পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. বিশ্বৰ ভিতৰত তৃতীয় বৃহ অৰ্থনীতি হোৱাৰ গৌৰৱ লাভ কৰিবলৈ সক্ষম হৈছে ভাৰতবৰ্ষই। বিশ্ববেংকৰ ইণ্টাৰনেশ্বনেল কমপেৰিজন প্ৰগ্ৰামৰ শেহতীয়া সমীক্ষাত কালি এই তথ্য সদৰী কৰা হৈছে।  ভাৰতবাসীৰ ক্ৰয় ক্ষমতা বৃদ্ধিৰ বাবেই আমেৰিকা আৰু চীনৰ পাছতে তৃতীয় বৃহ অৰ্থনীতিৰূপে জাপানকো চেৰ পেলাই স্থান লাভ কৰিবলৈ সক্ষম হৈছে।

২. দেশৰ লোকসভা নিৰ্বাচনৰ অষ্টম পৰ্যায়ৰ ভোটগ্ৰহণ চলিছে আজি। ৭খন ৰাজ্য আৰু ২খন কেন্দ্ৰীয় শাসিত প্ৰদেশত হোৱা ভোট গ্ৰহণত আজি ভাগ্য নিৰ্ণয় হব ছোনিয়া গান্ধী, ৰাজনাথ সিঙ, নৰেন্দ্ৰ মোদী আদি শীৰ্ষ নেতাৰো। আজি ভোট যুদ্ধত অংশ লোৱা ১৭শতাংশ প্ৰাৰ্থীৰ অপৰাধমূলক তথ্য থকাৰ কথাও প্ৰকাশ কৰিছে টাইমচ অৱ ইণ্ডিয়াই।

৩. বিগত এটা বৰ্ষত দেশৰ আইন বলবকাৰী সঞ্চালকালয়ে প্ৰায় ১৭৫৯কোটি টকা মূল্যৰ অবৈধ ভাৱে আহৰণ কৰা সম্পত্তি তথা মূল্যবান সম্পদ জব্দ কৰিছে। ধনৰ অবৈধ সৰবৰাহ প্ৰতিৰোধী আইন, আয়ৰ সৈতে সংগতিহীন সম্পত্তি আদি গোচৰত সা-সম্পত্তি জব্দ হোৱা লোক সকলৰ নাম, ঠিকনা আৰু সম্পত্তি জব্দৰ পৰিমান ফটোসহ সংস্থাৰ নিজা ৱেবচাইট যোগে ৰাজহুৱা কৰিব বুলিও ঘোষণা কৰিছে।

৪. ছত্তিশগড়ত জধে-মধে কয়লা খনন প্ৰতিৰোধ কৰাৰ বাবে গাঁৱৰ লোকক সহায় কৰা আৰু এটা প্ৰস্তাৱিত বৃহত কয়লা প্ৰকল্প বন্ধ কৰাত সফলতা লাভ কৰা পৰিবেশ কৰ্মী নৰেশ আগ্ৰৱাললৈ আগবঢ়োৱা হৈছে সন্মানজনক গ'ল্ডমেন বঁটা। পৰিবেশ সুৰক্ষাৰ বাবে আগবঢ়োৱা বৰঙনিৰ বাবে প্ৰদান কৰা এই বঁটাক গ্ৰীন নোবেল পুৰস্কাৰ বুলিও আখ্যা দিয়া হয়। বহুকেইখন দেশৰ পৰিবেশকৰ্মীৰ সতে এই বঁটাৰ সতে ১.৭৫লাখ ডলাৰৰ ধনো আগবঢ়োৱা হব বুলি ছান ফ্ৰান্সিছকোত থকা গ'ল্ডমেন এনভাইৰনমেণ্ট ফাউণ্ডেছনৰ সূত্ৰই প্ৰকাশ কৰিছে।

৫. বৃহ ৰাষ্ট্ৰীয় পাণ্ডুলিপি প্ৰকল্প "নিউ কেটেলগাছ কেটেলগৰাম"ত অন্তৰ্ভুক্তিৰ বাবে অসমৰ পৰা পোন-প্ৰথমবাৰৰ বাবে ডঃ মালিনী গোস্বামীৰ দ্বাৰা সংকলিত-সম্পাদিত "এ কেটেলগ অৱ মেন্যুছক্ৰিপ্টছ ইন আছাম" শীৰ্ষক কেটেলগখনি নিৰ্বাচিত হোৱাৰ সুখবৰ। এই কেটেলগখন ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যাকাত পুথি জৰীপ আৰু কেটেলগিঙৰ কাম কৰি মুঠ ১,১৫৪খন সিঁচৰতি পুথিৰ তথ্য সন্নিবিষ্ট কৰা হৈছে আৰু ইয়াক আনন্দৰাম বৰুৱা ভাষা, কলা আৰু সংস্কৃতি সংস্থাই প্ৰকাশ কৰি উলিয়াইছে।

