বিদেশৰ চিঠি - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

বিদেশৰ চিঠি

বিদেশৰ চিঠি

Share This
মৰুৰ দেশ কাটাৰত 
প্ৰবাসী অসমীয়াৰ ৰঙালী বিহু 

ডাঃ ভূপেন্দ্ৰ শইকীয়া
যোৱা চ'তৰ শেষত মৰুৰ দেশ কাটাৰৰ আকাশ মেঘাচ্ছন্ন হ'ল ৷ আচম্বিতে আহিল বতাহ-বৰষুণ আৰু বৰদৈচিলা ৷ বৰদৈচিলাই সীমাৰ পৰিধি নিচিনে ৷ বৰদৈচিলাই দেশ-দেশান্তৰৰ ভেদাভেদ নামানে ৷ সেয়ে বৰদৈচিলাই সোঁৱৰাই দিলে বহাগ আৰু বিহু সমাগত ৷ আৰু এইদৰে চাওতে চাওতেই হেঁপাহৰ ৰঙালী বিহুটি বছৰৰ মূৰত আকৌ আহিল ৷

বিহু হ'ল অসমীয়াৰ প্ৰাণৰো প্ৰাণ ৷ জাতীয় জীৱনৰ আত্মা ৷ জাতি-ধৰ্ম নিৰ্বিশেষে বিহু প্ৰতিজন অসমীয়াৰ তেজৰ শিৰা-উপশিৰাত প্ৰবাহমান ৷ বিশ্বৰ য'তেই নাথাকক কিয় বিহু বুলিলেই প্ৰতিজন অসমীয়াৰ অন্তৰত হেন্দোলনি উঠে।
কাটাৰৰ অসম সমাজ ভাৰতীয় দূতাবাসৰ অধীনস্থ সাংস্কৃতিক কেন্দ্ৰৰ এক মান্যতাপ্ৰাপ্ত গোট ৷ এই স্বীকৃতি লাভ কৰাৰ পিছত দ্বিতীয়বাৰৰ বাবে ৰঙালী উৎসৱ পালন কৰিবলৈ ৪এপ্ৰিলত প্ৰবাসী অসমীয়াসকল একত্ৰিত হ'ল ডোহাৰ গ্ৰেণ্ড কাটাৰ পেলেচ হোটেলত ৷ প্ৰবাসত এইদৰে একত্ৰিত হোৱাটো যথেষ্ট কঠিন কাম ৷ কামৰ চাপ, ছুটিৰ সমস্যা, ব্যক্তিগত নানা জঞ্জাল, আখৰাৰ বাবে সময়ৰ নাটনি, স্থানৰ নিমিলা অংক --এইসকলো হেঙাৰ অতিক্ৰম কৰি অৱশেষত ৰঙালী বিহুটি বেচ উলহ-মালহেৰে ২০০জন প্ৰবাসী অসমীয়াৰ আৰু আন অতিথিৰ উপস্থিতিৰে পালন হোৱাটো সঁচাই এক পৰম আনন্দৰ বতৰা ৷


আমাৰ মাজত বিশিষ্ট অতিথি আছিল ভাৰতীয় সাংস্কৃতিক কেন্দ্ৰৰ সভাপতি মাননীয় শ্ৰীযুত তৰুণ কুমাৰ বসু লগত তেওঁৰ সহধৰ্মিনী, আৰু উপ-সভাপতি শ্ৰীযুত গিৰীশ কুমাৰ ৷ অতিথিসকলক পাটৰ ফুলাম গামোছা, বিশেষভাবে নিৰ্মিত কাটাৰ অসম সমাজৰ স্মাৰক পিয়লা, আতৰ আৰু আন আন উপহাৰৰে আদৰণি জনোৱা হয় ৷ আমাৰ মহিলাসকলে ইয়াতে তৈয়াৰ কৰা পিঠা-পনা জলপানৰে অতিথিসকলক আপ্যায়িত কৰা হয় ৷ প্ৰবাসতো অসমীয়া কৃষ্টিক জীয়াই ৰখাৰ বাবে কাটাৰ নিবাসী মহিলাসকলৰ এই প্ৰয়াসে সকলো অতিথিৰে পৰা যোগ্য সমাদৰ লভিলে ৷ সন্ধিয়াৰ ৬বজাৰ লগে লগে পোনতে অ' মোৰ আপোনাৰ দেশ আৰু তাৰ পিছত 'বিশ্বৰ ছন্দে ছন্দে' ৰাভা সংগীত পৰিবেশনেৰে কাটাৰ অসম সমাজৰ ৰঙালী বিহুৰ অনুষ্ঠানৰ শুভাৰম্ভ কৰা হ'ল ৷ 

