পদটোৰে যদি আমি ৰক্ষণাবেক্ষন দিব নোৱাৰো আৰু দিনে দিনে যদি ই চোৰাং চিকাৰীৰ হাতত নিজৰ অস্তিত্ব বিপদাপন্ন কৰি গৈ থাকে, তেন্তে ইয়াতকৈ আৰু দূৰ্ভাগ্যজনক কথা আন একো হ’ব নোৱাৰে | অন্যথা এদিন এশিঙীয়া গঁড় ডাইন’চৰৰ দৰে পৃথিৱীৰ বুকুৰ পৰা হেৰাই যাবলৈ বেছি পৰ নালাগিব |

No comments:
Post a Comment