বিশ্লেষণ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

অসম লোকসেৱা আয়োগৰ 
সংস্কাৰ আৰু নিকাকৰণ সম্ভৱনে?
অজয় লাল দত্ত
(১)
মনত ৰাখিব, কেৱল প্ৰশাসনিক বিষয়াই নহয়, ৰাজ্যৰ উচ্চ স্তৰৰ আৰক্ষী বিষয়া, বিত্ত বিভাগৰ বিভিন্ন স্তৰৰ বিষয়া, আবকাৰী, কৰ, চৰকাৰী কলেজৰ অধ্যাপক/অধ্যক্ষ, মেডিকেল কলেজৰ অধ্যক্ষ, বিভিন্ন বিভাগৰ সঞ্চালক, অভিযন্তাকে ধৰি গুৰুত্বপূৰ্ণ আমোলা-বিষয়া নিৰ্বাচন আৰু নিযুক্তিৰ গুৰুভাৰ অৰ্পণ কৰি সংবিধানৰ ৩১৮নং অনুচ্ছেদ অনুসৰি আন ৰাজ্য সমূহৰ দৰেই অসমতো গঠন কৰা হৈছিল অসম লোকসেৱা আয়োগ। সাংবিধানিক সংস্থা হিচাবে ই এক স্বতন্ত্ৰ আৰু ৰাজ্যপালৰ ওচৰত দায়বদ্ধ অনুষ্ঠানহে। অসম চৰকাৰৰ বিভিন্ন বিষয়া নিৰ্বাচন, কৰ্মচাৰীৰ দৰমহাৰ আন্তঃগাথনি নিৰূপণ কৰাৰ লগতে চৰকাৰক ৰাইজমুখী কৰাৰ বাবে পৰামৰ্শ দিয়াৰ উদ্দেশ্য ৰাখি এই অনুষ্ঠানটো প্ৰতিষ্ঠা কৰা হৈছিল। স্বাধীন ভাৰতত অসম লোকসেৱা আয়োগৰ প্ৰথমজনা অধ্যক্ষ ৰূপে দ্বায়িত্ব লৈছিল বিশিষ্ট শিক্ষাবিদ কমলেশ্বৰ দাসে।



শেহতীয়াকৈ অসম লোকসেৱা আয়োগে প্ৰকাশ কৰা পৰীক্ষাৰ ফলাফলৰ পাছতে বিশাল অনিয়ম, স্বজন তোষণ, ধনৰ বিনিময়, প্ৰভাৱশালী ৰাজনীতিবিদ মন্ত্ৰীৰ সন্তান, অঙহী-বঙহীৰ নিযুক্তি, তুলনামূলক ভাৱে বিদ্যায়তনিক দিশত কম সফল এচামক নিৰ্বাচন কৰা বুলি বিতৰ্কৰ জোৱাৰ উঠিছে। এই অভিযোগ সমূহক লৈ অসমৰ বিভিন্ন সংবাদ মাধ্যমেও অতি গুৰুত্ব সহকাৰে লৈ উত্থাপন কৰিছে। লগতে বৰ্তমানৰ অধ্যক্ষ গৰাকীৰ নেতৃত্বতে বিশাল কেলেংকাৰী সংঘটিত হোৱা বুলিও আঙুলিয়াই দেখুৱাইছে।

এই বিতৰ্কৰ মাজতে বিশিষ্ট চিন্তাবিদ হোমেন বৰগোহাঞি ডাঙৰীয়াও অসম লোকসেৱা আয়োগখনক লৈ নিজৰ কলমেৰে একালত সুনাম থকা অনুষ্ঠানটো ক্ৰমাত কিদৰে ৰাজনৈতিক হস্তক্ষেপৰ জৰিয়তে দিনক দিনে ৰাজনৈতিক শ্ৰেণীৰ নিজা স্বাৰ্থ সিদ্ধিৰ হাতোৰাত বন্দী হ’লহি তাকো উন্মোচন কৰি দিছে। তেখেতৰ লেখনিত প্ৰকাশ পোৱা মতেই প্ৰয়াত হিতেশ্বৰ শইকীয়া নেতৃতাধীন স্বেচ্ছাচাৰী শাসনৰ কালৰে পৰাই অসম লোকসেৱা আয়োগ ক্ৰমান্বয়ে কলংকৰ পংকিলতালৈ সোমাবলৈ ধৰিলে। অসম গণ পৰিষদৰ প্ৰথমবাৰৰ চৰকাৰে এই বিষয়ত কিছু শুধৰণিসুলভ স্থিতি গ্ৰহণ কৰিলেও কিন্তু পাছৰ বাৰ শাসনকালত এই আয়োগক একেদৰেই ৰাজনৈতিক নেতাৰ পুতলাত পৰিণত কৰাতহে হাত উজান দিয়া দেখা গ’ল। কেন্দ্ৰীয় লোকসেৱা আয়োগৰ নিকা ভাবমূৰ্তিৰ বিপৰীতে কিন্তু প্ৰায়বোৰ ৰাজ্যৰে প্ৰাদেশিক লোকসেৱা আয়োগবোৰ এনে অভিযোগেৰে সিক্ত হৈ থকাটোও এটা মন কৰিব লগা গুৰুত্বপূৰ্ণ বিষয়েই!

