লোকেল গুজৱ.কম - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

লোকেল গুজৱ.কম

লোকেল গুজৱ.কম

Share This
হাস্য ব্যংগৰে সত্যৰ সন্ধান
১. দেশৰ জুৱাৰী সন্থাই নিৰ্বাচনী জুৱাৰ পৰা ৰাজকুমাৰ গান্ধী বাবাক বহিস্কাৰ কৰাৰ বাতৰিয়ে সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়া। ৰাজকুমাৰজন ৰজা হোৱাৰ কোনো চান্স নাই বুলি ভৱিষ্যতবাণী কৰি জুৱাৰী সন্থাই নিৰ্বাচনী জুৱাৰ পৰা তেখেতক নিস্কাশিত কৰিছে বুলি সংবাদপত্ৰত প্ৰকাশ। জুৱাৰী সন্থাৰ এই ঘোষণা অপমানজনক আৰু তাৰ বিপৰীতে মানহানিৰ গোচৰ তৰিব বুলিও ৰাজকুমাৰ গান্ধীৰ পৰিয়ালৰ সূত্ৰত প্ৰকাশ।

২. চেক গণৰাজ্যৰ পৰা ৰাষ্ট্ৰদূতে আহি লগ কৰিলে অসমীয়া মুখ্যমন্ত্ৰীক। নিৰ্বাচনী নগদ ধন বিলোৱাৰ পাছত আকৌ কেতিয়াৰ পৰা চেক বিলোৱা আৰম্ভ কৰিব তাকে জানিবলৈকে তেখেত আহি উপস্থিত হোৱা বুলি গোপন সূত্ৰত প্ৰকাশ। চৰকাৰী অনুদানৰ ধনৰ ওপৰত জীয়াই থাকিবলৈ জাতি এটা তৈয়াৰ কৰাৰ বাবে গগৈ চাৰক বিশ্বই স্বীকৃতি দিব লাগে বুলিও ৰাষ্ট্ৰদূতজনে প্ৰকাশ কৰিছে।

৩. গঁড়ে  কাজিৰঙাত  পৰ্যটকলৈ চোঁচা লোৱাক লৈ ৰাজ্যৰ সংবাদ মাধ্যমে কৰা সমালোচনাত ক্ষুদ্ধ হৈ পৰিছে কাজিৰঙা বাচি থকা গঁড় সন্থা। পৰ্যটকেই নে চোৰাং চিকাৰী একে দুঠেঙীয়াৰ কপালত লিখা থকাৰ ব্যৱস্থা নোহোৱা বাবেই এনে ঘটনা হৈছে বুলিও সন্থাই প্ৰকাশ কৰিছে। লগতে গঁড় সমাজত চলি থকা মৰণ ভীতিও এক ইয়াৰ আঁৰৰ মানসিক কাৰণ বুলি সন্থাই বিজ্ঞপ্তিত উল্লেখ কৰিছে।

৪. জামুগুৰিহাটত বৃদ্ধি পাইছে মাদক দ্ৰব্য, জুৱাৰ অবাধ প্ৰচলন। অচিৰেই ইয়াক বেংককৰ দৰে উন্নত পৰ্যটনস্থলীলৈ ৰূপান্তৰিত কৰা হব পাৰে বুলিও শংকা প্ৰকাশ কৰিছে থলুৱা বাসিন্দা সন্থাই। নাৰী ব্যৱসায়ী সকলে উদ্যোগ ললে এই স্বপ্নও সোনকালেই পূৰণ হব বুলিও প্ৰকাশ পালে সম্ভাৱনা।

৫. ধন, গাড়ী বিচাৰি গাৰ্হস্থ্য হিংসাৰ অভিযোগত ফেচবুক বন্ধুৰ পৰা প্ৰেমিকা হোৱা পত্নী তথা নেত্ৰীৰ দ্বিতীয় স্বামী জেল হাজোতত। নতুন ফেচবুক ফ্ৰেণ্ডে ইনবক্সত আবেদন আৰম্ভ কৰিব পাৰে বুলি গৃহ-পৰিচাৰিকাৰ সূত্ৰত প্ৰকাশ।

৬. মাজুলীত নাই মৰ্গ, পোষ্ট-মৰ্টেম মুকলি আকাশৰ তলত কৰাক লৈ সাংবাদিকে দিলে গৰিহণা। খৰি দিবলৈ নিব লগা মনুহৰ বাবে চালি বিচৰাতকৈ মাথাউৰিত থকা সকলৰ বাবে চালিৰ ব্যৱস্থা কৰাৰ প্ৰয়োজন বুলিহে লোকেল বানাক্ৰান্ত নাগৰিক সন্থাই মত প্ৰকাশ কৰিছে।

৭. গঁড় হত্যাক লৈ বনমন্ত্ৰীক কৃষক নেতাই পদত্যাগ দাবী কৰাক লৈ ৰাজ্যজুৰি বিভ্ৰান্তি। কৃষি কাৰ্যত গঁড়ৰ কি কাম বুলি কৃষক নেতাক তুলিলে চামগুৰি চামচা সন্থাই গুৰুত্বপূৰ্ণ প্ৰশ্ন। টিভি চেনেলৰ প্ৰৰোচনাতহে এইবাৰ খেতি-বাতি এৰি কৃষক নেতাই গঁড়লৈ চোঁচা লৈছে বুলি প্ৰকাশ কৰিলে খোদ হাবি-বন মন্ত্ৰীয়ে!

৮. অহা ১৬মেৰ পাছত ভাৰত এৰিবলৈ অবৈধ বাংলাদেশী সাজু হব লাগিবই বুলি মত প্ৰকাশ কৰিলে নৰেন ভাইয়ে। সকলোকে বৈধ কৰি ইতিমধ্যেই কাগজ পত্ৰ প্ৰদান কৰাৰ বাবে কোনো অনুপ্ৰৱেশকাৰীৰে ভয়ৰ কাৰণ নাই বুলি হাতোৰা কংগ্ৰেছৰ সূত্ৰই কৰিলে প্ৰকাশ।

৯. ৰবাৰ্ট ভদ্ৰ দাই মাটি বাৰী সম্পত্তি আহৰণ কৰাক লৈ চিডি প্ৰকাশ কৰিলে পদুম পাৰ্টিয়ে। তাতকৈ এনে মালদাৰ/ভাল ঘৰৰ জোঁৱাই হবলৈ কি কি টেকনিক ব্যৱহাৰ কৰিছিল তাৰ ওপৰতহে গৱেষণামূলক চিডি বা গ্ৰন্থ প্ৰকাশ কৰিলেহে সাধাৰণ যুৱক সকলৰ সহায়ক হ'লহেতেন বুলি প্ৰকাশ কৰিলে সচেতন যুৱক সংঘই।

১০. "ৰিগিং কৰে কোনে?" শীৰ্ষক নাটখন অনলাইন লিখি মুক্তি দিছে হিমুকন শৰ্মাই। হাতে মাৰে ভোট, পিছে জিলিকে কমল বুলিও এটা সাঁথৰ টুইটাৰ যোগে নাটকখনৰ প্ৰসংগত হিমুকনে জাৰি কৰিছে বুলি জানিব পৰা গৈছে।

No comments:

Post a Comment