লোকেল গুজৱ.কম - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

লোকেল গুজৱ.কম

লোকেল গুজৱ.কম

Share This
হাস্য ব্যংগৰে সত্যৰ সন্ধান
১. "জালুকবাৰীত ৰিগিং" নামৰ নাটকখনে এইবাৰ ভ্ৰাম্যমানৰ মঞ্চত খলকনি তুলিবই বুলি জানিব পৰা গৈছে। অবিজিত ভট্টই যোৱাবছৰ "জালুকবাৰীত প্ৰেমৰ ৰেগিং" নাটকৰ বিপুল সফলতা পোৱাৰ পাছত, নিৰ্বাচনী বতৰত এইখন নাটক তেখেতে কালি থিতাতে লিখি উলিয়াইছে বুলি জানিব পৰা গৈছে।

২. হিমুকন হিৰ' নে ভিলেইন? এইবাৰ বহাগী মেলা প্ৰাংগনত বিয়নি মেল সমূহত সৰ্বাধিক আলোচিত হোৱা প্ৰশ্ন বুলি বিবেচিত হোৱা বুলি জানিব পৰা গৈছে। লাকী চেভেন খেলখনত অসমত কমেও সাতটা চীটত সফলতা নাপালে গগৈ চাৰ জিৰ' আৰু হিমুকন হিৰ' হব বুলি স্থানীয় জ্যোতিষী সংঘই শংকা প্ৰকাশ কৰিছে।

৩. মানসপুত্ৰ বৰাৰ বিজয়ক লৈ আগতীয়া পাৰ্টি সোনাপুৰত আৰম্ভ হোৱাৰ গোপন খবৰ। দুই ম'হৰ যুঁজত বিৰিণাৰ কল্যাণ হোৱোৰ ঘটনা অসমত এয়ে প্ৰথম হব আৰু ইয়েই পৰিবৰ্তনৰ অনাৰ নামত ফঁকৰা যোজনাৰো পৰিবৰ্তন আনিব বুলি শংকা প্ৰকাশ কৰিছে সোনাপুৰ ৰঙীন সাহিত্য সভায়ো।

৪. এইবাৰ বৰষুণ অহা দেৰি হবই, গৰমত দহিব সমগ্ৰ দেশ, এই কথা প্ৰকাশ কৰিছে দেশৰ বতৰ বিজ্ঞানী মহলে। মোদীৰ হাৱাত দেশৰ সকলো কংগ্ৰেছী কলীয়া ডাৱৰ আঁতৰি যোৱাৰ ফলতে এনে হবই আৰু তাৰ বিষম ফল এই গেলা গৰমত ভূগিবলৈ ভোট দিয়া ৰাইজ সাজু থকা উচিত বুলিও বতৰ  বিজ্ঞানী সকলে সঁকিয়াই দিছে।

৫. মনে মনে সিঙৰ সতীয়া ভায়েকে মনে মনে নগৈ ঢাক ঢোল বজাই পদুম পাৰ্টিত যোগদান কৰাৰ পাছত এতিয়া দুখত ভাগি পৰিছে মনে মনে সিঙ। ককায়েক পি.এম হোৱো সত্বেও তেওঁৰ একো লাভ নোহোৱা আৰু আনৰ জোঁৱায়েকৰহে ভাগ্য ফুলাত ক্ষুন্ন হৈ এইজন ভাতৃয়ে বেলেগ ভাইৰ সন্ধান কৰিব লগা হয় আৰু অৱশেষত নৰেন্দ্ৰ ভাইৰ ওচৰত আশ্ৰয় পোৱা বুলি খবৰ পোৱা গৈছে।

৬. চামগুৰিত পুলিচৰ আগতে ধঁপাতৰ ৰমৰমীয়া ব্যৱসায় চলি থকাৰ বাতৰিয়ে পালে সংবাদ শিৰোনামা। এয়া একো প্ৰতিক্ৰিয়া দিব লগা কথা নহয়, এয়া "সুন্দৰ বিজনেজ এনভাইৰনমেণ্টৰহে" অনুপম উদাহৰণ বুলি মতামত দিলে পৰিবেশ মন্ত্ৰী দিলখুচ হুছেইনে।

৭. নিৰ্বাচনী বতৰত সদৌ অসম খৰ্গ কটা সংঘই কিয় অঘোষিত কৰ্ম-বিৰতি গ্ৰহণ কৰিলে তাকে লৈ উঠিছে ৰসাল প্ৰশ্নাৱলী।ৰাজনৈতিক কৰ্মীয়েই তাত জড়িত নেকি, নিৰ্বাচনী বেপাৰৰ বাবে সিটোলৈ সময় পোৱা নাই নেকি, নে বদনাম নকৰিবৰ বাবে বৰ মানুহৰ সঁকিয়নী মনা লোক এই সকল চোৰাং চিকাৰী বুলিও প্ৰশ্ন উঠিছে। পিছে তাৰ উত্তৰ হে সহজ সৰল অসমীয়া সমাজে সন্ধান কৰি উলিয়াব পৰা নাই। সেয়ে আমেৰিকাৰ এফবিআইক কেচটো দিব লাগে বুলি ছাত্ৰ সন্থাই দাবী জনাইছে।

৮. বামদেৱ বাবাই ৰাহুল বাবা নামৰ আন এজন বিয়া নপতা মানুহক হনিমুন কৰিবলৈ দলিত আৰু দুখীয়াৰ ঘৰলৈ যোৱা বুলি অভিযোগ তোলাত দেশজুৰি হাঁহাকাৰ সৃষ্টি হৈছে। এতিয়া বামদেৱৰ বিৰোধী সকলে চোৰেহে চোৰৰ ঠেঙ দেখে বুলিও মতামত আগবঢ়াই টুইটাৰত বান আনিছে বুলি খবৰ পোৱা গৈছে।

৯. টু-জিৰ কেচত ১৯জনৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল হৈছে আৰু তাত লুংগী পিন্ধা লোকৰ সংখ্যা দহৰো অধিক হোৱা বুলি তিহাৰ জেল কৰ্তৃপক্ষই সন্তোষ প্ৰকাশ কৰিছে। আৰু অহা প্ৰতিষ্ঠা দিৱসত জেলত লুংগী ডান্সৰ আয়োজন কৰিব পাৰিব বুলিও দৃঢ়তা প্ৰকাশ কৰিছে।

১০. অসমতো গৰম অহাৰ লগে লগে জ্বৰত ভোগা ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে। পিছে নতুন ৰোগ "মোডী জ্বৰত" আক্ৰান্ত সকলক চৰকাৰী হাতোৰা হস্পাতালত সেৱা দিয়া নহব বুলিও হাতোৰা দলৰ সচেতকে গোপনে প্ৰকাশ কৰিছে। তেনে জ্বৰ হোৱা সকলক গুজৰাটৰ চৰকাৰী হস্পাতাললৈ যাবলৈকো পৰামৰ্শ আগবঢ়াইছে।

No comments:

Post a Comment