বিগত ২০০০চনত, তদানীন্তন আয়োগৰ অধ্যক্ষ ডাঃ তাৰাপ্ৰসাদ দাসৰ দিনত হোৱা পৰ্বতসম দুৰ্নীতিৰ কথা সংবাদ মাধ্যমে পোহৰলৈ অনাৰ পাছতে নতুনকৈ মুখ্যমন্ত্ৰী হোৱা তৰুণ গগৈয়ে অৱসৰপ্ৰাপ্ত আই.এ.এছ বিষয়া তপনলাল বৰুৱাৰ নেতৃত্বত এখন এজনীয়া তদন্ত আয়োগ গঠন কৰি বিষয়টোত পদক্ষেপ লবলৈ নিৰ্দেশ দিয়ে। সেই বছৰৰ ৩১ডিচেম্বৰতে এই আয়োগে ৫২টাকৈ পৰামৰ্শৱলী কাৰ্যকৰীকৰণৰ বাবে আগবঢ়ায়। কিন্তু গগৈ চৰকাৰে সেই সমূহক কাৰ্যকৰী কৰাৰ সলনি এখন কেবিনেট উপসমিতি পাতি, সেই সমূহৰ ওপৰত বিচাৰ কৰিবলৈহে এৰি দিয়ে। এই কেবিনেট উপসমিতিয়ে আয়োগৰ মূল দুটা পৰামৰ্শৱলীকে নাকচ কৰি দিয়াৰ ফলতে মূলত অসম লোকসেৱা আয়োগৰ সংস্কাৰ সাধনৰ দুৱাৰখন গগৈ চৰকাৰৰ চৈধ্য বছৰীয়া কাৰ্যকালত বাস্তৱতঃ বন্ধ হৈ থাকিল। “কমিছন অৱ এনকুৱেৰী এক্ট”ৰ অধীনত ঘোষিত এনে তদন্ত আয়োগৰ প্ৰতিবেদন যদিও বিধান সভাত ছমাহৰ ভিতৰতে দাখিল কৰাৰ নিয়ম, তথাপি চৈধ্য বছৰ অতিক্ৰম কৰাৰ পাছতো গগৈ চৰকাৰে প্ৰতিবেদন সদনৰ মজিয়াত উপস্থাপন নকৰিলে। তাৰ বিপৰীতে কোনো অভিযোগ উঠিলেই “তদন্ত আয়োগ” ঘোষণা কৰি প্ৰতিবাদক মষিমূৰ কৰাৰ নতুন বেপেৰুৱা কৌশল অৱলম্বন কৰাহে দৃষ্টিকটুকৈ পৰিলক্ষিত হ’ল।

