পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. অসমৰ ৬টা ৰাজ্যিক পথ উন্নীত হ'ব ৰাষ্ট্ৰীয় পথলৈ। কেন্দ্ৰীয় পথ পৰিবহন আৰু ৰাষ্ট্ৰীয় পথ মন্ত্ৰালয়ে তাৰ বাবে অধিসূচনা জাৰি কৰিছে আৰু ইয়াৰ ফলত অসমত বৰ্তমানে থকা ৩১০০ কিল'মিটাৰৰ ঠাইত ৰাষ্ট্ৰীয় পথ ৰূপে ৩৬০০ কিল'মিটাৰ পথ স্বীকৃত হব আৰু কেন্দ্ৰীয় চৰকাৰৰ পুঁজিৰে এই পথচোৱাৰ নিৰ্মাণ আৰু মেৰামতি হব।

২. অহা মে' মাহৰ মাজভাগতে (দ্বিতীয় সপ্তাহৰ শেহত বা তৃতীয় সপ্তাহৰ প্ৰথম ভাগত) ঘোষিত হব হাইস্কুল আৰু হাই-মাদ্ৰাছা শিক্ষান্ত পৰীক্ষাৰ ফলাফল। বিগত বছৰৰ দৰে যাতে কোনো বিসংগতি নহয় তাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা বুলি প্ৰকাশ কৰি ছেবাৰ পৰীক্ষা নিয়্ন্ত্ৰকে এই কথা ঘোষণা কৰিছে।

৩. অৱশেষত আৰম্ভ হ'ল বগীবিল দলঙৰ মূল অংশৰ নিৰ্মাণ কাৰ্য। যোৱা ২৫ এপ্ৰিলত ছুপাৰ ষ্ট্ৰাকচাৰৰ প্ৰথমটো ষ্টীল ৱেলডেড গাৰ্ডাৰ স্পান স্থাপন কৰাৰ সুখবৰ। এই কামৰ শুভাৰম্ভ কৰিলে ৰে'লৱে বৰ্ডৰ সদস্য সুবোধ কুমাৰ জৈনে। জাৰ্মানীৰ ডি এছ ডি ব্ৰুনেবাউ, ভাৰতৰ হিন্দুস্তান কনষ্ট্ৰাকচন কোম্পানী আৰু ভি এন আৰ ইনফ্ৰাষ্ট্ৰাকচাৰ্ছ কনছ'টিয়ামৰ যৌথ প্ৰচেষ্টাত গঢ় লব লগীয়া দুই খলপীয়া দলঙখনত ওপৰত তিনি লেনযুক্ত পথ আৰু তলৰ খাপত দুই লেনৰ ব্ৰডগজ ৰে'ল লাইন স্থাপিত হব। উল্লেখযোগ্য যে ষ্টীল ৱেলডেড গাৰ্ডাৰযুক্ত ৪.৯৪ কিল'মিটাৰ দৈৰ্ঘ্যৰ বগীবিল দলঙেই দেশৰ ভিতৰতে এনে প্ৰযুক্তিৰ প্ৰথমখন দলঙ হৈ উঠিব আৰু ইয়াক ২০১৬চনৰ ভিতৰতে সম্পূৰ্ণ কৰিব বুলি ৰে'ল মন্ত্ৰালয়ে দাবী কৰিছে। 

৪. ধুবুৰী জিলাৰ ভাৰত-বাংলা সীমান্তৰ সোণাহাটত কালি উদ্বোধন কৰা হয় সোণাহাট আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক কেন্দ্ৰ। ভাৰত-বাংলাদেশ সীমা শুল্ক বিভাগৰ যুটীয়া উদ্যোগত এক ট্ৰাক কয়লা ৰপ্তানি কৰি এই কেন্দ্ৰৰ শুভাৰম্ভ কৰা হয়। ২৮কোটি টকাৰ ব্যয়েৰে নিৰ্মাণ কৰা এই বজাৰখনে ৫হাজাৰ নিৱনুৱাক উপকৃত কৰিব বুলিও আশা প্ৰকাশ কৰা হৈছে।

৫. দেশৰ সাধাৰণ নিৰ্বাচনৰ সপ্তম পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে প্ৰচাৰ অভিযানৰ সামৰণি পৰিছে। কাইলৈ নিৰ্বাচনত ভাগ্য নিৰ্ণয় হব ছোনিয়া গান্ধী, ৰাজনাথ সিং আদি শীৰ্ষ নেতাৰ লগতে বৰোদাৰ পৰাও প্ৰতিদ্বন্দিতা কৰা নৰেন্দ্ৰ মোদীৰো। বৰোদা সমষ্টিৰ ১৫৯১টা ভোটকেন্দ্ৰতে চি চি টিভি কেমেৰা স্থাপন কৰা হৈছে আৰু সকলো কেন্দ্ৰকে ক্ল'জ চাৰ্কিট কেমেৰাৰে সামৰি লোৱা এইটোৱেই দেশৰ একমাত্ৰ লোকসভা সমষ্টি বুলিও জানিব পৰা গৈছে।

