প্ৰৱন্ধ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

প্ৰৱন্ধ

প্ৰৱন্ধ

Share This
সাংবাদিকৰ ব্ল’গ, ক্ষুদ্র বাতৰি কাকত আৰু বাতৰিকাকতৰ সংস্কৰণ

ড° বুলজিৎ বুঢ়াগোহাঁই 
বছৰৰ বিভিন্ন সময়ত বিভিন্ন উপলক্ষে হৈ থকা সভা-সমিতিবোৰত বিভিন্নজনে বিভিন্ন বিষয়ত বক্তৃতা দিয়ে আৰু কোনো কোনো সমস্যাৰ বিশ্লেষণাত্মক সমাধান সূত্র আগবঢ়ায় । তাৰোপৰি, এই বক্তৃতাবোৰে সামাজিক দায়বদ্ধতা তথা বৌদ্ধিক বিকাশত অৰিহণা যোগায়। এই সভা-সমিতিবোৰত ইচ্ছা থাকিলেও বহুতে অংশ গ্রহণ কৰিব নোৱাৰে আৰু সেইসকলে সংবাদ মাধ্যমত প্রকাশিত বাতৰিৰ আশ্রয় লয়।

এতিয়া কথা হ’ল সভা-সমিতিবোৰত বক্তৃতা দিয়া সকলোৰে কথা সংবাদ মাধ্যমত প্রকাশ নাপায় বা বিভিন্ন কাৰণত প্রকাশ কৰা সম্ভৱ নহয়। কিন্তু এই সভা-সমিতিবোৰত বক্তৃতা দিয়া প্রত্যেকে কিবা নহয় কিবা গুৰুত্বপূর্ণ কথা কয় যিবোৰৰ দ্বাৰা ৰাইজ উপকৃত হ’ব পাৰে । বিভিন্ন সভা-সমিতি অনুষ্ঠিত কৰি থকা আয়োজকসকলে বক্তৃতাবোৰক সাৰাংশ হিচাবে লৈ প্রৱন্ধাকাৰে পিছত বাতৰি কাকত তথা আলোচনীলৈ প্রকাশৰ বাবে প্রেৰণ কৰিলে ভাল হয় । সভা-সমিতি আয়োজন কৰা অনুষ্ঠানবোৰৰ যদিহে ৱেবছাইট থাকে তেন্তে বক্তৃতাবোৰ ৱেবছাইটবোৰত প্রকাশ কৰিব লাগে (যদি সম্ভৱ হয় ভিডিঅ’ হিচাবেও)। যদি গ্রন্থ বা আলোচনী উন্মোচনী সভা হয় তেন্তে গ্রন্থ/আলোচনীখনৰ নতুন সংস্কৰণ/সংখ্যাত উন্মোচনী সভাত দিয়া বক্তৃতাবোৰ প্রকাশ কৰিলে ভাল হয়। লগতে সাংবাদিকসকলেও তথ্য-প্রযুক্তিৰ সুবিধা গ্রহণ কৰিব পাৰে ।

সাংবাদিকসকলে ব্যক্তিগত ব্ল’গ (blog) খুলি তেওঁলোকে অংশ গ্রহণ কৰা সকলো সভা-সমিতিৰ বিভিন্নজনৰ বক্তৃতাবোৰ বিতংভাবে লিখি ব্ল’গবোৰত প্রকাশ কৰিলে ভাল হয় যিহেতু বাতৰি কাকতত বিভিন্ন কাৰণত সকলোৰে বক্তৃতা প্রকাশ কৰা সম্ভৱ নহয়। আশা কৰিছোঁ এই কথাটি প্রতি সাংবাদিকসকলে মন দিব।