তপনলাল বৰুৱা আয়োগৰ পৰামৰ্শৱলী কাৰ্যকৰীকৰণ হোৱা হ’লে বৰ্তমানৰ বিতৰ্কিত অধ্যক্ষজনৰ বিতৰ্কিত ৰাজনৈতিক নিযুক্তিৰ ক’লা অধ্যায়ো সংঘটিত নহলহেতেন বুলি বিশ্লেষক সকলে মত প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে বিতৰ্কিত অধ্যক্ষ ৰাকেশ পালকো অতি খৰখেদাকৈ যাৱতীয় নীতি-নিয়মৰ পালন নকৰাকৈয়ে মুখ্যমন্ত্ৰীৰ উদ্যোগত নিযুক্তি দিয়া হৈছিল বুলিও সংবাদ মাধ্যমে প্ৰকাশ কৰিছে। আৰু এইবাৰৰ ফলাফলক লৈ চলি থকা বিতৰ্কৰ ধুমুহাৰ মাজতে “মেট্ৰিকত ফেইল কৰিও নিজে মুখ্যমন্ত্ৰী হৈ থকাৰ উদাহৰণ দি, তৃতীয় বিভাগ পোৱা সকলে এপিএছচি কিয় পাব নোৱাৰে” ধৰণৰ টুলুঙা মন্তব্য কৰিও মুখ্যমন্ত্ৰী গগৈ ৰাইজৰ চোকা সমালোচনাৰ সন্মুখীন হৈছে। যদিও কোনো এটা বিশেষ স্তৰৰ পৰীক্ষাৰ বিদ্যায়তনিক নম্বৰেই জীৱনৰ সফলতা লাভৰ বাবে শেষ মাপকাঠি নহয়, তথাপি মুখ্যমন্ত্ৰীৰ এনে বেপেৰুৱা মন্তব্যই লোকসেৱা আয়োগক সংঘটিত হোৱা দুৰ্নীতিৰ অভিযোগৰ পৰা অধ্যক্ষক ৰক্ষণাবেক্ষণৰ এক অপচেষ্টাহে বুলিও জনসাধাৰণে অনুভৱ কৰিছে। এখন ৰাজ্যৰ কাৰ্যপালিকাৰ মুৰব্বী হোৱা স্বত্বেও প্ৰশাসনিক বিষয়া নিযুক্তিৰ স্পৰ্শকাতৰ বিষয় এটাক লৈ ভেঙুচালি কৰা কথাই, বিষয়টোত গগৈ দেৱৰ সদিচ্ছাৰ যে সঁচাই অভাৱ তাকেই উদঙাই দেখুৱাইছে। আৰু ইয়াৰ তীব্ৰ প্ৰতিবাদো ৰাইজে সঠিককৈ কৰিছে।
(২)
এই কথা কোনোৱেই অস্বীকাৰ কৰিব নোৱাৰে যে প্ৰতিবাৰৰ দৰেই এইবাৰো বুজন সংখ্যক মেধা ছাত্ৰ-ছাত্ৰীয়ে কেৱল নিজা মেধাৰ বলত লোকসেৱা আয়োগৰ বিভিন্ন চাকৰিৰ বাবে নিজৰ যোগ্যতা অৰ্জন কৰিছে। পিছে প্ৰশ্ন হয়, সেয়া কিমান শতাংশ? চ’ছিয়েল মেডিয়াত প্ৰকাশ পোৱা বিভিন্ন তথ্য অনুসৰি, এয়া বিশৰ পৰা চল্লিশ শতাংশহে। তেন্তে বাকী ষাঠিৰ পৰা আশী শতাংশই কি অনৈতিক পদ্ধতিৰে সফলতা লভিছে নেকি?

