পৰ্যবেক্ষণ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

চৰকাৰী সাফল্যৰ সমীক্ষা, সূচকাংক বনাম বাস্তৱ
অজয় লাল দত্ত
বিগত সপ্তাহটোত কেন্দ্ৰত মোদী চৰকাৰে এবছৰ আৰু অসমত গগৈ চৰকাৰে চৈধ্য বছৰ কাৰ্যকাল পূৰ্ণ কৰাৰ উপলক্ষত বিভিন্ন কাৰ্যসূচী ৰূপায়িত হৈছে। নিজৰ নিজৰ চৰকাৰৰ খতিয়ান, সাফল্য আদিৰ কথা ৰাইজক জনাবলৈ জনসংযোগ বিভাগৰ জৰিয়তে বিভিন্ন বিভাগৰ বিজ্ঞাপন সমূহ প্ৰচাৰ কৰা হৈছে। আমোলা-বিষয়াই যুগুতাই দিয়া পৰিসংখ্যাৰ ওপৰত ভিত্তি কৰিয়েই এই প্ৰচাৰ কৰা হয়। তাৰোপৰি বিভিন্ন সংবাদ মাধ্যম, টিভি চেনেলে চৰকাৰ সমূহৰ সফলতা-বিফলতা সমূহক লৈ আলোচনা, বিতৰ্ক, সমীক্ষা আদিৰ আয়োজন কৰিছে। দেশৰ ৰাজনৈতিক বিশ্লেষক সকলেও নিজা নিজা অভিমত প্ৰকাশেৰে বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰিছে। টি.আৰ.পিৰ যুঁজখনলৈ লক্ষ্য ৰাখি বৈদ্যুতিন মাধ্যম তথা ৱেব চাইট সমূহেও সমীক্ষক সংস্থা সমূহৰ সৈতে সংঘবদ্ধভাৱে বিস্তৃত সমীক্ষাৰো আয়োজন কৰা পৰিলক্ষিত হৈছে। এই সকলো কেইটাই আপাতত বিশ্বৰ সৰ্ব-বৃহৎ গণতন্ত্ৰখনৰ বাবে শুভ পদক্ষেপেই।

কিন্তু শেহতীয়াকৈ বিভিন্ন সংস্থাই প্ৰকাশ কৰা এনে বিস্তৃত সমীক্ষাৰ ফলাফলে ৰাইজৰ মনত বিভিন্ন প্ৰশ্নৰহে উদয় ঘটাইছে। ইয়াৰ কাৰণ হ’ল একে বিষয়ৰ ওপৰত চলোৱা জনমত সংগ্ৰহৰ ফলাফলৰ
বিপৰীত্য! টিভি চেনেলে নেতাসকলক সোধা প্ৰশ্নৰ উত্তৰত শাসকীয় দলৰ নেতাই দৃষ্টিকটুভাৱে দহৰ ভিতৰত বিশ দিয়াৰ বিপৰীতে বিৰোধীয়ে শূ্ণ্য নম্বৰ দি মতামত গ্ৰহণৰ প্ৰক্ৰিয়াটোলৈকে যেন ভ্ৰুকুটি দেখুৱাইছে। ফলত ৰাইজেও এতিয়া কাৰ সমীক্ষা, ফলাফল অথবা মতামতক বিশ্বাস কৰিব তাক লৈ দোধোৰ-মোধোৰত পৰাটো পৰিলক্ষিত হৈছে।

