ৰাষ্ট্ৰীয় গুজৱ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ৰাষ্ট্ৰীয় গুজৱ

ৰাষ্ট্ৰীয় গুজৱ

Share This
হাস্য ব্যংগৰে সত্যৰ সন্ধান
১. অসমত খৰাঙ হব বুলি গম পোৱাৰে পৰাই বান-নিয়্ন্ত্ৰণ বিভাগৰ ঠিকাদাৰ সংঘই অচিৰেই সদৌ অসম ভিত্তিত এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভেকুলী বিয়াৰ আয়োজন চলাইছে বুলি জানিব পৰা গৈছে। ইয়াত সৰ্ব-ধৰ্ম প্ৰাৰ্থনাৰ জড়িয়তে বৰুণ দেৱতাক সণ্টুষ্ট কৰি মৰ্ত্যলৈ বৰষুণৰ লগতে সকলো পক্ষলৈ সুখ সমৃদ্ধি কঢ়িয়াই আনিবলৈ চেষ্টা চলাবই বুলি সংঘই প্ৰকাশ কৰিছে। তাৰ বাবে জলসম্পদ মন্ত্ৰীক মুখ্য-পৃষ্ঠপোষক হিচাবে লৈ এখন প্ৰস্তুতি সমিতি গঠন কৰাৰ লগতে একেদিনাই দহ হাজাৰ ভেকুলীৰ বিয়া পাতি বিশ্ব-ৰেকৰ্ড গঢ়িব বুলি আয়োজক সমতিয়ে প্ৰকাশ কৰিছে।

২. দিগ-বিজিত সিঙে বুঢ়া বয়সতো পৰকীয়া প্ৰেম কৰা বুলি টুটকীয়া ৱেবচাইট টুইটাৰে তালফাল লগাইছে। টিভি চেনেলৰ এংকৰ, সুন্দৰী, কন্যাসম  নাৰীৰ সৈতে অৰ্ধ-উলংগ ফটোৰে টুটকীয়া চাইটটোত চাৰ বিৰাজমান হোৱাত তেখেতৰ বয়সৰ আন আন সকলে অতি হিংসাত্মক মন্তব্যৰে নিজৰ নিজৰ হতাশা প্ৰকাশ কৰা বুলিও জানিব পৰা গৈছে। পিছে চাৰৰ জনপ্ৰিয়তালৈ লক্ষ্য ৰাখি অচিৰেই শক্তিবৰ্ধক টেবলেট কোম্পানীয়ে চাৰক ব্ৰেণ্ড-এম্বেচেদৰ ৰূপে চুক্তিবদ্ধ কৰাবলৈকো গুণাগুঠা কৰা বুলিও সূত্ৰই প্ৰকাশ কৰিছে।

৩. দিগ-বিজিত সিঙে নিৰ্বাচনৰ পাছতে "নাৰী সাংবাদিকৰ সৈতে সম্পৰ্ক গঢ়াৰ ১০১টা কিটিপ" নামৰ এখনি কৰ্মশালা দিল্লীত অনুষ্ঠিত কৰিব বুলি জানিব পৰা গৈছে। ইয়াৰ বাবে আগ্ৰহী সকলে তেখেতৰ সৈতে টুইটাৰত মেচেজ দি যোগাযোগ কৰিবলৈ আহ্বান জনাইছে। দেশৰ বয়োজ্যেষ্ঠ সকলক এক আনন্দময় জীৱনৰ বাটৰ সন্ধান দিয়াটো এজন দ্বায়িত্বশীল নেতা হিচাবে তেখেতৰ কৰ্তব্য বুলিও তেখেতে অভিমত প্ৰকাশ কৰিছে। প্ৰেম, আনন্দ, উপভোগৰ কৰ্মশালাত শাসক বা বিৰোধী বুলি কথা নাই, সকলোৱে দল মত নিৰ্বিশেষ অংশ লব পাৰিব বুলিও তেখেতে প্ৰকাশ কৰিছে।

৪. প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত আশা কৰা মতেই অগ্নিকাণ্ড সংঘটিত হৈছে বুলি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে প্ৰকাশ কৰিছে। আগতে কয়লা কেলেংকাৰীৰ ২৮টা মান ফাইল হেৰুৱাৰ পাছত, এতিয়া গাদী হেৰুৱাটো খাটাং হোৱাৰ লগে লগেই এনেদৰে জুই লগাটো অৱধাৰিত আছিল বুলিহেই স্থানীয় চোৰাংচোৱা গনেশ গগৈয়ে মত প্ৰকাশ কৰিছে। মন্ত্ৰালয়ত জুই লাগি ফাইল চাফা হোৱাটো দেশৰ গণতান্ত্ৰিক পৰম্পৰাৰ এক এৰাব নোৱৰা অংগ বুলিও তেখেত অভিমত প্ৰকাশ কৰিছে।

৫. নৰেন ভাইৰ বিৰুদ্ধে ভোট দিয়াৰ পাছত ভোট কেন্দ্ৰতে পদুম চিন দেখুওৱাৰ অপৰাধত দুটাকৈ গোচৰ ৰুজু হোৱাক লৈ শাসক তথা বিৰোধী পক্ষৰ উল্লাস প্ৰকাশ। কালি নিৰ্বাচনী আয়োগক নখ নোহোৱা বাঘ বুলি কোৱা প্ৰফুল মহন্তই পুনৰ আয়োগক চেলেঞ্জ কৰাৰ বাবে নতুনকৈ এক সুযোগ পোৱাত মহন্ত ফেন ক্লাৱো উল্লাসিত হৈ পৰাৰ বাতৰি। ফলত অসমত ফুৰ্তি পানী বিক্ৰীৰ হাৰ বৃদ্ধিৰ সুখবৰ!