৬. তিনি বছৰৰ অধিককাল গোপন কৰি ৰখাৰ পাছত অৱশেষত কেন্দ্ৰীয় চৰকাৰে কালি লিচটেষ্টেইনৰ এল এছ টি বেংকত ক'লাধন জমা ৰখা ২৬গৰাকী ভাৰতীয় নাম উচ্চতম ন্যায়ালয়ৰ ওচৰত শপতনামাযোগে দাখিল কৰিলে। ১৮জনৰ নাম ৰাজহুৱা কৰাৰ বিপৰীতে ৮গৰকাীৰ নাম এতিয়াও ৰাজহুৱা কৰা হোৱা নাই বুলিও সূত্ৰত প্ৰকাশ।

৭. কনকসেন ডেকাই সাংবাদিক তথা লেখক ৰূপে গ্ৰহণ কৰা সন্ত্ৰাসবাদ বিৰোধী স্থিতিক এক তথ্যচিত্ৰৰ ৰূপ দান কৰিবলৈ আগবাঢ়িছে আৰ বি প্ৰডাকচনে। ৰ'জী বৰাৰ প্ৰযোজনাত নিৰ্মিত হৈছে ৫২ মিনিট দৈৰ্ঘ্যৰ তথ্যচিত্ৰ "এন এণ্টি ইনচাৰ্জেণ্ট জাৰ্নী"। চিত্ৰনাট্য ৰচনা কৰিছে সাংবাদিক জিতুমণি বৰাই। প্ৰদ্যুত কুমাৰ ভূঞা পৰিচালিত তথ্যচিত্ৰখনি অহা তিনি মে'ত জ্যোতি চিত্ৰবনৰ ৰুদ্ৰ বৰুৱা প্ৰেক্ষাগৃহত এক বিশেষ দৰ্শনীত প্ৰদৰ্শন কৰাৰো আয়োজন চলিছে।

৮. ৰামধেনু মিউজিকৰ দ্বিতীয় নিবেদন "কোন তুমি" কালি গুৱাহাটীৰ নেডফি হাটৰ প্ৰেক্ষাগৃহত উন্মোচন কৰা হয়। জুবিন, পাপন, পুলক বেনাৰ্জী, মহালক্ষ্মী আয়াৰ, শাশ্বতী ফুকন আৰু ৰূপজ্যোতি দেৱীৰ কণ্ঠৰ গীত সমূহৰ সংগীত পৰিচালনা কৰিছে মুম্বাইত প্ৰতিষ্ঠিত সংগীত পৰিচালক যতীন শৰ্মাই। গীতিকাৰ কৈলাস নাথ শৰ্মাৰ গীতৰ কথাৰে সজোৱা এই এলবামৰ গীত সমূহে অনলাইনযোগেও বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে।

৯. চৰকাৰী আঁচনিৰ ধন মোকোলাই দি থকাৰ পাছতো যোৰহাট জিলাত চৰকাৰী পৃষ্ঠপোষকতাত গাখীৰৰ উপাদন কিয় বৃদ্ধি হোৱা নাই তাকে লৈ উপাযুক্তই পশুপালন, দুগ্ধ উন্নয়ন বিভাগ, গ্ৰামোন্নয়ন বিভাগৰ বিষয়াৰ উপস্থিতিত গোপালক সকলৰ সৈতে এক বৈঠক অনুষ্ঠিত কৰে। গো পালক সকলক সহায় কৰা, দুগ্ধ উন্নয়ন বিভাগৰ অধীনত থকা ২৮খন সমবায় সমিতি কাৰ্যক্ষম কৰা, পশুখাদ্য মোকোলাই দিয়া আদি বিষয়ত উপায়ুক্তই কঠোৰ নিৰ্দেশনা জাৰি কৰাৰ সুখবৰো পোৱা গৈছে।