৬. নয়ডাৰ এ.পি.জে ইণ্টাৰনেশ্বনেল স্কুলৰ দশম শ্ৰেণীৰ সাহসী তথা অসমীয়া কিশোৰী শ্ৰেয়া বৰাই পিষ্টলৰ ভাবুকিকো তল পেলাই দুৰ্বৃত্তৰ আক্ৰমণৰ পৰা মাতৃ আৰু ভাতৃক ৰক্ষা কৰিলে যোৱা ২৫ এপ্ৰিলৰ সন্ধিয়া। স্কুলত আত্মৰক্ষাৰ প্ৰশিক্ষণে শ্ৰেয়াক আত্মবিশ্বাসী কৰি তোলা বুলি জানিব পৰা গৈছে আৰু কিশোৰী গৰাকীৰ সাহসিকতাক সকলোৱেই প্ৰশংসাৰে উপচাই পেলাইছে।

৭. দেৰগাঁও কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনে ২০১৪চনৰ উপেন কাকতি বঁটাৰে সন্মান জনালে চিৰসেউজ অভিনেতা নিপন গোস্বামীক। জিকিৰ সম্ৰাট ৰেকিবুদ্দিন আহমেদ সোঁৱৰণী বঁটাৰে সন্মানিত কৰা হয় লোকসংগীতৰ শিল্পী খগেন গগৈদেৱক। এই সন্মিলনৰে মুকলি চ'ৰা অনুষ্ঠানত অঞ্চলটোৰ ৪০গৰাকীৰো অধিক নাগৰিক-শিল্পী-সাহিত্যিককো ৰাজহুৱা সম্বৰ্ধনা প্ৰদান কৰাৰো সুখবৰ।

৮. অসমত চলি থকা ৰাষ্ট্ৰীয় ছিনিয়ৰ মহিলা ফুটবলত কালি গোলাঘাটত হোৱা খেলত অসম-তামিলনাডুৰ খেল গল শূণ্য ৰূপত ড্ৰ' হৈ ৰয়। আন আন খেলত ঝাৰখণ্ডে পণ্ডিচেৰীক আৰু ওড়িষাই মিজোৰামক পৰাজিত কৰিছে।

৯. ঢালিগাঁৱত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ অধিবেশনত মাতৃভাষাৰ প্ৰয়োগৰ সন্দৰ্ভত দৃঢ় স্থিতি লোৱাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে। লগতে অনাগত কলিয়াবৰ অধিবেশনৰ অগ্ৰগতিৰো পৰ্যালোচনা কৰা হয়।

১০. গুৱাহাটৰ চচলত থকা অসম টেনিছ সন্থাৰ প্ৰকল্পত অনুষ্ঠিত ১৪বছৰ অনুৰ্ধ এইটা চেম্পিয়নশ্বিপ ছিৰিজ টেনিছত অসমৰ ৰ'ণিত বৰা আৰু নাজিয়া আহমেদ চিংগলচত বিজয়ী হৈছে। সৰ্বভাৰতীয় ৰেংকিং প্ৰতিযোগিতাখনৰ ডাবলছত অসমৰ কৰণ বৰুৱা দাস আৰু স্পন্দন গোস্বামী যুটিয়ে ল'ৰাৰ শাখাত আৰু লেনিয়েন জমিৰ-জনশ্ৰী শইকীয়া যুটিয়ে ছোৱালীৰ শাখাত বিজয়ীৰ সন্মান লাভ কৰিবলৈ সক্ষম হয়। 

১১. শদিয়াৰ পৰা ধুবুৰীলৈ গুমৰাগ নৃত্যক একে কৰাৰ প্ৰচেষ্টা হাতত লৈছে মিচিং দৃৰবৃ কৌবাঙে। মুঠ ওঠৰটা মণ্ডলত সেই উদ্দেশ্যে অনুষ্ঠিত কৰিব প্ৰশিক্ষণ কৰ্মশালা। উত্তৰ লখিমপুৰত ২৪-২৯ এপ্ৰিললৈ মাণ্ডলিক কৰ্মশালাৰ হ'ল সফল সামৰণি।

