পলকতে সুখ-দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ-দুখৰ বতৰা

পলকতে সুখ-দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
 ১. অসমৰ ১০০০খন উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বাবে মাধ্যমিক শিক্ষা অভিযানৰ অধীনত ২২৯ কোটি টকাৰে বিজ্ঞানাগাৰ আৰু কম্পিউটাৰ লেবৰেটৰি নিৰ্মাণ কৰিবলৈ লোৱাৰ সুখবৰ।

২. নামেৰী ইক’ কেম্পত বিশ্ব মতস্য প্ৰব্ৰজন দিৱস উদযাপন কৰা হয়। উদ্যোগীকৰণ, নদীবান্ধ, তৈল খাদ আদিয়ে মতস্য কুললৈকো ভাবুকি কঢ়িয়াই অনৰা দিশটোত অনুষ্ঠানটোত আলোকপাত কৰে অসম কৃষি বিশ্ববিদ্যালৰ অধ্যাপক ডাঃ অতুল বুঢ়াগোহাঁয়ে।

৩. অসমৰ নতুন টিভি চেনেল “আছাম টকছ” কালি গুৱাহাটী মেডিকেল কলেজ প্ৰেক্ষাগৃহত উদ্বোধন কৰিলে মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। চেনেলটোৰ মুখ্য সম্পাদক অতনু ভূঞা, পৰিচালন সম্পাদক বেদব্ৰত বৰা আৰু কাৰ্যবাহী সম্পাদক কুমুদ দাস বুলি জানিব পৰা গৈছে। ইণ্টাৰনেটত www.assamtalks.com যোগে চেনেলটোৰ সম্প্ৰচাৰ উপভোগ কৰিব পৰা যাব।

৪. অসমৰ শিক্ষা বিভাগে উচ্চতৰ মাধ্যমিকৰ ৪৪৩টা পদ পূৰণৰ বাবে চৰকাৰৰ পৰা অনুমোদন বিচৰাৰ সুখবৰ। কালি কামৰূপ গ্ৰাম্য আৰু মহানগৰ জিলাৰ ৩৭খন ভেঞ্চাৰ বিদ্যালয় তথা জুনিয়ৰ কলেজলৈ ২০১৪-১৫ বিত্তীয় বৰ্ষৰ বিত্তীয় সাহাৰ্য প্ৰদান কৰা হয়। উচ্চ মাধ্যমিকলৈ ৫.৪০লাখ, উচ্চতৰ মাধ্যমিকলৈ ৭.৮০লাখ আৰু জুনিয়ৰ কলেজলৈ ৮.৫০ লাখ টকাৰ সাহাৰ্য প্ৰদান কৰা হয়। উল্লেখযোগ্য যে এই বিত্তীয় বৰ্ষচত ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ সাহাৰ্যৰ বাবে চৰকাৰে মুঠ ৩৫কোটি ৬২ লাখ টকা মোকোলাই দিছে।

৫. কালি ঘোষণা হোৱা কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত ৰাষ্ট্ৰীয় ভিত্তিত শীৰ্ষস্থান দখল কৰিছে দিল্লীৰ নিউ গ্ৰীন বিদ্যালয়ৰ পৰা ৫০০ৰ ভিতৰত ৪৯৬ নম্বৰ লাভ কৰা ছাত্ৰী এম গায়ত্ৰীয়ে। সৰ্বভাৰতীয় উত্তীৰ্ণৰ হাৰ ৮২.৮ শতাংশৰ বিপৰীতে গুৱাহাটী মণ্ডলত উত্তীৰ্ণৰ হাৰ ৭০.৩শতাংশ বুলি জানিব পৰা গৈছে। ইফালে বৰপেটা কেন্দ্ৰীয় বিদ্যালয়ে এশ শতাংশ উত্তীৰ্ণৰ হাৰেৰে উজলি উঠিবলৈ সক্ষম হোৱাৰ সুখবৰ।
 
৬. অহা ১জনত ডঃ নিৰ্মলপ্ৰভা বৰদলৈৰ স্মৃতি দিৱসৰ সৈতে সংগতি ৰাখি অসম কলাক্ষেত্ৰই চানমাৰিৰ পেঞ্চনাৰ ভৱনত গীতিকাৰ গৰাকীৰ গীতৰ এখনি কৰ্মশালা দিনজোৰাকৈ আয়োজন কৰা বুলি জানিব পৰা গৈছে। সমল ব্যক্তি হিচাবে জেপি দাসকে ধৰি আগশাৰীৰ শিল্পী সকলে অংশ লব।

৭. মুম্বাইত ছবি নিৰ্মাণত ব্যস্ত অসম সন্তান বিশ্বজিত বৰাৰ কাহিনী তথা পৰিচালনাত প্ৰথমখন হিন্দী ছবি “এইচা য়ে জাহা”ই আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰি অসমলৈ সুনাম কঢ়িয়াই আনিছে। ইণ্ডোনেচিয়া এটি ছবি মহোতসৱত “ইণ্টাৰনেচনেল এৱাৰ্ড অৱ এক্সিলেন্স ২০১৫” বঁটা কৰিছে। ছবিখনৰ মূল চৰিত্ৰত অভিনয় তথা সংগীতেৰে সজাইজে বিখ্যাত গায়ক ডাঃ পলাশ সেনে।