বাতৰি কাকতৰ বাহিৰেও বিভিন্ন সূত্ৰই প্ৰকাশ কৰা কথাৰ পৰাও ৰাইজে ইয়াৰ উত্তৰ বিচাৰিবলৈ ধৰিছে। উদাহৰণস্বৰূপে, সমগ্ৰ কেৰিয়াৰ জুৰি অসমৰ ভিতৰতে শীৰ্ষ দহৰ স্থান লাভ কৰা ধৰণৰ শিক্ষাৰ্থীয়ে বিফলতা মূৰ পাতি লোৱাৰ বিপৰীতে বিদ্যায়তনিক দিশত তৃতীয় বিভাগৰ পৰা আৰম্ভ কৰি মজলীয়া কেৰিয়াৰৰ বুজন সংখ্যকেও আগতীয়াকৈ স্ব-ঘোষিত ভৱিষ্যতবাণীবোৰ ফলিয়াই সফলতা লাভ কৰি আনন্দত উত্ৰাৱল হোৱাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাটো নিশ্চয়কৈ স্বাভাৱিকেই। আনকি ৰাজহুৱাকৈ নকলেও কোনে কিমান দামত কোনটো লিংকৰ জৰিয়তে অনৈতিক ভাৱে প্ৰশাসনীয় ক্ষমতা সহ জীৱনজোৰাকৈ ৰাজপত্ৰিত চাকৰি হস্তগত কৰিছে তাকে লৈ দম্ভালি মাৰিছে। কোনো সাংবাদিকে এপিএচছিৰ কোনো কেলেংকাৰীৰ তদন্ত কৰি প্ৰথম ভাগ টিভিত প্ৰচাৰ কৰাৰ পাছত পাছৰ খণ্ডবোৰৰ সম্প্ৰচাৰ অনিৰ্দিষ্ট কাৰণত কোনো দিনেই নোহোৱাৰ পাছত এতিয়া সেই সাংবাদিকেই পুলিচ বিষয়াৰ বাবে নিৰ্বাচিত হোৱাৰ সুখবৰ প্ৰকাশ পাইছে। কোনোজনে আকৌ ভুৱা প্ৰমাণপত্ৰৰে অধ্যাপকৰ চাকৰি কৰি থকাৰ পৰা ধৰা পৰাৰ পাছত আত্মগোপন কৰি পাছত আকৌ বেলেগ জাতৰ প্ৰমাণ পত্ৰৰে এইবাৰ ৰাজপত্ৰিত বিষয়া হোৱাৰ যোগ্যতা লভিছে। কোনজন মন্ত্ৰীৰ কেইটি সন্তানে ভৱিষ্যতবাণী কৰি এবছৰৰ পাছত সিবছৰকৈ বিষয়া হৈছে, কোন ৰাজনৈতিক নেতাৰ সন্তান-অঙহী-বঙহীয়ে বিশেষ আৰ্শীবাদৰ ফলত সফল সকলৰ তালিকাত সন্নিবিষ্ট হৈছে, তাৰ লেখ এতিয়া ৰাইজৰ হাতে হাতে।

আনকি দৈনিক জনমভূমি কাকতত অৱসৰপ্ৰাপ্ত আই.এ.এছ বিষয়া লক্ষ্মীনাথ তামূলীয়ে খোদ মুখ্যমন্ত্ৰীলৈ এই বিষয়টোত নিৰ্বাচিত প্ৰাৰ্থী সকলৰ মেধা পৰীক্ষাৰ ৰাজহুৱা প্ৰত্যাহ্বান আগবঢ়াইছে। পূৰ্বৰ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো বিষয়টোত কিছুমান প্ৰশ্ন তুলি চ’ছিয়েল মেডিয়াত ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰাৰ লগতে আদালতৰ মজিয়ালৈ যাব বুলিও প্ৰকাশ কৰিছে। কেইবাটাও স্বেচ্ছাসেৱী সংগঠনেও বিষয়বোৰত বিভিন্ন তথ্য সংগ্ৰহ কৰি ন্যায়ালয়ৰ জড়িয়তে অভিযোগ সমূহৰ বিষয়ত ন্যায়প্ৰাপ্তিৰ প্ৰচেষ্টা চলাবলৈ যো-জা কৰিছে। শেহতীয়াকৈ দুই এটা ৰাজনৈতিক-সামাজিক সংগঠনেও বিষয়টোত গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী লোৱা দেখা গৈছে। সকলোৰে এটাই লক্ষ্য হওক, অসম আৰু অসমীয়াৰ স্বাৰ্থত নিকা কৰাটো, সঁচাই আমূল সংস্কাৰ হবই লাগিব এই লোকসেৱা আয়োগৰ।
(৩)
পিছে তাৰ বিপৰীতে অসম লোকসেৱা আয়োগৰ দুগৰাকী সদস্যই ফ’কাচ এন.ই.ত আলোচনাত অংশগ্ৰহণ কৰি ৰাইজৰ সকলো অভিযোগ নস্যাত কৰিছে। বাতৰি-কাকততো তেওঁলোকৰ একেখিনি কথাকে আয়োগৰ তৰফৰ পৰা স্পষ্টীকৰণৰ বিজ্ঞাপন দি তথাকথিত “উদ্দেশ্যপ্ৰণোদিত আৰু ভিত্তিহীন” বুলি ঘোষণা কৰিবলৈ বিচৰা হৈছে। তাৰ অৰ্থ হৈছে, আয়োগ আৰু সদস্য সকলৰ মতে কোনো খেলিমেলি অনিয়ম সংঘটিতই হোৱাই নাই, তেন্তে নিকা বা আমূল সংস্কাৰৰ প্ৰশ্নই বা ক’ত। তেওঁলোকৰ কথা আৰু বক্তব্যৰ পৰা এনে অনুভৱ হয় যেন, গোটেই পৃথিৱীৰ সকলো ৰাইজে দেখা অনুভৱ কৰা সকলো কথা ভুল, শুদ্ধ কেৱল আয়োগৰ অধ্যক্ষ, সদস্য সকল আৰু তেওঁলোকক আশীষ দি থকা ৰজাঘৰীয়া সকলহে।