আই.বি.এনৰ সমীক্ষাত কেন্দ্ৰত শাসন চলোৱা মোদী ডাঙৰীয়াক ইতিহাসৰ সবাতোকৈ সফল প্ৰধানমন্ত্ৰী ৰূপে উজ্বলাই তোলা হৈছে। দেশৰ প্ৰায় বাসত্তৰ শতাংশ জনতাই তেখেতৰ এই এবছৰীয়া কালচোৱাৰ শাসনকালক লৈ সন্তোষ প্ৰকাশ কৰা বুলি প্ৰচাৰ কৰাৰ লগতে চেনেলটোৱে এই চৰকাৰে ‘অভিনৱ’ শাসনেৰে দেশলৈ যুগান্তৰকাৰী পৰিবৰ্তন আনিবলৈ ধৰা বুলি বতৰা দিবলৈ ধৰা পৰিলক্ষিত হৈছে।
ৰিলায়েঞ্চ কোম্পানীৰ পোনপটীয়া মালিকানাধীন আই.বি.এনৰ হৈ সমীক্ষা চলোৱা সংস্থা এক্সিছ মাই ইণ্ডিয়াই দেশৰ ২৩খন ৰাজ্যৰ ১৫৩খন জিলাৰ প্ৰায় বিশ হাজাৰ লোকৰ জনমত সংগ্ৰহ কৰা বুলি দাবী কৰিছে। তাৰ বিপৰীতে টাইমচ অৱ ইণ্ডিয়া-ইপচ’চ সংস্থাৰ সমীক্ষাত কেৱল বিশ শতাংশইহে “অতি ভালকৈ” চৰকাৰ চলাইছে বুলি সন্তোষিত হোৱাৰ বিপৰীতে পঞ্চাশ শতাংশতকৈ অধিক লোকে “ঠিকেই আৰু” ধৰণৰ মত প্ৰকাশ কৰিছে। এই সমীক্ষা সমূহে মোদীদেৱৰ ব্যক্তিগত ভাৱমূৰ্তিৰ জনপ্ৰিয়তা হ্ৰাস হোৱাৰ ইংগিত দি মন্ত্ৰী কিছুমানৰ অশোভনীয় তথা বিতৰ্কিত মন্তব্য-কাৰ্যকলাপ ৰোধ কৰিবলৈ সক্ষম নোহোৱাৰ বাবেই তেখেতৰ শক্তিশালী ভাৱমূৰ্তিত আঘাত হোৱা বুলি প্ৰতিফলিত কৰিছে।
 
নতুনকৈ নিয়োগ সৃষ্টিৰ ক্ষেত্ৰত টাইমচ অৱ ইণ্ডিয়াৰ সমীক্ষাৰ ফলাফলত ৫৭ শতাংশই চৰকাৰখনে আশা কৰা মতে কাম কৰিবলৈ সক্ষম হোৱা নাই বুলি মত প্ৰকাশ কৰা বিপৰীতে, আই.বি.এনৰ সমীক্ষাৰ ফলাফলত ৬২শতাংশই নিয়োগৰ সম্ভাৱনা বৃদ্ধি হোৱা বুলিহে মত প্ৰকাশ কৰিছে। স্বচ্ছ ভাৰত অভিযানক অতি ভাল উদ্যোগ বুলি সকলো সমীক্ষাতে প্ৰকাশ পোৱাৰ বিপৰীতে মেক-ইন-ইণ্ডিয়াক লৈ জনসাধাৰণৰ মাজত শংকা আৰু বিভ্ৰান্তিয়ে বিৰাজ কৰা বুলি প্ৰকাশ পাইছে। ডিজিটেল ইণ্ডিয়া আৰু জন-ধন যোজনাক লৈও বেছিভাগ লোকেই উ
সাহী বুলি প্ৰকাশ পোৱাৰ বিপৰীতে আই.বি.এনৰ সমীক্ষাত কেৱল ২৮শতাংশ লোকেহে ভূমি অধিগ্ৰহণ বিলৰ সংশোধনী প্ৰস্তাৱৰ সপক্ষে মত প্ৰকাশ কৰা পৰিলক্ষিত হৈছে। কেৱল ২০শতাংশইহে মোদী ডাঙৰীয়াৰ চ’চিয়েল মেডিয়াৰে ৰাইজৰ কাষ চপাত সফল হোৱা আৰু ১৭ শতাংশই ৰেলী সমূহে ৰাইজৰ মনত কিবা প্ৰভাৱ পেলোৱা বুলি বিশ্বাস কৰে বুলি প্ৰকাশ কৰিছে এক্সিছ মাই ইণ্ডিয়াই।

