পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. বিশিষ্ট চলচ্চিত্ৰ সমালোচক, চিত্ৰ নিৰ্মাতা উৎপল বৰপূজাৰীৰ তথ্যচিত্ৰ "ছংছ অৱ দ্য ব্লু হিলছ" একেলগে পাঁচখনকৈ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ নিমন্ত্ৰিত হৈছে। ৯৬ মিনিট দৈৰ্ঘ্যৰ তথ্যচিত্ৰখনি চুইজাৰলেণ্ডৰ ভু-ৰীল চলচ্চিত্ৰ মহোৎসৱ, চুইডেনৰ গুটেনবাৰ্গ ইণ্ডিপেণ্ডেণ্ট চলচ্চিত্ৰ মহোৎসৱ, নিউয়ৰ্ক ইণ্ডিয়ান চলচ্চিত্ৰ মহোৎসৱ, পোলেণ্ডৰ আইচ এণ্ড লেন্সেছ এথন'গ্ৰাফিক চলচ্চিত্ৰ মহোৎসৱ আৰু ৱাশ্চিংটনৰ ৱৰ্ল্ড মিউজিক এণ্ড ইণ্ডিপেণ্ডেণ্ট চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শনৰ বাবে আমন্ত্ৰণ লাভ কৰিছে। নগা লোক-সংগীতৰ সময়ৰ সতে হোৱা পৰিবৰ্তনৰ ধাৰাক তুলি ধৰিছে এই তথ্যচিত্ৰখনিয়ে।

২. আমেৰিকাৰ ফ্ল'ৰিডাত ইণ্টাৰনেশ্বনেল ইণ্ডিয়ান ফিল্ম একাডেমী বঁটাৰে সন্মানিত হ'ল বলিউডত সুনাম অৰ্জন কৰা অসমীয়া শব্দ অভিযন্তা দেৱজিৎ চংমাই। ৰাকেশ ওম প্ৰকাশ মেহৰা পৰিচালিত আৰু ফাৰহান আখতাৰ অভিনীত বহু-চৰ্চিত হিন্দী কথাছবি "ভাগ মিলখা ভাগ" ছবিৰ ছাউণ্ড মিক্সিঙৰ বাবে এই শাখাৰ শ্ৰেষ্ঠতাৰ বঁটা চাংমাইলৈ আগবঢ়োৱা হৈছে।

৩. অহা ২৬ আৰু ২৭ এপ্ৰিলত আৰম্ভ হব গুৱাহাটীৰ ফাঁচী বজাৰস্থিত গুৰুদ্বাৰৰ শতবৰ্ষ অনুষ্ঠানৰ শুভাৰম্ভ অনুষ্ঠান। এই উপলক্ষে মহানগৰীৰ গোপীনাথ নগৰত নৱ-নিৰ্মিত গুৰুদ্বাৰ প্ৰাংগণত আয়োজিত হৈছে পাগুৰি মৰা আৰু গুৰুবাণী পাঠ প্ৰতিযোগিতাৰ। এই অনুষ্ঠানত কথা-সাধক গুৰ ইকবাল সিং আৰু কাই চাহেব সিঙে কীৰ্তন পাঠ আৰু ধৰ্মীয় বক্তৃতা প্ৰদান কৰিব। এই অনুষ্ঠানতে এল পি সিঙৰ সম্পাদনাত "এশ চাল গুৰু দে নাল" শীৰ্ষক এখনি স্মৃতিগ্ৰন্থও প্ৰকাশ পাব।

৪. বিশ্ব গ্ৰন্থ দিৱসৰ লগত সংগতি ৰাখি যোৱা ২৩এপ্ৰিলত পশুপালন আৰু পশু-চিকিৎসা বিভাগপ অন্তৰ্গত জৈৱিক উৎপাদন প্ৰতিষ্ঠান খানাপাৰাত ডঃ অঞ্জনা চোধুৰী শইকীয়াৰ দ্বাৰা ৰচিত "বৈজ্ঞানিক ভিত্তিত শহা পালন" শীৰ্ষক গ্ৰন্থখনি উন্মোচিত হয়। গ্ৰন্থখনি উন্মোচন কৰিলে পশু চিকিৎসা মহাবিদ্যালয়ৰ বিজ্ঞান গুৰু ডঃ ৰবীন্দ্ৰ নাথ গোস্বামীয়ে।