তেখেতসকলৰ মতে ২৯টা বিষয়ৰ ভিতৰত নিজৰ মনোমত বিষয়ত পৰীক্ষা দিব পাৰে পৰীক্ষাৰ্থীয়ে আৰু বেলেগ বেলেগ বিষয়ৰ বাবে বিশেষজ্ঞৰ পেনেল থাকে। তেওঁলোকেহে প্ৰশ্ন কটাৰ পৰা উত্তৰ বহী চোৱালৈকে কামবোৰ কৰে। আৰু উত্তৰ বহীত ৰোল নম্বৰটো আঁতৰাই বিশেষ কোড দিয়া হয়, যাতে পৰীক্ষকে ৰোল নম্বৰ গম নাপাবলৈ। কাৰ পুতেক-জীয়েকে পৰীক্ষা দিছে সেই বিষয়ে ফৰ্মত লিখা নাথাকে বাবে প্ৰভাৱশালী ব্যক্তিৰ পুত্ৰ-কন্যাৰ নিৰ্বাচনক লৈ হেনো প্ৰশ্ন তোলাটো হেনো অবান্তৰেই! সদস্য এজনৰ পৰিয়ালৰ কোনোৱে পৰীক্ষা দি ফেইল কৰা বাবে হেনো ছাৰক পৰিয়ালৰ মানুহে বেয়াই পাইছে। তেওঁলোকৰ শক্তি থকা হ'লে হেনো পাছেই কৰাই দিলেহেতেন! মানে সদস্যসকল একেবাৰে শক্তিহীন, এনেয়ে মানে সদস্য, নামতহে ধৰণৰ...! এনে এটা ধাৰণা দিবলৈ চেষ্টা চলাইছে সদস্য সকলে।

মেট্ৰিকৰ থাৰ্ড ডিভিজন পোৱা সকলে বোলে পাছৰ জীৱনত সহজ বিষয় লৈ অধ্যয়ন কৰি আগুৱাই গৈ এতিয়া সহজ বাটৰ সন্ধান কৰি ষ্টেণ্ড কৰা সকলকো পিছ পেলালে। এগৰাকী ছাৰৰ যুক্তি এয়া। কেৱল ধনীয়েই চাকৰি পোৱা নাই। দুখীয়া কিমানে পাইছে তাৰো হিচাপ ৰাইজে লব লাগে। যিহেতু ফৰ্মত কোন ধনী, কোন কাৰ ঘৰৰ লিখা নাথাকে, সেয়ে লোকসেৱা আয়োগে কোন ধনীয়ে পাইছে, কোন দুখীয়াই পাইছে সেই বিষয়ে হেনো জ্ঞাত নহয়।