আমাৰ ৰাজ্যখনৰ বিভিন্ন অঞ্চলৰ পৰা বহু সংখ্যক ক্ষুদ্র বাতৰি বাতৰি কাকত প্রকাশ হয়। ক্ষুদ্র বাতৰি কাকতৰ প্রাসংগিকতা বহুত আছে । যি অঞ্চলৰ পৰা এই বাতৰি কাকতবোৰ প্রকাশ হয়, সেই অঞ্চলৰ গুৰুত্বপূর্ণ সমস্যা, দাবী আদি সাধাৰণতে প্রথম ক্ষুদ্র বাতৰি কাকতবোৰতে প্রকাশ পায় । সেই অঞ্চলৰ বিভিন্ন ক্ষেত্রলৈ অৰিহণা যোগোৱা ব্যক্তিসকলৰ সাক্ষাৎকাৰ আদিও এই কাকতবোৰত প্রথম প্রকাশ পায় । এই ক্ষুদ্র বাতৰি কাকতবোৰে মানসিক তথা বৌদ্ধিক বিকাশত বিশেষভাবে সহায় কৰে লগতে সামাজিক দ্বায়বদ্ধতাৰ কথাও মন আনে । তদুপৰি , ক্ষুদ্র বাতৰি কাকতবোৰ বহুতো সাংবাদিক তথা লেখকৰ বাবে প্রথম পঢ়াশালি নিচিনা, এই কাকতবোৰ যোগেদি বহুতো সাংবাদিকতা আৰু লেখা-মেলা কৰা লোকসকলে এখন ক্ষেত্র বিচাৰি পায় । যিমানে ক্ষুদ্র বাতৰি কাকত প্রকাশ পায় সিমানে সমাজৰ কাৰণে ভাল।

আমাৰ ৰাজ্যখনৰ পৰা প্রকাশিত বহু কেইখন দৈনিক বাতৰিকাকতৰ দুই বা ততোধিক সংস্কৰণ প্রকাশ পায়। ই অতি ভাল কথা যিহেতু অসমৰ সকলো ঠাই ৰাইজে ৰাতিপুৱাই বাতৰিকাকত পঢ়িবলে পায় । কিন্তু বাতৰিকাকতবোৰৰ এনে সংস্কৰণ হোৱাত সমস্যাও সৃষ্টি হৈছে । কিয়নো কিছুমান অতি গুৰুত্বপূর্ণ সমস্যা,দাবী আদি অসম ভিত্তিক সংস্কৰণত প্রকাশ নহয়, স্থানীয় সংস্কৰণত প্রকাশ হোৱা দেখা যায় । তাৰ ফলত যি উদ্দেশে বাতৰিতো প্রকাশৰ বাবে প্রেৰণ কৰা হৈছিল তাত সফল নহয় কিয়নো অসমৰ সকলো ৰাইজে সেই সমস্যা,দাবীবোৰৰ কথা গম নাপায় আৰু কিছু কিছু ক্ষেত্রত সংশ্লিষ্ট বিভাগৰ দৃষ্টিগোচৰ নহয়। এই সমস্যাৰ সমাধানৰ বাবে সাংবাদিকসকলে নিজৰ ব্ল’গ (blog)ত বাতৰিবোৰ প্রকাশ কৰিব পাৰে।

ৰাজ্যিক, ৰাষ্ট্রীয় তথা আন্তঃৰাষ্ট্রীয় পর্যায়ৰ বিভিন্ন বিষয়ত বৃত্তিৰ বাবে মনোনীত হোৱা লোকৰ বিষয়ে মাজে মাজে সংবাদ মাধ্যমৰ যোগেদি গম পোৱা যায়। এতিয়া কথা হ’ল এই বৃত্তিবোৰৰ বিষয়ে বহুলোক জ্ঞাত নহয়। সাংবাদিকতাসকলে বৃত্তিবোৰৰ সবিশেষ (কেতিয়া আৱেদন কৰিব লাগে, আৱেদন কৰিবলে কি কি অর্হতা লাগে আদি) তথা বৃত্তি লাভ কৰা সকলৰ সাক্ষাৎকাৰ বাতৰি কাকত জৰিয়তে ৰাইজৰ আগত দাঙি ধৰিলে ভাল হয় ।