৫. জালুকবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত এটা ভোটগ্ৰহণ কেন্দ্ৰত গাঁওৰক্ষী বাহিনীৰ বেজ পৰিধান কৰি ভোটদানত ৰিগিং কৰাৰ ঘটনাৰ ভিডিঅ' ৰেকৰ্ডিং ৰাজহুৱাকৈ প্ৰকাশ কৰিলে ডি ৱাই ৩৬৫ নামৰ ব্যক্তিগত টিভি চেনেলে।  গণতান্ত্ৰিক প্ৰক্ৰিয়াক কলুষিত কৰা এনে প্ৰচেষ্টাক প্ৰতিহত কৰাৰ বাবে তুলি ধৰিলে এক প্ৰশংসনীয় সংবাদসেৱাৰ উদাহৰণ।

৬. টু-জি স্পেকট্ৰাম কেলেংকাৰী গোচৰত অৱশেষত এ ৰাজা, কানিমোঝি সহ ১৯জনৰ বিৰুদ্ধে দিল্লীৰ এনফ'ৰ্চমেণ্ট ডাইৰেক্টৰেটৰ বিশেষ আদালতত দাখিল হ'ল চাৰ্জশ্বিট।

৭. বাণী দাসৰ পৰিচালনাত নিৰ্মাণ হব লগা নতুন ছবি "অহেতুক"ৰ শুভ মুহূৰত কালি সম্পন্ন হয়  গুৱাহাটীৰ জ্যোতি চিত্ৰবন ফিল্ম প্ৰতিষ্ঠানৰ  প্ৰেক্ষাগৃহত।  কেমেৰাত মাল্যাৰ্পণ কৰে অভিনেত্ৰী মৃদুলা বৰুৱাই। প্ৰযোজক ৰাজকুমাৰ জৈনে নাৰিকল ভঙাৰ পাছতে বিশিষ্ট পৰিচালক মুনীন বৰুৱাই কেমেৰাৰ ছুইচ অন কৰে। মুহুৰত শ্বটত অংশ ললে নবাগত নায়ক-নায়িকাৰ যুটী গুঞ্জন আৰু অমৃতাই।

৮. অসমৰ বাহিৰতো উলহমালহেৰে পালিত হ'ল ৰঙালী বিহু। দিল্লী, মুম্বাই, গুড়গাঁও, বেংগেলুৰু চেন্নাই আদি চহৰৰ লগতে বিদেশতো অসম এচোচিয়েশ্বন তথা অসমীয়া সকলৰ সন্মিলিত প্ৰচেষ্টাত ৰঙালী বিহুৰ অনুষ্ঠান উলহ-মালেহেৰে পালিত হোৱা খবৰ আহিছে। আমেৰিকা, কানাডা, লণ্ডন আদিৰ লগতে মৰুৰ দেশ কাটাৰতো বিহুৰ অনুষ্ঠানে প্ৰৱাসী অসমীয়া সকলৰ মন-প্ৰাণ সজীৱ কৰি তুলিবলৈ সক্ষম হোৱাৰ বাতৰি পোৱা গৈছে।

৯. মঙলদৈৰ ব্লাড বেংকত সংঘটিত চিন্তনীয় ঘটনাৰ পাছত এক গোচৰত উচ্চ ন্যায়ালয়ে ব্লাড বংক সমূহত থকা ক্ৰুটি আঁতৰাবলৈ এমাহৰ সময়সীমা বান্ধি দিলে ৰাজ্য চৰকাৰক। লগতে ৰাজ্যৰ পাঁচটাকৈ বে-চৰকাৰী ব্লাড-বেংকৰ অনুজ্ঞাপত্ৰ সাময়িক ভাৱে বাতিল কৰাৰ প্ৰকাশিত হ'ল খবৰ।

১০. অসমত লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণত অভিলেখ সংখ্যক ৮২.২০শতাংশ লোকে ভোটাধিকাৰ সাব্যস্ত কৰে। তাৰে ৮১.৭৬ শতাংশ পুৰুষ আৰু ৮২.৬০ শতাংশ মহিলা বুলি তথ্য প্ৰকাশিত হৈছে।

No comments:

Post a Comment