পুলিচ থানাত কেচ পাতি থাকিলেও সেই বিষয়ে যিহেতু ফৰ্ম ফিলাপত জনোৱা নহয়। সেয়ে অপৰাধীক গোচৰ থকা প্ৰাৰ্থীয়ে এতিয়া পুলিচ বিষয়াৰ নিযুক্তি পালেও লোকসেৱা আয়োগৰ আওঁতাত নপৰে। পুলিচ ভেৰিফিকেশ্যনতে সত্যাসত্যৰ নিৰূপণ হবই! মৌখিক পৰীক্ষা বোলে এইবাৰ ৰোল নম্বৰৰ ক্ৰমত কৰাই হোৱা নাই। একদম ৰেণ্ডম খেলা পাতি কৰা হৈছে, নিকা আৰু স্বচ্ছকৈ। উত্তৰ বহী খালী ৰাখি পাছত লিখোৱাৰ কোনো সুৰুঙা নাই বুলিও তেওঁলোকে দাবী কৰিছে। লগতে সফল প্ৰাৰ্থীক লৈ সন্দেহ থাকিলে তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে আদালতলৈ উত্তৰ বহী নি চাব পাৰিব বুলিও প্ৰকাশ কৰিছে। লগতে আয়োগৰ কাম কাজত সন্দেহৰ অৱকাশ থাকিলে নিৰপেক্ষ তদন্তৰ সন্মুখীন হবলৈকো আয়োগ সাজু থকা বুলি বিজ্ঞপ্তিত প্ৰকাশ কৰিছে। গতিকে ৰাইজে নিজৰ জ্ঞান-বুদ্ধি-বিশ্বাসেৰে তথ্যৰ ভিত্তিত এঘড়ী যুঁজি এপিএচছিক নিকা কৰাৰ প্ৰত্যাহ্বান সমাগত। 
(৪)
ঘূণে ধৰা ব্যৱস্থাৰে এচামক নিযুক্তি প্ৰদান কৰি কোনো কালেই ৰাজ্য এখনত একোটা সুস্থ প্ৰশাসনিক ব্যৱস্থা গঢ়ি তুলিব নোৱাৰি। এই ব্যৱস্থাৰে কেৱল এচাম দুৰ্নীতিকাৰী, ক্ষমতাৰে বলীয়ান, উদণ্ড দিন-ডকাইতৰহে সৃষ্টি কৰিব পাৰি বুলিও বিভিন্নজনে মন্তব্য কৰিছে। ৰাজনেতা সকলকতো নিৰ্বাচনত প্ৰতি পাঁচবছৰতে নকৈ নিৰ্বাচন কৰাৰ সুযোগ পোৱা যায়, কিন্তু ৰাজবিষয়া সকলক এনেকৈ এবাৰ নিযুক্তি দিলে গোটেই জীৱন সমাজখনে দুৰ্ভোগ ভূগিব লগা হয়। নিজৰ ৰাজনৈতিক লিংক, ধনবল, বাহুবলৰ প্ৰভুত্বৰে এচামে ক্ষমতাৰ ৰাজপত্ৰিত চকী কব্জা কৰি লোৱাৰ ফলতেই আন কেৱল মেধাৰ বলত প্ৰতিষ্ঠা লাভ কৰা সকলেও আজি দুৰ্নামৰ সন্মুখীন হব লগা হৈছে।

সেয়ে অনাগত দিনত এই সাংবিধানিক প্ৰতিষ্ঠানটোৰ হৃত গৌৰৱ উদ্ধাৰ কৰাৰ অতীৱ প্ৰয়োজন আছে। তাৰ বাবে ৰাজনৈতিক হস্তক্ষেপৰ হাতোৰাৰ পৰা ইয়াক মুক্ত কৰিবই লাগিব। তপন লাল বৰুৱা আয়োগৰ ৫২টা পৰামৰ্শৱলীৰ কাৰ্যকৰীকৰণৰ বাবে সচেতন ৰাইজেই চৰকাৰক বাধ্য কৰাব লাগিব। পৰীক্ষা তথা নিযুক্তি প্ৰক্ৰিয়া অধিক স্বচ্ছ আৰু নিকা কৰাৰ স্বাৰ্থত দেশ-বিদেশৰ সংস্থাই লোৱা ট’ফেল, জি-মেট আদি পৰীক্ষাৰ আৰ্হিত কেন্দ্ৰীভূত প্ৰযুক্তি কেন্দ্ৰত অনলাইন পৰীক্ষাৰ বিকল্পৰ কথা চিন্তা কৰা উচিত। অফলাইন পৰীক্ষাৰ ক্ষেত্ৰত প্ৰশ্ন কাকত আগতীয়াকৈ বিক্ৰী কৰাটো ৰোধ কৰাৰ বাবে কেইবাটাও ছেটৰ প্ৰশ্ন কাকত তৈয়াৰ কৰি, পৰীক্ষা কেন্দ্ৰত থিতাতে লটাৰী যোগে শেষ সিদ্ধান্ত লোৱাৰ ব্যৱস্থাও কৰিবও পাৰি। পৰীক্ষাৰ উত্তৰ বহী পাছত লিখোৱাৰ অভিযোগৰ পৰা মুক্ত কৰিবলৈ পৰীক্ষাৰ বহী জমা দিয়াৰ পাছতে তাক থিতাতে স্কেন কৰি চাৰ্ভাৰত জমা কৰাৰ লগতে সেই স্কেন কপিকে দুজনতকৈ অধিক পেনেল বিশেষজ্ঞক পৰীক্ষা কৰিবলৈ দিয়াৰ ব্যৱস্থাও কৰা উচিত। মৌখিক পৰীক্ষা তথা সাক্ষাতকাৰৰ ভিডিঅ’ ৰেকৰ্ডিঙৰ ব্যৱস্থাৰ লগতে এই পৰীক্ষাৰ নম্বৰ অতি নগণ্য বা শূণ্য কৰাৰ ব্যৱস্থা কৰিব লাগে। অভিযোগ উঠাৰ দৰে মৌখিক পৰীক্ষাত কাঠ পেঞ্চিলেৰে নম্বৰ দিয়াটো বাৰণ কৰিব লাগে। তাৰ সলনি সাক্ষাতকাৰত প্ৰাৰ্থী একোজনৰ সমগ্ৰ শৈক্ষিক তথা অন্যান্য ক্ষেত্ৰৰ অৰ্হতাৰ প্ৰমাণ পত্ৰ আৰু নম্বৰৰ ভিত্তিত এক বিশেষ পদ্ধতি অৱলম্বন কৰি টেট শিক্ষকৰ নিযুক্তিৰ প্ৰক্ৰিয়াৰ দৰেই ক্ৰুটিহীন কৰি পেলাব লাগে। 