অসমৰ সকলো জিলাতে তথা দেশ-বিদেশৰ বিভিন্ন অঞ্চলত থকা অসমৰ বহুতো লোকৰ অসমৰ সমাজ, সংস্কৃতি তথা সাহিত্যকে আদি কৰি বিভিন্ন ক্ষেত্রলৈ অৰিহণা আছে। কিন্তু সেই বহুত ব্যক্তিৰ বিষয়ে আমি নাজানোঁ বা কিছুমানৰ বিষয়ে মৃত্যু হোৱা পিছতহে জানিবলে পাওঁ । বিভিন্ন ক্ষেত্রত অৰিহণা যোগাৱা ব্যক্তিসকলক জীৱিত কালত উপযুক্ত সন্মান তথা মর্য্যদা দিলে ভাল হয় । এই ব্যক্তিসকল যিকোনো বয়সৰ হব পাৰে । সাংবাদিকতাসকলে তেওঁলোকৰ নিজ নিজ অঞ্চলত থকা সমাজৰ বিভিন্ন ক্ষেত্রলৈ অৰিহণা আগবঢ়োৱা যোগ্য ব্যক্তিবোৰৰ বিষয়ে বাতৰি কাকত জৰিয়তে ৰাইজৰ আগত দাঙি ধৰিলে ভাল হয়। ব্যক্তিসকলৰ সাক্ষাৎকাৰ (অডিঅ’/ ভিডিঅ ) গ্রহণ কৰি ৱেবচাইটবোৰত (যেনে- YouTube) আপলোড কৰিব পাৰে যাতে পৃথিৱীৰ সকলো অঞ্চলৰ ৰাইজে এই ব্যক্তিসকলৰ বিষয়ে জানিব পাৰে।

তাৰোপৰি, এই ব্যক্তিসকলৰ বিষয়ে সাংবাদিকতাসকলৰ ব্ল’গ(blog)’ৰ জৰিয়তেও জনাব পাৰে। সমাজ জীৱনৰ বিভিন্ন ক্ষেত্রলৈ অৰিহণা আগবঢ়াই থকা সকলে কৰি থকা কামবোৰৰ বিষয়ে যদি জীৱিত কালতে প্রশংসা কৰা হয় তেন্তে তেতিয়া তেওঁলোকে কৰি থকা কামবোৰ কৰিবলে আৰু দুগুণ উৎসাহ পাব ।

আমাৰ ৰাজ্যত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাবোৰৰ ফলাফল ঘোষণা কৰা লগে লগে কৃতিত্ব অর্জন কৰি উত্তীর্ণ হোৱা ছাত্র-ছাত্রীসকলৰ খবৰ সংবাদ মাধ্যমত ভৰি থাকে ,কিন্তু পৰৱর্তী সময়ত ছাত্র-ছাত্রীসকল ক’লৈ যায়, কি কৰে, তেওঁলোকে নিজ নিজ লক্ষ্যত উপনীত হৈছে নে, তেওঁলোকে পঢ়ি অহা বিদ্যালয়,মহাবিদ্যালয়খন বা নিজৰ নিজৰ অঞ্চল তথা জন্মভূমিৰ প্রতি কিবা অৰিহণা যোগাইছে নে নাই, এইবোৰ কথা সাধাৰণতে গম পোৱা নাযায় । এই বিষয়ে সংবাদ মাধ্যমৰ স্থানীয় সংবাদদাতাসকলে কৃতী ছাত্র-ছাত্রীসকলৰ বিষয়ে অঞ্চল ভিত্তিক বা জিলা ভিত্তিক প্রতিবেদন প্ৰস্তুত কৰিলে ভাল ।

No comments:

Post a Comment