৮. বৰপেটা সত্ৰৰ আদি সত্ৰাধিকাৰ শ্ৰীশ্ৰীমথুৰা দাস বুঢ়া আতাৰ ভাৰ্যা সুমতী আইৰ স্মৃতিত শ্ৰীশ্ৰী মথুৰাদাস বুঢ়া আতা সেৱা সমিতিয়ে প্ৰৱৰ্তন কৰিবলৈ ওলাইছে এটা বঁটা। প্ৰাকৃতিক দুৰ্যোগৰ সময়ত বৰপেটা সত্ৰৰ অক্ষয় বন্তিগছ মৰসাহেৰে ৰক্ষা কৰা সাহসী নাৰীগৰাকীৰ স্মৃতিত প্ৰৱৰ্তন কৰিবলৈ ওলোৱা বঁটাটি ২০১৫ বৰ্ষৰ বাবে বৰপেটা সত্ৰ পাঠক বংশৰ মুখ্য পাঠকনী বনলতা পাঠকলৈ আগবঢ়োৱাৰ সিদ্ধান্ত ৰাজহুৱাকৈ প্ৰকাশ কৰিছে।

৯. অতুল বৰা নেতৃত্বতে অহা ২০১৬ৰ বিধান সভাৰ নিৰ্বাচন খেলিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিলে অসম গণ পৰিষদৰ সাধাৰণ পৰিষদৰ সভাই। দলৰ সভাপতি পদক লৈ টনা-আজোৰাৰ অন্ত পেলাই বৰাক আৰু এবছৰৰ বাবে সভাপতিৰ দ্বায়িত্ব দিয়াৰ লগতে বিধায়ক কেশৱ মহন্তক কাৰ্যকৰী সভাপতি ৰূপে মনোনীত কৰি দলটোক শক্তিশালী কৰিবলৈ প্ৰস্তাৱ গ্ৰহণ কৰা হয়।
 
১০. নামনি সোৱণশিৰি জলবিদ্যুত প্ৰকল্পৰৰ বিষয়টো চালিজাৰি চাবলৈ অধিবক্তা-আয়োগ গঠন কৰিলে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে। ন্যায়াধীকৰণে কালি আছাম পাব্লিক ৱকৰ্ছে তৰা গোচৰৰ শুনানি গ্ৰহণ কৰে। অহা জুন মাহৰ প্ৰথম সপ্তাহত আয়োগে প্ৰকল্পস্থলী পৰিদৰ্শন কৰিব বুলিও বাতৰি প্ৰকাশ পাইছে।


১১) শিশু বা কিশোৰসকলে যাতে নিজেই আহি থানাত গোচৰ তৰিব পাৰে , তাৰ ব্য‌ৱস্থা লৈছে পশ্চিমবংগ চৰকাৰে । ৰাজ্যখনত প্ৰাৰম্ভিক পৰ্যায়ত ৯ খন আৰক্ষী চকীক 'শিশু-বান্ধ‌ৱ' আখ্যা দি বিষয়-ববীয়া এনেধৰণে নিযুক্তি দিয়া হৈছে যে এই থানাসমূহলৈ আহি শিশু‌ৱে নিজৰ বা সমনীয়াৰ সতে হো‌ৱা অন্যায়-অবিচাৰ নিজ মুখে বৰ্ণনা কৰি গোচৰ তৰিব পাৰে । ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে সন্ধানহীন হো‌ৱা শিশুসকলৰ উদ্ধাৰৰ বাবে ইউনিছেফৰ সহযোগত TrackChild নামৰ আন এটা একে ধৰণৰ প্ৰকল্প চলাই আছে যিটো আমাৰ অসমতো বৰ্তমানে কাৰ্যকৰী হৈ আছে । (স‌ৱিশেষ পাব - http://www.trackthemissingchild.gov.in )

১২) অহা ইং. ২০১৭ বৰ্ষত হ'বলগীয়া ফিফা বিশ্বকাপৰ ১৭ বছৰৰ অনুৰ্দ্ধ খেলসমূহ অনুষ্ঠিত হ'বলগীয়া বাবে সম্ভা‌ৱ্য স্থানসমূহৰ ভিতৰত স্থান পাইছে গু‌ৱাহাটীয়ে । কালি গু‌ৱাহাটীত এখন মেলত এই কথা উল্লেখ কৰে ফিফাৰ অন্যতম শীৰ্ষ বিষয়া জেভিয়াৰ চেপ্পীয়ে ।

১৩) দৰঙৰ বালীবাৰা গা‌ৱঁৰ এগৰাকী কিশোৰীক প্ৰলোভনেৰে অপহৰণ কৰি নিয়াৰ পাছত গু‌ৱাহাটীৰ দীপৰ বিলৰ সমীপত দ্বিখণ্ডিত মৃতদেহৰ উদ্ধাৰ হৈছিল । এই ঘটনাটোত জড়িত কুখ্যত নাৰী ব্য‌ৱসায়ী আব্দুল আলীক কালি আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ।  

No comments:

Post a Comment