যোৱা বছৰৰ দৰে এই বছৰো আমন্ত্ৰিত সকলো অতিথিকেই আতৰৰ ব্যৱসায়ত জড়িত অসমীয়াসকলৰ দ্বাৰা একোটিকৈ আতৰৰ বটল আৰু একোখনকৈ কাটাৰ অসম সমাজৰ স্মৰণিকা 'নেদেখা সোণালী সূতাৰে বন্ধা' উপহাৰ দিয়া হয় ৷ কাটাৰৰ অসম সমাজৰ সভাপতি ডা০ ভূপেন শইকীয়াই অভ্যাগতসকলক আদৰণি জনোৱাৰ আগতে অনা-অসমীয়া অতিথিসকলক তিনিওবিধ বিহুৰ বিষয়ে এটি চমু আভাস ইংৰাজীত দিয়ে ৷ সেই নিশা চাৰে এঘাৰ বজালৈ চলা বিচিত্ৰানুষ্ঠানত কণকণ মইনাহতে পৰিবেশন কৰিছিল ভাৰত নাট্যম, আধুনিক নৃত্য, মণিপুৰি নৃত্য, বিহু নৃত্য, অসমীয়া বোলছবিৰ গীত আদি ৷ 

জ্যেষ্ঠ সকলৰ ভিতৰত আছিলপূজা গোস্বামীৰ হিন্দী গীত, গোৱালপৰীয়া লোক গীত আৰু বিহুগীত, গীতাশ্ৰী কলিতাৰ বৰগীত,পল্লবী দাসৰ জ্যোতি সংগীত, আব্দুল্লা চৌধুৰীৰ শ্বেৰ শায়ৰী, ৰুমঝুম শইকীয়াৰ বিহু সুৰীয়া গীত, নাৰায়ণ শৰ্মা পাঠকৰ আবৃত্তি, ডা০ মধুস্মিতা লহকৰ,ৰাজু উপ্ৰেতি আৰু নৱজ্যোতি 'নিকু'ৰ আধুনিক গীতৰ শৰাই আছিল অতি আকৰ্ষণীয় অনুষ্ঠান ৷ 

অসমৰ পৰা বিশেষকৈ চিলাই নিয়া বিহুৰ সাজেৰে পৰিপূৰ্ণ এজাক ডেকা গাভৰুৰ বিহু হুচৰি আছিল দৰ্শকৰ মন মতলীয়া কৰা এক অনুষ্ঠান ৷ ৷ বিহুৰ উলহ মালহৰ মাজত এটা সময়ত পাৰভঙা আনন্দৰে দৰ্শকে মুকলি বিহুত ভাগলৈ আনন্দৰে নাচিব ধৰে ৷ এংকৰ জাফৰিন হাচানে অতি সুন্দৰভাবে অনুষ্ঠানটি পৰিচালনা কৰাৰ বাবে সকলোৰে শলাগৰ পাত্ৰী হ'ল ৷ মাজে-মাজে অসম সম্বন্ধীয় কুইজৰ বাবে আকস্মিক বঁটাৰ ব্যৱস্থা কৰা হৈছিল ৷ শ্ৰেষ্ঠ পৰিপাটি সাজপোছাকৰ বাবে পুৰস্কৃত হয় প্ৰিন্স গোস্বামী আৰু কাটাৰত নৱাগতা ডা০মধুস্মিতা লহকৰে ৷

ৰঙালী বিহু বিষয়ৰ ওপৰত আয়োজিত চিত্ৰাকংন প্ৰতিযোগিতাত ভাগ লোৱা শিশুসকলক বঁটা আৰু প্ৰমাণপত্ৰ প্ৰদান কৰা হয় ৷ অসমৰ পৰা অহা আই মাতৃ শ্ৰীযুতা পুস্প কলিতা আৰু শ্ৰীযুতা ইলা শইকীয়াক আজিৰ অনুষ্ঠানত একোখনকৈ চাদৰ আৰু ফুলাম গামোছাৰে সম্বৰ্দ্ধনা জনোৱা হয় আৰু তেখেতসকলৰ কাটাৰৰ অভিজ্ঞতাৰ আভাস লোৱা হয় ৷ 

এইখিনিতে উল্লেখ কৰিব লাগিব যে ভাৰতীয় সাংস্কৃতিক কেন্দ্ৰৰ দুই মুৰব্বীয়ে বিগত বছৰটোৰ অসম সমাজৰ কাম-কাজৰ ভূয়সী প্ৰশংসা কৰে আৰু গোটৰ উত্তৰোত্তৰ সৰ্বাংগীন উন্নতি হব বুলি আশা ব্যক্ত কৰে ৷ এই সুন্দৰ অনুষ্ঠানৰ সামৰণিত শলাগৰ শৰাই আগবঢ়ায় অসম সমাজৰহৈ উপ-সভাপতি ডা০প্ৰেমানন্দ গোস্বামীয়ে ৷ সুস্বাদু ভোজন গ্ৰহণ কৰি এক পৰিতৃপ্ত মনলৈ ৰাইজ যেতিয়া ঘৰমুৱা হয় তেতিয়া কেলেণ্ডাৰৰ তাৰিখ সলনিহৈ ৫এপ্ৰিল শনিবাৰ হৈছে ৷ ইয়াৰ পিছত নিশাতেই আৰম্ভ হয় ফেচবুকত ফটো আপলোড কৰা - যি পৰ্ব আজিলৈকে চলিয়েই আছে

No comments:

Post a Comment