আনফালে ইণ্ডিয়া টুডে গ্ৰুপ আৰু চিচেৰ’ সংস্থাৰ সমীক্ষাই অনলাইন মেডিয়াত মোদী ডাঙৰীয়াৰ ভক্তসকলে সৃষ্টি কৰা ভাৰ্চুৱেল টেণ্ডিং, হেচ-টেগৰ অনাহূত হুলস্থুলৰ বাবেই ৭২শতাংশই তেওঁক অনুসৰণ কৰিবলৈ এৰি দিয়াৰো কথা প্ৰকাশ পাইছে। আনকি ৫৬শতাংশ সমীক্ষাই সাঙুৰা নাগৰিকে “মন কী বাত” ৰেডিঅ’ অনুষ্ঠানেও তেওঁলোকক স্পৰ্শ কৰা নাই বুলি প্ৰকাশ কৰিছে। এই সমীক্ষাত ৫৬শতাংশই ভাল শাসন চলাইছে বুলি প্ৰকাশ কৰাৰ লগতে আগষ্ট ২০১৪ত মোদী ডাঙৰীয়াই প্ৰধানমন্ত্ৰী হোৱা উচিত বুলি ৫৭শতাংশই অনুভৱ কৰাৰ বিপৰীতে এতিয়া ৩৩শতাংশইহে এই তাড়ণা অনুভৱ কৰা বুলি জনাইছে। মাৰ্চ মাহত কৰা এটা সমীক্ষাত ১৬শতাংশই দৰিদ্ৰৰ কল্যাণৰ পক্ষে মোদী চৰকাৰে পদক্ষেপ লোৱা ভবাৰ বিপৰীতে এই পৰিমান বৰ্তমানে ২৩শতাংশলৈ উন্নীত হোৱাত মোদী চৰকাৰৰ দৰিদ্ৰৰ হকে ভাবমূৰ্তি নিৰ্মাণৰ প্ৰচেষ্টা কিছু সফল হোৱালৈ আঙুলিয়াই দেখুৱাইছে।

টাইমচ অৱ ইণ্ডিয়াৰ সমীক্ষাত প্ৰকাশ পোৱা মতে ৭৮ শতাংশ অংশগ্ৰহণকাৰীয়ে বিতৰ্কিত ভূমি অধিগ্ৰহণ বিলখনৰ প্ৰস্তাৱৰ পৰা চৰকাৰখনক আঁতৰি আহিবলৈ আহ্বান জনাইছে। আনফালে এবিপি নিউজ-নেইলচনৰ শেহতীয়া সমীক্ষাই ২০১৪চনৰ ৩৯শতাংশ বিপৰীতে বৰ্তমান এই এনডিএৰ ভোটৰ অংশীদাৰিত্ব দেশত ৪১শতাংশলৈ বৃদ্ধি পাইছে বুলি দাবী কৰিছে, কিন্তু আজি নিৰ্বাচন হ'লে পূৰ্বৰ ৩৩৬খন আসনৰ বিপৰীতে ৩১৭খন আসনহে লাভ কৰিব বুলিও সম্ভাৱনা প্ৰকাশ কৰিছে।