৬. পিয়ঙ্কা গান্ধীক ৰাখী সাৱন্তৰে তুলনা কৰিলে উমা ভাৰতী বাইদেৱে। সন্যাসীৰ ভাও দিয়া বাইদেৱেও যে মনে মনে ৰাখী সাৱন্তৰ আইটেম নম্বৰ উপভোগ কৰে, সেই কথাটো কৰাটো কনফাৰ্ম হোৱাত ৰাখী ফেন ক্লাৱে সন্তোষ প্ৰকাশ কৰিছে।  আইটেম নাম্বাৰ অত্যাধিক চোৱাৰ বাবেই তুলনা কৰিবলৈ প্ৰথমেই ৰাখীৰ নামেই বাইদেউৰ মনলৈ আহিল বুলিও আঙুলিয়াই দিলে ক্লাৱটোৰ সভাপতিয়ে।

৭. বাবা বামদেৱক জিভা নিপিচলাৰ বাবে নতুন যোগ অভ্যাস আৱিস্কাৰ কৰিবলৈ খাটনি ধৰিছে নিৰ্বাচনী আয়োগে। জিভা পিচলাৰ বাবে আয়োগৰ ৰোষত পৰাৰ পাছত এতিয়া বাবায়ো জিভা নিয়ন্ত্ৰণ কৰিব পৰা যোগ বা দৰৱ আৱিস্কাৰ কৰিহে এৰিব বুলি শপত লোৱা বুলি আস্থা চেনেলত প্ৰকাশ পাইছে।

৮. বিদেশত ক'লা ধন থকা সকলৰ নাম উচ্চতম ন্যায়ালয়ে ৰাজহুৱা কৰিব লগীয়া হোৱাত সেই সকলৰ প্ৰতি দেশীয় ক'লাধন মজুতকাৰী সংস্থাই দুখ প্ৰকাশ কৰিছে। ক'লা ধন লুকুৱাবলৈ দেশতে ইমান ঠাই থাকোতে অত্যুতসাহী হোৱাৰ কাৰণেই সেই সকল ফঁচিবলগীয়া হৈছে বুলিও অভিমত প্ৰকাশ কৰিছে। ড্ৰাইভাৰ, মালী আদিৰ নামত একাউণ্ট, লেট্ৰিনৰ টেংকি, শহুৰৰ ঘৰ আদি থাকোতে বিদেশত ক'লাধন থবলৈ যোৱা অনুচিত বুলিও সংস্থাটোৱে প্ৰকাশ কৰিছে। দৰকাৰ হ'লে ভৱিষ্যতে সংস্থাই এই বিষয়ত এক প্ৰশিক্ষণ কৰ্মশালাৰো আয়োজন কৰি জনহিত কৰিব বুলিও প্ৰতিশ্ৰুতি প্ৰদান কৰিছে।

৯. কনিষ্টবলৰ প্ৰাপ্য ধন ভগাই বতাই খাই দহ গৰাকী বিষয়া কৰ্মচাৰী নিলম্বিত হোৱাৰ গৌৰৱ কঢ়িয়াই অনাৰ বাবে অসমীয়া কৰ্মচাৰী সংঘই সংশ্লিষ্ট কৰ্মচাৰী সকলক অভিনন্দন জ্ঞাপন কৰিছে। ভগাই-বতাই খোৱাটো ভাল আৰু মাউখে উটিলে গুড়ি পৰুৱাৰো মৰণ নাই কৰ্মচাৰীৰ ভয় কিহৰ বুলিও প্ৰেৰণা মূলক বাণী পৰিয়াল কেইটালৈ জাৰি কৰিছে।
১০. জিনিষ তিৱাৰী চাৰে আগতে কেলেংকাৰীৰ অভিযোগ আনি মানহানি গোচৰৰ সন্মুখীন হোৱাৰ পাছত, এতিয়া ক্ষমা কৰি দিবলৈ আহ্বান জনালে নীতিন গদকাৰীদেৱক। জিনিষ তিৱাৰীয়ে অভিযোগ আনি পাছত ক্ষমা খোজাতো একো নতুন কথা নহয়, আন্না হাজাৰেকো তেনেকুৱা কৰি পাছত ক্ষমা খোজাৰ ইতিহাস আছেই। সেয়ে জিনিষক এইবাৰো মাফ কৰিয়েই দিব বুলি গদকাৰী চাহাবে প্ৰকাশ কৰিছে আৰু ক্ষমা যে এক ভাল গুণ আৰু সেই গুণ তেখেতৰ আছে সেয়া ভোটাৰ ৰাইজে জানি বুজি লবলৈকো আহ্বান জনাইছে।

No comments:

Post a Comment