এই পদক্ষেপবোৰ গ্ৰহণৰ বাবে লাগিব সদিচ্ছা থকা এখন আয়োগ। তাৰ বাবে হব লাগিব, এই আয়োগৰ পুনৰ গঠন। অসমৰ বিভিন্ন বুদ্ধিজীৱিয়ে পৰামৰ্শ দিয়াৰ দৰেই এই আয়োগৰ সদস্য হবৰ বাবেও মুকলি প্ৰতিযোগিতামূলক পৰীক্ষা আৰু অৰ্হতাৰ মূল্যমান তথা সামাজিক প্ৰতিষ্ঠাক গুৰুত্ব প্ৰদান কৰা হওক। ৰাজনৈতিক নিযুক্তিৰ ঠাইত আয়োগখনতো মেধাৰ ভিত্তিত স্বচ্ছ নিযুক্তি প্ৰদান কৰিলেহে সাংবিধানিক সংস্থাটিক ন-ৰূপত গঢ়ি তুলিব পৰা যাব। অসমৰ সকলো স্তৰৰ মেধাৱী শিক্ষাৰ্থী সকলক নিজা প্ৰতিভা প্ৰতিপন্ন কৰাৰ বাবে এখন নিকা মঞ্চ আয়োগে দিবই লাগিব। ৰাজনৈতিক বৈৰীতা পাহৰিও অসমৰ ভৱিষ্যতৰ সামগ্ৰিক স্বাৰ্থতে বিষয়টোত সকলো দল-সংগঠনে শক্তিশালী ভূমিকা গ্ৰহণ কৰা উচিত, বিধান সভাতো সৱল স্থিতি গ্ৰহণ কৰিব লাগিব। তাৰ বাবে ৰাজনৈতিক নেতৃত্বক সচেতন ৰাইজেই বাধ্য কৰিব লাগিব, সেয়া যুক্তি আৰু তথ্যৰে গণতান্ত্ৰিক আন্দোলনেৰেই হওক বা ৰাষ্ট্ৰপতি পৰ্যায়ৰ হস্তক্ষেপেৰেই হওক বা ন্যায়ালয়ৰ বাটেৰেই হওক! এতিয়া ৰাইজে সেই প্ৰত্যাহ্বান গ্ৰহণ কৰিব নোৱাৰিলে কেৱল খেৰৰ জুইৰ দৰে প্ৰতিবাদে আমাৰ ভৱিষ্যত কেতিয়াও সলাব নোৱাৰে। নহ'লে ঘূণে-খোৱা প্ৰশাসনিক ব্যৱস্থাৰে ক্ৰমাত দুৰ্দশাৰ ফালেই গতি কৰা অসমৰ বাবে উত্তৰ-পুৰুষে কাকোৱেই ক্ষমা নকৰিব, সেয়াও নিশ্চিত।

No comments:

Post a Comment