ভাৰতীয় উদ্যোগ জগতে এই চৰকাৰখনৰ কাৰ্যকালক লৈ কিমান উ
সাহী তাক উজলাই তুলি লাইভ-মিণ্ট নামৰ অৰ্থনীতি বিষয়ক কাকতখনে মোদী ডাঙৰীয়াৰ পূৰ্বৰ ৮২শতাংশৰ বিপৰীতে বৰ্তমান ৭৪শতাংশলৈ গ্ৰহণযোগ্যতা কমি যোৱা বুলি প্ৰকাশ কৰিছে। আনহাতে, একক ব্যক্তিত্বৰ অধীনত চৰকাৰ চলোৱাৰ অভিযোগ উঠাৰ বাবেও মোদী ডাঙৰীয়াৰ জনপ্ৰিয়তা হ্ৰাস পোৱা তথা ৬৩শতাংশ অংশগ্ৰহণকাৰীয়ে তেখেতক দৰিদ্ৰ আৰু কৃষক বিৰোধী আখ্যা দিয়া বুলি প্ৰকাশ কৰিছে দেশজুৰি সমীক্ষা চলোৱা ইণ্ডিয়া টিভি-চি.ভোটাৰে। এই ব্যক্তিত্বৰ যুঁজৰ নেতিবাচক পৰিবেশৰ মাজতো নিৰৱে কাম কৰা সুষমা স্বৰাজক এই সমীক্ষাই শ্ৰেষ্ঠ মন্ত্ৰী ৰূপে অভিহিত কৰিছে। তেওঁৰ পাছতে গৃহ মন্ত্ৰী ৰাজনাথ সিঙ আৰু বিত্ত মন্ত্ৰীৰ অৰুণ জেটলীৰ কাম-কাজক লৈ ৰাইজে সন্তোষ প্ৰকাশ কৰাৰ কথাও প্ৰকাশ পাইছে। আনহাতে ক্ৰমে ৫৬শতাংশ আৰু ৬০শতাংশ অংশগ্ৰহণকাৰীয়ে মানৱ সম্পদ বিভাগৰ মন্ত্ৰী স্মৃতি ইৰাণী আৰু পথ-পৰিবহন মন্ত্ৰী নীতিন গাদকাৰীৰ কামত সন্তুষ্ট নহয় বুলি মত প্ৰকাশ কৰিছে।

উদ্যোগীৰ সংস্থা এছোক’মে চৰকাৰখনক দহৰ ভিতৰত সাত নম্বৰ দি কৰ বিষয়ক সৰলীকৰণ আৰু ব্যৱসায় কৰাৰ বাবে সহজ পৰিবেশৰ সৃষ্টি কৰাৰ বাবে আহ্বান জনাইছে। উদ্যোগপতি সকলৰ মাজত ফৰ্বছ ইণ্ডিয়া আৰু বি.এম.আৰ এডভাইচৰচ সংস্থাই চলোৱা সমীক্ষাত ৮৭শতাংশ উদ্যোগপতিয়ে চৰকাৰখন ব্যয়সায়ী সকলৰ হকে আৰু অৰ্থনৈতিক বিকাশক গতি দিয়াৰ পক্ষে বুলি অনুভৱ কৰিছে। ৭৮শতাংশই চৰকাৰে লোৱা পদক্ষেপ সমূহে বিনিয়োগ আৰু ব্যৱসায় গঢ়াৰ বাবে ইতিবাচক বৰঙণি যোগাব বুলি মত প্ৰকাশ কৰিছে। বিত্ত বিভাগৰ কামকাজত ৬৫শতাংশই আৰু শক্তি মন্ত্ৰালয়ৰ পদক্ষেপক লৈ ৬৮শতাংশই সন্তুষ্টি প্ৰকাশ কৰিছে। কয়লা আৰু স্পেকট্ৰামৰ মুকলি ই-অকচনক ৮৫শতাংশই শলাগ লৈছে। বৰ্তমান ভাৰত ব্যৱসায়ৰ বাবে অনুকূল দেশ হিচাবে বিশ্বৰ ১৮৯খন দেশৰ ভিতৰত ১৪২তম স্থানত থকাৰ কথালৈ আঙুলিয়াই দি ভৱিষ্যতে অধিক সৰলীকৃত কৰ প্ৰক্ৰিয়াৰ বাবে দেশক এই স্থানৰ উন্নীতকৰণৰ বাবেও চৰকাৰখনলৈ আহ্বান জনাইছে। মেক ইন ইণ্ডিয়াক লৈ ৭১ শতাংশ উ
সাহী যদিও এই অভিযানক অনুঘটকৰ ৰূপত সৱল ভাৱে আগুৱাই নিয়াৰ বাবে জনপ্ৰিয়কৰণৰ পদক্ষেপবোৰক লৈ এতিয়াও এইসকল লোক সন্দিহান হৈ থকা বুলিও প্ৰকাশ পাইছে। দেশৰ ক্ষু্দ্ৰ আৰু মজলীয়া উদ্যোগৰ অগ্ৰগতিৰ বাবে ঋণ তথা মূলধনৰ দিশটো অতি স্পৰ্শকাতৰ বুলি ২৫শতাংশই অনুভৱ কৰাৰ লগতে ২৩শতাংশই দেশৰ যোগান-শৃংখলৰ ব্যৱস্থাপনা তথা কাৰ্যকুশলতা বৃদ্ধিৰ বাবে সৱল পদক্ষেপ লবলৈ পৰামৰ্শ আগবঢ়াইছে। আধাতে বন্ধ হৈ থকা শক্তি আৰু আন্তঃগাঁথনিমূলক প্ৰকল্প সমূহক গতিশীলতাৰে সম্পূৰ্ণ কৰাৰ লগতে ভূমি অধিগ্ৰহণ, পৰিৱেশ বিষয়ক অনুমতি লাভ আদিৰ বাবে সৰলীকৃত প্ৰক্ৰিয়াৰ বাবেও চৰকাৰখনক দাবী জনাইছে।