১২. জনতাক ঠগা ১৬৮টা ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ প্ৰতিনিধিক ১৫দিনৰ ভিতৰত আদালতত হাজিৰ কৰিবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে। ছটা ৰাজহুৱা স্বাৰ্থ জড়িত গোচৰৰ শুনানি গ্ৰহণ কৰি আদালতে ৰাজ্য চৰকাৰক এই নিৰ্দেশ দিয়াৰ লগতে বিত্তীয় প্ৰতিষ্ঠান সমূহৰ বিৰুদ্ধেও জাননি জাৰি কৰে।

১৩. মহাৰাষ্ট্ৰত চলি থকা ৫৯সংখ্যক ৰাষ্ট্ৰীয় স্কুল ক্ৰীড়াৰ ফেন্সিং ইভেণ্টত তিনিটাকৈ ব্ৰঞ্জৰ পদক লাভ কৰাৰ সুখৰ খবৰ।

১৪. অসমৰ পৰা ৰাজ্য সভালৈ পুনৰ নিৰ্বাচিত হোৱা দুই সাংসদ ভুৱনেশ্বৰ কলিতা আৰু বিশ্বজিত দৈমাৰীয়ে আন ১২জন সাংসদৰ সতে কালি উপ-ৰাষ্ট্ৰপতিৰ নিজা কক্ষত শপত গ্ৰহণ কৰে। কলিতাই ইংৰাজীত আৰু দৈমাৰীয়ে বড়ো ভাষাত শপত বাক্য পাঠ কৰে।

১৫. ছেমিষ্টাৰৰ আসোঁৱাহপূৰ্ণ গ্ৰেড পদ্ধতি শুধৰাবলৈ, সময়মতে পৰীক্ষাৰ ফলাফল ঘোষণা কৰা তথা শৈক্ষিক সমস্যাৱলীৰ সমাধানৰ অৰ্থে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰে আলোচনাত বহিল সদৌ অসম ছাত্ৰ সন্থা।

১৬. এইবাৰ পাপন জড়িত হ'ল ছেনহেইছাৰৰ সৈতে। এতিয়া ৰ পৰা ছেনহেইছাৰৰ অনুপম মাইক্ৰ'পনেৰে ৰেকৰ্ডিং, ট্ৰান্সমিছন আৰু ৰিপ্ৰডাকচনৰ কাম কৰিব অংগৰাগ মহন্তই।

১৭. দেশত কোম্পানী স্থাপনৰ উঠিছে ধুম! বিগত বিত্তীয় বৰ্ষত দেশত পঞ্জীয়ন হৈছে ১লাখতকৈ অধিক নতুন কোম্পানীৰ। তাৰ বিপৰীতে মাত্ৰ ২১৬টা বিদেশী কোম্পানীয়ে ভাৰতত পঞ্জীয়ন কৰিছে।  দেশত মুঠ ১৩লাখ পঞ্জীকৃত কোম্পানীৰ ভিতৰত প্ৰায় ৯.৫২ লাখমানহে সক্ৰিয় হৈ আছে আৰু তাৰে ৬৫শতাংশ কোম্পানীৰ পুঁজি ১০লাখতকৈ কম, মাত্ৰ ২শতাংশ কোম্পানীৰ পুঁজিহে ১০কোটিতকৈ অধিক বুলিও কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে।

১৮. ৰাজ্যত খৰাং সদৃশ পৰিস্থিতিৰ সৃষ্টি হোৱাক লৈ দিছপুৰত মুখ্যমন্ত্ৰীয়ে পাতিলে পৰ্যালোচনা বৈঠক। হ্ৰস্বম্যাদী আৰু দীৰ্ঘম্যাদী পৰিকল্পনা যুগুত কৰিবলৈ সংশ্লিষ্ট বিভাগ সমূহলৈ জাৰি কৰিলে নিৰ্দেশনা। এই পৰিস্থিতি চাহ উদ্যোগো প্ৰভাৱিত হব আৰু ১০শতাংশ উতপাদন হ্ৰাসৰ সম্ভাৱনা উদ্যোগটোৱেও প্ৰকাশ কৰিছে।

১৯. ৰিগিং কাণ্ডই জোকৰা বৰনিজৰা কেন্দ্ৰৰ পুনৰ ভোটগ্ৰহণত ৯০.১৪% লোকে কৰিলে ভোটাধিকাৰ সাব্যস্ত।

২০. কালি অখিল গগৈৰ নেতৃত্বত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে গঁড় হত্যাৰ বিৰুদ্ধে গ্ৰহণ কৰিলে প্ৰতিবাদী কাৰ্যসূচী। বনমন্ত্ৰীৰ পদত্যাগৰো তুলিলে দাবী।

No comments:

Post a Comment