১. কালিৰে পৰা মাজুলীত আৰম্ভ হৈছে চতুৰ্থ উত্তৰ-পূৱ যুৱ মহোৎসৱ। গড়মূৰৰ মিনি ষ্টেডিয়ামত এই উৎসৱ উদ্বোধন কৰি কেন্দ্ৰীয় সাৰ আৰু ৰসায়ন মন্ত্ৰী অনন্ত কুমাৰে অহা তিনি মাহৰ ভিতৰতে ডিব্ৰুগড়ৰ লেপেটকটাস্থিত গেছ ক্ৰেকাৰ প্ৰকল্পত উৎপাদনৰ শুভাৰম্ভ কৰা হব বুলিও সুখবৰ ঘোষণা কৰিছে। লগতে প্ৰকল্পটো দেশৰ সেৱা উৎসৰ্গা কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহিব বুলিও বতৰা প্ৰকাশ কৰিছে।
২. কেৱল ৮৮০০টকা মূলধনেৰে আৰম্ভ কৰা আৰম্ভ কৰা নলবাৰী আৰবান কো-অ’পাৰেটিভ বেংকে ৪৭ লাখ টকা লাভ কৰিবলৈ সক্ষম হৈছে। এই সুখবৰ প্ৰকাশ কৰাৰ লগতে অহা ১৪জুনত বেংকটোৰ ষষ্ঠ বিশংতিতম সাধাৰণ সভাৰ আয়োজন নলবাৰী নাট্য মন্দিৰত কৰা হৈছে বুলিও ঘোষণা কৰিচে। অহা ১১ ছেপ্তেম্বৰৰ পৰা ২০১৬ৰ ১০ ছেপ্তেম্বৰলৈ বেংকটোৱে ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰিবৰ দিহা কৰিছে বুলিও সুখবৰ জানিব পৰা গৈছে।
৩. সংবাদ মাধ্যম আৰু প্ৰৱল জনমতৰ ওপৰত সেও মানি অৱশেষত অসমতে ছাফ গেমছ অনুষ্ঠিত কৰিবলৈ অসম চৰকাৰে সন্মতি প্ৰকাশ কৰি সকলো ধৰণৰ সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে। গুৱাহাটীক স্থান হিচাবে ঘোষণা কৰি ভাৰতীয় অলিম্পিক সংস্থালৈ কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰণালয়ে পত্ৰ প্ৰেৰণ কৰা বুলিও সুখবৰ প্ৰকাশ পাইছে।
৪. ডাইনী হত্যাৰ বিষয়ক প্ৰথম পূৰ্ণ দৈৰ্ঘ্যৰ অসমীয়া কথাছবি নিৰ্মাণ কৰিবলৈ আগবাঢ়িছে অংগীকাৰ ফিল্মছে। ডঃ সীতানাথ লহকৰৰ পৰিচালনাত নিৰ্মাণ কৰিব লগা ছবিখনৰ নাম “এই মাটিতে” বুলি জানিব পৰা গৈছে। “তমসা” নামৰ বহুচৰ্চিত নাটকখনৰেই ৰূপালী পৰ্দাত ৰূপদান কৰিব লগা ছবিখনৰ চিত্ৰগ্ৰহণৰ কাম অহা জুন মাহৰে পৰাই আৰম্ভ কৰা হব।ছবিখনৰ মূল চৰিত্ৰত ৰূপম চেতিয়া আৰু নবাগতা মনীযা গোস্বামীয়ে গোস্বামীয়ে অভিনয় কৰিব।
৫. অহা ১জুনৰ পৰা নৱ-নিৰ্মিত চিমুলেটৰত পোন প্ৰথমবাৰৰ কামৰূপ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ প্ৰাংগণত চালকৰ প্ৰশিক্ষণ আৰম্ভ কৰিবলৈ লোৱাৰ সুখবৰ। এই প্ৰশিক্ষণ কাৰ্যসূচী সমূহ বিনামূলীয়াকৈ দিয়া ব্যৱস্থা কৰা হৈছে। ইয়াত অংশ লব বিচাৰিলে ৯৪৩৫০-২০৬৫৮ত যোগাযোগ কৰিবলৈ আয়োজক বিষয়া সকলে আহ্বান জনাইছে।
৬. চৰকাৰে প্ৰকাশ কৰা তথ্য অনুযায়ী দেশৰ অৰ্থনৈতিক বিকাশৰ হাৰ ৭.৩ শতাংশ বুলি প্ৰকাশ কৰিছে। এই ভাৰতীয় বিকাশৰ হাৰে চীনকো পিছ পেলাবলৈ সক্ষম হোৱা বুলি দাবী কৰিলেও দেশৰ অৰ্থনীতিবিদ সকলে বিষয়টোত বাস্তৱক লৈ সন্দিহান হোৱা বুলিও বাতৰি প্ৰকাশ পাইছে।
৭. মেগীত স্বাস্থ্য হানিকৰ উপাদান থকাৰ অভিযোগ উঠাৰ পাছত উত্তৰ প্ৰদেশৰ চৰকাৰে নেচলে কোম্পানীলৈ নিৰ্দেশ জাৰি কৰিছে। ইফালে মেগীৰ বিজ্ঞাপন কৰি মানুহলৈ ভুল বাৰ্তা প্ৰেৰণ কৰা অভিযোগত মাধুৰী দীক্ষিতলৈকো জাননী জাৰি কৰা হব পাৰে বুলি সম্ভাৱনা সংবাদ পত্ৰত প্ৰকাশ পাইছে।
৮. অসম তথা উত্তৰ-পূৱৰ বাবে গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালে বিভিন্ন প্ৰান্তৰ ৰাইজক সজাগ কৰিবলৈ আৰম্ভ কৰিবলৈ ওলাইছে ছুপাৰ স্পেচিয়েলিটি সেৱা। অহা ২১মেত গোৱালপাৰা জিলাত আলশ্বিফা পলিক্লিনিক এণ্ড ডায়গ্নষ্টিকছৰ সহযোগত এই সেৱা আগবঢ়োৱা হব। পৰবৰ্তী পৰ্যায়ত এনে সেৱাই নলবাৰী, তেজপুৰ, বাইহাটা চাৰিআলি, নগাওঁ আদিকো সামৰি লব।
৯. গুৱাহাটীৰ ছয়মাইলস্থিত কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ এখন আলোচাচক্ৰ অহা ২১ আৰু ২২ আগষ্টত আয়োজন কৰা হৈছে। উত্তৰ পূৱৰ সাংস্কৃতিক বৈচিত্ৰ্য আৰু সাংস্কৃতিক সংহতি বিষয়ত এই আলোচনা চক্ৰখনি আয়োজিত হৈছে।
১০. দেশৰ তিনি কুৰিৰো অধিক শিক্ষানুষ্ঠানৰ লগতে বিদেশী বিশ্ববিদ্যালয়ৰ অংশগ্ৰহণেৰে গুৱাহাটীৰ হোটেল ব্ৰহ্মপুত্ৰ অশোকত অনুষ্ঠিত হৈছে ত্ৰয়োদশ সংখ্যক ‘এডু-অপচনচ’। বিভিন্ন কেৰিয়াৰ তথা পাঠ্যক্ৰম সন্দৰ্ভত সা-সুবিধাৰ বিষয়ে এই শৈক্ষিক প্ৰদৰ্শনীৰে প্ৰচাৰ কৰা হৈছে।
No comments:
Post a Comment