আনহাতেদি মোদী ডাঙৰীয়াৰ ব্যক্তিগত ৱেবচাইট নৰেন্দ্ৰমোদী.ইনতো চৰকাৰৰ বৰ্ষপুতিত বিভিন্ন তথ্য সূচকাংক, পৰিসংখ্যা প্ৰকাশ কৰি ৰিপৰ্ট কাৰ্ড ৰাজহুৱা কৰিছে। “বৰ্ষ এক, আৰম্ভণি অনেক” শ্লোগানেৰে মূল বাৰ্তা প্ৰেৰণ কৰিবলৈ বিচৰা হৈছে। বিশেষকৈ বিদ্যুত উ
পাদন বৃদ্ধিৰ হাৰ পূৰ্বৰ চৰকাৰৰ দিনৰ ৬শতাংশৰ বিপৰীতে ৮.৪শতাংশলৈ উন্নতি, ২০১৩-১৪বৰ্ষৰ ৩৬২১ কিল’মিটাৰ পথ আৰু ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বিপৰীতে এই বৰ্ষত ৭৯৮০কিল’মিটাৰৰ নিৰ্মাণ, দেশজুৰি পূৰ্বৰ ৪৯লাখৰ বিপৰীতে এইবাৰ ৫৮লাখ টয়লেট নিৰ্মাণ কৰাৰ কথা উল্লেখ কৰিছে। তাৰোপৰি আনসমূহ বিকাশমূলক সূচকাংক যেনে উদ্যোগিক উপাদন, বিজুলী পৰিবহন লাইনৰ সক্ষমতা বৃদ্ধি, কয়লা উপাদন, কোষাগাৰত বিদেশী ধনৰ বৃদ্ধিৰ পৰিমানেৰেও চৰকাৰখনে সফলতাৰ বাৰ্তা বিলাব খুজিছে। বিদেশ নীতিত সজীৱতা প্ৰদান, বিশ্ব বাণিজ্য সংস্থাত সৱল স্থিতি প্ৰদৰ্শন, চাৰ্ক দেশ সমূহ তথা বিশ্বৰ আন দেশ সমূহৰ সৈতে মৈত্ৰীমূলক সম্পৰ্কৰ উন্নীতকৰণো এই সাফল্যৰ অন্যতম উপাদান বুলি উল্লেখ কৰিছে। চৰকাৰখনৰ ধ্বজবাহক আঁচনি সমূহেৰে চৰকাৰখনৰ কল্যাণকাৰী চৰিত্ৰক পুনৰবাৰ প্ৰতীয়মান কৰিবলৈ চেষ্টা চলোৱাৰ লগতে দেশৰ প্ৰায়বোৰ ৰাষ্ট্ৰীয় আৰু আঞ্চলিক ভাষাৰ বাতৰি কাকতত দেশবাসীলৈ লিখা চিঠিৰেও এই বছৰটোত আহৰণ কৰা সাফল্যৰ বতৰা দিবলৈ চেষ্টা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীদেৱে। পূৰ্বৰ ইউ.পি.এ চৰকাৰে নিজৰ কামকাজ তথা কল্যাণকাৰী পদক্ষেপবোৰৰ বিষয়ে ৰাইজক ভালকৈ জনাব নোৱাৰিলে বুলি কৰি থকা আফচোচৰ বিপৰীতে মোদী চৰকাৰৰ এনে মানুহৰ মাজলৈ বাৰ্তা কঢ়িওৱাৰ প্ৰচেষ্টা দেখিবলৈ পোৱা গৈছে।