১০. সপ্তদশ মুনলাইট মিডিয়া বঁটা অনুষ্ঠানত চাহ-জনগোষ্ঠীয় ভাষাৰ ছবি "কৰমাকে ৰাতি"ৰ বাবে পৰিচালক জয়ন্ত নাথে শ্ৰেষ্ঠ পৰিচালক, জয়া ইৰাণীয়ে শ্ৰেষ্ঠ মহিলা কণ্ঠশিল্পী আৰু অষ্টমান মহাজনে শ্ৰেষ্ঠ ফাইট কম্প'জাৰৰ বঁটা লাভ কৰে।  এই ছবিখনে ইতিমধ্যে প্ৰাগ চিনে এৱাৰ্ডেৰে সন্মানিত হোৱাৰ লগতে "এনাজৰী বঁটা"ৰো শ্ৰেষ্ঠ ছবিৰ সন্মান লাভ কৰিছে। যোৱা ২৬ এপ্ৰিলত গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰত হোৱা অনুষ্ঠানত এই বঁটা সমূহ প্ৰদান কৰা হয়।

১১. দৈনিক জনমভূমি কাকতৰ ধাৰাবাহিক প্ৰতিবেদনে গা লৰাবলৈ সক্ষম হ'ল ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ। নিমাতীঘাটত নিমাতী সুৰক্ষাৰ নামত জলসম্পদ মন্ত্ৰীৰ ঘনিষ্ঠ ঠিকাদাৰ আৰু বিষয়াৰ মতি-গতিৰ বিষয়ে প্ৰতিবেদন প্ৰকাশ হোৱাৰ পাছতে কালি মুখ্যমন্ত্ৰীয়ে হেলিকপ্টাৰযোগে যোৰহাটৰ নিমতীঘাটৰ ব্ৰহ্মপুত্ৰৰ খহনীয়া পৰ্যবেক্ষন কাৰ্যসূচী গ্ৰহণ কৰে ।

১২. নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাক লৈ জুৱাৰ বজাৰত ঢৌ উঠাৰ বাতৰিয়ে পালে সংবাদ শিৰোনামত স্থান।  বিশ হাজাৰ কোটি টকাৰ বাজিৰে মোদীৰ প্ৰধানমন্ত্ৰী হবই বুলি আশা প্ৰকাশ কৰাৰ বিপৰীতে ৰাহুল গান্ধীৰ সম্ভাৱনা নায়েই বুলি বাজিৰ বজাৰে সম্ভাৱনা প্ৰকট কৰিছে।

১৩. চলিত২০১৪চনৰ সাধাৰণ নিৰ্বাচনত মধ্যবিত্ত শ্ৰেণীৰ প্ৰভাৱক বিশ্লেষণ কৰি বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ উপদেষ্ঠা তথা কূটনৈতিকবিদ, লেখক পৱন কুমাৰ বাৰ্মাই মুকলি কৰিছে নিজৰ নৱতম গ্ৰন্থ "দি নিউ ইণ্ডিয়ান মিডল ক্লাছঃ দ্য চেলেঞ্জ অৱ ২০১৪ এণ্ড বিয়ণ্ড"। গ্ৰন্থখনে ভাৰতত মধ্যবিত্ত শ্ৰেণীৰ বিৱৰ্তনক তুলি ধৰিছে আৰু অভিজাত প্ৰকাশন প্ৰতিষ্ঠান হাপাৰ কলিনছে এই গ্ৰন্থখন প্ৰকাশ কৰি উলিয়াইছে।

১৪. সমাজৰ প্ৰান্তীয় অংশলৈ আগবঢ়োৱা অৱদান আৰু সেৱাৰ বাবে অসমৰ পুৰণিগুদামস্থিত উচ্চ শিক্ষাৰ অনুষ্ঠান ডঃ বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়লৈ নেশ্যনেল আসাম এডুকেচন এৱাৰ্ড-২০১৪ ৰ বঁটা আগবঢ়োৱা হৈছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফণীধৰ দত্ত প্ৰেক্ষাগৃহত হোৱা বঁটা প্ৰদান অনুষ্ঠানত উপাচাৰ্য ডঃ মৃদুল হাজৰিকাও উপস্থিত আছিল।

১৫. অহা ৩ মেত চৰকাৰী ভ্ৰমণসূচীলৈ অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ জাৰ্মানী অভিমুখে যাত্ৰা কৰিব। যাত্ৰাকালৰ কাৰ্যসূচীৰ সবিশেষ এতিয়াও ৰাজহুৱা কৰা হোৱা নাই বুলি জানিব পৰা গৈছে।

No comments:

Post a Comment