এনেবোৰ প্ৰচেষ্টাৰ পাছতো কিন্তু দেশৰ সচেতন বুদ্ধিজীৱি মহলৰ পৰা অতি প্ৰশংসা বা সমীহ আদায় কৰি লবলৈ চৰকাৰখন সফল হোৱা নাই। মুদ্ৰাস্ফীতিৰ দৰ কমি অহা, পায়কাৰী বিক্ৰীৰ সূচকাংক কমি অহা দাবীৰে চৰকাৰখনে সফলতা দাবী কৰাৰ বিপৰীতে “টাইমচ নাও”ৰ বিতৰ্কত অংশ লৈ বিশিষ্ট বুদ্ধিজীৱি কুমাৰ কেটকাৰে চৰকাৰখনে সূচকাংকৰ কোলাৰ পৰা নামি খুচুৰা বিক্ৰীত হোৱা ব্যাপক মূল্যবৃদ্ধি অনুভৱ কৰি বাস্তৱত সাধাৰণ তথা দৰিদ্ৰ জনসাধাৰণৰ জীৱন-নিৰ্বাহ দিনে দিনে দুৰ্বিবহ হৈ অহাটো অনুভৱ কৰিবলৈ আহ্বান জনাইছে। সমীক্ষা, সূচকাংকই কিছু ইংগিত দিলেও সমগ্ৰ বাস্তৱক কেতিয়াও সঠিক ৰূপত প্ৰতিফলিত কৰিব নোৱাৰে বুলিও স্পষ্টকৈ আঙুলিয়াই দিছে।

মোদীদেৱৰ প্ৰশংসক ৰূপে পৰিচিত টভলিন সিঙৰ দৰে ৰাজনৈতিক বিশ্লেষকেও “ইণ্ডিয়ান এক্সপ্ৰেছ”ৰ পাতত মোদীৰ এবছৰীয়া কাৰ্যকালক লৈ সন্তোষ প্ৰকাশ কৰিব পৰা নাই। বিশেষকৈ দেশৰ মানৱ সম্পদৰ ক্ষেত্ৰখনক সংস্কাৰ সাধনৰ বাবে কোনো বৈকল্পিক নীতি তৈয়াৰ কৰিবলৈ বিফল হোৱা বুলি চৰকাৰখনক সমালোচনা কৰিছে। তেখেতে নিৰ্বাচনৰ পূৰ্বৰে পৰা মোদীৰ বিৰোধীসকলৰ অবিৰত সমালোচনাতকৈ, প্ৰশংসকসকলৰ সমালোচনালৈহে এতিয়া ৰাইজে চকু দিয়া উচিত বুলিও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। তেখেতে মোদী ডাঙৰীয়াই সংবাদিক সকলৰ পৰা নিজকে নিলগাই ৰখা, এক শ্ৰেণীৰ বিশেষ শক্তিশালী আমোলাৰ সৃষ্টি কৰি এক আবেষ্টনীৰ সৃষ্টি কৰা তথা নিজকে প্ৰশ্নৰ পৰা আঁতৰাই ৰাখি একপক্ষীয় শাসন ব্যৱস্থাৰ কচৰ
কৰা বুলিও অভিযোগ তুলিছে।

দেশত নতুনকৈ নিয়োগৰ সম্ভাৱনা সৃষ্টিৰ ক্ষেত্ৰত বিশেষ কোনো পৰিবৰ্তন নহা, সাধাৰণ মানুহৰ জীৱন নিৰ্বাহৰ মূল চালিকাশক্তি জীৱিকা তথা আৰ্জন বৃদ্ধি নোহোৱা, খুচুৰা বজাৰত সৰ্ব-ব্যাপি মূল্যবৃদ্ধি, প্ৰাকৃতিক কাৰণত কৃষকৰ ফচল নষ্ট, মধ্যভোগীৰ ফলত উচিত মূল্যৰ পৰা বঞ্চিত হোৱা আদি মৌলিক কথাবোৰৰ পৰিবৰ্তন নোহোৱাটো সঁচাই বাস্তৱত ৰাইজে অনুভৱ কৰিছে। প্ৰতি খোজতে দুৰ্নীতিৰ হাতোৰা, ক'লা ধনৰ ছায়া, ৰাজহুৱা ধনৰ ব্যাপক অপব্যৱহাৰ, বৰ্ধিত সাম্প্ৰদায়িক বিষবাস্পৰ ক্ষেত্ৰত আশা কৰা পৰিবৰ্তন চকুত পৰা নাই। তৃণমূলৰ পৰা শীৰ্ষ স্তৰলৈ বিষয়া সকলে তথ্যৰ কিমান মেনুপলেচন কৰি প্ৰেৰণ কৰে, সেয়া কোনে নাজানে। সেই বাবেই কেৱল আমোলাই নিজা চীষ্টেমত সৃষ্টি কৰি যোগান ধৰা সাফল্যৰ তথ্য, সূচকাংক, বাণিজ্যিক সংস্থাৰ সমীক্ষা তথা পৰিসংখ্যাৰ কোলাত উঠিয়েই চৰকাৰ এখনে সফল বুলি দাবী কৰাটো সঁচাকৈয়ে বাস্তৱিক নহয়। সামূহিক কল্যাণৰ বাবে সৰ্ব-স্তৰত প্ৰভাৱী ফলপ্ৰসূ কৰ্মসূচী ৰূপায়ণ কৰি দৰিদ্ৰতম নাগৰিকৰ জীৱন ধাৰণৰ মান উন্নীতকৰণত কিমান সফল হৈছে, মানুহৰ জীৱন ধাৰণৰ সংগ্ৰাম কিমান সহজ কৰিব পাৰিছে, সেই সমূহৰ অনুভৱ সাধাৰণ মানুহে কিদৰে অনুভৱ কৰে, সেইবোৰ কথাইহে আচলতে চৰকাৰ এখনৰ প্ৰকৃত সাফল্য নিৰূপণ কৰিব পাৰে। আৰু ৰাইজে আজিও আশাৰে সেই ভাল দিন অহালৈ অপেক্ষা কৰিছে।


তথ্য সূত্ৰঃ
১. ফৰ্বছ ইণ্ডিয়া.কম, ৱান ইয়েৰ অৱ নৰেন্দ্ৰ মোদী গৰ্ভমেণ্টঃ ইণ্ডিয়া ইংক ভাৰডিক্ত, ২৭মে’ ২০১৫ ।
২. এম.এচ.এন.কম, ৱান ইয়েৰ অৱ মোদীঃ চাৰ্ভেজ ৰিভিল পি.এম’ পপুলাৰিটি ইনটেক্ট বাট ডেণ্টেড, ২৫মে’ ২০১৫ ।
৩. ইণ্ডিয়ান এক্সপ্ৰেছ.কম, নৰেন্দ্ৰ মোদী গৰ্ভমেণ্টচ ৱান-ইয়েৰ ৰিপৰ্ট কাৰ্ড স্কৰচ ইটচেলফ হাই, ২৭মে’ ২০১৫।
৪. টাইমচ অৱ ইণ্ডিয়া, ১১মে’ ২০১৫ তথা অন্যান্য ৰাষ্ট্ৰীয় সংবাদ পত্ৰ তথা আলোচনীসমূহ।

------------------------------------------------------
লেখক অ’এনজিচিৰ মুম্বাইস্থিত সামুদ্ৰিক উপাদন নিয়ন্ত্ৰণ কক্ষত কাৰ্যবাহী অভিযন্তা ৰূপে কৰ্মৰত আৰু অনলাইন দৈনিক “অসমীয়াৰ সুখ-দুখ www.xukhdukh.com” ৰ প্ৰতিষ্ঠাপক সম্পাদক। ই-মেইলঃ tolalinc@gmail.com, মোবাইলঃ 09969221381

No comments:

Post a Comment